ভাৰতীয় বিবাহ.gif

বিবাহ (ইংৰাজী: marriage) এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়।

উৎপত্তিসম্পাদনা কৰক

’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে। বিবাহ শব্দ‍ই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায়। যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয়।

হিন্দু বিবাহসম্পাদনা কৰক

 
পাৰম্পৰিক পোছাক পৰিধান কৰি এহাল অসমীয়া দৰা ক‍ইনা

বিবাহ প্ৰথাটো অতি পুৰণি। বেদতো অনেক মন্ত্ৰত বিবাহৰ কথা উল্লেখ আছে।

সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ পতিঃ। তৃতীয়োহগ্নিস্তে পতিস্তুৰীয়্ষ্টে মনুস্যজাঃ॥ ঋগ বেদ ১০/৭/৮০

অৰ্থাৎ -"হে কন্যা! তোমাক প্ৰথমতে সোম, দ্বিতীয়তে গন্ধৰ্ব, তৃতীয়তে অগ্নি আৰু চতুৰ্থতে মনুষ্যৈ বিবাহ কৰিছিল। তেনেকুৱা তোমাক অগ্নিয়ে ধন পুত্ৰৰে সৈতে মোক দান কৰিছে। " বেদত উল্লেখ থকালৈ চাই ক’ব পাৰি য়ে বিবাহ নিশ্চয়কৈ বৈদিক পৰম্পৰা।

আৰ্য হিন্দুসকলৰ বিবাহ এটি গুৰুত্বপূৰ্ণ সংস্কাৰ। বিবাহ অনুষ্ঠানত মানৱ জীৱনৰ ঐহিক আৰু পাৰলৌকিক দিশত নানা ধৰণৰ তত্ত্বমূলক কথা জড়িত হৈ আছে। গৃহ্যসূত্ৰ-ৰ মতে গৃহযজ্ঞৰ মূল বিবাহ। হিন্দু পৰম্পৰা মতে প্ৰত্যেকজন পুৰুষ-নাৰীয়ে বিবাহ বন্ধনৰ দ্বাৰা সুখ-শান্তিৰে গৃহস্থাশ্ৰম পালন কৰিব লাগে। বিবাহ আঠ প্ৰকাৰৰ, - ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰাজাপত্য, আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ।

  • ব্ৰাহ্ম বিবাহ : বিদ্বান-সদাচাৰী বৰক আহ্বান কৰি আনি অলংকাৰ আদিৰে অৰ্চনা কৰি দাতাই অলংকৃতা কন্যাক দান কৰাই হ’ল ব্ৰাহ্ম বিবাহ।
  • দৈব বিবাহ : জ্যোতিষ্টোমাদি য্জ্ঞত কৰ্মকৰ্তা পুৰোহিতক সালংকৃতা কন্যাদান কৰাই হ’ল দৈব বিবাহ।
  • আৰ্য বিবাহ : বৰৰ পৰা গো-যুগল বা দ্বি গো-যুগল (গাই গৰু) লৈ সেই গো-যুগলৰ সৈতে কন্যাদান কৰাই হ’ল আৰ্য বিবাহ।
  • প্ৰাজাপত্য বিবাহ : কন্যাদাতাই যোগ্য ব্যক্তিক বৰ হিচাবে অৰ্চনা কৰি, কন্যাজনীৰ সৈতে উভয়ে গাৰ্হস্থ ধৰ্ম আচৰণ কৰিবা-এইদৰে কৈ কন্যাদান কৰিলে তাক প্ৰাজাপত্য বিবাহ বুলি কোৱা হয়।
  • আসুৰ বিবাহ : কন্যা বা কন্যাৰ পিত্ৰাদিক য্থাশক্তি ধন দি বৰে নিজ ইচ্ছাৰে কন্যা গ্ৰহণ কৰা বিবাহেই আসুৰ বিবাহ।
  • গান্ধৰ্ব বিবাহ : বৰ আৰু কন্যাৰ পৰস্পৰৰ অনুৰাগবশতঃ যি বিবাহ সম্পাদন হয় সেয়ে হৈছে গান্ধৰ্ব বিবাহ।
  • ৰাক্ষস বিবাহ : যুদ্ধ বিগ্ৰহ কৰি বলপূৰ্ব্ক ঘৰৰ পৰা কন্যা হৰণ কৰি নিয়া বিবাহক ৰাক্ষস বিবাহ বোলে।
  • পৈশাচ বিবাহ : নিদ্ৰাত অভিভূত অৱ্স্থাত নাইবা মদ্যপানৰ দ্বাৰা বিহ্বল বা উন্মত্ত অৱস্থাত কন্যাক চল কৰি নিৰ্জনত ধৰ্ষণ কৰাৰ নামেই পৈশাচ বিবাহ।

বিবাহৰ উদ্দেশ্য: পত্নী একমাত্ৰ পুৰুষৰ ভোগ বিলাসৰ সামগ্ৰীয়েই নহয়। পত্নী গাৰ্হস্থ ধৰ্ম পালনৰ সহধৰ্মিণী। সেইকাৰণে বিবাহিতা পত্নীক সহধৰ্মিণী বা ধৰ্মপত্নী বা সহধৰ্মচাৰিণী বুলি কোৱা হয়। মহাভাৰতৰ শান্তিপৰ্বতো কোৱা আছে- ধৰ্মাৰ্থ কাম কালেষু ভাৰ্য্যা পুংসঃ সহায়িনী অৰ্থাৎ- ধৰ্ম, অৰ্থ, আৰু কাম সাধনৰ ক্ষেত্ৰত ভাৰ্য্যাই একমাত্ৰ পুৰুষৰ সহায়কাৰিণী। পুৰুষ আৰু প্ৰকৃতি অকলশৰীয়া অৱস্থাত প্ৰত্যেকেই অৰ্দ্ধ। পুৰুষৰ অৰ্দ্ধ শৰীৰক পূৰ্ণাঙ্গ কৰিবৰ কাৰণে ভাৰ্য্যা গ্ৰহণ কৰিব লাগে।[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. ১ মনুস্মৃতি, ৩/২১

বাহ্যিক সংযোগসম্পাদনা কৰক