গৰুখিচ

গৰুখিচ হৈছে এবিধ তৃণজাতীয় উদ্ভিদ। ওখ পলসুৱা পথাৰ বা বাৰীত গৰুখিচৰ গছ গজে। অলপ চেচুকীয়া ঠাইত বেছিকৈ হোৱা দেখা যায়। ফাগুন মাহৰ আৰম্ভণিৰে পৰা হালধীয়া বৰণৰ ফুল ফুলিবলৈ আৰম্ভ কৰে আৰু একে মাহৰে শেষৰফালে গুটি লাগি পূৰঠ হয়। গুটিৰ বৰণ কলিৰে পৰা ৰঙা। অৱশ্যে পূৰঠ হোৱাৰ সময়লৈ ৰঙৰ উজ্জ্বলতা সামান্য হ্ৰাস পায়। ভিতৰভাগ একেবাৰে পাতল গোলপীয়া বা বগা বৰণৰ হয়। ফলবিধ সোপোকা আৰু কোমল (স্পঞ্জৰ দৰে)। খাবলৈ সোৱাদ লগা। দেখিবলৈ ধুনীয়া আৰু খাবলৈ সোৱাদ লগা গৰুখিচৰ ঠাইভেদে আন কেইবাটাও নাম আছে। তেনে কেইটামান নাম হৈছে—

১। মাটি কমলা

২। গৰখীয়া গুটি

৩। কমলাপতি

৪। দৈ কমলা

৫। মৌকলা

৬। তেজীমলা

৭। বন কমলা

৮। কটি কমলা আদি।

গৰুখিচৰ গুৰুত্বপূৰ্ণ তথ্য :

উদ্ভিদ বিজ্ঞানৰ পৰিভাষাত : Duchesnea indica

বৈজ্ঞানিক নাম : Potentilla indica

পৰিয়াল : Rosaceae

সাধাৰণ নাম :

Indian Strawberry, Indian Mock Strawberry, False Strawberry, Gurbir, May Weed, Mock Strawberry, She Mei, Snake Berry, Wild Indian Strawberry

বিস্তৃতি :

ভাৰতৰ লগতে পূব এছিয়াৰ চীন, জাপান, ব্ৰিটেইনৰ ঠাই বিশেষ আৰু সমগ্ৰ উত্তৰ আমেৰিকা।

খাদ্যগুণ :

ভিটামিন C, কেলচিয়াম, আইৰন, মেগনেচিয়াম, পটাছিয়াম, ফছফৰাছ আৰু প্ৰটিনযুক্ত।

ব্যৱহাৰ :

গৰুখিচৰ গোটেই গছজোপাৰ ফল, পাত, শিপা আদি বহু গুণেৰে সমৃদ্ধ। সেয়ে বিভিন্ন দৰৱত ব্যৱহাৰ হয়। প্ৰতিষেধক, পৰিশোধক আৰু জ্বৰনাশক গুণৰ বাবে চীনা পৰম্পৰাগত ঔষধ প্ৰস্তুতকৰণত গৰুখিচ ব্যৱহাৰ কৰা হয়। চৰ্মৰোগতো গৰুখিচ সুফলদায়ক। শেহতীয়াকৈ এইডছ্ আৰু কৰ্কট ৰোগৰ প্ৰতিষেধক সম্পৰ্কীয় গৱেষণাতো গৰুখিচক সামৰি লোৱা বুলি জনা গৈছে।

তথ্যসূত্ৰ :

  1. "The Plant List: Duchesnea". Royal Botanic Gardens, Kew and Missouri Botanic Garden. 2013. Retrieved 20 July 2016.