বিৰিঞ্চি কুমাৰ বৰুৱাৰ কাহিনীবিযুক্ত (Non-fiction) সাহিত্য ('অসমীয়া ভাষাৰ গিয়াতি-কুটুম'শীৰ্ষক ৰচনাৰ বিশেষ উল্লিখনসহ) সম্পাদনা কৰক

বিৰিঞ্চি কুমাৰ বৰুৱাৰ কাহিনীবিযুক্ত (Non-fiction) সাহিত্য ('অসমীয়া ভাষাৰ গিয়াতি-কুটুম'শীৰ্ষক ৰচনাৰ বিশেষ উল্লিখনসহ) কমল কুলি (বাৰ্তা) 09:14, 25 April 2023 (ইউ.টি.চি.) বিৰিঞ্চি কুমাৰ বৰুৱাৰ কাহিনীবিযুক্ত (Non-fiction) সাহিত্য ('অসমীয়া ভাষাৰ গিয়াতি-কুটুম'শীৰ্ষক ৰচনাৰ বিশেষ উল্লিখনসহ)উত্তৰ দিয়ক

কমল কুলি স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিক অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।


কাহিনীবিযুক্ত গদ্যৰ ধাৰণাঃ

সাধাৰণতে ছন্দোময়তাৰ বিপৰীত সংৰচনাক গদ্য বুলি কোৱা হয়।অৰ্থাৎ গল্প,উপন্যাস, প্ৰবন্ধ-সাহিত্য, জীৱনী-সাহিত্য, ভ্ৰমণ-সাহিত্য,আত্মজীৱনী-সাহিত্য, পত্ৰ- সাহিত্য আদিৰ গদ্যক বুজা যায়।সংস্কৃত ভাষাত 'গদ্য'(গদ্+যৎ)শব্দৰ বুৎপত্তিগত অৰ্থ উক্তি বা ভাব-অনুভূতিৰ ব্যক্ত ৰূপ।গদ্যৰ ইংৰাজী প্ৰতিশব্দ হৈছে Prose।লেটিন 'Prosaoratio' শব্দৰ পৰা ইংৰাজী prose শব্দৰ উদ্ভৱ হৈছে।ভাৰতীয় আন ভাষাৰ দৰেই ইংৰাজী ভাষাৰ Prose শব্দৰ সমাৰ্থক হিচাপে অসমীয়া ভাষাতো 'গদ্য'শব্দটোৰ ব্যৱহাৰ কৰা হয়।আধুনিক অসমীয়া গদ্য সাহিত্যক বিষয়বস্তুৰ প্ৰকাশভংগীৰ ধৰণৰ ফালৰ পৰা- কাহিনীযুক্ত (Fiction) কাহিনীবিযুক্ত(Non-fiction)

                             এই দুই ভাগত ভগাব পাৰি।


কাহিনীযুক্ত গদ্য(Fiction prose)ঃ এই শ্ৰেণীত কল্পনাৰ সংযোগত প্ৰকাশ কৰিবলগীয়া বিষয়বস্তু কাহিনীকথন শৈলীৰে প্ৰকাশ কৰে।মাধ্যম হিচাপে গল্প অথবা উপন্যাসৰ প্ৰসংগ উল্লেখ কৰিব পাৰি।


কাহিনীবিযুক্ত গদ্য(Non-fiction prose)ঃ

ইয়াত বিশেষকৈ যথাসম্ভৱ শুদ্ধ তথ্যপূৰ্ণ গভীৰ চিন্তাশীলতাৰে ৰচনা কৰা বিশ্লেষণ সমৃদ্ধ ৰচনাৰাজি অন্তৰ্ভুক্ত কৰিব পাৰি।এই ধৰণৰ গদ্যৰ লক্ষণ হৈছে

   তথ্যসমৃদ্ধ
    যুক্তিনিষ্ঠ  

বিশ্বাসযোগ্য


প্ৰবন্ধ-সাহিত্য, জীৱনী-সাহিত্য, ভ্ৰমণ-সাহিত্য, আত্মজীৱনী-সাহিত্য, পত্ৰ- সাহিত্য,বুৰঞ্জী-সাহিত্য আদিৰ গদ্য এই শ্ৰেণীৰ সাহিত্য(গদ্য)ৰ ভিতৰুৱা।


কাহিনীবিযুক্ত গদ্যৰ তাত্ত্বিক অথবা পৰিসৰ সম্বন্ধীয় আলোচনা অসমীয়া ভাষাত অদ্যপি হোৱা নাই।অসমীয়া অভিধানতো এইসম্পৰ্কীয় পোনপটীয়া অৰ্থৰ দৃষ্টিগোচৰ নহয়।অৱশ্যে ইংৰাজী ভাষাৰ অভিধান, সাহিত্য তত্ত্ব সম্পৰ্কীয় গ্ৰন্থৰ ভিত্তিত ক'ব পাৰি যে, যিবোৰ সাহিত্যৰ গদ্য তথ্যসমৃদ্ধ,যুক্তিনিষ্ঠ কল্পনাৰ পৰা নিলগত আৰু যিবোৰ সঁচা মানুহ বা ঘটনাৰ আধাৰত নিৰ্মিত তেনেধৰণৰ বৰ্ণনাত্মক গদ্য সাহিত্যক কাহিনীবিযুক্ত গদ্য বুলিব পাৰি।( Oxford dictionaryৰ অনুসৰি, Non-fiction is'a prose writing that is based on facts, real events and real people, such a biography or history. Oxford advanced learner's dictionary of current English, sixth edition, Oxford university press,2000)


দেখা যায় আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা বা ৰাজহুৱা স্থানত কোনো প্রদর্শনী বা সভাত ব্যৱহৃত ভাষাও গদ্যৰ ভিতৰুৱা । একেদৰে ছপা মাধ্যমত ব্যৱহৃত গদ্য নাইবা বৈদ্যুতিন সংবাদ মাধ্যমত ব্যৱহৃত গদ্য, স্মৃতি কথা, অর্থনৈতিক সমীক্ষা, পাঠ্যপুথিৰ ভাষা, বিজ্ঞানৰ বিভিন্ন বিশ্লেষণসমৃদ্ধ আলোচনা ইত্যাদিকো কাহিনীবিযুক্ত গদ্যৰ অন্তৰ্গত কৰিব পাৰি।("Non-fictional discourse is usually embedded in a context that tells you how to take it: an instruction manual, a newspaper report, a letter from a charity and so on. The context of fiction, though, explicitly leaves open the question of what the fiction is really about. Reference to the world is not so much a property of literary (i.e. fictional) works as a function they are given by interpretation." [Jonathan Culler, Literary Theory A very Short Introduction, P.31 New York Oxford university press Re-issued publication,2000])


অৱশ্যে উল্লেখিত সকলোবোৰ কাহিনীবিযুক্ত গদ্যৰ ভিতৰুৱা কৰি আলোচনা কৰিলে কিছু ক্ষেত্ৰত অসুবিধাও আহি পৰিব।উদাহৰণস্বৰূপে বাতৰি বা বিজ্ঞাপনৰ কথা ক'ব পাৰি। কোনো বিষয় আকর্ষণীয় ৰূপত উপস্থাপন কৰাৰ স্বাৰ্থত কোনো তথ্যক প্ৰমাণ কৰিবলৈ যাওঁতে সাহিত্য অথবা কাহিনী কথনৰ শৈলী প্রয়োগ কৰিবলগীয়া হয়। সেয়ে এই শ্ৰেণীৰ গদ্যক কাহিনীবিযুক্ত গদ্যৰ অভিধাৰে সামৰি লোৱা উচিত নহয়।

সামগ্রিকভাৱে গল্প, উপন্যাস, সাধুকথা, নাটক আদিৰ গদ্যক বাদ দি বর্ণনামূলকভাৱে উপস্থাপন কৰা জীৱনী, আত্মজীৱনী, বুৰঞ্জী, ভ্রমণ বৃত্তান্ত, ইতিহাস সমৃদ্ধ ৰচনা, প্ৰবন্ধ, সাহিত্য- সমালোচনা আদিবোৰক কাহিনীবিযুক্ত গদ্য অভিধাৰে সামৰি ল'ব পাৰি।


বিৰিঞ্চি কুমাৰ বৰুৱাৰ'অসমীয়া ভাষাৰ গিয়াতি-কুটুম'ঃ অসমীয়া কথা সাহিত্যৰ এগৰাকী উল্লেখযোগ্য ব্যক্তিত্ব বিৰিঞ্চি কুমাৰ বৰুৱা।মুখ্যতঃকাহিনী সাহিত্যৰ বাবে জনপ্ৰিয় লেখক বৰুৱাৰ কাহিনীবিযুক্ত সাহিত্য সংৰচনা কৰিও অসমীয়া সাহিত্য সমৃদ্ধিৰ সমান্তৰালভাৱে গতিশীলতাও প্ৰদানত স্মৰণীয় ভূমিকা আছে। বৰুৱাৰ'অসমীয়া ভাষাৰ গিয়াতি-কুটুম' শীৰ্ষক কাহিনীবিযুক্ত গদ্যই অসমীয়া ভাষাৰ 'গিয়াতি-কুটুম' সম্পৰ্কে ফঁহিয়াই আলোচনা কৰিছে।এইখিনিতে উল্লেখ কৰিব পাৰি, বিৰিঞ্চি কুমাৰ বৰুৱাৰ অসমীয়া সাহিত্যৰ লগতে ভাষাৰ চৰ্চাৰ ক্ষেত্ৰতো তাৎপৰ্যপূৰ্ণ ভূমিকা আছে।

অসমত প্ৰচলিত ভাষা-ভাষাগোষ্ঠীৰ অসমীয়া ভাষাৰ লগত সম্বন্ধ বিচাৰ ; অসমৰ অন্য ভাষা-উপভাষাৰ এই সম্বন্ধ বিচাৰতকৈ অধিক প্ৰয়োজনীয় বুলি লেখকে প্ৰথমতে স্পষ্ট কৰিছে।এই দৃষ্টিভংগীৰেই লেখকে প্ৰবন্ধৰ পৰিসৰ সামৰিছে।

ভৌগোলিক দৃষ্টিৰে অসম ভাষাৰ যাদুঘৰ;অৱশ্যে ই বিজ্ঞানসন্মত নহয় বুলি লেখকে কৈছে।পৃথিৱীৰ প্ৰায় দুই হাজাৰ (লেখকৰ মতে)ভাষাৰ ভিতৰত দুশতকৈ অধিক ভাষা-উপভাষা অসমত থকাৰ তথ্য লেখকে নিৰ্ণয় কৰিছে।ভাষাতাত্বিক দৃষ্টিৰপৰা বিচাৰ কৰিলে অসমৰ ভাষাসমূহক(লেখকৰ অনুসৰি ক্ৰম)-- অষ্ট্ৰিক গোষ্ঠী দ্ৰাবিড় গোষ্ঠী ভোট-চীন বা তীববতী-চীনগোষ্ঠী আৰু আৰ্য্য গোষ্ঠী—--চাৰিটা পৰিয়াল-গোষ্ঠীত পেলাব পাৰি।

'সময়ৰ পিনৰ পৰা অসমৰ অতি প্ৰাচীন ভাষা অষ্ট্ৰিক'ৰ শ্ৰেণীবিভাজন দেখুৱাইছে।এসময়ত এই ভাষা ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ পাৰত প্ৰচলিত ;চীনতিব্বতীয় মানুহৰ অসম আগমনৰ লগে লগে খাছী পাহাৰ তেওঁলোকৰ আশ্ৰয়ভূমি হয়।এইখিনিতে লেখকে উল্লেখ কৰা এটা উল্লেখযোগ্য তথ্য উনুকিয়াব পাৰি'প্ৰাচীন অষ্ট্ৰিক ভাষাৰ ভালেমান শব্দ হাজাৰ হাজাৰ বছৰ পূৰ্বেই সংস্কৃতে নিৰ্বিবাদে গ্ৰহণ কৰিছে'।লেখকে এই তথ্যৰ সবল প্ৰতিষ্ঠাৰ হেতু লাংগল, নাৰিকল, কদঁলি, তাম্বুল,গুবাক,হৰিদ্ৰা,শৃঙ্খাবেৰ(আদা),বাতিংগান(বেঙেনা),অলাবু(লাও)আদি শব্দৰ উদাহৰণ দিছে।লেখকে অষ্ট্ৰিক ভাষাৰ শব্দ অসমীয়া ভাষাত প্ৰচলন সন্দৰ্ভত আলোচনা কৰা দিশসমূহ কেইবাটাও ভাগ কৰি দেখুৱাব পাৰি—----------- নদীৰ নামবাচক শব্দঃ অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়, ডক্টৰ বাণীকান্ত কাকতি প্ৰমুখ্যে ভাষাবিদ সকলে গংগা, ব্রহ্মপুত্র, লুইত, কৰতোৱা, ফলংগা, টিহু, তিপাত, তিয়ক, দিহং, দিবং, দিচাং, বদতি, নামতি, তিৰাপ আদি নদীৰ নামো অষ্ট্রিক ভাষাৰ পৰা আহিছে বুলি অনুমান কৰে। পনীয় দ্ৰব্য বুজোৱা শব্দঃ অষ্ট্ৰিক ভাষাত পানী বুজাবলৈ সাধাৰণতে হো-হোং ( যেনে হোৱাং হো) তি-তু- লাও আদি উপসর্গ ব্যৱহাৰ কৰা হয়। অসমীয়া লাওপানী শব্দটোৰ লাও অর্থ হৈছে পৰিষ্কাৰ পানী। স্থানবাচক শব্দঃ ডঃ কাকতিৰ মতে কামৰূপ, কামাখ্যা, প্রাগজ্যোতিষপুৰ, চমতা, বকতা, চপতগ্রাম, দৰং, ধৰমতুল আদি অসমৰ স্থানবাচক শব্দসমূহ অষ্ট্রিক ভাষাৰ পৰা আহিছে। গণনাৰ ক্ষেত্ৰতঃ কুৰি শব্দটো আৰু কুৰি হিচাবে বস্তু গণনাৰ নিয়মটোও অষ্ট্ৰিকৰ ৷ জীৱ-জন্তু, গছ-গছনিৰ ক্ষেত্ৰতঃ ভালেমান জীৱ-জন্তু, গছ-গছনি, বস্তু আদিৰ নাম অসমীয়া ভাষাত অষ্ট্ৰিক ভাষাৰ পৰা সোমাইছে ৷ মেথোন, লতা-মাকৰি, নাহৰ ফুটুকি, কুকুৰনেচীয়া, ভুৰা (মতা গাহৰি), গাহৰি, ৰাংকুকুৰ, মুগা, তেজপিয়া, হেপা, জহামাল, কেৰ্কেটুৱা, কামচৰাই, চিকৰা, টিয়া, জহা ( ধান ), মৈদাম, পাহাৰ, হাবি, ধিপ, টিলা, টিং, কপৌফুল, মাকৰিঘিলা, সিজু, উৱৈ কাঠ, ভূৰ, দলং, হোলা, কিংখাপ, ছপা, চিংগা, চুট ( গৰুৰ ) সোঁটা, আচু (সূতা ), বাও ( খৰাহিৰ ), হোলোঙা ইত্যাদি ৷ দৈনন্দিন জীৱনত ব্যৱহৃত শব্দঃ আমাৰ দৈনন্দিন জীৱনত সকলো সময়তে ব্যৱহাৰ হোৱা অলেখ শব্দাৱলী অষ্ট্ৰিক ভাষাৰ পৰা পোৱা গৈছে ৷ তাৰে কেতবোৰ হৈছে—খং, হোংগোৰা, জন্‌জাল, ভোদা, শোলা, তেলেকা, আলাবাদু, ঘটমুট, লেংগা, বেজ বেজ, মেজ, মেজ, গেৰেকনি, লেট-লেটি, গোহাৰি ইত্যাদি। আমি কথাই কথাই শলগা ‘এৰা' শব্দটো আৰু সভাই সমিতিয়ে হিয়া ‘উবুৰিয়াই” বোলা শব্দ—দুয়োটা অষ্ট্ৰিকৰ । সম্বন্ধবাচক শব্দঃ সম্বন্ধবাচক কেইবাটাও শব্দ অষ্ট্ৰিক ভাষাৰ পৰা অসমীয়ালৈ আহিছে বুলি ড০ কাকতিয়ে মত প্ৰকাশ কৰিছে। আবু, ককাই, বাই আদি এই শাৰীত পৰিছে।

সম্বন্ধবাচক শব্দৰ ক্ষেত্ৰত বিভিন্ন শব্দৰ ব্যৱহাৰ অসমীয়া ভাষাৰ এটি প্ৰধান বৈশিষ্ট্য বুলি লেখকে উল্লেখ কৰিছে।অন্য আৰ্য ভাষাত এই নিয়ম নাই।উদাহৰণস্বৰূপে সম্বন্ধৰ পাৰ্থক্য বুজাবলৈ বঙালীআৰু হিন্দী ভাষাত বড় আৰু ছোট শব্দৰ ব্যৱহাৰ আছে।অৱশ্যে অসমীয়াত প্ৰত্যেক সম্বন্ধৰ কাৰণে সুকীয়া শব্দ আছে। যেনে–বাই-ভনী, ককাই-ভাই, ভিনিহি-বৈনাই আদি।এনেধৰণে সম্বন্ধ পদ নিৰ্মাণৰ পদ্ধতি অষ্ট্ৰিক ভাষাৰ প্ৰভাৱত গঢ়ি উঠা বুলি বৰুৱাই মতপোষণ কৰিছে।

এইবোৰৰ উপৰিও শৰীৰৰ অংগ প্রত্যংগ বুজোৱা ভালেমান অসমীয়া শব্দও এই ভাষাৰ পৰা আহিছে। লাটুম আৰু ধোপ খেলৰ নাম অষ্ট্ৰিকৰ।


দ্ৰাবিড় ভাষী লোক অসমত আছিল নে নাই সেই বাদানুবাদৰ প্ৰসংগও লেখকে উল্লেখ কৰিছে।অৱশ্যে সংস্কৃত ভাষাত দ্ৰাবিড় ভাষাৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি লেখকে অসমীয়া ভাষাতো প্ৰভাৱ স্বীকাৰ কৰিছে।এইক্ষেত্ৰত অসমৰ ভালেমান ঠাইৰ নামৰ পিছত দ্ৰাবিড় ভাষাৰ প্ৰত্যাংশ পোৱা গৈছে– জুলি, জুৰি, কুব, পূব, পুৰি, ভিতি, ভিটা আদি।অসমৰ পুৰণি তাম্র শাসনত 'উমইপ্রোল' নামৰ ঠাইৰ উল্লেখ আছে। এই নামটোৰ প্ৰোল অংশটি, ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে দ্রাবিড় ভাষাৰ পৰা আহিছে বুলি কৈছে। শব্দটোৰ অৰ্থ ধানৰ পথাৰ। দ্রাবিড় গোড্ড অসমীয়া গুৰি, শিমলুগুৰি ; কঠালগুৰি শব্দাংশৰ মূল বুলি কোনো কোনো পণ্ডিতে অনুমান কৰে।

আলোচ্য প্ৰবন্ধত লেখকে অসমত প্ৰচলিত চাৰিটা ভাষাগোষ্ঠীৰ প্ৰসংগ অৱতাৰণা কৰিছে।অৱশ্যে ইন্দো- ইউৰোপীয় ভাষা পৰিয়াল আৰু চীনতিব্বতীয় ভাষা গোষ্ঠীৰ সম্পৰ্কে কোনোধৰণৰ প্ৰসংগ কোৱা হোৱা নাই।এই দিশটোৱে ইয়াক কিছু পৰিমাণে অধিক সমৃদ্ধিৰ পৰা বিৰত ৰাখিলে।ইয়ে বিষয়ৰ অনুসৰি স্পষ্টতা প্ৰদানৰ লগতে পাঠকৰ বাবেও সুবিধাজনক হ'লহেঁতেন।উপভাষাৰ ক্ষেত্ৰত লেখকৰ দৃষ্টিভংগী প্ৰথমতে স্পষ্ট।তথাপি আলোচনাৰ আওতাত থকা গোষ্ঠী দুটাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত কিধৰণৰ 'কুটুম' সেই কথা স্পষ্ট হৈছে।


  • ড০মহেন্দ্ৰ বৰা সংকলিত-সম্পাদিত' কথা-চয়নিকা' (প্ৰথম প্ৰকাশ ১৯৯২ প্ৰকাশক- বাণী মন্দিৰ,ডিব্ৰুগড়-৭৮৬০০১) ৰ পৰা মূল প্ৰবন্ধটো লোৱা হৈছে।
  • অপ্ৰকাশিত গৱেষণা গ্ৰন্থঃ

বৰুৱা,প্ৰণতিঃ স্বাধীনতা-পূৰ্বকালৰ অসমীয়া আলোচনীৰ কাহিনীবিযুক্ত গদ্যঃ বিষয়ভিত্তিক অধ্যয়ন, পিএইচ.ডি. উপাধিৰ বাবে দাখিল কৰা গৱেষণা-গ্রন্থ; অসমীয়া বিভাগ,ডিব্ৰুগড় বিশ্ববিদ্যালয়। ডিব্ৰুগড়-৭৮৬০০৪, ২০২০ বর্ষ