পৰিসংখ্যা বিজ্ঞানৰ সংজ্ঞা ( Definitions of Statistics): পৰিসংখ্যা বিজ্ঞানৰ ধাৰণা স্পষ্ট কৰি তুলিবৰ বাবে বিভিন্ন পৰিসংখ্যা বিজ্ঞানীয়ে ভিন ভিন সংজ্ঞা আগবঢ়াইছে । সেই সংজ্ঞাসমূহ হ'ল----

1. হোৰেচ চেক্ৰিষ্টৰ(Horace Secrist) মতে, " পৰিসংখ্যা বিজ্ঞান হ'ল বিভিন্ন কাৰণৰ দ্বাৰা প্ৰভাৱান্বিত, সাংখ্যিকীয় ৰূপত ব্যক্ত, যথাসম্ভৱ নিৰ্ভূলভাৱে গণনাকৃত বা আকলিত , পূৰ্ব নিৰ্ধাৰিত উদ্দেশ্য প্ৰণালীৱদ্ধভাৱে সংগৃহীত আৰু পৰস্পৰ সম্বন্ধযুক্ত তথ্যৰ সমষ্টি।"(Statistics mean aggregate of facts affected to a marked extent by multiplicity of causes, numerically expressed, enumerated or estimated according to reasonable standards of accuracy collected in a systematic manner for a pre-determined purpose  and placed in relation to each other.)

2. গেৰেটৰ (Garret) মতে, "পৰিসংখ্যা বিজ্ঞান হ'ল গণিতৰ এক শাখা , যি বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত জটিল সংখ্যামূলক বিশ্লেষণ কাৰ্যৰ লগত জড়িত"।( Statistics is a branch of mathematics which deals with the analysis of complex numerical data, that is, data influence by several causes.)

3. চেলিগমেনৰ (Saligiman) মতে , “ পৰিসংখ্যা হৈছে এক বিজ্ঞান যি সাংখ্যিক তথ্য সংগ্রহ , শ্রেণীকৰণ , উপস্থাপন , তুলনা আৰু ব্যাখ্যা প্রদান আদি পদ্ধতিৰ প্ৰয়ােগ কৰি যিকোনাে দিশৰ অনুসন্ধানৰ সম্বন্ধে পােহৰ দান কৰে । ” ( Statistics is the science which deals with the methods of collecting , classifying , presenting , comparing and interpreting numerical data collected , throw some light on any sphere of enquiry.)

4. জে.বি. ফৰমানৰ ( J.B. Forman ) মতে,  "কোনাে জনসংখ্যাৰ সংখ্যাগত তথ্যপাতিৰ সংগ্রহ , আৰু বিচাৰ বিশ্লেষণৰ বিজ্ঞানেই হ’ল পৰিসংখ্যা বিজ্ঞান।" ( Statistics is the science of collecting , treating and interpreting numerial data pertaining to a certain population.)

5.বডিংটনৰ(Bodington) মতে , “ পৰিসংখ্যা বিজ্ঞান হৈছে হিচাপ আৰু সম্ভাৱিতাৰ বিজ্ঞান ”। ( Statistics is the science of estimates and probabilities.)

6. ক্রকষ্টন আৰু কাউডেনৰ (Croxton & Cowden)মতে , "পৰিসংখ্যা বিজ্ঞান হৈছে গাণিতিক তথ্যৰ সংগ্রহ , উপস্থাপন , বিশ্লেষণ আৰু বাখ্যাকৰণৰ বিজ্ঞান । ( Statistics is the science of collection , presentation , analysis and interpreta tion of numerical data.)

পৰিসংখ্যা বিজ্ঞানৰ প্ৰকৃতি বা বৈশিষ্টসমূহ ( Nature or characteristics of Statistics) : পৰিসংখ্যা বিজ্ঞানৰ ধাৰণা আৰু সংজ্ঞা অধিক স্পষ্ট কৰি তুলিবলৈ ইয়াৰ নিম্নলিখিত প্ৰকৃতি বা বৈশিষ্টসমূহলৈ দৃষ্টি নিক্ষেপ কৰিব পাৰি---

1. প্ৰায়োগিক শাখা (Applied branch): পৰিসংখ্যা বিজ্ঞান হ'ল গণিত বিষয়ৰ এনে

এক প্ৰায়োগিক শাখা, যাৰ দ্বাৰা বিভিন্ন বিষয়ৰ বাস্তৱ অধ্যয়ন,  বিশ্লেষণ আৰু মূল্যায়ণ কৰা হয়।

2. তথ্যৰ সমষ্টি  ( Aggregate of Facts): পৰিসংখ্যা বিজ্ঞান হ'ল তথ্যৰ সমষ্টি। এটা মাত্ৰ তথ্য পৰিসংখ্যা বিজ্ঞান হ'ব নোৱাৰে। কেইবাটাও তথ্য লগ লাগিহে পৰিসংখ্যা বিজ্ঞান হ'ব পাৰে।

3. সংখ্যাৰ দ্বাৰা প্ৰকাশ  ( Numerically Expressed) :  পৰিসংখ্যা বিজ্ঞানৰ তথ্যবোৰ সংখ্যাৰ দ্বাৰা প্ৰকাশ বা নিৰূপণ  কৰিব লাগে।

4. এক প্ৰকাৰৰ পদ্ধতি( one kind of method): পৰিসংখ্যা বিজ্ঞান হ'ল এক প্ৰকাৰৰ পদ্ধতি, য'ত অনিশ্চিতাৰ পৰিৱৰ্তে কোনো ঘটনা বা বিষয়ৰ সঠিক সিদ্ধান্তত উপনীত হব পৰা যায় ।

5.  পূৰ্ব নিৰ্ধাৰিত উদ্দেশ্য ( Pre-determined Purpose) : পৰিসংখ্যা বিজ্ঞানত  লক্ষ্য-উদ্দেশ্য  পূৰ্ব নিৰ্ধাৰিত। কাৰণ তথ্যবোৰৰ উদ্দেশ্য স্পষ্টকৈ নিৰ্ধাৰণ কৰা  নাথাকিলে যথোপযুক্ত আৰু প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা সম্ভৱ নহয় ।

6. কলা আৰু বিজ্ঞান  (  An art and a science): পৰিসংখ্যা বিজ্ঞানক কলা আৰু বিজ্ঞান দুয়োটাই বুলি ক'ব পাৰি। কাৰণ ই হৈছে বৈজ্ঞানিক পদ্ধতিসমূহৰ বিজ্ঞান আৰু এই পদ্ধতিসমূহৰ প্ৰয়োগ কলা।

7. শুদ্ধ গণনাৰ বিজ্ঞান  ( Counting of Pure Science) : পৰিসংখ্যা বিজ্ঞান হ'ল এক শুদ্ধ গণনাৰ বিজ্ঞান। শুদ্ধ পৰিসংখ্যাবিদৰ কাম হৈছে গৱেষণাৰ যোগেদি নতুন নতুন পৰিসাংখ্যিক পদ্ধতি উদ্ভাৱন কৰা ।