আপুনি যদি ৱিকিপিডিয়াত নতুন পৃষ্ঠা বা প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰে জানিবলৈ বিচাৰিছে, তেন্তে এই পৃষ্ঠাত থকা নিৰ্দেশনা পঢ়ি জানিব পাৰিব। যিকোনো ব্যক্তিয়েই ৱিকিপিডিয়াত প্ৰবন্ধ লিখিব পাৰে। অবশ্যে আপুনি যদিহে একেবাৰে নতুন তেন্তে প্ৰথমতে চেণ্ডবক্স বা পৰীক্ষাগাৰত অলপ কিবাকিবি লিখি চাই ল'ব পাৰে: "চেণ্ডবক্স বা পৰীক্ষাগাৰ" - এই লিংকটোত ক্লিক কৰিলে পৰীক্ষাগাৰ পৃষ্ঠাটো পাব। পৃষ্ঠাটোৰ ওপৰৰ ফালে বাওঁহাতে লিখা "সম্পাদনা" লিংকটোত ক্লিক কৰক, তেতিয়া লিখিবৰ কাৰণে এটা ডাঙৰ টেক্সট্‌ বক্স পাব।

পৃষ্ঠাটোৰ তলত "সাৰাংশ" বুলি লিখা এটা সৰু টেক্সবক্সো আছে। ইয়াত লিখকসকলে অন্য লিখকে জানিব পৰাকৈ আপুনি প্ৰবন্ধটোত যিখিনি লিখিলে বা ৰদ-বদল কৰিলে তাকে কম কথাৰে লিখা হয়। যেনে আপুনি যদি কুকুৰৰ বিষয়ে প্ৰবন্ধটো আৰম্ভ কৰিছে, তেন্তে সাৰাংশত আপুনি কুকুৰ প্ৰবন্ধটো আৰম্ভ কৰিলোঁ বুলি লিখিব।

তলৰ "খচৰা দেখুৱাওক" লিখা বুটামটোত ক্লিক কৰিলে আপোনাৰ লিখাখিনি ৱিকিত কেনেকুৱা দেখা যাব চাব পাৰিব। চাই সন্তুষ্ট হ'লে ৱিকিপিডিয়াত প্ৰকাশ কৰিবলৈ "পৃষ্ঠা সাঁচক" বুটামটোত ক্লিক কৰিলেই হ'ল - আপোনাৰ ৱিকিপিডিয়াৰ প্ৰবন্ধ এতিয়া সমগ্ৰ বিশ্বই দেখা পাব।

কোনো প্ৰবন্ধত উল্লেখ থকা কোনো বিষয়ত যদি পৃষ্ঠা নাথাকে, তেন্তে তাৰ লিংকটো ৰঙা দেখা যায়। যেনে এইটো: যদি পৃষ্ঠাখন সৃষ্টি কৰিবলৈ ইছা কৰে তেন্তে তাত ক্লিক কৰিলেই হ'ল।

তলৰ ইনপুট বক্সটোত নতুন প্ৰবন্ধটোৰ নামটো লিখি তাৰ তলৰ "পৃষ্ঠা সৃষ্টি কৰক" বুটামটোত ক্লিক কৰিও আপুনি পৃষ্ঠাখন সৃষ্টি কৰিব পাৰে।


পৃষ্ঠাখনৰ শিৰোনাম একবচন হ'ব লাগে, যেনে "নদী"; কিন্তু"নদীবোৰ" নহয়। ব্যক্তিৰ ক্ষেত্ৰত সন্মানজনক উপাধি পৰিহাৰ কৰক, যেনে "গোপীনাথ বৰদলৈ" লিখিলেই হ'ব; "লোকপ্ৰিয় গোপীনাথ বৰদলৈ" লিখাৰ প্ৰয়োজন নাই।

প্ৰবন্ধটোৰ প্ৰথম শাৰীত পৃষ্ঠাখনৰ নামটো পুনৰ গাঢ় আখৰেৰে লিখক।

বিশ্বকোষীয় পৃষ্ঠাৰ সৃষ্টিসম্পাদনা কৰক

গাঢ় পাঠ্যসম্পাদনা কৰক

এই শব্দকেইটা "গাঢ়" আখৰৰ: এক, দুই, তিনি

পাঠ গাঢ় কৰিবলৈ শব্দৰ আগে পাছে তিনিটা এপ'ষ্ট্ৰ'ফি (') ব্যৱহাৰ কৰক। (এই apostropheক single quote বা inverted comma বুলিও কোৱা হয়)
উদাহৰণস্বৰূপে: '''গাঢ় পাঠ্য''' = গাঢ় পাঠ্য

হেলনীয়া পাঠ্যসম্পাদনা কৰক

এই শব্দকেইটা "হেলনীয়া" (ইটালিক্‌ছ): এক, দুই, তিনি

পাঠ হেলনীয়া কৰিবলৈ শব্দৰ আগে পাছে দুটা এপ'ষ্ট্ৰ'ফি (') ব্যৱহাৰ কৰক।
উদাহৰণস্বৰূপে: ''হেলনীয়া পাঠ্য'' = হেলনীয়া পাঠ্য

ৱিকিপিডিয়াৰ আন পৃষ্ঠালৈ সংযোগসম্পাদনা কৰক

আন ৱিকিপিডিয়া পৃষ্ঠালৈ সংযোগ দিব খুজিলে গন্তব্য পৃষ্ঠাখনৰ নামটো দুডাল বৰ্গাকাৰ বন্ধনীৰ মাজত লিখক ([[)।
উদাহৰণস্বৰূপে: [[অসম]] = অসম

আপুনি ইচ্ছা কৰিলে সংযোগ কৰা পৃষ্ঠাখনৰ নামৰ সলনি আন শব্দও দেখা পোৱা কৰিব পাৰে:
অসমী আইলৈ যাচোঁ প্ৰণাম (এইটোৱেও "অসম"লৈ পোনাব)। এনে কৰিবলৈ: [[অসম|অসমী আইলৈ যাচোঁ প্ৰণাম]] লিখক।

সংযোগটোত ব্যৱহাৰ কৰা আন আখৰবোৰো সংযোগটোৰ অংশ হিচাপেই দেখা যাব:
[[অসম]]ত এশিঙীয়া গঁড় পোৱা যায় = অসমত এশিঙীয়া গঁড় পোৱা যায়।
[[অসমীয়া]]কৰণ = অসমীয়াকৰণ।

আন ভাষাৰ ৱিকিপিডিয়া পৃষ্ঠালৈ সংযোগসম্পাদনা কৰক

এই পৃষ্ঠাখনৰ বাওঁফালে "অন্য ভাষাৰ ৱিকিপিডিয়া"লৈকো সংযোগ থকা দেখা পাব, যেনে বাংলা, ইংৰাজী ("English), জাৰ্মান ("Deutsch") আৰু কাটালান (Català)। এনে আন্তঃৱিকি (interwiki) সংযোগ তলত দিয়া ধৰণে কৰিব পাৰি:

[[en:Help:Editing]]

ইয়াত "en" হৈছে ইংৰাজী ভাষাৰ ক'ড আৰু "Help:Editing" হৈছে ইংৰাজী ভাষাত পৃষ্ঠাখনৰ নাম।

পৃষ্ঠাৰ যিকোনো ঠাইত আন্তঃৱিকি সংযোগ থাকিলেই হয়, কিন্তু কাৰো অসুবিধা নহ'বৰ বাবে সেইবোৰ পৃষ্ঠাৰ তলত থোৱাটো ভাল। মাজে মাজে কিছুমান ৰ'ব'টে (ব'ট) স্বয়ংক্ৰিয়ভাৱে আন্তঃৱিকি সংযোগ কৰি সেইবোৰ পৃষ্ঠাৰ তলত সজাই ৰাখে।

ৱিকিপিডিয়াত নথকা আন পৃষ্ঠালৈ সংযোগসম্পাদনা কৰক

ৱিকিপিডিয়াত নথকা আন ৱেবচাইটলৈ সংযোগ স্থাপন কৰিবৰ বাবে গন্তব্য ৱেব ঠিকনাটো এডাল বৰ্গাকাৰ বন্ধনীৰ ([) মাজত লিখক। তাৰ পিছত এটা আখৰৰ খালী ঠাই এৰি আপুনি পৃষ্ঠাখনৰ বাবে নাম এটা লিখিব পাৰে আৰু শেষত গোটেইখিনি আৰু এডাল বন্ধনীৰে সামৰক: ]
উদাহৰণস্বৰূপে: [http://www.google.co.in গুগল] = গুগল

অগুৰুত্বপূৰ্ণ (সৰু) সম্পাদনা (সালসলনি)সম্পাদনা কৰক

আপুনি পৃষ্ঠা এখন সাঁচি থওঁতে তলত থকা "অগুৰুত্বপূৰ্ণ সম্পাদনা" ঘৰটোও চিহ্নিত কৰি থ'ব পাৰে। ইয়াৰ অৰ্থ হৈছে এটা বা দুটা শব্দ ইফাল-সিফাল কৰাৰ দৰে সৰু সালসলনি। আপুনি শেহতীয়া সাল-সলনি পৰিদৰ্শন কৰাৰ সময়ত অগুৰুত্বপূৰ্ণ সম্পাদনাবোৰ লুকুৱাইও থ'ব পাৰে।

কিন্তু ডাঙৰ সালসলনি কৰি তাক 'অগুৰুত্বপূৰ্ণ সম্পাদনা' বুলি চিহ্নিত কৰি থোৱাটো বেয়া। এনেকুৱা ক্ষেত্ৰত 'ভুলতে কৰিলোঁ' বুলি লিখি থ'লেহে আন সম্পাদকসকলে ভাল পাব।

অনুচ্ছেদৰ শিৰোনামসম্পাদনা কৰক

আপুনি এতিয়া পঢ়ি থকা "সৰল সম্পাদনা" পৃষ্ঠাখনত অনুচ্ছেদৰ কিছুমান শিৰোনাম দেখিব। প্ৰথম শিৰোনামটো হৈছে "বিশ্বকোষীয় পৃষ্ঠাৰ সৃষ্টি।" তাৰ তলতে সৰুকৈ "গাঢ় পাঠ্য" বুলি এটা উপ-শিৰোনাম আছে।

ডাঙৰকৈ শিৰোনাম দিবলৈ এনেকৈ লিখক:

==ডাঙৰ শিৰোনাম==

তাতকৈ সৰু শিৰোনামৰ বাবে এনেকৈ লিখক:

===সৰু শিৰোনাম===

তাতোকৈ সৰু শিৰোনাম দিবলৈ এনেকৈ লিখক:

====অধিক সৰু শিৰোনাম====

আপুনি চাৰিটা বা ততোধিক শিৰোনাম দিলে ৱিকিপিডিয়াৰ প্ৰবন্ধটোৰ আৰম্ভণিতে আপোনাআপুনি এখন বিষয়বস্তুৰ তালিকা সৃষ্টি হ'ব। কিন্তু শিৰোনাম এটাৰে প্ৰবন্ধটো আৰম্ভ নকৰিব। বিষয়বস্তুৰ বিষয়ে থুলমূলকৈ অলপ লিখি ল'ব।

তালিকাসম্পাদনা কৰক

এইখন এখন তালিকা:

  • কুকুৰ
  • মেকুৰী
  • চৰাই

তালিকা এখন সৃষ্টি কৰিবলৈ এনেকৈ লিখক:
* কুকুৰ
* মেকুৰী
* চৰাই

তালিকা এখনৰ অন্তৰ্গত তালিকাও সৃষ্টি কৰিব পাৰিব:

  • কুকুৰ
    • ডাঙৰ কুকুৰ
      • জাৰ্মান শ্বেফাৰ্ড
      • লেব্ৰাড'ৰ
    • সৰু কুকুৰ
      • পুডল্‌ছ
      • স্পিঞ্ছ

বেলেগ বেলেগ তালিকাৰ বাবে এনেকৈ লিখক:
* কুকুৰ
** ডাঙৰ কুকুৰ
*** জাৰ্মান শ্বেফাৰ্ড
** সৰু কুকুৰ
*** পুডল্‌ছ

ইণ্ডেণ্ট কৰা বা শাৰীৰ আৰম্ভণিতে খালী ঠাই এৰাসম্পাদনা কৰক

আপুনি তলত দিয়া ধৰণে ইণ্ডেণ্ট কৰিব পাৰে:

কুকুৰ

ডাঙৰ কুকুৰ
সৰু কুকুৰ

মেকুৰী

খালী ঠাই এৰিবৰ বাবে এনেকৈ লিখক:

:ডাঙৰ কুকুৰ

যিমানে ক'ল'ন (:) ব্যৱহাৰ কৰিব, খালী ঠায়ো বাঢ়ি যাব:

নমস্কাৰ!

নমস্কাৰ!
নমস্কাৰ!
নমস্কাৰ!
নমস্কাৰ!
নমস্কাৰ!

নমস্কাৰ!

পৃষ্ঠাৰ সোঁমাজত পাঠ লিখাসম্পাদনা কৰক


এই পাঠখিনি পৃষ্ঠাৰ সোঁমাজত আছে।

ওপৰত দিয়াৰ ধৰণে কৰিবলৈ এনেকৈ লিখক:

<center>এই পাঠখিনি পৃষ্ঠাৰ সোঁমাজত আছে।</center>

এই ক'ডটোত আমেৰিকান বানান (center)হে ব্যৱহাৰ কৰিব লাগিব, ব্ৰিটিছ বানানে (centre) কাম নকৰে!

পৃষ্ঠাখনত পথালিকৈ আঁচ টনাসম্পাদনা কৰক

তলত এডাল পৃষ্ঠাখনত পথালিকৈ টনা আঁচ দেখুওৱা হৈছে:


আঁচ টানিবলৈ চাৰিডাল হাইফেন বা ডেছ্‌ (-) ব্যৱহাৰ কৰিব লাগে:

----

আলোচনা পৃষ্ঠা কি?সম্পাদনা কৰক

আলোচনা পৃষ্ঠাৰ উদাহৰণ হৈছে বাৰ্তা:ভূপেন হাজৰিকা। সেই পৃষ্ঠাত "ভূপেন হাজৰিকা" প্ৰবন্ধটোৰ বিষয়ে ৱিকিপিডিয়ানসকলে কৰা আলোচনা দেখা পাব। আলোচনা পৃষ্ঠাত প্ৰবন্ধটোৰ সালসলনি বা আন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

আপুনি যদি পৃষ্ঠা এখনত কিবা ত্ৰুটি দেখা পাইছে আৰু সেই বিষয়ে আনৰ লগত আলোচনা কৰিব খুজিছে, তেন্তে পৃষ্ঠাখনত ওপৰত থকা "আলোচনা" বুটামটোত ক্লিক কৰক।

আলোচনা পৃষ্ঠাত কিবা লিখিলে আপোনাৰ নামটোও লিখিব। আপুনি স্বয়ংক্ৰিয়ভাৱেও আলোচনা পৃষ্ঠাত স্বাক্ষৰ কৰিব পাৰে; তাৰ বাবে তিনিডাল টাইল্ড (~) লিখক:

উদাহৰণস্বৰূপে: ~~~ = অচিনঘৰফলীয়া

চাৰিডাল টাইল্ড লিখিলে নামৰ লগত সময়টোও দেখা যাব:

উদাহৰণস্বৰূপে: ~~~~ = অচিনঘৰফলীয়া 18:45, 20 Dec 2011 (UTC)

পাঁচডাল টাইল্ড লিখিলে নামটো নাহে, কেৱল সময়টোহে আহিব:

উদাহৰণস্বৰূপে: ~~~~~ = 18:45, 20 Dec 2011 (UTC)