"ভাষা, সাহিত্যৰ দেহ । ভাষালৈ আওকাণ কৰি সাহিত্যৰ শ্ৰীবৃদ্ধি কৰিবলৈ যোৱাই,দেহলৈ হেলা কৰি মনক সুস্থ কৰিবলৈ যোৱা সমান । মাতৃভাষাৰ মুকলি বতাহত ফুৰিলেহে পৈতৃক প্ৰাণ সবল হয়। গতিকে আমাৰ কৰ্তব্য হ’ল — মাতৃভাষাৰ কটকটীয়া শাসন আৰু বিদেশী ভাষাৰ অধিপত্যৰ পৰা, মাতৃভাষাক মুক্ত কৰা ।"

——মিত্ৰদেৱ মহন্ত



নমস্কাৰ,

নিজ মাতৃভাষাক শ্ৰদ্ধা কৰা প্ৰতিজনলৈ মই বিশ্বজিত্‍ বৈশ্যই প্ৰণিপাত জনাইছোঁ ।

মোৰ জন্ম আৰু শৈশৱ কামৰূপ জিলাৰ পালেপাৰা নামৰ গাওঁ এখনত, আৰু মোৰ শৈক্ষিক জীৱন— শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰী জিলাত ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতকোত্তৰ ।

২০২০ চনৰ ১৬ মে’ৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ ক্ষেত্ৰখনত এজন ন শিকাৰু হিচাপে খোঁজ পেলাইছিলোঁ ।


এই সদস্যজন ৱিকিপিডিয়াত ৩ বছৰ, ১০ মাহ, আৰু ১৩ দিন ধৰি আছে।
This user comes from Assam.
এই সদস্যজন অসমৰ
“জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
Search user languages