মোৰ নাম লোহিত দত্ত-বৰুৱা। ১৯৭৩ চনৰ পৰা আমেৰিকাৰ হিউষ্টনত বসতি। জীৱনৰ আদিভাগ গুৱাহাটীত কটাইছিলো। ২০১৬ ত কামৰ পৰা অৱশৰ ললো। যদিও ডিগ্ৰী হিচাবত অভিযন্তা, মোৰ লিখা-মেলাৰ হেপাহ। মোৰ কেইবাখন (২০১৯ পৰ্য্যন্ত ১১ খন) কিতাপ ইংৰাজী আৰু অসমীয়াত প্ৰকাশ পাইছে। মই আপেক্ষিক ভাবে ইয়াত নতুন সভ্য। মোৰ বিষয়ে তলত সবিশেষ দিলো। আশাকৰো পঢ়িব।

লোহিত দত্ত-বৰুৱা সম্পাদনা কৰক

লোহিত দত্ত-বৰুৱাৰ জন্ম অসমৰ ধুবুৰী চহৰত। কিন্তু এক ভয়াবহ ঘটনাৰ বাবে শৈশৱ আৰু কৈশোৰ কাল কটায় গুৱাহাটীত এক অতি দুখীয়া পৰিয়ালত। নানা বাধা-বিঘিনিৰ মাজেদি ডাঙৰ হৈয়ো দত্ত-বৰুৱাই সুখ্যাতিৰে এটাৰ পিচত এটাকৈ পৰীক্ষাত উত্তীৰ্ণ হৈ ইলেক্ট্ৰনিক বিষয়ত অভিযন্তা হৈ ওলায় ১৯৭০ চনত পিলানী, ৰাজস্থানৰ বিৰলা ইন্সটিটিউত অব টেক্ললজি অ্যান্দ চায়েল্সৰ (বি০আই০টি০এচ০) পৰা। কৰ্ম জীৱন আৰম্ভ কৰাৰ অলপ দিন পিচতে ১৯৭৩ চনত দত্ত-বৰুৱা আমেৰিকালৈ ৰাওনা হয়। তেতিয়াৰে পৰা দত্ত-বৰুৱা আমেৰিকা নিবাসী। আমেৰিকাত দত্ত-বৰুৱাই কাৰিকৰী শিক্ষাত ডক্টৰেট ডিগ্ৰী পায়। দত্ত-বৰুৱাৰ এটা ইউ০এচ০ পেটেন্টো (US Patent) আছে। কৰ্মৰত জীৱনত দত্ত-বৰুৱাই বহুতো আন্তৰ্জাতিক কোম্পানীত উচ্চ পদবী লাভ কৰে আৰু নানা দেশত বহুতো বৃহত প্ৰকল্প কৃতকাৰ্যতাৰে সম্পন্ন কৰে। অভিযন্তা হৈয়ো ড০ দত্ত-বৰুৱা এজন কৃতী লিখক। ২০১৯ চনলৈ দত্ত-বৰুৱাৰ ১১ খন কিতাপ প্ৰকাশ পাইছে।  তাৰে ছখন ইংৰাজীত আৰু পাচখন অসমীয়া ভাষাত লিখা। তাৰোপৰি ইংৰাজী আৰু অসমীয়াত লিখা দত্ত-বৰুৱাৰ বহুতো প্ৰবন্ধ বিভিন্ন আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ পাইছে। দত্ত-বৰুৱা এক পৰ্য্যটক। তেখেতৰ এখন কিতাপ তেখেতৰ ভ্ৰমণ কাহিনীৰ ভিত্তিত।

আদি জীৱন সম্পাদনা কৰক

লোহিত দত্ত-বৰুৱাৰ আদি জীৱন ঘটনাবহুল আৰু দুঃখময়। চৰকাৰী ভাবে দত্ত-বৰুৱাৰ জন্ম ১৯৪৮ চনৰ ২০ অক্টোবৰত। দৰাচলতে তেখেতৰ জন্ম ১৯৪৬ চনৰ অক্টোবৰত বুলি অনুমান কৰা হয়। দত্ত-বৰুৱাৰ জন্মৰ অলপ দিন পিচতে তেখেতৰ জন্মদাতা পিতৃ-মাতৃয়ে আন সন্তানবোৰক এখন টুলুঙা নাওৰ পৰা ব্ৰহ্মপুত্ৰত এৰি দিয়াৰ পিচত নিজেও সেই নৈত জাপ দি আত্মহত্যা কৰে। শুনা যায় যে দাৰিদ্ৰতাৰ কবলত পৰি এই দুখ লগা সিদ্ধান্ত লৈছিল। কিন্তু তেওঁলোকে নবজাতকক পাহৰি যায়। অলপ পিচত কোনো নাওৰীয়াই শূণ্য নাওখন ধৰিবলৈ গৈ তাত এক জীৱিত শিশু পায়। সেই শিশুটি আছিল লোহিত দত্ত বৰুৱা । খবৰ পাই সেই শিশুৰ মাতৃপক্ষৰ ককাদেউতাক আৰু আইতাকে সেই শিশুটিক ধুবুৰীৰ পৰা গুৱাহাটীৰ জুপুৰি ঘৰলৈ আনি নিজৰ শেহতীয়া সন্তান হিচাবে ডাঙৰ দীঘল কৰে। তেতিয়াৰে পৰা লোহিত দত্ত-বৰুৱাই তেওঁলোকক মা-দেউতা হিচাবে লৈ এই দুখীয়া পৰিয়ালত ডাঙৰ হয় আৰু গুৱাহাটীতে শিক্ষা-দীক্ষা আৰস্ভ কৰে। প্ৰথমে পানবজাৰ বালক-বালিকা প্ৰাথমিক বিদ্যালয়, তাৰ পিচত ক্ৰমঃশ এম০চি০এম০ই০, কটন কলেজিয়েট, আৰু এবছৰ কটন কলেজত পঢ়ি কাৰিকৰী শিক্ষাৰ বাবে ১৯৬৫ চনত ৰাজস্থানৰ পিলানীত বি০আই০টি০এচ০ ত ভৰ্ত্তি হয়। এই সময় চোৱাত প্ৰতিখন স্কুল এৰা সময়ত দত্ত-বৰুৱাই সুখ্যাতিৰে উত্তীৰ্ণ হৈ জলপানী পাইছিল।

শিক্ষা জীৱন সম্পাদনা কৰক

বি০আই০টি০এচ০ ত ইলেক্ট্ৰনিক ইন্জিনিয়াৰিং বিভাগত পাচ বছৰীয়া শিক্ষা শেষ কৰি ১৯৭০ চনত লোহিত দত্ত-বৰুৱা এক অভিযন্তা হৈ ওলায়। ১৯৭৩ চনত দত্ত-বৰুৱাই আমেৰিকাৰ হিউষ্টন বিশ্ববিদ্যালয়ত (University of Houston) উচ্চ শিক্ষা আৰস্ভ কৰি ইলেক্ট্ৰিকেল ইন্জিনিয়াৰিঙত এম০এচ০ ডিগ্ৰী পায়। ১৯৮২ চনত কালিফৰ্নিয়া কোষ্ট ইউনিভাৰচিটিৰ (California Coast University) পৰা ওচেন ইন্জিনিয়াৰিঙত (Ocean Engineering) ডক্টৰেট ডিগ্ৰী পায়।  

কৰ্ম জীৱন সম্পাদনা কৰক

পিলানীৰ পৰা বি০ই০ ডিগ্ৰী পোৱাৰ পিচতে ১৯৭০ চনৰ ২য় ভাগত অসংখ্য প্ৰাৰ্থীৰ মাজৰ পৰা দত্ত-বৰুৱা মুম্বাইৰ ওচৰৰ অনুশক্তি নগৰৰ বি০এ০আৰ০চি০ (Bhava Atomic Research Center) ত কাম কৰিবলৈ বাচনিত উঠে। তাত প্ৰায় তিনি মাহ কাম কৰাৰ পিচত গুৱাহাটীৰ উপকণ্ঠত অইল ইন্দিয়াৰ পাইপলাইন (Oil India Limited – Pipeline Division)বিভাগত চাকৰি পায়। ঘৰৰ ওচৰতে বেছি দৰমহাৰ কাম। কিন্তু তিনি বছৰ নহওঁতেই চাকৰি ইস্তাফা দি, বন্ধুবৰ্গৰ পৰা ঋণ লৈ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ ৰাওনা হয়। গবেষণা কৰি থকা কালত মেক্সিকো উপসাগৰৰ প্ৰকল্প এটাত কাম কৰাৰ সুযোগ পায়। সেয়াই আমেৰিকাত আৰু পিচলৈ গোটেই বিশ্বৰ স্থল আৰু সাগৰত (Land and Sea) তেল আৰু প্ৰাকৃতিক গেচৰ প্ৰকল্পত কাম কৰাৰ আৰম্ভণি।  এম০এচ০ ডিগ্ৰী পোৱাৰ পিচতে এবছৰ দত্ত-বৰুৱাই হিউষ্টন বিশ্ববিদ্যালয়ত চিভিল ইন্জিনিয়াৰিং বিভাগত শিক্ষকতাও কৰে।  তাৰ পিচৰে পৰা প্ৰায় গোটেই জীৱন তেল-গেচ খন্দত কাম কৰি আহিছে। এই সুত্ৰে পৃথিবীৰ নানান দেশত কাম কৰিছে নতুবা নিজৰ বিচক্ষণতাৰে সহায় কৰিছে। এনৰন ইন্টাৰনেচনেলৰ (Enron International) জি০এম০ (General Manager) হিচাবে গোটেই পৃথিবীৰ প্ৰাকৃতিক গেচ পৰিবহণ(Transmission) আৰু বিতৰণ (Distribution) আৰু বিজুলী শক্তি বিতৰণ (Electric Distribution)ৰ মুখিয়াল হিচাবে কাম কৰিছিল। এনৰনৰ পিচত আন আন্তৰ্জাতিক কোস্পানীৰ হৈ এন্গোলাৰ লুৱান্দা চহৰত সেই কোস্পানীৰ দেশীয় পৰিচালক (Country Manager) হিচাবে কাম কৰিছিল আৰু কলম্বিয়াৰ বগোটা চহৰত এক বৃহত প্ৰকল্পৰ মুখ্য পৰিচালক (Project Director) আছিল। কৰ্ম জীৱনৰ পৰা অৱশৰ লোৱাৰ পিচতো দত্ত-বৰুৱাৰ তেল-গেচ খন্দত চাহিদা আছে আৰু পৰামৰ্শদাতা (Consultant) হিচাবে কাম কৰি আছে।

গৱেষণা আৰু পেটেন্ট সম্পাদনা কৰক

লোহিত দত্ত-বৰুৱাৰ এম০এচ০ আৰু পি০এইচ্চ০ডি০ গবেষণাৰ ভিত্তিত এক ভোৰ্টেক্স চ্চেদিং ফ্লো মিটাৰ (Vortex Shedding Flow Meter)ৰ ওপৰত দত্ত-বৰুৱাৰ এক পেটেন্ট (US Patent No. 4281553) আছে।

গ্ৰন্থ আৰু প্ৰবন্ধ সম্পাদনা কৰক

অভিযন্তা যদিও দত্ত-বৰুৱাৰ সৰুৰে পৰা লিখা-মেলাত চখ আছিল। কটন কলেজিয়েটচত পঢ়া কালত ১৯৬২-৬৩ চনত দত্ত-বৰুৱা কলেজিয়েটৰ আলোচনী প্ৰাগজ্যোতিৰ সম্পাদক আছিল। ইন্জিনিয়াৰিং পঢ়া কালত সময়ৰ অভাবত লিখা-মেলা কিছু স্থগিত হয়। আমেৰিকাত কৰ্ম জীৱন আৰম্ভ কৰাৰ পিচতহে পুনৰ কলম তুলি লয়। তেল-গেচ খন্দৰ ভিত্তিত দত্ত-বৰুৱাৰ প্ৰথম দুখন কিতাপ প্ৰকাশ পায় ক্ৰমঃশ ১৯৮৮ আৰু ১৯৯১ চনত। ২০১৯ চন পৰ্য্যন্ত দত্ত-বৰুৱাৰ এঘাৰখন কিতাপ প্ৰকাশ পাইছে। নামবোৰ তলৰ তালিকাত দিয়া হল।  তাৰ উপৰিও দত্ত-বৰুৱাৰ বহুতো ইংৰাজী আৰু অসমীয়া গল্প-প্ৰবন্ধ বিভিন্ন আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ পাইছে।

ইংৰাজী কিতাপ:

1.    Title: Natural gas measurement and control : a guide for operators and engineers / Lohit Datta-Barua. Published/Created: New York : McGraw-Hill, c1992. Description: xv, 205 p. : ill. ; 24 cm. ISBN: 0070156085

2.    Title: Digital computers : maintenance and repair / Lohit Datta-Barua. Published/Created: New Delhi ; New York : Tata McGraw-Hill Pub. Co., c1988. Description: x, 109 p. : ill. ; 25 cm. ISBN: 0074515748

3.    Title: One Long Journey:  Memoir / by Lohit Datta-Barua. Published/Created: c2019. Description: 210 p. : 22 cm. ISBN: 978-0-9790532-8-3

4.    Title: Wanderlust: Travelogue / Lohit Datta-Barua. Published/Created: Guwahaṭi : Spandan Prakas, 2015. Description: 256 p. ; 22 cm

5.    Title: Color of life / Lohit Datta-Barua. Published/Created: Baltimore : PublishAmerica, c2004. Description: 154 p. ; 22 cm. ISBN: 1413726232

6.    Title: A view through my window : about places, people, and issues / by Lohit Datta-Barua. Published/Created: Baltimore : PublishAmerica, c2004. Description: 170 p. ; 22 cm. ISBN: 1413738222

অসমীয়া কিতাপ:

১. বিভিন্ন ৰহণঃ ড০ লোহিত দত্ত বৰুৱা, প্ৰকাশকঃ গুৱাহাটীঃ সুভদ্ৰা প্ৰকাশন, ২০০৫. বৰ্ণনাঃ ১৫৭     পৃষ্ঠাঃ ২২ চেন্টিমিটাৰ

২. এৰা বাটৰ সুৰঃ ড০ লোহিত দত্ত বৰুৱা, প্ৰকাশকঃ গুৱাহাটীঃ স্পন্দন প্ৰকাশ, ২০১২. বৰ্ণনাঃ ২৩১     পৃষ্ঠাঃ ২২ চেন্টিমিটাৰ

৩. নীলকণ্ঠৰ এমুঠি গল্প আৰু কবিতাঃ ড০ লোহিত দত্ত বৰুৱা, প্ৰকাশকঃ গুৱাহাটীঃ স্পন্দন প্ৰকাশ, ২০১৩. বৰ্ণনাঃ ১১২ পৃষ্ঠাঃ ২২ চেন্টিমিটাৰ

৪. নীলকণ্ঠৰ আৰু এমুঠি লিখাঃ ড০ লোহিত দত্ত বৰুৱা, প্ৰকাশকঃ গুৱাহাটীঃ স্পন্দন প্ৰকাশ, ২০১৮. বৰ্ণনাঃ ৮৮ পৃষ্ঠাঃ ২২ চেন্টিমিটাৰ

৫. আমেৰিকাৰ চিঠিঃ ড০ লোহিত দত্ত বৰুৱা, প্ৰকাশকঃ গুৱাহাটীঃ স্পন্দন প্ৰকাশ, ২০১৮. বৰ্ণনাঃ ১৯২ পৃষ্ঠাঃ ২২ চেন্টিমিটাৰ

বৰঙণি সম্পাদনা কৰক

ড০ লোহিত দত্ত বৰুৱাৰ বৰঙণি বহুতো । উৰুখা পজাত কেৰাচিনৰ চাকিৰ পোহৰত পঢ়িও তেখেতৰ প্ৰতিভা প্ৰকাশ পাইছিল। দত্ত বৰুৱাৰ মতে শিক্ষাই ভবিষ্যতৰ দুৱাৰ মুকলি কৰে। সেয়ে আমেৰিকাতো দত্ত বৰুৱাই স্বেচ্ছাসেৱক আৰু অতিথি শিক্ষক হিচাবে কাম কৰি আহিছে। অৱশৰ লোৱাৰ পিচত এতিয়াও দত্ত বৰুৱাই চুবুৰীৰ প্ৰাথমিক স্কুলত (Elementary School) স্বেচ্ছাসেৱক হিচাবে কাম কৰি আছে। দৰিদ্ৰতাৰ অভিজ্ঞতা থকা দত্ত বৰুৱাই পৰ্বত বগাই (Mount Kilimanjaro) ক্ষুধাতুৰ শিশুৰ বাবে (Children’s Hunger Fund) পইচা তুলিছে। হিউষ্টনৰ পৰা অষ্টিনলৈ চাইকেল চলাই (MS 150) মাল্টিপল চিৰোচিচৰ বাবে নতুবা মাৰাথন দৌৰ সম্পন্ন কৰি কৰ্কট ৰোগত ভুগা শিশুৰ বাবে(Sunshine Kids) পইচা তুলিছে।

নিজে অনাথ বাবে দত্ত বৰুৱাৰ অনাথ শিশুৰ প্ৰতি বিশেষ অনুকম্পা আছে। তেখেতৰ ইংৰাজী স্মৃতি গ্ৰণ্ঠ “ওৱান লং জাৰ্নি” (One Long Journey) ৰ পৰা পোৱা পইচাৰ শতাংশ অনাথৰ কল্যাণৰ বাবে দান কৰা হৈছে। তাৰ উপৰি নিজৰ জমা পইচা খৰচ কৰি দত্ত বৰুৱাই গুৱাহাটীৰ ওচৰৰ অনাথ আশ্ৰম “অসম শিশু কল্যান সদন”ৰ বাবে নিজৰ মাতৃৰ (আইতাক) সোৱঁৰণীত এক বৃহত প্ৰকল্প হাতত লৈছে আৰু বছৰি সেই শিশু সদনলৈ ধনৰ বৰঙণি দিয়াৰ আচনি হাতত লৈছে।

কেবা দশকো আমেৰিকাত থাকিলেও, দত্ত বৰুৱাৰ হিয়াৰ এক অংশ মাতৃভূমি অসমত আছে। সেয়া তেখেতৰ লিখনিৰ মাজেৰে বাৰুকৈ ফুটি ওলায়। ১৯৮০ চনৰ জানুৱাৰী মাহত দত্ত বৰুৱাই উত্তৰ আমেৰিকাৰ অসম এচোচিয়েচন (Assam Association of North America – AANA) প্ৰতিস্থা কৰে। তাৰ আগতে সদৌ উত্তৰ আমেৰিকা জুৰি এনে কোনো জাতীয় সংগঠন নাছিল। ১৯৮০ চনতে হিউষ্টনত প্ৰথম অসম সভা পতা হয়।  দত্ত বৰুৱাৰ নেতৃত্বত হিউষ্টনত ১৯৮০ চনত প্ৰথম বাৰৰ বাবে ৰঙালী বিহু উদযাপন কৰা হয়। উত্তৰ আমেৰিকাৰ অসম এচোচিয়েচনে এতিয়াও বছৰি অসম সভা পাতি আছে আৰু এই দূৰ বিদেশত অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰকাশ কৰি আহিছে।

বটা আৰু সন্মান সম্পাদনা কৰক

১.    প্ৰাকৃতিক গেচৰ প্ৰবাহ প্ৰথাৰ প্ৰতি ঐকিক অৱদানৰ বাবে আমেৰিকাৰ ইন্সট্ৰুমেন্ট চোচাইটিৰ (Instrument Society of America) ডাগলাচ এইচ্চ. এনিন বটা (Douglas H. Annin Award), ১৯৯৩ ইং

২.    টেক্সাচ গেচ এচোচিয়েচনৰ (Texas Gas Association – TGA) ২০০৩ চনৰ বছৰেকীয়া সভাৰ মুখ্য বক্তা (Key Note Speaker)

৩.    সুদীৰ্ঘ কাল ধৰি কৰা সমাজ সেৱাৰ বাবে উত্তৰ আমেৰিকাৰ অসম সভাত ২০১৮ চনৰ ড০ কামনা দাস সোৱঁৰণী বটা (2018 Dr. Kamna Das Memorial Community Service and Mentoring Excellence Award)

অন্যান্য সম্পাদনা কৰক

এক সুদক্ষ অভিযন্তা, তথা লিখক আৰু সমাজসেৱী হোৱাৰ উপৰিও দত্ত বৰুৱা একেৰাহে ভ্ৰমনকাৰী, আৰু দৌৰ, চাইকেল চলোৱা, পাহাৰ বগোৱাত মনোগ্ৰাহী। আন্টাৰ্কটিকাকে ধৰি দত্ত বৰুৱাই সাতোখন মহাদেশতে ভ্ৰমন কৰিছে। কেদাৰনাথ আৰু কিলিমান্জাৰোৰ উহুৰু শিখৰ বগাইছে। নবাৰকৈ মাৰাথন দৌৰ (২৬.২ মাইল) সম্পন্ন কৰিছে, আনকি ৫০ কিলোমিটাৰো দৌৰিছে। চাইকেলেৰে দুবাৰো ১৮২ মাইল বাট গৈছে। দুঃসাহসী দত্ত বৰুৱাই স্কাই ডাইভিঙো (Sky Diving) কৰিছে।

টোকা আৰু উল্লেখ সম্পাদনা কৰক

(ভৰ্ত্তি কৰিব পৰা নাই)