কাৰ্বি লোকগীত সম্পাদনা কৰক

 লোকগীতসমূহ লোকসাহিত্যৰ প্ৰধান অংগ। লোকগীত গাঁৱলীয়া লোকসকলৰ আপুৰুগীয়া সাংস্কৃতিক সম্পদ। এই গীতসমূহ অতীজৰে পৰা মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে।

            কাৰ্বিসকলৰ লোকগীতবোৰো ইয়াৰ ব্যতিক্ৰম নহয়। যিহেতু কাৰ্বি সমাজখন কৃষিজীৱি সমাজ। পাহাৰৰ কৃষিকৰ্মৰ বিভিন্ন দিশবোৰ লৈয়ে এই গীতবোৰ সৃষ্টি হৈছে। এই লোকগীতসমূহৰ মাজেদি কাৰ্বিসকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশবোৰ উদ্ভাষিত হৈ আহিছে।

            কাৰ্বি সমাজৰ প্ৰতিখন গাঁৱতে এজন গায়ক (লুনছেপ') থাকে। তেওঁলোকে সামাজিক অনুষ্ঠানত প্ৰয়োজন সাপেক্ষে গীত পৰিৱেশন কৰে। বিয়াবাৰুৰ আলোচনা কৰোতে দৰাপক্ষ আৰু কইনাপক্ষৰ বক্তব্যখিনি কিছুমান ধৰাবন্ধা গীত-মাতৰ মাজেদিহে আদান-প্ৰদান ঘটে। এই গীতবোৰ নিৰ্দিষ্ট গায়কসকলে গায়। ঠিক তেনেদৰে কাৰ্বিসকলৰ কোনো ব্যক্তিৰ মৃত্যু হ'লে, সেই মৃতকৰ দহা কাৰ্যৰ সময়ত মৃতকৰ বিদেহী আত্মাক বিননি গীতে স্মৰণ কৰে।

কাৰ্বি বিবাহৰ লগত জড়িত গীত সম্পাদনা কৰক

               মানৱ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সংস্কাৰ হৈছে বিবাহ। বিবাহৰ এটা আকৰ্ষণীয় দিশ হ'ল বিয়ানামবোৰ। নাৰী জীৱনৰ আশা-আকাংক্ষা, কাৰুণ্য উলিয়াই দিবলৈ ধৰা কইনাৰ বিচ্ছেদৰ সুন্দৰ প্ৰকাশ বিয়ানামবোৰত লক্ষ্য কৰা যায়।

         কাৰ্বিসকলে বিবাহক 'আদাম-আছাৰ' বুলি কয়। কন্যাৰ বাপেকে গোৱা বিয়ানামবোৰক 'থেলু' দৰাৰ বাপেকে গোৱা বিয়ানামবোৰক 'ছাংলিন' নামে জনা যায়। ইয়াৰোপৰি বিয়াৰ পিছদিনা কইনাৰ বাপেকে জীয়ৰীক উপদেশ দিয়াৰ উদ্দেশ্যে গোৱা গীতক 'আছ কাচিনেম' আৰু কইনা দৰা ঘৰলৈ যোৱাৰ পাছত দৰাৰ বাপেকে ন-বোৱাৰীক আদৰিবলৈ গোৱা গীতসমূহ 'মুণচাৰণে' বুলি কয়। তলত কেইফাঁকিমান কাৰ্বি বিয়ানামৰ উদাহৰণ তুলি দিয়া হ'ল-

*থেলু' (ছোৱালীৰ বাপেক)ঃ*

(ক) জা ছাংলিন মেন ক্লিৰমে�

       আন ছাৰ আংহংফুহে�

       বংছক পাং ফাৰচে�

       খিমা ৰিমৰেচৈ

       দেং কিন্দু তকচে (লে)

       থেলু আহুমমে�

       লহুমৰি নাংলে (কে)

       পিচিং আলাম থে ?

ভাৱাৰ্থ সম্পাদনা কৰক

পূজনীয় ভিনী আৰু বাইদেউ আপোনালোকে এনে বুঢ়া বয়সত লাখুটিত ভৰ দিনো ক'লৈ যাবলৈ ওলাইছে ? আপোনালোকৰ ল'ৰাৰ মোমাইৰ অৱস্থাও শোচনীয়। আপোনালোকক কেনেকে আদৰিম ? আমাৰ এই মাননিয়েই বা কিহলৈ ?

(খ) মন ছিংক্ৰেং মুন্তালে�

      থেমব্লেং আৰণিমে,

      থেলু আহুমমে�

      দামছাৰ আলামথে

      লহুমৰি ছাংলে,��

      নাং ছিপং পাত আপে�

      ফুং আবি পাৰ এ,�

      নাংজৰলাং বং মে�

      ৰিদেং নাবনলে (ৰা)

      ছৰন নাংতংচে

      নাং থেলু তাংতে

      বাংজু পালামথে

      নাজাং কাদুৰে�

      তাং চ'জাকমেমে।�

ভাবাৰ্থ সম্পাদনা কৰক

আজিৰ শুভ দিনত আপোনালোকে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে, মূৰত পাগ মাৰি আমাক যি মাননি যাচিলে তাৰ বাবে আমি কৃতাৰ্থ। কিন্তু আমাৰ জীয়ৰী আছে যদি তাই তেনেই নাবালক। আমাৰ ছোৱালী বিচাৰি লাজ নিদিয়াই ভাল হ'ব।

তথ্য সূত্ৰ সম্পাদনা কৰক

সুৰেন ক্ৰামছাৰ - কাৰ্বি কৃষ্টিত এভুমুকি

প্ৰকাশৰ চন ২০০৪



তথ্যদাতা সম্পাদনা কৰক

প্ৰৱন চন ৰংপি