AdoroniBot (বাৰ্তা) 13:07, 6 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Idkuhsm,54gmd95kdrbskx8ncjvঊঘধ

সম্পাদনা কৰক

দখযঙকঙভূথধগব।চঘধছঙ Gunjon N Hazarika (বাৰ্তা) 09:58, 24 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

হোমেন বৰগোহাঞিৰ ' যত জীৱ তত শিৱ ' প্ৰবন্ধটোৰ এক সমালোচনা

সম্পাদনা কৰক

শিৱ জীৱাত্মাৰ প্ৰতীক। সেয়েহে কোৱা হয় যে ' যত জীৱ তত শিৱ ' অৰ্থাৎ জীৱ মাত্ৰেই আত্মাৰ বসতি। কিন্তু ভাৰতীয় আদৰ্শই নিৰ্দেশ কৰা এই শ্বাশ্বত সত্যক জানিও মানুহে নিতৌ নিষ্ঠুৰ পন্থাৰে জীৱকুলৰ অসহায় প্ৰাণীবোৰক নিৰ্বিকাৰভাবে হত্যা কৰে। উক্ত কথাষাৰকে প্ৰবন্ধকাৰ হোমেন বৰগোহাঞিয়ে ' যত জীৱ তত শিৱ ' নামৰ প্ৰবন্ধটোত তুলি ধৰিছে।

          হোমেন বৰগোহাঞিয়ে কৈছে যে মানুহে নিদিষ্ট বয়স অতিক্ৰম কৰাৰ পিছতহে নিজৰ হৃদয়ত দয়া আৰু কৰুণাৰ অনুভূতি উপলদ্ধি কৰিব পাৰে। সেয়ে কোমলীয়া মনৰ শিশুসকল স্বভাৱসুলভভাৱেই বহুক্ষেত্ৰত নিষ্ঠুৰ হোৱা দেখা যায়। এই প্ৰসঙ্গত লেখকে নিজকে উদাহৰণস্বৰূপে অগবঢ়াই বাল্যকালৰ কথা স্মৰণ কৰিছে। শিশুকালত হাঁহ - পাৰ ডিঙি মুচৰি মৰাটোলৈ ভ্ৰুক্ষেপ নকৰা লেখকে বালিভাত খাবলৈ গৈ দহ - বাৰটা চৰাইক অনায়াসে ডিঙি মুচৰি মাৰিছিল। গৰুৰ নেজৰ নোমেৰে সজা ফান্দ পাতি পুহ মাহত শালিধান দাই নিয়াৰ পিছত পথাৰত পৰি থকা ধান খাবলৈ অহা কপৌ আদি চৰাইক ধৰি ধৰি মাৰিছিল। কিন্তু জীৱনৰ পৈণত বয়সত সেই একেই ঘটনাৰ স্মৃতিয়ে লেখকক মৰ্মাহত কৰি তোলে ।

       শৈশৱৰ অজ্ঞতাত পশু - পক্ষী, কীট - পতংগক যি নিষ্ঠুৰভাবে হত্যা কৰিছিল তাক স্মৰণ কৰি লেখকৰ শাস্ত্ৰ - বৰ্ণিত নৰকৰ আটাইবোৰ শাস্তি মূৰ পাতি ল'বলৈ মন যায়। লেখকে শৈশৱত সংঘটিত কৰা আন এটা ঘটনাৰ কথা উনুকিয়াইছে। এবাৰ এজাক গাঁৱলীয়া ল'ৰাই হাবিত বনৰীয়া ফল - মূল বিচাৰিবলৈ গৈ মেচেকা এটা দেখা পাই অতি পাশৱিকভাবে খেদি খেদি মেচেকাটোক হত্যা কৰে আৰু চিকাৰজীৱী আদিম মানুহৰ বন্য জিঘাংসাৰে আত্মগৌৰৱ অনুভৱ কৰে। কিন্তু জীৱনৰ পৈণত বয়সত লেখকে দূৰ অতীতৰ এই ঘটনাটোক তেওঁৰ জীৱনৰ আটাইতকৈ যন্ত্ৰনাদায়ক আৰু পাপবোধক স্মৃতিৰূপেহে সোঁৱৰণ কৰিছে।

              গুৱাহাটীৰ মহানাগৰিক জীৱনত দেখিবলৈ পোৱা এটি নিত্য সহচৰ দৃশ্যই লেখকৰ মনত জীৱকুলৰ প্ৰতি জীৱশ্ৰেষ্ঠৰ এনে পাশৱিক খেলাৰ কথা ভবাই তুলিছে। গুৱহাটীৰ বাটৰ কাষত কুকুৰা চৰাইৰ দোকানবোৰত চৰাইবোৰৰ অবৰ্ণনীয় যন্ত্ৰণাই লেখকক আহত কৰিছে। দহ - বাৰটা চৰাই থ'ব পৰা একোটা খাঙত পাণ জপাৰ দৰে জাপি এশটামান চৰাই ভৰাই থৈ ঘণ্টাৰ পিছত ঘণ্টা ৰাখি থোৱা দৃশ্যই লেখকক ব্যথিত কৰিছে। হোটেল - ৰেষ্টোৰাঁ বা ভুজ - ভাতৰ কাৰণে কিছুমান মানুহে পোন্ধৰ - ষোলটা কুকুৰাৰ ঠেংবোৰ একেলগে বান্ধি লোহা - লক্কৰ কঢ়িয়াই নিয়াৰ দৰে চাইকেলত ওলোমাই নিয়া দৃশ্য দেখি লেখকে উল্লেখ কৰিছে -  " যেন সিহঁত আমাৰেই নিচিনা প্ৰাণযুক্ত জীৱ নহয় - বৰং লোহা - লক্কৰৰ নিচিনা জড় পদাৰ্থহে। এই ভয়ংকৰ নিষ্ঠুৰতা আৰু অনুভূতিহীনতাই মোক বাৰে বাৰে এটা কথা মনত পেলাই দিয়ে যে মানুহৰ আকৃতি ধৰিলেই সকলো মানুহ মানুহ হ'ব নোৱাৰে। "

         পৃথিৱীত এনে কিছুমান সূক্ষ্ম অনুভূতিপ্ৰৱন মানুহ আছে যিয়ে আনৰ দুখ - যন্ত্ৰণা দেখি তিলমানো নিৰ্বিকাৰ হৈ থাকিব নোৱাৰে। তেনে এজন ব্যক্তি আছিল বিখ্যাত জীৱবিজ্ঞানী জে. বি. এছ. হলডেন। লেখকে উল্লেখ কৰিছে যে জে. বি. এছ. হলডেনে ১৯৫৭ চনত চৰ্দাৰ বল্লভ ভাই পেটেল সোঁৱৰণি বক্তৃতামালাত ' The Unity and Diversity of life ' শীৰ্ষক বিষয়ত বক্তৃতা দি এই কথা উল্লেখ কৰে যে ভাৰতত থকা সময়ত যিবোৰ দৃশ্যই তেওঁক বিষন্ন কৰিছিল তাৰ ভিতৰত এটা অন্যতম আছিল খেজুৰৰ ৰসৰ কাৰণে মানুহে কাটি ক্ষত - বিক্ষত কৰা খেজুৰ গছৰ দৃশ্য। গছৰ দুখতো একোজন মানুহৰ প্ৰাণে কান্দি উঠাৰ বিপৰীতে একে প্ৰাণযুক্ত পশু - পক্ষীৰ প্ৰতি মানুহৰ বিন্দুমাত্ৰ সহানুমৰ্মিতা নাই।

           লেখকে কৈছে যে কুকুৰা বা ছাগলী মৰাৰ দৃশ্য দেখিলে তেওঁ যিমানখিনি মনোকষ্ট অনুভৱ কৰে, মাছ মৰাৰ দৃশ্য দেখিলে সিমানখিনি নকৰে। ইয়াৰ কাৰণো তেওঁ হলডেনৰ পৰাই জানিব পাৰিছে। হলডেনে কৈছে যে মাছৰ যন্ত্ৰণাবোধৰ শক্তি গছতকৈ সামান্য পৰিমাণেহে বেছি। অৰ্থাৎ মাছে অন্য প্ৰাণীৰ দৰে ভীষণ যন্ত্ৰণা অনুভৱ নকৰে আৰু সেইবাবে হয়তো মাছ মৰা দৃশ্যই আমাৰ মনত বিষাদ বা যন্ত্ৰণাবোধ সেই অনুপাতে জগাই তুলিব নোৱাৰে যিভাবে আন প্ৰাণী মৰা দেখিলে আমি অনুভৱ কৰোঁ।

             জীৱৰ প্ৰতি ধৰ্মীয় দৃষ্টিভংগীৰ কথাও লেখকে উল্লেখ কৰিছে। হিন্দু ধৰ্মই ( বৌদ্ধ আৰু জৈন ধৰ্মকে ধৰি ) মানুহক সৰ্বজীৱৰ প্ৰতি যি অহিংস আৰু কৰুণাৰ আচৰণ কৰিবলৈ শিক্ষা দিছে সেই অনুপাতে আন কোনো ধৰ্মই দিয়া নাই। খ্ৰীষ্ট ধৰ্ম প্ৰেমৰ ধৰ্ম হ'লেও সি ঘাইকৈ মানৱপ্ৰেম সম্পৰ্কিত। লেখকে এজন পশুপ্ৰেমী খ্ৰীষ্ট ধৰ্মযাজক কথা উল্লেখ কৰিছে। ছেইণ্ট ফ্ৰান্সিছ অফ আছিছি আছিল এজন প্ৰখ্যাত পশুপ্ৰেমী। এজন বেমাৰীয়ে গাহৰি মাংস খাবলৈ ইচ্ছা কৰাত ব্ৰাডাৰ জুনিপাৰে এটা জীৱন্ত গাহৰিৰ এখন ভৰি দাৰে ঘাপ মাৰি কাটি পেলালে। কিন্তু তাকে দেখি কুকুৰনছীয়া বাঘকো প্ৰেমেৰে বশীভূত কৰা ছেইণ্ট ফ্ৰান্সিছ অফ আছিছিয়ে ব্ৰাডাৰ জুনিপাৰক এইবুলিহে ক'লে যে তেওঁ পৰৰ ব্যক্তিগত সম্পত্তি এটা এনেকৈ ক্ষতিগ্ৰস্ত কৰাটো উচিত নহ'ল। অৰ্থাৎ জীৱন্ত গাহৰিটোৱে এটা ঠেং হেৰুৱাইওছেইণ্ট আছিছিৰ সমবেদনা লাভ কৰিব নোৱাৰিলে। ছেইণ্ট আছিছিৰ দৃষ্টিত গাহৰিটোৰ মালিকৰ লাভ - লোকচানেহে বেছি অগ্ৰাধিকাৰ পালে। অৰ্থাৎ মানৱপ্ৰেম! অৱশ্যে বৰ্তমান যুগত বিলুপ্তপ্ৰায় প্ৰাণীসমূহক ৰক্ষণাবেক্ষন দিয়াৰ ক্ষেত্ৰত খ্ৰীষ্টধৰ্ম - আধিক্য পাশ্চাত্য জগত অধিক তৎপৰ আৰু কৰ্মশীল হোৱা দেখা গৈছে। এবাৰ আমেৰিকাত খেতিৰ প্ৰয়োজনত এখন নদীক ভটা দি আনফালে বোৱাই নিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। কিন্তু প্ৰবল জনবিৰোধৰ বাবে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিবলগীয়া হ'ল। কাৰণ বিশেষজ্ঞসকলৰ পৰা জানিব পৰা গ'ল যে নদীখনৰ স্বাভাৱিক জীৱনত আঘাত কৰিলে নদীখনত থকা এবিধ বিৰল প্ৰজাতিৰ ক্ষুদ্ৰাকৃতিৰ মাছ বিলুপ্ত হৈ যাব পাৰে।

             লেখকে মানুহৰ মহৎ গুণাৱলীৰ ভিতৰত সকলো জীৱৰ মাজত লালিত হোৱা আত্মাক উপলদ্ধি কৰা আৰু গছ - গছনিকে ধৰি সকলো জীৱৰ দুখ - দুৰ্দশাৰ প্ৰতি সহানুভূতিশীল হোৱাৰ কথা উল্লেখ কৰিছে। কিন্তু মানুহৰ মনত এই চিৰন্তন উপলদ্ধিয়ে বিৰাজ কৰাৰ পিছতো বিক্ৰীৰ বাবে দোকানত ৰখা কুকুৰা চৰাইৰ নৰক - যন্ত্ৰণাই মানুহক বাৰুকৈ মৰ্মাহত কৰে। লেখকেও সেই একেই অনুভূতিৰ কথা সোঁৱৰিছে অতি বিষাদেৰে। Gunjon N Hazarika (বাৰ্তা) 13:17, 24 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক