পৰিচয়:

ড° মৃদুল চন্দ্ৰ শৰ্মা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ এজন অৱসৰপ্ৰাপ্ত বিজ্ঞানী । ড° শৰ্মাই ৩২ বছৰীয়া সুদীৰ্ঘ চাকৰি জীৱনত  অসম আৰু মেঘালয়ৰ বিভিন্ন ঠাইত কৰ্মসেৱা আগবঢ়াইছিল ।  মুগা আৰু এৰী ৰেচমৰ প্ৰযুক্তি কৌশল উদ্ভাৱন আৰু সম্প্ৰসাৰণ ক্ষেত্ৰত কৰ্মত বিশেষ ভাৱে জড়িত আছিল । বিশেষকৈ এৰীশিল্প ক্ষেত্ৰত প্ৰায় নব্বৈ শতাংশ প্ৰযুক্তি তেখেতৰ নেতৃত্বত উদ্ভাৱন কৰা হৈছিল । তেখেতে চাকৰিকালত বিভিন্ন  জাৰনেল, আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় ছেমিনাৰত প্ৰায় এশৰ অধিক খন গৱেষণাপত্ৰ প্ৰকাশ কৰাৰ ওপৰিও, ২৭ খন কিতাপ আৰু শিতান আৰু বিভিন্ন প্ৰচাৰ পুস্তিকা প্ৰকাশ কৰিছিল । সামাজিক মাধ্যমত ৰেচম সম্পৰ্কে অনেক বিষয়ত আলোকপাত কৰি আহিছে  আৰু বহুতো বেচৰকাৰী সংস্থা / অনুষ্ঠানৰ লগত জড়িত হৈ আছে। এৰিকালচাৰ নামৰ  তেখেতৰ এটি ফেচবুকৰ পেজ আছে ।  মুগা আৰু এৰী বিষয়বস্তু লৈ লিখা "সোনালী সূতাৰ সপোন" নামৰ উপন্যাসখন তেখেতৰ ৰেচম ক্ষেত্ৰৰ অভিজ্ঞতাৰে এক নৱতম অৱদান ।

ঠিকনা:

ড° মৃদুল চন্দ্ৰ শৰ্মা তৰাজান, যোৰহাট, অসম

পিন নম্বৰ ৭৮৫০০১