Gunjon N Hazarika
@@গঙা চিলনীৰ পাখি' আৰু 'গণদেৱতা' উপন্যাসৰ কিছু বিশ্লেষণ ।
অসমীয়া সাহিত্যৰ বিধাসমূহৰ ভিতৰত উপন্যাস হৈছে অন্যতম। উপন্যাস বুলি ক'লে আধুনিক যুগত ৰচিত এবিধ বিশিষ্ট শিল্পকৰ্মকে বুজায়। আধুনিক যুগৰ মানুহৰ বাস্তৱ জীৱনক কলা সুলভ দৃষ্টিভংগীৰে সুন্দৰ আৰু স্পষ্টকৈ আলোচনা কৰাৰ মাধ্যম হৈছে উপন্যাস। পাশ্চাত্য সাহিত্যৰ আদৰ্শত ভাৰতীয় সাহিত্যতো উপন্যাস সাহিত্যই সৃষ্টি আৰু বিকাশ লাভ কৰিছিল।
সাহিত্যৰ আন বিধাসমূহৰ দৰে উপন্যাস সাহিত্যৰ তুলনামূলক অধ্যয়নে সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উপন্যাস সাহিত্যৰ পৰিসৰ ব্যাপক হেতু তুলনাৰ সুবিধাও বেছি। ভাৰতৰ দুই প্ৰান্তৰ সাহিত্য অৰ্থাৎ অসমীয়া আৰু বাংলা সাহিত্য যথেষ্ট সমৃদ্ধ। বিশেষকৈ বাংলা আৰু অসমীয়া উপন্যাস সাহিত্যলৈ মন কৰিলে দেখা যায় যে দুয়োটা ভাষাতে অনেক উপন্যাস আছে, যিবোৰৰ মাজত অনেক সাদৃশ্য-বৈশাদৃশ্য পৰিলক্ষিত হয়। যাৰ বাবে দুয়োটা ভাষাৰ উপন্যাস সাহিত্যৰ মাজত তুলনামূলক অধ্যয়ন সম্ভৱ। অসমীয়া ঔপন্যাসিক লক্ষ্মীনন্দন বৰাৰ "গঙা চিলনীৰ পাখি" আৰু বাংলা ঔপন্যাসিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ "গণদেৱতা" ভাৰতীয় উপন্যাস সাহিত্যৰ দুখন বিশিষ্ট উপন্যাস। গ্ৰাম্য জীৱনৰ পটভূমিৰে নিৰ্মিত উপন্যাস দুখনত গ্ৰাম্য সমাজ দুখনৰ বাস্তৱিক ৰূপটো অতি সুন্দৰভাৱে দাঙি ধৰিছে। এই উপন্যাস দুখনৰ ৰচনাৰ সময়সীমা প্ৰায় একেই তথা ঊনবিংশ শতিকাৰ মাজভাগত এই উপন্যাস দুখন ৰচনা হৈছিল। তদুপৰি উপন্যাস দুখনৰ মাজত এনে বহুতো দিশ আছে। যিবোৰ দিশৰ অধ্যয়নৰ অন্তত উপন্যাস দুখনৰ মাজত তুলনামূলক অধ্যয়ন আগবঢ়াব পাৰি।
অসমীয়া উপন্যাস সাহিত্যৰ পৰিচয়ঃ সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ বিধা হ'ল উপন্যাস সাহিত্য। অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাস অতি দীঘলীয়া।অসমীয়া সাহিত্যত ঊনবিংশ শতাব্দীৰ শেষভাগত উপন্যাস সাহিত্যৰ সূচনা হয়। পাশ্চাত্য সাহিত্যৰ অনুকৰণত অসমীয়া উপন্যাস ৰচনাৰ বাট মুকলি হয়। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমৰ প্ৰশাসিত শাসনভাৰ বৃটিছৰ হাতলৈ যায় আৰু ১৮৩৬ চনত ব্যপ্তিছ মিছনেৰীসকলে অসমত প্ৰৱেশ কৰে। তেওঁলোকৰ হাততে প্ৰথম অসমীয়া উপন্যাসৰ সূচনা হয়। 'জাত্ৰিকৰ যাত্ৰা,'ফুলমণী আৰু কৰুণাৰ কাহিনী', 'কামিনী কান্তৰ চৰিত্ৰ' আদি কেইবাখনো অনুদিত উপন্যাস এই সময়ছোৱাত ৰচনা হয় যদিও এইবোৰক পূৰ্ণ পৰ্যায়ৰ উপন্যাস বুলিব নোৱাৰি। প্ৰকৃতাৰ্থত অসমীয়া উপন্যাস ৰচনা হয় পদ্মনাথ গোহাঞিবৰুৱাৰ 'ভানুমতী'(১৮৯১)ৰ জৰিয়তে। তাৰপৰৱৰ্তী সময়ছোৱাত লক্ষ্মীনাথ বেজবৰুৱা,ৰজনীকান্ত বৰদলৈ আদি ঔপন্যাসিকসকলৰ হাতত অসমীয়া উপন্যাসে বিকাশ লাভ কৰে। দ্বিতীয় মহাযুদ্ধৰ পিছত অসমীয়া উপন্যাসে আধুনিকতাৰ দিশে অগ্ৰসৰ হয়। বিৰিঞ্চি কুমাৰ বৰুৱা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঞি, মামনি ৰয়চম গোস্বামী, লক্ষ্মীনন্দন বৰা,চৈয়দ আব্দুল মালিক আদি ঔপন্যাসিককলৰ হাতত আধুনিক অসমীয়া উপন্যাস সাহিত্যই বিকাশ লাভ কৰে। এই ঔপন্যাসিকসকলৰ হাতত অসমীয়া উপন্যাস সাহিত্যই পূৰ্বৰ উপন্যাস ৰচনাৰ কলা-কৌশল তথা বিষয়বস্তুৰ পৰা আঁতৰি আহি বাস্তৱৰ দিশে অগ্ৰসৰ হয় । বাংলা উপন্যাসৰ সাহিত্যৰ পৰিচয়ঃ বাংলা সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ বিধা হৈছে উপন্যাস সাহিত্য।বাংলা সাহিত্যৰ ইতিহাসলৈ মন কৰিলে দেখা যায় যে এই সাহিত্যৰ ইতিহাস অতি দীঘলীয়া। বাংলা উপন্যাস সাহিত্যৰ আৰম্ভণি হয় ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা। ১৮৫২ চনত ৰচিত 'ফুলমনি ও কৰুণা'ৰ বিৱৰণক প্ৰথম বাংলা উপন্যাস ৰূপে পোৱা যায় যদিও পৰিচন্দ্ৰ মিত্ৰৰ দ্বাৰা ৰচিত 'আলালেৰ ঘৰেৰ দুলাল' হ'ল প্ৰথম বাংলা মৌলিক উপন্যাসৰ চানেকী। এই দুখন উপন্যাসক বাংলা উপন্যাস সাহিত্যৰ প্ৰথম পৰ্যায়ৰ ৰচনা বুলিব পাৰি। প্ৰকৃতাৰ্থত বাংলা উপন্যাস ৰচনা হয় বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ হাতত। তেওঁ ১৮৬৫ চনত ইউৰোপীয় শৈলীৰ অনুকৰণত ৰচনা কৰা
'দুৰ্গেশ্বৰ নন্দিনী' হৈছে প্ৰথম বাংলা উপন্যাস। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ উপৰিও ৰবীন্দ্ৰনাথ ঠাকুৰ, মানিক বন্দোপাধ্যায়, তিৰাশীৰ বন্দোপাধ্যায়,শৰৎ চন্দ্ৰ চট্টোপাধ্যায় আদি ঔপন্যাসিকসকলৰ হাতত বাংলা উপন্যাস সাহিত্যই বিকাশ লাভ কৰে । ১৯৭০দশকৰ লৈকে বাংলা ঔপন্যাসিক জিবানন্দ দাসে ক্ৰমে ২২ খন উপন্যাস ৰচনা কৰি বাংলা উপন্যাস সাহিত্যক সমৃদ্ধ কৰে। মানিক বন্দোপাধ্যায়,জগদীশ গুপ্তা আদি ঔপন্যাসিক সকলে মানৱ অস্তিত্বৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। বাংলা সাহিত্যত হুমায়ুন আহমেদে বাংলা উপন্যাসৰ বিকাশত যথেষ্ট অৰিহনা আগবঢ়ায়। তেওঁ দেখুৱাইছিল যে ইউৰোপীয় আৰ্হিৰ বাহিৰেও সফল কালজয়ী আৰু শৈল্পিক উপন্যাস লিখা সম্ভৱ। বিংশ শতিকাৰ শেষৰফালে জাহিৰ ৰাইহান, নাচৰিন জাহান , জাতৰ ইকবাল আদিৰ দৰে ঔপন্যাসিকৰ হাতত বাংলা উপন্যাস সাহিত্যই বিকাশ লাভ কৰে।
'গঙা চিলনীৰ পাখি' আৰু 'গণদেৱতা' উপন্যাসৰ পৰিচয়ঃ
গঙা চিলনীৰ পাখি- অসমীয়া উপন্যাস সাহিত্যৰ এজন বিশিষ্ট ঔপন্যাসিক হ'ল লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাৰ হাতত অসমীয়া উপন্যাস সাহিত্যই এক বিশিষ্ট ৰূপ লাভ কৰে। গ্ৰাম্য জীৱনৰ সৰলতা, সুন্দৰ প্ৰাকৃতিক বৰ্ণনা, গ্ৰাম্য জীৱনৰ ওপৰত আধুনিকতাৰ প্ৰভাৱ, বিজ্ঞানে মানুহৰ ওপৰত পেলোৱা প্ৰভাৱ, কুটিল ৰাজনীতি আদি বিভিন্ন বিষয়বস্তুৰ লগতে চহৰীয়া জীৱনৰ কৃত্ৰিমতা আৰু বিলাসীতা আদি দিশে তেওঁৰ উপন্যাসত ঠাই পাইছে। তেওঁৰ ৰচিত উপন্যাসবোৰ হ'ল 'গঙা চিলনীৰ পাখি', 'মেঘালী দুপৰ', 'পাতাল ভৈৰৱী', 'নায়ক অধিনায়ক', 'যাকেৰি নাহিকে উপাম', 'মেঘত মাদল বাজে', 'কায়কল্প' আদি। লক্ষ্মীনন্দন বৰাৰ ৰচিত 'গঙা চিলনীৰ পাখি' অসমীয়া উপন্যাস সাহিত্যৰ এখন বিশিষ্ট উপন্যাস। নগাঁও জিলাৰ সোণাই নৈৰ পাৰৰ এখন গাঁৱক কেন্দ্ৰ কৰি 'গঙা চিলনীৰ পাখি' উপন্যাসৰ পটভূমি নিৰ্মিত হৈছে। উপন্যাসখনত গ্ৰাম্য জীৱনৰ মানুহৰ থলুৱা ৰীতি-নীতি, বৈষ্ণৱ ভাবাদৰ্শ, মানুহৰ সাংস্কৃতিক জীৱনবোধ, প্ৰাচীন প্ৰমূল্যৰ সমাজখন বিস্তৃতভাবে প্ৰকাশ পাইছে। জীৱনৰ জটিলতাই স্পৰ্শ নকৰা সোণাই পৰীয়া মানুহখিনিৰ সুখ-দুখ, আশা-নিৰাশা আৰু প্ৰেমৰ এক বাস্তৱিক ৰূপ উপন্যাসখনত সুন্দৰভাৱে বৰ্ণনা কৰিছে। অসমীয়া সমাজৰ দৈনন্দিন জীৱন প্ৰবাহক অংকন কৰিবলৈ যাওঁতে বিচিত্ৰ ঘটনা প্ৰবাহে উপন্যাসখনক ৰসোতীৰ্ণ কৰি তুলিছে। সহজ-সৰল চহা জীৱনৰ ওপৰত আধাৰিত সোণাই পৰীয়া এটি পৰিয়াল, ভোগৰামকে আদি কৰি পৰিবাৰ, ল'ৰা-ছোৱালীহাল, মাক আৰু ভনীয়েক বাসন্তীক কেন্দ্র কৰি উপন্যাসখনৰ কাহিনীভাগ সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে । লেখকে বিষয়বস্তু হিচাপে সেইসময়ৰ সমাজ আৰু তাৰ ৰাজনৈতিক,অৰ্থনৈতিক আদি ব্যৱস্থাটোক সুন্দৰভাৱে প্ৰতিফলন ঘটাইছে । বাসন্তী, ধনঞ্জয়, ভোগৰাম, মথুৰা মণ্ডল, তৰুলতা, ভগীৰথ আদি উপন্যাস খনৰ উল্লেখযোগ্য চৰিত্ৰ। হোমিঅ'পেথিক চিকিৎসাৰ দৰে সেৱাত বৰ্তী থকা ধনঞ্জয়ৰ প্ৰেম হয় সোণাইপৰীয়া গাঁৱৰে জীয়ৰী বাসন্তীৰ সৈতে। এই ধনঞ্জয় আৰু বাসন্তীৰ প্ৰেম কাহিনীৰ লগে লগে ভোগৰামৰ জীৱনযাত্ৰাৰ সংগ্ৰামৰ কাহিনীও উপন্যাসখনত বৰ্ণনা কৰিছে । ধনঞ্জয় আৰু বাসন্তীৰ প্ৰেম কাহিনীয়ে এটা নতুন গতি লোৱাৰ পূৰ্বেই বাসন্তীৰ বিয়া ঠিক হয় মথুৰা মণ্ডলৰ লগত। বাসন্তীৰ বিবাহৰ পূৰ্বে ধনঞ্জয় আৰু বাসন্তী দুয়োৱে পলাই যোৱাৰ সিদ্ধান্ত লয় কিন্তু ঘৰখনৰ সন্মান, ককায়েকৰ কষ্ট, বৌয়েকৰ মৰমে তাইক এই কাম কৰাত বাধা দিয়ে। আনফালে ধনঞ্জয়ে নৈৰ ঠানুৱা ঘাটত বাসন্তীৰ বাবে ৰৈ তাই নোযোৱাত অপমানিত হৈ উভতি যায়। বাসন্তী বিবাহ পাশত আবদ্ধ হয় যদিও তাইৰ প্ৰথম প্ৰেমৰ কথা গিৰীয়েকে গম পোৱাত বাসন্তী আৰু মথুৰা মণ্ডলৰ মাজত সন্দেহৰ সৃষ্টি হয়। সন্দেহৰ পাশে ইমানেই বেয়াকৈ মথুৰা মণ্ডলক বেৰি ধৰে যে তাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ আত্মহত্যাৰ পথ বাচি লয়। সন্তানসম্ভৱা বাসন্তীয়ে গিৰিয়েকৰ মৃত্যুৰ পাছতে এটি বিশেষভাৱে সক্ষম সন্তান জন্ম দিয়ে যদিও ক্ষণিক সময়ৰ ব্যৱধানতে সন্তানটিৰ মৃত্যু হয়। আনফালে বাসন্তীৰ ককায়েক ভোগৰাম টকাৰ লালসাতে সমাজ বিৰোধী কামত জড়িত হৈ পৰে। ৰাজনীতিকৰ লগত ভোগৰাম বা অন্য কলা বেপাৰী, ঠিকাদাৰৰ হলিগলিয়ে ৰাজনীতিক কলূষিত কৰা স্বৰূপটোও উপন্যাসখনৰ মাজত ফুটি উঠিছে। ধনঞ্জয় আছিল ভোগৰাম চৰিত্ৰৰ বিপৰীতে এজন সৎ আৰু বিচাৰ বিবেচনা থকা ব্যক্তি। আনফালে গিৰীয়েকৰ মৃত্যু আৰু সন্তানৰ মৃত্যুয়ে বাসন্তীক যেন কোঙা কৰি পেলায়, এনে ক্ষণত বাসন্তীক সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ ধনঞ্জয়ৰ বাহিৰে তাইৰ শাহু-শহুয়ে আন একো উপায় বিচাৰি নাপায়। খোৱা-বোৱা এৰি দিয়া বাসন্তী জনী যেন ধনঞ্জয়ক লগ পাই আকৌ জী উঠে। বাসন্তীৰ মনত ধনঞ্জয়ৰ লগত সংসাৰ কৰাৰ সপোনে আকৌ আমনি কৰিবলৈ লয় কিন্তু ধনঞ্জয় ঘূৰি নাহে। তাই এজনী মহিলাৰ জৰিয়তে ধনঞ্জয়লৈ বুলি চিঠি পঠায় যদিও ধনঞ্জয়ে আত্মসন্মানৰ খাতিৰত চিঠিৰ একো উত্তৰ নিদিয়ে। 'গঙা চিলনীৰ পাখি' শীৰ্ষক উপন্যাসখনৰ মাজত সোণাই নৈৰ পাৰৰ লোকৰ সুখ-দুখ, হাঁহি-কান্দোন, বিশ্বাস-সংশয়, সমাজৰ উত্থান-পতন, পৰিৱৰ্তন, চহৰমুখী যাত্ৰাত গ্ৰাম্য জীৱনৰ নিয়ম-কানুনবিলাক শিথিল হৈ পৰা ব্যৱস্থাৰ কথা সুন্দৰভাৱে বৰ্ণনা কৰিছে। গণদেৱতা- বাংলা উপন্যাস জগতৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক হ'ল তাৰাশংকৰ বন্দ্যোপাধ্যায়। তেওঁ ষাঠীখনতকৈ অধিক উপন্যাস ৰচনাৰে বাংলা উপন্যাস সাহিত্যৰ ক্ষেত্ৰখনত এক নতুন গতি প্ৰদান কৰে। প্ৰচলিত উপন্যাস ধাৰাৰ পৰা আঁতৰি আহি নতুন ধাৰাৰে বিপ্লৱৰ সূচনা কৰাকে উপন্যাসৰ মূল বিষয়বস্তু হিচাপে তেওঁ গ্ৰহণ কৰিছিল। গ্ৰাম্য জীৱন ধাৰাৰ সজীৱ চিত্ৰ, অৰ্থনীতি, ৰাজনীতি, দেশপ্ৰেম, মানৱীয় প্ৰেম ইত্যাদি দিশৰ প্ৰতিফলন বন্দ্যোপাধ্যায়ৰ উপন্যাসৰ মাজত পোৱা যায়। তেখেতৰ উপন্যাসসমূহৰ ভিতৰত 'নাগিনী কন্যার কাহিনী', 'আরোগ্য নিকেতন', 'গণদেৱতা কবি', 'পঞ্চগ্ৰাম', 'ধাতু-দেবতা', 'কালিন্দী' আদি প্ৰধান।
তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ দুখন উল্লেখযোগ্য উপন্যাস হ'ল ‘গণদেৱতা আৰু ‘পঞ্চগ্ৰাম’। এই দুয়োখন উপন্যাসৰ মাজত ভাৱ আৰু ৰূপগত দিশৰ পৰা বিশেষ প্ৰভেদ পৰিলক্ষিত নহয়। দুয়োখন উপন্যাসে একে বিষয়বস্তু তথা নিৰ্দিষ্ট চেতনাকে প্ৰতিনিধিত্ব কৰিছে। দুয়োখন উপন্যাসতে বংগৰ বঙালী সমাজৰ স্বাভিমান, ঐতিহ্য চেতনা, আধ্যাত্মিক দৰ্শন, সামাজিক উৎসৱ, পূজা-পাৰ্বণ, অৰ্থনৈতিক ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা আদি দিশবোৰ অতি সুন্দৰ ৰূপত প্ৰকাশ পাইছে। তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত এই বিখ্যাত আৰু জনপ্ৰিয় উপন্যাস দুখনি একেখন উপন্যাসৰে দুটা অংশ। এই বৃহৎ কলেৱৰ উপন্যাস দুখনি ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আৰু তৃতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত প্ৰকাশিত হয়। উপন্যাস দুখনৰ বিষয়বস্তুৱে হৈছে দেশ-বিভাজনৰ পাছত ভাৰতৰ সামাজিক ব্যৱস্থা আৰু স্বাধীনতা আন্দোলন আৰু ঔদ্যোগিকৰণৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্য সমাজৰ বিৱৰ্তন। ‘গণদেৱতা’ উপন্যাসখনত প্ৰথম প্ৰকাশিত হৈ ওলোৱা পূৰ্বে ‘গণদেৱতা’ৰ অংশটি মাহেকীয়া পত্ৰিকাত ‘চণ্ডীমণ্ডপ ’ নামেৰে প্ৰকাশিত হৈছিল। এই অংশটোকে ঔপন্যাসিকে গ্ৰন্থকাৰে প্ৰকাশ কৰোঁতে ‘গণদেৱতা’ নামেৰে নামাকৰণ কৰে আৰু ‘গণদেৱতা’ৰ পৰৱৰ্তী ‘পঞ্চগ্ৰাম’ ৰ নামেৰে প্ৰকাশিত হৈছিল। ‘গণদেৱতা’ প্ৰকাশ পাই ১৯৪৪ চনত। দুয়োখন গ্ৰন্থৰ মাজত ভাৱগত,ৰূপগত দিশত পাৰ্থক্য নাই। গতিকে ‘গণদেৱতা’ উপন্যাসখনৰ বিষয়বস্তুৰ বিশ্লেষণত স্বাভাৱিকতেই ‘পঞ্চগ্ৰাম’ৰ কথা আহি পৰে। ‘পঞ্চগ্ৰাম’ হৈছে ‘গণদেৱতা’ৰে এক অবিচ্ছেদ্য অংগ কিয়নো দুয়োখন উপন্যাস দুটা খণ্ডত লিখা একেখনেই উপন্যাস। মানুহেই এখন সমাজ সৃষ্টি কৰে আৰু সেই সমাজৰ ধ্বংসও কৰে মানুহেই। এই সমাজৰ পৰিৱৰ্তন, বিৰোধী , আশা , প্ৰত্যাশা , যন্ত্ৰণা, পৰিৱৰ্তন আদি দিশবোৰৰ প্ৰকাশ উপন্যাসখনত পাইছে। উপন্যাসখনত শ্ৰী হৰি পাল , দেবুঘোষ ,দুৰ্গা ,স্বৰ্ণ ,অনিৰুদ্ধ,ছিৰু ইত্যাদি চৰিত্ৰৰ বিভিন্ন দিশসমূহ ফুটি উঠিছে। 'গণদেৱতা' উপন্যাসত চণ্ডীমণ্ডপক আশ্ৰয় কৰি গোষ্ঠী জীৱনে কেনেদৰে অন্য এটা ৰূপ পৰিগ্ৰহ কৰিছে তাৰে বৰ্ণনা দাঙি ধৰিছে। উপন্যাসখনৰ কাহিনীভাগ শিৱকালীপূৰ গাঁৱক কেন্দ্ৰ কৰি নিৰ্মাণ হৈছে । এই গাঁৱত বিভিন্ন শ্ৰেণীৰ মানুহে বসবাস কৰে তথা জীৱিকা নিৰ্বাহ কৰে। এই গাঁওখনত নাপিত, কৃষক,কমাৰ, তাঁতী আদি বিভিন্ন নিম্ন শ্ৰেণীৰ মানুহে ব্যৱসায় কৰে তথা বৰ্ণ অনুযায়ী তেওঁলোকৰ পেছা নিৰ্বাচন কৰে। সমাজৰ এই নিম্ন শ্ৰেণীৰ লোকসকলে অতি কষ্টসাধ্য কৰিও উৎপাদন কৰা সামগ্ৰীৰ উচিত মূল্য নাপায়। প্ৰথম বিশ্বযুদ্ধৰ সময়ত যি দুৰ্ভীক্ষ হয় তাৰ প্ৰভাৱত অনেক মানুহ অসহায়, কৰ্মহীন হৈ পৰে । বিদেশী দ্ৰব্যবোৰৰ প্ৰভাৱে বজাৰত গা কৰি উঠাত অনিৰুদ্ধ দেৱৰ দৰে মানুহবোৰ কৰ্মহীন হৈ পৰে। এইবোৰৰ উপৰিও সমাজৰ সৰু সৰু জমিদাৰৰ অথবা নতুনকৈ গঢ় লৈ উঠা পুঁজিপতি শ্ৰেণীবোৰে সাধাৰণ জনতাৰ পৰা সৰ্বস্ব কাঢ়ি লয়। সমাজৰ উচ্চ বৰ্ণৰ শ্ৰেণীটোৰ এনে শোষণ কাৰ্যই নিম্ন শ্ৰেণীটোক বিৰোধী কৰি তোলে। অৰ্থৰ বাবে ধনী-দুখীয়াৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয় আৰু পিছলৈ আৰ্থিক স্বচ্ছলতাৰ ওচৰত দৰিদ্ৰলোকৰ আত্মসমৰ্পণে গ্ৰাম্য জীৱনধাৰাৰ সামাজিক আৰু অৰ্থনৈতিক বিপৰ্যয়ৰ ছবিখন স্পষ্ট কৰি তুলিছে ।
লক্ষ্মীনন্দন বৰাৰ 'গঙা চিলনীৰ পাখি' আৰু তাৰাশংকৰ বন্দোপাধ্যায়ৰ 'গণদেৱতা' উপন্যাস দুখনৰ বিষয়বস্তু প্ৰায় একেই। গ্ৰাম্য জীৱনৰ পটভূমিত ৰচিত দুয়োখন উপন্যাসৰে বিষয়বস্তু গ্ৰাম্য জীৱনকেন্দ্ৰিক।দুয়োজন ঔপন্যাসিকে তেওঁলোকৰ চৌপাশৰ সমাজখনত বিস্তাৰিত হৈ থকা মাটিৰ জীৱন আৰু কলা, জনৰীতি, ৰাজনীতি, মানুহৰ জীৱনবোধ দৰ্শন আৰু ব্যক্তিত্ব আৰু বিভিন্ন উৎসৱ-ৰ্পাৱনৰ মাজেৰে জীয়াই থকা মানুহৰ বৰ্তমান আৰু ভৱিষ্যতক উপন্যাস দুখনত ৰূপায়িত কৰিছে। বিষয়বস্তুৰ অন্তৰ্গভাৱে উপন্যাস দুখনত বিভিন্ন দিশ পৰিস্ফুট হোৱা দেখা গৈছে। এই দিশসমূহৰ বিষয়ে তলত তুলনামূলক অধ্যয়ন কৰা হ'ল-
ক) কৃষিকেন্দ্ৰিক গ্ৰাম্য জীৱনঃলক্ষ্মীনন্দন বৰাৰ 'গঙা চিলনীৰ পাখি' আৰু তাৰাশংকৰ বন্দোপাধ্যায়ৰ 'গণদেৱতা' দুয়োখন উপন্যাসৰে পটভূমি নিৰ্মিত হৈছে নৈপৰীয়া মানুহক কেন্দ্ৰ কৰি । 'গঙা চিলনীৰ পাখি' উপন্যাসৰ পটভূমি অসমৰ নগাঁও জিলাৰ সোণাই নৈৰ পাৰক কেন্দ্ৰ কৰি নিৰ্মিত হৈছে ঠিক একেদৰে 'গণদেৱতা' উপন্যাসৰো পটভূমি বংগদেশৰ ময়ুৰাক্ষী নৈৰ পাৰৰ মানুহক কেন্দ্ৰ কৰি নিৰ্মিত হৈছে। 'গঙা চিলনীৰ পাখি' ত সোণাই নদীৰ প্ৰকাশ ঘটিছে এইদৰে--"সোণাইপৰীয়া গাঁৱৰ জীৱন বিপদ সংকুল। সোণাইক ভৰসা কৰিয়ে ইয়াৰ চহা জীৱন গঢ়ি উঠিছে। সোণাইৰ পলসৰ তৰপে ইয়াৰ মাটি শস্য-শ্যামলা কৰিছে। কোনো বছৰ সোণাই পৰীয়া গাঁও ধান-চাউল,শাক-পাচলিৰে নদন-বদন। তাৰ পাছৰ বছৰ হয়তো সোণাই ৰুষ্ট হৈছে ।বানপানীয়ে ভঁৰালৰ চালেদিয়ে পানী কাটিছে। ধান,মৰাপাট পানীৰ তলত জাহ গৈছে । সোণাই পৰীয়াই জীয়াত ভুগিছে । মাৰি-মৰক হৈছে । আকাল হৈছে। ইয়াৰ সামূহিক জীৱন যাত্ৰা এনেকুৱা যে সোণাইৰ সোঁতেই জীৱনৰ গতি নিৰ্ণয় কৰিছে । প্ৰকৃতিৰ ভীষণ বৈষম্যতো সোণাইৰ বুকুৱেদি অহা-যোৱা নকৰিলে নচলে। তদুপৰি বাৰিষা পাঁচ-ছয় হাত দ পানী থকা ঠাইত খেতি কৰাও কম কথা নহয়। কপাল বেয়া থাকিলে যিকোনো ঠাইতে ফেটীসাপে ফেট তুলি থিয় দিব পাৰে । বুৰ দি তলত মৰাপাট কটাৰ সময়ত মছন্দৰী, পিঠি ক'লা প্ৰকাণ্ড আৰি মাছ বা বৰালি মাছে খুন্দিয়াই কলিজা লৰাই দিব পাৰে...(৫০) ১ (খ)ৰাজনৈতিক চিত্ৰণঃ দুয়োখন উপন্যাসতে ৰাজনীতিয়ে এক প্ৰাসংগিক বিষয়বস্তু ৰূপে ঠাই পাইছে। ৰাজনীতিৰ কুটিল ৰূপ তথা ৰাজনীতিৰ কবলত পৰি সাধাৰণ জনগণৰ জীৱনলৈ অহা ভয়াবহতাৰ ছবিখন দুয়োখন উপন্যাসতে প্ৰকাশ পাইছে।
গঙা চিলনীৰ পাখি’ উপন্যাসত ভোগৰাম আৰু ধনঞ্জয়ৰ মাজত থকা নিবিড় অন্তৰংগ সম্পৰ্ক ভঙাৰ এটা অন্যতম কাৰণ ৰাজনৈতিক আদৰ্শ। ধনঞ্জয়ৰ ৰাজনৈতিক আদৰ্শ সৎ আৰু নিকা আছিল কিন্তু ভোগৰাম চৰিত্ৰটিৰ ক্ষেত্ৰত তাৰ বিপৰীত দিশ প্ৰতিফলিত হয়। ধন ঘটাৰ লালসাত আৰু ৰাজনৈতিক প্ৰলোভনত পৰি ভোগৰামে বহুতো অৰাজনৈতিক কামত লিপ্ত হয়। ধনৰ লালসাত ভোগৰামে কানি বেপাৰৰ দৰে ঘোৰ সমাজবিৰোধী কলা সাম্ৰাজ্যত প্ৰৱেশ কৰাৰ লগতে চোৰাং বেপাৰীৰ সৈতে সংযোগ ঘটে।এনে কলা ব্যৱসায়ৰ বাবে ভোগৰামে আনক হত্যা পৰ্যন্ত কৰিবলৈ কুন্ঠাবোধ নকৰা হ’ল। গতিকে ভোগৰাম চৰিত্ৰৰ যোগেদি ঔপন্যাসিকে গ্ৰাম্য জীৱন প্ৰবাহক কেনেকৈ নগৰীয়া জীৱনৰ বাসনাই হেচাঁ মাৰি ধৰে আৰু ফোঁপোলা আভিজাত্যই কেনেকৈ মানুহৰ ওপৰত প্ৰভাৱ পেলায় তাক দাঙি ধৰিছে। ৰাজনৈতিক ব্যক্তিৰ লগত ভোগৰাম বা অন্যান্য কলা বেপাৰী, ঠিকাদাৰৰ হলিগলিয়ে ৰাজনীতিক কলুষিত কৰি তোলা স্বৰূপটো এই উপন্যাসত পৰিপুষ্ট হৈ উঠিছে। ‘গণদেৱতা’ উপন্যাসতো ৰাজনৈতিক দিশটোৰ সুন্দৰ প্ৰকাশ ঘটিছে। ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত বহন কৰিবলৈ গৈ ঔপন্যাসিকে সমাজৰ ভণ্ডামি প্ৰতিবাদৰ কথা উল্লেখ কৰিছে। ব্যক্তিগত জীৱনলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বান আহ্বানলৈ ৰূপান্তৰ কৰাৰ আৰু অৰ্থনৈতিক শোষণৰ পৰা নিজকে মুকলি কৰাৰ তেওঁলোকৰ আপ্ৰাণ চেষ্টা উপন্যাসখনত বৰ্ণনা কৰা হৈছে। পৰম্পৰাগত বৃত্তি এৰি চহৰমুখী হোৱা মানুহৰ ৰাজনৈতিক ভণ্ডামি, ৰাজনীতিৰ কথা কাণ্ডই উপন্যাসখনত বিশেষ ৰূপ পৰিগ্ৰহ কৰিছে।
(গ) নাৰীৰ স্থানঃ 'গঙা চিলনীৰ পাখি ' উপন্যাসত নাৰীৰ অৱস্থান তীব্ৰ ৰূপত দেখা গলেও পুৰুষ শাসিত সমাজ হেতু নাৰীৰ মতামতক উপন্যাসখনত গুৰুত্ব প্ৰদান কৰা হোৱা নাই। সেয়ে বাসন্তীৰ বিবাহৰ সময়ত বাসন্তীয়ে কি বিচাৰিছিল সেইয়া কোনেও গুৰুত্ব নিদিয়াটো মন কৰিবলগীয়া - 'বাসন্তী,জীয়ৰী হ'লে ঘৰৰ হা-হুকুম মানি চলিবই লাগিব।' সেইদৰে 'গণদেৱতা' উপন্যাসত নাৰীৰো নিজস্ব স্থিতি নাই। পুৰুষৰ কাম-কাণ্ডই মুখ্য ভূমিকা পালন কৰে। নাৰীৰ স্বাধীনতা আৰু জীৱনৰ জীয়াই থকা ছন্দবোৰ পুৰুষেহে নিৰ্ধাৰণ কৰাত নাৰীৰ অধিকাৰ বহুসময়ত হাহাকাৰ হোৱা দেখা যায়। অৰ্থাৎ নাৰীৰ ভূমিকা আৰু স্বাধীনতাৰ কথাবস্তু দুয়োজন উপন্যাসিকৰ মনোজগতৰে প্ৰকাশ হওঁতে পুৰুষৰ বলিষ্ঠৰূপে নাৰীক সমাজ ব্যৱস্থাত গুৰুত্ব দিয়া নাই । (ঘ) প্ৰেমৰ চিত্ৰণঃ 'গঙা চিলনীৰ পাখি' উপন্যাসত প্ৰেমক ত্ৰিকোণ ৰূপত উপস্থাপন কৰিছে। প্ৰথম অৱস্থাত ধনঞ্জয়ে বাসন্তীক বিয়া কৰাব বিচাৰিছিল কিন্তু বাসন্তীয়ে ঘৰৰ কথা শুনি মথুৰা মণ্ডলৰ লগতহে বিয়া হয়। উপন্যাসখনৰ শেষৰফালে মথুৰা মণ্ডলৰ মৃত্যুৰ পাছত ধনঞ্জয়ে যেতিয়া বাসন্তীক লগ পায় তেতিয়া দুয়োৰে মাজত প্ৰেমৰ সংঘাত হয়। তেতিয়া বাসন্তীয়ে পলাই যাবলৈ ওলোৱাত কিন্তু ধনঞ্জয়ে বাসন্তীক পলোৱাই নিনিলে। যেতিয়া বাসন্তীক ধনঞ্জয়ে পলুৱাই নিবলৈ নাও ঠিক কৰি ৰৈ আছিল, বাসন্তী নোযোৱাত নাৱৰীয়াবোৰৰ আগত তাৰ আত্মসন্মানত আঘাত লাগিছিল সেইখিনিতে উপন্যাসখনৰ প্ৰেমৰ সংঘাত সৃষ্টি হৈছে। ঠিক একেদৰে 'গণদেৱতা' উপন্যাসখনত প্ৰেমৰ এক সংঘাতৰ ছবি প্ৰকাশ পাইছে। অনিৰুদ্ধ আৰু পদ্মা চৰিত্ৰৰ মাজেৰে সাংসাৰিক জীৱনৰ বিফলতা প্ৰকাশ পাইছে। পদ্মাৰ দৰে এগৰাকী সাহসী নাৰীৰ সৈতে অনিৰুদ্ধৰ এখন সুখৰ সংসাৰ থকাৰ পাছতো দূর্গাৰ প্ৰতি অনিৰুদ্ধৰ মনত জাগি উঠা প্ৰেমৰ বাবে তেওঁলোকৰ সংসাৰখনত ঘূণে ধৰিছে। অনিৰুদ্ধই দূর্গাৰ প্ৰতি দেখুওৱা প্ৰেম-ভালপোৱাৰ বাবে অনিৰুদ্ধ আৰু পদ্মাৰ দাম্পত্য জীৱন জটিল সমস্যালৈ গতি কৰিছে। অনিৰুদ্ধৰ এনে আচৰণ দেখি পদ্মাৰ মনত অনিৰুদ্ধৰ প্ৰতি আস্থাহীন আৰু ক্ৰোধৰ সৃষ্টি হৈছিল। ইয়াৰে প্ৰতিক্ৰিয়াৰূপে পদ্মাৰ মনটো দেবুৰ প্ৰতি বাসনাৰ উত্তৰণ ঘটিছে। উপন্যাসখনত দূর্গাৰ চৰিত্ৰৰ বাবে অনিৰুদ্ধ আৰু পদ্মাৰ সাংসাৰিক জীৱনত আওল লাগিছে।
(ঙ) শ্ৰেণীবৈষম্যঃ 'গঙা চিলনীৰ পাখি' আৰু 'গণদেৱতা' দুয়োখন উপন্যাসতে শ্ৰেণীবৈষম্যৰ ছবি প্ৰকাশ পাইছে । 'গণদেৱতা' উপন্যাসৰ প্ৰধান বিষয়বস্তুৱেই হৈছে শ্ৰেণীবৈষম্যকেন্দ্ৰিক। সমাজৰ ধনী,উচ্চ, জমিদাৰ শ্ৰেণীটোৱে নিম্ন শ্ৰণীৰ লোকসকলক কৰা শোষণ-শাসনৰ ছবিখন উপন্যাসখনত ফুটি উঠিছে। ছিৰু ঘোষে ধনৰ বলেৰে নতুনকৈ জমিদাৰৰ দৰে প্ৰতিপত্তিশীল হৈ উঠাৰ আশা কৰিছে। সন্মান, প্ৰতিষ্ঠা আদি জোৰ কৰি আদায় কৰিবলৈয়ো তেওঁ কুণ্ঠাবোধ নকৰে। সমাজত শোষণ নিঃশেষ নহয়,অথচ তাৰ ঠাই সলনি হ'ব নোখোজে, কোনোৱে অনুভৱ নকৰাকৈয়ে। ব্ৰাক্ষ্মণসকলৰ বৰ্ণগত উচস্থানৰ লগত জড়িত প্ৰতিষ্ঠা ক্ৰমশঃ লাহে লাহে ধনী শ্ৰেণীটোৰ হাতলৈ আহি পৰে। 'গঙা চিলনীৰ পাখি' উপন্যাসতো সমাজত দেখা পোৱা ভিন্নতা বা জাত-পাতৰ প্ৰসংগই ঠাই পাইছে। সমাজত বাস কৰা প্ৰতিজন ব্যক্তিয়ে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানত সমিলমিলেৰে অংশগ্ৰহণ কৰা আদিয়ে সমাজত ঐক্য, সমন্বয়, ভ্ৰাতৃত্ববোধৰ সহ-অৱস্থানৰ প্ৰাধান্যতা প্ৰদান কৰি আহিছিল। কিন্তু ভোগৰাম, সুবোধ শইকীয়াৰ দৰে চৰিত্ৰই সমাজত বিভেদ সৃষ্টি কৰিছে, সমাজত অশান্তিৰ বীজ ৰোপণ কৰিছে। পঞ্চায়তৰ মেম্বাৰ সভাপতি বাছি উলিয়াবৰ কাৰণে গাঁৱে গাঁৱে হাই কাজিয়া বাঢ়িল, মাৰপিট হ'বলৈ ধৰিলে লগতে গাঁওবোৰৰ মাজত খিয়াল-খিয়ালি লাগি ভাগ ভাগ হ'বলৈ ল'লে। অৰ্থৰ বাবে ধনী দুখীয়াৰ মাজৰ সংঘৰ্ষ আৰু পাছলৈ আৰ্থিক স্বচ্ছলতাৰ ওচৰত দৰিদ্ৰ লোকৰ আত্মসমৰ্পণে গ্ৰাম্য জীৱন ধাৰাৰ সামাজিক আৰু অৰ্থনৈতিক বিপযৰ্য়ৰ ছবিখন দুয়োখন উপন্যাসতে স্পষ্ট কৰি তুলিছে। ৩.১.২ চৰিত্ৰগত বৈশিষ্ট্যঃ (ক) লক্ষ্মীনন্দন বৰাৰ 'গঙা চিলনীৰ পাখি' আৰু তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ 'গণদেৱতা' উপন্যাসত ৰূপয়িত চৰিত্ৰসমূহ প্ৰায় একেধৰণৰ । উপন্যাস দুখনৰ চৰিত্ৰসমূহ জৰিয়তে ঔপন্যাসিকৰ ভাবাদৰ্শ, চিন্তা-চেতনা, ইত্যাদি অতি সুন্দৰভাৱে প্ৰকাশ পাইছে । (খ) 'গঙা চিলনীৰ পাখি' উপন্যাসখনত উপস্থাপিত হোৱা চৰিত্ৰসমূহ গ্ৰাম্য জীৱনৰ পৰা তুলি অনা হৈছে। ঠিক একেদৰে 'গণদেৱতা' উপন্যাসৰো চৰিত্ৰসমূহ গ্ৰাম্যজীৱনৰ পৰাই তুলি অনা হৈছে। (গ) 'গঙা চিলনীৰ পাখি' আৰু 'গণদেৱতা' উপন্যাসৰ ধনঞ্জয় আৰু দেবু ঘোষ চৰিত্ৰ দুটাৰ মাজত প্ৰায় সাদৃশ্য দেখা যায়। উপন্যাসত থকা ধনঞ্জয়ৰ চৰিত্ৰটোত বিশাল মানৱতাৰ ভাৱ ফুটি উঠিছে। ধনঞ্জয়ে চিকিৎসা বিজ্ঞানৰ কোনো আনুষ্ঠানিক শিক্ষা লাভ নকৰাকৈ পাভচিলা আৰু ইয়াৰ নিকটবৰ্তী অঞ্চলত চিকিৎসা কৰে। সেই অঞ্চলৰ মানুহে তাৰ ঠিকনা পৰিচয় নাজানে আৰু সিও মানুহখিনিৰ বাবে অচিনাকি তথাপি অনানুষ্ঠানিকভাৱে চিকিৎসাবিদ্যা শিকি নিঃস্বাৰ্থভাৱে ৰাইজক কৰা সেৱাই ধনঞ্জয়ৰ বিশাল মানৱতাৰ ভাবক প্ৰতিনিধিত্ব কৰিছে ।‘গণদেৱতা’ উপন্যাসতো দেৱনাথ ঘোষ ওৰফে দেবু চৰিত্ৰত ফুটি উঠিছে বিশাল পৰোপকাৰিতা। মানুহক সহায় কৰাৰ বিৰল দৃষ্টান্ত। গান্ধীৱাদী ভাব ধাৰাৰে উজ্জীৱিত দেবুৱে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতাৰ দ্বাৰা সমাজ গঢ়াৰ কামত নিজকে বিলীন কৰিছে। সততাবোধে প্ৰয়োজনতকৈ উচ্চ পৰ্যায়ত নি তাক প্ৰতিষ্ঠা কৰিছে । সি সকলোকে সমমৰ্যদা দি সমভাবে আগুৱাই নিছে । দুখীয়া-দৰিদ্ৰৰ বাবে তাৰ কান্দোন আছিল তীব্ৰ । গতিকে দুয়োটা চৰিত্ৰ প্ৰায় একেই বুলিব পাৰি । (ঘ)দুয়োখন উপন্যাসতে চৰিত্ৰৰ মাজত প্ৰতিফলিত দেখা আন এটা দিশ হ'ল সাংঘাতিকভাবে নৈতিক চৰিত্ৰৰ অধঃপতন তথা মানৱীয় গুণৰ অৱক্ষয়। 'গঙা চিলনীৰ পাখি' ত ধনৰ অহংকাৰত ভোগৰাম চৰিত্ৰটিৰ জীৱনত ব্যাপক পৰিৱৰ্তন নামিছে । ঠিক একেদৰে 'গণদেৱতা' উপন্যাসতো ছিৰুপাল চৰিত্ৰটিয়ে টকা-পইচা ,ধন-সম্পত্তি, ভূমিৰ প্ৰতি লালয়িত হৈ মানৱীয় গুণবোৰ হেৰুৱাই পেলাইছে । (ঙ) 'গঙা চিলনীৰ পাখি'ত বাসন্তী আৰু ধনঞ্জয়ৰ প্ৰেমৰ মাজেৰে কাহিনীক গতি প্ৰদান কৰোঁতে তেওঁলোকৰ মাজত গঢ়ি উঠা প্ৰেমৰ সূচনাই চৰিত্ৰ দুটাত ৰোমাণ্টিকতাৰ পৰশ ফুটি উঠিছে। কিন্তু 'গণদেৱতা ' উপন্যাসখনত প্ৰেমক কেন্দ্ৰ কৰি চৰিত্ৰৰ দ্বাৰা উপন্যাসৰ কাহিনীক গতি কৰা দেখা নাযায়। অৰ্থাৎ ৰোমান্টিক প্ৰেমৰ চৰিত্ৰ উপন্যাসখনত অনুপস্থিত । ৩.১.৩ ৰচনাৰীতিৰ বৈশিষ্ট্য 'গঙা চিলনীৰ পাখি' আৰু 'গণদেৱতা' উপন্যাসৰ মাজত প্ৰতিফলিত ৰচনা ৰীতি সম্পৰ্কীয় তুলনীয় দিশবোৰ হ'ল- (ক) 'গঙা চিলনীৰ পাখি'ৰ বিষয়বস্তু, ঘটনা প্ৰবাহ আৰু উপন্যাসৰ গতিধাৰা নগাঁও জিলাৰ সোণাই নৈৰ পাৰৰ মানুহৰ জীৱনবোধক কেন্দ্ৰ কৰি লিখিত। গ্ৰাম্য জীৱনৰ সৰল বৰ্ণনাৰে এখনি সজীৱ অথচ বাস্তৱ চিত্ৰ তোলাত ঔপন্যাসিক সফল হৈছে। গ্ৰাম্য সমাজৰ সাধাৰণ লোকসকলৰ কৰ্মময় জীৱনৰ এখনি চিত্ৰ উপন্যাসখনত প্ৰস্ফুটিত হৈ উঠিছে। ঠিক একেদৰে তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ উপন্যাস 'গণদেৱতা'টো নৈৰ পাৰৰ মানুহৰ জীৱনবোধৰ বাস্তৱ ছবিৰে নিৰ্মাণ হৈছে আৰু গ্ৰাম্য জীৱনৰ সহজ-সৰল বৰ্ণনা কৰিছে।
(খ) উপন্যাস এখনক ভাষিক সমৃদ্ধি প্ৰদান কৰি ৰচনাশৈলীৰ সৌষ্ঠৱ বৃদ্ধি কৰে বাক্যৰ গাঁথনিয়ে । সুসংহত,সুপৰিকল্পিত বাক্য গাঁথনিয়ে ৰচনাক মনোহাৰিত্ব প্ৰদান কৰি সাহিত্যৰ শৈল্পিক গুণ বৃদ্ধি কৰাত পূৰ্ণমাত্ৰাই অৰিহণা যোগায়। লক্ষ্মীনন্দন বৰাৰ সহজ-সৰল চিন্তাপ্ৰসূত চুটি চুটি বাক্যৰে ৰচনা কৰা গদ্যই উপন্যাসৰ প্ৰকাশভংগী সৌন্দৰ্যময় কৰি তুলিছে। 'গঙা চিলনীৰ পাখি'ত চুটি চুটি বাক্যৰ গাঁথনিৰে পৰিৱেশক নাটকীয় ৰূপ প্ৰদান কৰিছে। ঠিক তেনেদৰে 'গণদেৱতা' উপন্যাসতো চুটি চুটি বাক্যৰে বাক্য গভীৰ অৰ্থবহ ৰূপ প্ৰদান কৰিছে।
(গ)'গঙা চিলনীৰ পাখি' আৰু 'গণদেৱতা' দুয়োখন উপন্যাসতে প্ৰশ্নবোধক বাক্যৰ প্ৰয়োগ পোৱা যায় কিন্তু 'গঙা চিলনীৰ পাখি' ত ইয়াৰ প্ৰয়োগ অতিমাত্ৰা নহয়। (ঘ)'গঙা চিলনীৰ পাখি' উপন্যাসৰ ৰচনা শৈলীত প্ৰবাদ- প্ৰবচন,ফকৰা -যোজনা ইত্যাদি বহুল প্ৰয়োগ ঘটিছে । 'গণদেৱতা' উপন্যাসতো বঙালী সমাজত প্ৰচলিত জটুৱা-ঠাঁচ,প্ৰবাদ আদিৰ প্ৰভাৱ ৰচনাশৈলীত দেখা যায়। (ঙ) 'গঙা চিলনীৰ পাখি' আৰু 'গণদেৱতা' দুয়োখন উপন্যাসতে কথোপকথন মূলক ৰীতিৰ প্ৰয়োগ উল্লেখযোগ্য ভাৰতীয় উপন্যাস সাহিত্যৰ ক্ষেত্ৰখনত লক্ষ্মীনন্দন বৰা আৰু তাৰাশংকৰ বন্দোপাধ্যায়ৰ অৱদান অপৰিসীম। লক্ষ্মীনন্দন বৰাৰ ‘গঙা চিলনীৰ পাখি’ আৰু তাৰাশংকৰ বন্দোপাধ্যায়ৰ ‘গণদেৱতা’ ভাৰতীয় উপন্যাস সাহিত্যৰ বিশিষ্ট সংযোজন। নিজ সাহিত্যৰ ক্ষেত্ৰখনৰ লগতে সমগ্ৰ ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰখনতে এই দুয়োখন উপন্যাসক এক বিশেষ স্থান দিব পাৰি।নিজ ভাষা -সাহিত্য-সংস্কৃতিৰ বিশিষ্টতা প্ৰতিফলিত কৰাৰ উপৰি উপন্যাস দুখনে সামগ্ৰিক ভাৰতীয় ভাষা- সাহিত্য-সংস্কৃতি তথা সমাজখনকো প্ৰতিনিধিত্ব কৰিছে। দুয়োখন উপন্যাসক ৰচনাৰ ধৰণ, কাহিনী বিন্যাস, বিষয়বস্তু, প্ৰতিফলিত ভাৱধাৰা আদি সকলোতে প্ৰায় মিল দেখা যায়। উপন্যাস দুখনৰ পটভূমিও প্ৰায় একে ধৰণৰ । দুখন ভিন্ন প্ৰান্তৰ ভিন্ন ভাষাৰ সাহিত্য হেতু উপন্যাস দুখনৰ মাজত বহুতো পাৰ্থক্য থকা সত্ত্বেও এক সামূহিক ঐক্য থকা দেখা যায়,যাৰ বাবে উপন্যাস দুখনৰ মাজত এক তুলনামূলক আলোচনা হৈ উঠিছে।