AdoroniBot (বাৰ্তা) 06:37, 25 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া লতিফা সম্পাদনা কৰক

কাব্য সাহিত্যৰ সেৱাত নৱতম সংযোজন লতিফা। এই কাৱ্যধাৰাৰ লতিফা শব্দটোৰ উৎপত্তি হয় আৰৱী ভাষা সাহিত্যত৷ এই শব্দটোৰ মূল শব্দটো হ’ল ’লুৎফুন’(লাম.ত.ফা)৷ ’লুৎফুন’ শব্দৰ অৰ্থ হ’ল প্ৰেম, প্ৰীতি, দয়া, মায়া, মমতা, সৌন্দৰ্য্য আদি৷ সেয়ে ’লতিফা’ শব্দটোৰ অৰ্থ(ব্যাকৰণ অনুসৰি স্ত্ৰী লিঙ্গ বাচক শব্দ) প্ৰেমিকা, দয়াময়ী, মমতাময়ী আদি৷ আন এটা কথা(আখ্যান অনুসৰি লতিফা এগৰাকী ছয়বছৰীয়া শিশু) এই ধাৰাৰ কৱিতাসমূহ ছয়শৰীয়া পূৰ্ণাঙ্গ কৱিতা৷ একাংশ কাৱ্য গৱেষকে ক’ব খোজে যে, ’লতিফা’ শব্দটো ’কেতিফা’(কপ.ত.ফা) আৰৱী শব্দৰপৰা নিস্পন্ন হৈছে৷ কিন্তু ব্যুৎপত্তিগত অৰ্থৰ দিশেৰে গমিলে এই শব্দটোৰ অৰ্থ মৰণা মাৰা, শস্য চপোৱা, শস্য কটা-চিঙা কৰা কৃষিকৰ্মক বুজায়৷ সেয়ে ক’ব পাৰোঁ যে, শব্দ দুটাৰ কোনো সাদৃশ্য নাই৷ দুটা বিপৰীত ধৰ্মী শব্দ৷ গতিকে আহক চোন আমিও চৰ্চ্চা কৰোঁ এই ধাৰাৰ। অনুভবী মদন (বাৰ্তা) 06:44, 25 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক