কাৰ্ল ফ্রেডৰিক গাউছ (ইংৰাজী- Carl Friedrich Gauss)

তেওঁ এজন  অতি বিখ্যাত গণিতজ্ঞ। গণিতৰ বিভিন্ন ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে গাউছক  'গণিতৰ ৰাজকুমাৰ' বুলি অভিহিত কৰা হয়।

জন্ম আৰু বংশ পৰিচয়:

গাউছৰ সম্পূৰ্ণ নাম আছিল যোহান কাৰ্ল ফ্রেডৰিক গাউছ। ১৭৭৭ চনৰ ৩০ এপ্রিলত বৰ্তমানৰ জাৰ্মানীৰ লৱাৰ ছাক্সনিত অৱস্থিত ব্রুনছউইকত তেওঁৰ জন্ম হয়। গাউছ এক দুখীয়া পৰিয়ালৰ সন্তান আছিল। তেওঁৰ পিতৃ-মাতৃয়ে শ্রম কৰি জীৱিকা নিৰ্বাহ কৰিছিল। [ 1 ]

শিক্ষা:

সৰুৰে পৰা  গাউছ আছিল অতি তীক্ষ্ণ বুদ্ধিৰ।কিশোৰ  গাউছৰ গাণিতিক প্রতিভাই ডিউক অৱ ব্রুনছউইকৰ দৃষ্টি আকৰ্ষণ কৰিলে আৰু তেওঁ নিজা খৰচত গাউছক 'কলেজিয়াম কেৰ'লিনামলৈ (এতিয়া ব্রাউনছৱেগ ইউনিভাৰ্চিটি অৱ টেকনলজি) পঢ়িবলৈ পঠিয়ালে। গাউছে ১৭৯২ চনৰ পৰা ১৭৯৫ চনলৈ তাত পঢ়ে আৰু তাৰ পাছত ১৭৯৫-১৭৯৮ চনৰ কালছোৱা সেইসময়ৰ বিখ্যাত  শিক্ষানুষ্ঠান গোটিনজেন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। [ 2 ]

কৰ্মজীৱন আৰু অৱদানসমূহ:

কলেজ-বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই গাউছে কিছুমান গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল।১৭৯৬ চনত তেওঁ এক উল্লেখযোগ্য আৱিষ্কাৰৰ জৰিয়তে জনালে যে বাহুৰ সংখ্যাৰ ক্ষেত্ৰত এক বিশেষ চৰ্ত পূৰণ কৰিলে যিকোনো বহুভূজকে কেৱল কম্পাছ আৰু স্কেলৰ সহায়ত অংকন কৰিব পৰা যায়। এইয়া এক বহুদিনীয়া সমস্যাৰ আংশিক সমাধান আছিল। ১৭৯৬ চনটো গাউছ আৰু  সংখ্যাতত্ত্বৰ দুয়োৰে বাবে ভাল আৰু সমৃদ্ধিশালী বছৰ আছিল। সোতৰটা সমান বাহু থকা এক বহুভূজ তৈয়াৰ কৰাটো গাউছে সম্পূৰ্ণ কৰিলে ৩০ মাৰ্চত।একে সময়তে তেওঁ সংখ্যাতত্ত্বৰ হেৰফেৰ কমাবলৈ 'মডুলাৰ এৰিথমেটিক' পদ্ধতিৰ বিকাশ কৰিলে।৮ এপ্রিলত গাউছে 'দ্ধিঘাত প্রতিক্রমতা সূত্র' প্রমাণ কৰি এই কাম সম্পাদনা কৰা প্রথম ব্যক্তি হিচাপে পৰিগণিত হয়। ৩১ মে'ত তেওঁ আৱ‌িষ্কাৰ কৰিলে - মৌলিক সংখ্যাৰ সূত্র। তেওঁ আৱিষ্কাৰ কৰিছিল যে প্রতিটো ধনাত্মক সংখ্যাত আতি বেছি তিনিটা ত্ৰিভূজ সংখ্যাৰ যোগফলৰ দ্ধাৰা প্রকাশ কৰিব পাৰি। অৱকলম জ্যামিতি আৰু ভূস্থানিক(Topology)  ক্ষেত্ৰতো তেওঁৰ উল্লেখযোগ্য অৱদান আছিল। বিষয় অধ্যয়নত ব্যৱহৃত 'গাউছিন বক্র'ৰ ধাৰণা তেওঁ সৃষ্টি কৰিছিল। [ 3 ]

১৮৩১ চনত গাউছে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক উইলহেল্ম ৱেবাৰৰ লগত একেলগে চুম্বকত্ব আৰু বিদুৎ সম্পৰ্কীয়  অধ্যয়ন কৰিবলৈ ললে। তেতিয়াই তেওঁ এই ক্ষেত্ৰত নতুন 'গাউছৰ সূত্র' দাঙি ধৰে।গাউছে ভূচুম্বকীয় ক্ষেত্রৰ জোখ লোৱাৰ এক পদ্ধতি আৱিষ্কাৰ কৰিছিল। আনহাতে পোহৰ  বিজ্ঞানসম্পৰ্কত অধ্যয়ন কৰি তেওঁ  'গাউছিয়ান লেন্স সূত্র' নামৰ এক সূত্র প্ৰতিষ্ঠা  কৰিছিল। [ 4 ]

সাহিত্যচৰ্চা :

কিতাপ: ডিছকুইজিছনছ এৰিথমেটিকা

সন্মান:

১৮২১ চনত গাউছক  'ৰয়েল ছুইছ একাডেমী অৱ ছায়েন্স'ৰ এজন বিদেশী সদস্যৰ সন্মান যাচে।

তথ্য সংগ্ৰহ :

১. বিশ্ব কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:  অভিজিত শৰ্মা বৰুৱা, দ্বিতীয় প্রকাশ '.জুলাই ২০১৮, পৃষ্ঠা নং ৪৮

২. . বিশ্ব কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:  অভিজিত শৰ্মা বৰুৱা, দ্বিতীয় প্রকাশ '.জুলাই ২০১৮, পৃষ্ঠা নং ৪৯

৩. . বিশ্ব কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:  অভিজিত শৰ্মা বৰুৱা, দ্বিতীয় প্রকাশ '.জুলাই ২০১৮, পৃষ্ঠা নং ৫০

৪. . বিশ্ব কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা:  অভিজিত শৰ্মা বৰুৱা, দ্বিতীয় প্রকাশ '.জুলাই ২০১৮, পৃষ্ঠা নং ৫০