ধৰ্মান্ধৰ অহমিকাবোধত যতি চিহ্ন পৰিব কেতিয়া!

সম্পাদনা কৰক

চলিত যুগটোক আমি মানৱ জাতিৰ ইতিহাসত আধুনিক যুগ বুলি সগৌৰৱে অভিহিত কৰোঁ। মানৱ সভ্যতাৰ ছহেজাৰ বছৰত নঘটা যুগান্তকাৰী ঘটনাবোৰ মাত্র যোৱা তিনিশ বছৰতে ঘটাটো কেনেকৈ সম্ভৱ হ’ল তথা মানুহৰ মন আৰু চিন্তাশক্তিত সংঘটিত কি ধৰণৰ পৰিৱৰ্তনৰ ফলত ই সম্ভৱ হ’ল- বিশ্লেষণ কৰিলে সমাদৃত হয় সেই একেটা কথাই! মানুহে যেতিয়াই গোড়ামি, ৰক্ষণশীলতা আৰু অন্ধবিশ্বাসৰ দাসত্ব বন্ধনৰ পৰা মন-মানসিকতাক মুক্তি দিবলৈ সক্ষম হৈছিল তেতিয়াই আধুনিক যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছিল। ইউৰোপৰ নৱজাগৰণেই আধুনিক যুগৰ সূচনা কৰিছিল। মানুহৰ চিন্তাত যুক্তিৰ লেপন দি নৱজাগৰণে গোড়ামি, ৰক্ষণশীলতা আৰু অন্ধবিশ্বাসৰ দাসত্ব বন্ধনৰপৰা মানুহক মুক্তি দিছিল। আমাৰ ভাৰতৰ সভ্যতা আৰু সংস্কৃতিও অতি প্রাচীন আৰু চহকী। কিন্তু এইটো অনস্বীকাৰ্য যে, আধুনিক যুগৰ সূচনা সৃষ্টিত ভাৰতৰ বিশেষ বৰঙণি নাই। ৰক্ষণশীলতা, অন্ধবিশ্বাস আৰু গোড়ামিৰ পাক-ঘূৰণিত পৰি ভাৰতে এতিয়াও নিজকে আধুনিক বিশ্বৰ অংশ হিচাপে নিজৰ পৰিচয় দিবলৈ হীনমন্যতাত ভোগে। ৰক্ষণশীলতা, অন্ধবিশ্বাস আৰু গোড়ামিৰ পৰা এখন দেশ, এটা জাতি বা এজন ব্যক্তি যিমান সোনকালে মুকলি হ’ব জ্ঞান আৰু উন্নতিৰ পথ সিমানে তীব্রতৰ হ’ব। দেশৰ ভিতৰতে ধৰ্মীয় আৱেগেৰে সকলোতকৈ চহকী সমাজখনেই হৈছে অসমীয়া সমাজ। আমি আমাৰ জাতীয় সত্ত্বা , পৰম্পৰাক উলাই কৰি চলিলে আমাৰ অস্তিত্ব বুলিবলৈ একোৱেই নাথাকিব সেইটো ধূৰূপ, কিন্তু সমাজ-সভ্যতা সুস্থভাৱে গঢ়িবলৈ হ'লে আওপুৰণি নীতিবোৰৰ লগতে বাস্তৱ পৃথিৱীখনৰ সৈতে ওত:প্ৰোতভাৱে খোজ দিব জানিব লাগিব। সময়ৰ সৈতে আমিও আগবাঢ়িব লাগিব।

           অতি হিন্দুত্ববাদী ধাৰাটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অতি যতনাই গঢ়া অসমীয়া সমাজখনৰ একাংশই সোমাই পৰি হাত উজান দিয়াৰ সমান্তৰালভাৱে বাংলাদেশী পমুৱা মুছলমানসকলৰ অবাস্তৱ মায়া-মোহে একাংশ আজান পীৰৰ পৱিত্ৰ পৰমাত্মাৰ গোত্ৰৰ উত্তাধিকাৰী অসমীয়া মুছলমান সকলোকো মোহান্ধ কৰি তুলিছে। সেই মোহান্ধই ধৰ্মান্ধতাৰ ৰূপ লৈছে। মহাপুৰুষ দুজনাই ১৪ আৰু ১৫ শতিকাত জাতি-ভেদ নেওঁচি যি ধৰ্ম প্ৰচাৰ কৰিলে বা ভাষা-কৃষ্টিৰে অসমীয়া জাতিক যিদৰে বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিলে সময়ৰ গৰ্ভত আজি সেই সকলো মৃত্যুমূখী হৈছে। মহাপুৰুষ দুজনাৰ সৃষ্টিত ( নাগাৰা, খোল, তাল, মৃদং, ভোৰতাল ইত্যাদি) অসমীয়া জাতীয় জীৱনৰ আৱেগ প্ৰভূত হৈ আছে গতিকে প্ৰকৃত অসমীয়াৰ অস্তিত্ব বজাই ৰাখিবলৈ আমি এই সৃষ্টি হৃদয়ত সঞ্চিত কৰি ৰাখিবই লাগিব। অৱশ্যে দিন-ৰাতিক একাকাৰ কৰি তাল-নাগাৰা হুমহুমাই-গুমগুমাই বজাই চিঞৰি -চিঞৰি নাম-প্ৰসংগ কৰিলেই জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাক নুবুজায়। এই অবিবেচিত ক্ৰিয়াবোৰে সমাজৰ অইনক আমনি দিব পাৰে আৰু শেষত সেই অতিমাত্ৰাই ধৰ্মান্ধতাৰ আৰম্ভণি হ'ব পাৰে। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ। সম্পূৰ্ণ ধৰ্মীয় বতাহত উটি ভাঁহি ফুৰাৰ আগত সংস্কাৰ কি, কু-সংস্কাৰ কি, মোৰ ধৰ্ম চৰ্চাই আনক কৰবাত আঘাত হানিব নেকি তাক চিনি উঠাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ধৰ্মীয় গোড়ামি পৰিহাৰ নকৰি এই সোঁততে উটি-ভাঁহি গৈ থাকিলে এদিন কিন্তু আমি বিশ্ববাসীৰ আগত হালি পৰা গছ এডালৰ সদৃস হ'ম। মানৱীয় প্ৰমূল্যবোধৰ গূঢ়াৰ্থ নুবুজি, সমাজ আৰু দহৰ স্বাৰ্থ হৃদয়ংগম নকৰি কেৱল মন্দিৰ , মছজিদ, ধৰ্মীয় সভা, তীৰ্থস্থান ভ্ৰমি তথা নিজৰ ধৰ্মৰ নিমিত্তে আনৰ ক্ষতি কৰি ধৰ্মপ্ৰাপ্তি একেবাৰেই অবাস্তৱ তথা ভিত্তিহীন কথা।
                  হিন্দু সমাজৰ পৱিত্ৰ গীতাৰ সৈতে বহুতৰে আত্মিক সম্পৰ্ক নাই তাৰ চৰম সুযোগ লৈ বিভিন্ন Agendaত নিয়োজিত মুষ্টিমেয় ধৃত এচামে প্ৰকৃত হিন্দুত্ববাদী দৰ্শনৰ সলনি নিজা Syllabusৰ ধৰ্মীয় চেতনাৰে সমাজত বিচ্ছিন্নতা আনিছে, ঠিক তেনেদৰে ভাৰতীয় মুছলমানসকলোৰো সেই একেটাই দুৰ্বল দিশ। পৱিত্ৰ কোৰাণ শ্বৰীফ অধ্যয়ন কৰি তাৰ প্ৰকৃত সাৰমৰ্ম আহৰণ কৰাৰ বিপৰীতে একাংশই এচাম কু-অভিসন্ধিৎসু ধৰ্মৰ ঠিকাদাৰৰ পৰা ভুল জ্ঞান লাভ কৰি অতি ধৰ্মীয় মনোভাৱেৰে আৱিষ্ট হৈ দেশ তথা সমাজলৈ বিপদ মাতিছে। এইখনিতেই এই অধ্যায় তথা ধৰ্মান্ধ অহমিকাবোধৰ যৱনিকা নপৰিলে ভয়ংকৰ বিপদ অনিবাৰ্য্য।

ছানকুমাৰ কলিতা ৬০০০১৪১৩১১ ছানকুমাৰ কলিতা (talk) 07:00, 1 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

মদাৰৰে ফুল হেনো সবাহত নেলাগে!

সম্পাদনা কৰক

“মদাৰৰে ফুল হেনো পূজাতো নেলাগে

মদাৰৰে ফুল হেনো সবাহত নেলাগে

লাগে পিছে বহাগতে ৰং সানিবলে

লাগে পিছে আকাশতে জুই জ্বলাবলে

কোনোবাই মোক হেনো মদাৰৰে ৰিজালে”


সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ এই বিশেষ গীতটোৱে উৰুঙা ফাগুনৰ তীখামোখোৰা বাধ্যবাধকতাত কোষ্ঠকাঠিন্যতাত ভোগা প্ৰকৃতিক নিৰৱধি আকাশলৈ দিগন্ত প্ৰসাৰী সম্ভাৱনাৰ বাট দেখুৱাই সন্তপৰ্ণে, কোনো ধৰণৰ অভিযোগৰ ব্যতিৰেকে (without) ফাগুনৰ আমৰণ স্বেচ্ছাসেৱকৰ দায়িত্বত নিয়োজিত মদাৰৰ ফুল কেইপাহলৈ মনত কাঢ়ে। ধূলিৰে ধূসৰ সীমনা অতিক্ৰম কৰাৰ পিছত চ'তে অদূৰত কুলিৰ মৌসনা মিঠা কন্ঠস্বৰত ঋতুৰাজ বসন্তৰ আগলি বতৰাৰ আকন্ঠ আশাত পিৰাল দি বহে। মদাৰ ফুলিলেই ফাগুন অাহে আৰু ৰঙা মদাৰেই আৱৰি থাকে ফাগুন-ব’হাগ যুটিক। অথচ ব’হাগক বিনন্দীয়া সাজেৰে সজোৱা মদাৰৰ ফুল হেনো পূজাত নালাগে, মদাৰৰ ফুল হেনো নালাগে সবাহত!

                     ইৰিথ্ৰিনা (Erythrina) গণৰ অন্তৰ্গত এই উদ্ভিদৰ ফুলবিধক জাপানৰ অকিনাৱা (Okinawa) প্ৰদেশৰ ৰাজ্যিক ফুল (Official flower) হিচাপে ১৯৬৭ চনৰ পৰা স্বীকৃতি দিয়া হৈছে। অকিনাৱাৰ দ্যা বুম'ৰ এটি অন্যতম জনপ্ৰিয় গীত “সীমা ঊটা” (Shima Uta) এই ফুলবিধৰ সংৰচনা পোৱা যায়। ইয়াৰ বৈজ্ঞানিক নাম Erythrina variegata। উষ্ণ আৰু নাতিশীতোষ্ণমণ্ডলীয় উভয় পৰিৱেশতই এই বৃক্ষ জন্মে। উত্তৰাঞ্চলীয় আফ্ৰিকাৰ দেশসমূহ, ভাৰতীয় উপমহাদেশ, অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চল, ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জ সমূহৰ লগতে প্ৰশান্ত মহাসাগৰৰ পশ্চিমাঞ্চলীয় এলেকা পৰা আৰম্ভ কৰি ফিজিৰ পূৰ্বাংশলৈকে মদাৰ দেখা পোৱা যায়। ই মধ্যম আকাৰৰ বৃক্ষ। ইয়াৰ গােটেই গাটো সৰু-সৰু ক'লা ৰঙৰ কাইটেৰে আবৃত। ফুল উজ্জ্বল ৰঙা তথা বাঘৰ নখৰ সদৃস। এই ফুলবােৰ ১২ পৰা ৩০ হেঃমিঃ লৈ দীঘল হয়। এটা ফলত ৪-৮ টাকৈ ৰঙা বা মুগা ৰঙৰ গুটি থাকে। ইয়াৰ মুখ্যকাণ্ড আৰু সৰু-ডাঙৰ শাখাবোৰ কোমল, মিহি আৰু চেপেটা আকৃতিৰ। বিশ্বৰ ভিন্ন প্রান্তত ফুলবিধৰ আলংকাৰিক চাহিদা যথেষ্ট প্ৰতুল। ইয়াৰ ডাল,পাত,শিপা আদিবোৰ ঔষধি গুণাগুণেৰে সমৃদ্ধ । অৱশ্যে বিষাক্ত প্ৰকৃতিৰ বাবে ইয়াক নিৰ্ধাৰিত মাত্ৰাত দক্ষ চিকিৎসকৰ তত্বাৱধানত হে গ্ৰহণ কৰা উচিত । মদাৰ গছৰ ছালৰ লগতে শিপাই সাপে কামােৰা ঠাইত বিষ উপশক হিচাপে কাম কৰে। ইয়াৰোপৰিও মদাৰৰ ফুলৰ লগতে উদ্ভিদডালৰ অন্যান্য অংগসমূহ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰোপযোগী। ইয়াৰ ফুলপাহ ছিঙিলে যিখিনি ডাঠ গাখীৰ সদৃস পদাৰ্থ ওলায় ইয়াক নাৰিকল তেলৰ লগত মিশ্ৰণ কৰি গাত ঘঁহিলে খৰ-খজুৱতি দূৰ হয়। সেই পদাৰ্থখিনিৰ লগত মৌজোল সেৱন কৰিলে কুষ্ঠৰোগ দূৰ হয়। দাঁতৰ বিষ হলে সেই বগা ৰস অলপমান ঘিউত মিহলাই দাঁতত ৰাখিলে আৰাম পোৱা যায়। মদাৰৰ হালধীয়া পাতবোৰ ঘিউত গৰম কৰি তাৰ ৰস উলিয়াই কাণত দিলে কাণৰ বিষ উপশম হয়। শিপা আৰু ছাল হস্তপদ জাতীয় ৰোগ নিৰাময়ৰ বাবেও প্ৰয়োগ কৰা হয় । ইয়াৰ শিপাবোৰ পিহি শৰীৰৰ প্ৰভাৱিত অংশসমূহত লগালে আৰাম পোৱা যায় লগতে শিপাবোৰ পিহি প্ৰলেপ লগালে শৰীৰৰ বিভিন্ন অংশত বাঢ়ি অহা আমনিদায়ক ফোহা, খহু আদিৰ পৰা উপশম পোৱা যায়। কফৰ ক্ষেত্ৰতো মদাৰৰ ঔষধী প্ৰয়োগ আছে । মদাৰ ফুলৰ চূৰ্ণ, শুকান আদা আৰু জালুক এই তিনিওটা একেলগে পিহি ৫-৫ গ্ৰামকৈ খালে কফ নাইকীয়া হয়। ইয়াৰ কুমলীয়া পাতবোৰ পাণৰ লগত দিনে এবাৰ দুই বা তিনিদিনলৈ খালে জণ্ডিছ ৰোগ নিৰাময় হয় । মদাৰৰ পাত কৃমিনাশক। মহিলাৰ মাহেকীয়া অনিয়মীয়া হ'লে মদাৰৰ পাতৰ ৰস খালে নিয়মীয়া

কৰে আৰু ই মাতৃ স্তনৰ গাখীৰৰ নিঃসৰণত সহায় কৰে। পাতৰ বাহ্যিক প্রয়ােগে গাঠিৰ বিষ নিৰাময়ত সহায় কৰে। তাৰোপৰি ফিজিৰ স্থানীয় অধিবাসীসকলে এই ফুলবিধক পূজা-অর্চনাত ব্যৱহাৰ কৰে।


ছানকুমাৰ কলিতা উদ্ভিদ বিজ্ঞান বিভাগ, বি.প্ৰ.চ. কলেজ, নগৰবেৰা ৬০০০১৪১৩১১ ছানকুমাৰ কলিতা (talk) 07:12, 1 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ছাংলট ফেনলা, ৰাষ্ট্ৰদ্ৰোহৰ দিনলিপি ইত্যাদি

সম্পাদনা কৰক

তীক্ষ্ণ কলমৰ ৰােষত পৰি ৰাষ্ট্রযন্ত্র বাকৰুদ্ধ হৈছিল! নিষিদ্ধ কলম, ৰাষ্ট্রদ্রোহৰ দিনলিপি আৰু স্বাধীনতাৰ প্ৰস্তাৱ'ৰ দৰে যুক্তিবাদী কাপ(Pen)ত  ৰাষ্ট্রযন্ত্র দিশহাৰা হৈছিল৷ ৰাষ্ট্রৰ চৰিত্র উদঙাই

দিয়া স্পষ্টবাদী, নায্যতাৰ অধিকাৰ মূখী আপােচহীন সৱল যুক্তিসমূহে বগা কাগজ আৰু তীক্ষ্ণ কলমৰ মাজেৰে সৰ্বসাধাৰণৰ বিবেকত সংস্থাপিত হোৱাৰ আতংকত আতংকিত হৈ পৰিছিল দিল্লী-দিছপুৰ। কিন্ত যুক্তি আৰু কলমৰ সেনাপতিত্বত জাতীয়তাবাদী ধাৰাটোক শিপাই ৰখা এই অবিৰত সংগ্রামখনৰ ১৯৯৬ চনৰ ১৭ মে'ত গুৱাহাটীৰ ৰাজগড় স্থিত জাতীয় বিদ্যালয়ৰ সমীপত যৱনিকা পৰিছিল। অসমীয়া জাতিৰ অধিকাৰৰ বাবে সদা প্ৰস্তত সংগ্ৰামী যোদ্ধাজনৰ বুকুত অচিন ঘাতকৰ তেৰটা

বুলেটে ছানি ধৰিছিল। তেওঁৱেই আছিল শান্ত-সৌম্য ব্যক্তিত্বৰ অধিকাৰী পৰাগ কুমাৰ দাস। যাক হেৰুৱাই কথাশিল্পী হোমেন বৰগোহাঞিয়ে লিখিছিল — “পৰাগ কুমাৰ দাস কেৱল এজন প্ৰতিভাৱান তৰুণ সাংবাদিকেই নাছিল, তেওঁ আছিল বিৰাট পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পৰা আৰু তাৰ কাৰণে জীৱনৰ সকলো সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰিব পৰা এজন সাহসী, চিন্তাশীল মানুহ”। তেখেতে ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ছিলঙত জন্মলাভ কৰি গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম. চি.এম.ই. স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা  ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰি ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছিল।তাৰপিছত দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰপৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লৈ দিল্লীৰ “School of Economics”পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৪ চনত পঞ্জাৱ নেছনেল বেংকত বিষয়া হিচাপে নিযুক্ত লাভ কৰি তেখেতৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰপিছত গুৱাহাটী ষ্টক এক্সছেঞ্জৰ মহাপ্ৰৱন্ধকৰ চাকৰি লাভ কৰিছিল যদিও কলমৰ যুক্তিবাদী  নৱচেতনাৰে সমাজ পৰিবৰ্তনৰ সপোন দেখা এজন ৰূপান্তৰৰ সাধক হিচাপেহে নিজক চিনাকী দিবলৈ তেওঁৰ আছিল অকৃত্ৰিম মোহ। অসমৰ জনজাতীয় ৰাইজৰ আশা-আকাংক্ষা, মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰক লৈ তেওঁ লিখি যোৱা বিশ্লেষণাত্মক লেখনিৰ প্ৰাসংগিকতা আজিও আছে। চৰ-চাপৰিৰ অভিবাসী ন-অসমীয়া সকলৰ জীৱন-যাত্ৰা আৰু আধুনিক অসমীয়া জাতি গঠনৰ বিষয়ত “প্ৰান্তিক”ত প্ৰকাশিত প্ৰৱন্ধই আজিও অসমৰ ঐক্য-সংহতিপূৰ্ণ-সাম্প্ৰদায়িক সম্প্ৰীতিৰ এনাজৰীৰ সূতাডাল সুদৃঢ় কৰি ৰাখিছে। অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অধিকাৰ, উপনিবেশিক ধাৰাৰ শোষণ-নিষ্পেষণ, অনা-অসমীয়া বণিকৰ হাতত লুণ্ঠিত হোৱা অসমৰ অৰ্থনীতি, স্বৈৰাচ্ছাৰী শাসকৰ বিৰুদ্ধে শেষ উশাহ পৰ্য্যন্ত যুক্তিৰে এঘড়ী যুঁজ দি তেওঁ হৈ পৰিছিল অসমীয়াৰ হিয়াৰ আমঠু। ৰাজ্যত ৰাষ্ট্ৰৰ দমনমূলক নীতিৰ ফলত হোৱা ব্যাপক মানৱ অধিকাৰ হননৰ বিৰুদ্ধে মানৱ অধিকাৰ সন্দৰ্ভত জাগৰণৰ আগৰণুৱা হৈ স্বেচ্ছাচাৰী শাসকৰ হাতত হৃত হবলৈ ধৰা গণতান্ত্ৰিক অধিকাৰৰ বাবে অসমৰ বৌদ্ধিক শক্তিক একেডাল জৰীৰে বান্ধিব পৰা নেতৃত্বৰ গুণ তথা বৰ্হি-বিশ্বৰ সতে অৰ্থনীতিৰ পোহাৰ মেলাৰ সপোন দেখা মানুহ আছিল তেওঁ । যুক্তি আৰু বস্তুনিষ্ঠ বিশ্লেষণেৰে অসমীয়াৰ স্বকীয় পৰিচয়, স্বাৱলম্বী অৰ্থনীতিৰে এক শক্তিশালী জাতি গঢ়াৰ সপোনৰ আলোক দেখুৱাই সৰ্বস্ব ত্যাগ কৰিব পৰা জাতিপ্ৰেমী আছিল তেওঁ।

             আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'The Sentinel' কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল। ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰপৰা সাপ্তাহিক 'বুধবাৰ' কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰে। ১৯৯৪ চনৰপৰা 'আগান' আলোচনীৰ প্ৰকাশক আৰু সম্পাদক আৰু ইয়াৰ পাছতে তেখেতে 'অসমীয়া প্ৰতিদিন' কাকতৰ কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰি ‘অসমীয়া প্ৰতিদিনৰ’ সম্পাদক হিচাপে কৰ্মৰত হৈ মৃত্যুৰ শীতল শেতেলী ঠেলি কোনো অজান মূলকলৈ গতি কৰে। ছাংলট ফেনলা, ৰাষ্ট্ৰদ্ৰোহৰ দিনলিপি, নিষিদ্ধ কলম আৰু অন্যান্য তেখেতৰ অবিশীকৃত তথা আপোচবিহীন সৃষ্টি।

ছানকুমাৰ কলিতা।

নগৰবেৰা ছানকুমাৰ কলিতা (talk) 07:20, 1 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

সমষ্টি পুন-নিৰ্ধাৰণকেন্দ্ৰিক তৎপৰতা আৰু উত্তৰকালীন ৰাজনৈতিক সমীকৰণ

সম্পাদনা কৰক

শেহতীয়াভাৱে ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰক নতুন প্ৰশাসনিক গোট গঠনৰ ক্ষমতা কৰ্তন কৰি ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যৰ লোকসভা তথা বিধানসভাৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বিবৃতি প্ৰকাশ কৰিছে। স্মৰ্তব্য যে, ২০২২ চনৰ ১৫ নৱেম্বৰত কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে নিৰ্বাচন আয়োগক অসমৰ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। যাৰ সুবাদত নিৰ্বাচনী আয়োগে ভাৰতীয় সংবিধানৰ ‘ৰিপ্ৰেজেণ্টেচন অব দ্যা পিপলছ এক্ট- ১৯৫০ৰ ধাৰা 8 Aৰ অধীনত উক্ত সমষ্টি পুননিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ৰূপৰেখা প্ৰস্তুতকৰণৰ দিশ প্ৰশস্ত হৈছে।

                         কংগ্ৰেছ চৰকাৰৰ দিনতেই প্ৰস্তাৱিত বহুচৰ্চিত সমষ্টি পুন নিৰ্ধাৰণ প্ৰক্ৰিয়াটোক কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আগন্তক লোকসভা তথা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বাস্তিৱায়িত কৰাৰ পথ প্ৰশস্ত হৈছে। ২০০১ চনৰ লোকপিয়লৰ তথ্য প্ৰকাশৰ পাছতে ২০০২ চনৰ ১২ জুলাইত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কুলদীপ সিঙৰ নেতৃত্বত গঠন হোৱা সমষ্টি পুনৰ গঠন আয়োগে দেশৰ ২৫ খন ৰাজ্যৰ ৩,৭২৬টা বিধানসভা আৰু ৫১৩টা লোকসভা সমষ্টিৰ পুনৰ গঠন প্রক্রিয়াৰ পৰামর্শাৱলী সম্বলিত প্রতিবেদন ২০০৭ চনৰ ডিচেম্বৰ মাহত সংসদত দাখিল কৰিছিল। সেই সময়ত সমষ্টি পুনৰ গঠন প্রক্রিয়াক লৈ মিশ্ৰিত বিৰূপ প্রতিক্রিয়াৰ উদ্ভৱ হৈছিল৷ আনকি সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ পৰা অসমক ৰেহাই দিয়াৰ আর্জিৰে ২০০৭ চনৰ জানুৱাৰী মাহত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ টংক বাহাদুৰ ৰাইৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধি দলে নতুন দিল্লীত তদানীন্তন কেন্দ্রীয় গৃহমন্ত্রী শিৱৰাজ পাটিলক সাক্ষাৎ কৰিছিল৷ সর্বদলীয় প্রতিনিধি দলটোৱে পাটিলক প্ৰদান কৰা স্মাৰক পত্রত স্পষ্টভাৱে উল্লেখ কৰিছিল যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ নোহোৱা পর্যন্ত তথা উগ্রবাদ নিয়ন্ত্রণ কৰিব নোৱাৰালৈকে অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া সঠিকভাৱে কার্যকৰী কৰাটো অসম্ভৱ। প্রায় এবছৰ পাছত ২০০৮ চনৰ জানুৱাৰী মাহত কেন্দ্রীয় কেবিনেটে এখন বিশেষ অধ্যাদেশত অনুমোদন জনাই অসমৰ সমন্বিতে উত্তৰ–পূর্বাঞ্চলৰ আন তিনি ৰাজ্য মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্রদেশৰ লগতে ঝাৰখণ্ডকো এই প্ৰক্ৰিয়াৰ আওঁতাৰ পৰা আতঁৰাই ৰাখিছিল। কার্যতঃ সমষ্টি পুন গঠনৰ সামগ্ৰিক বিষয়টো সেই অধ্যাদেশখনৰ পিছতেই স্তিমিত হৈ পৰিছিল৷ কিন্ত  উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থীৰ কাৰ্যকলাপ তথা অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সেনা বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৮৫ৰ অধীনত অসমক ২৮ আগষ্টৰ পৰা অশান্ত অঞ্চল ঘোষণা কৰা আৰু শেহতীয়াকৈ আংশিকভাৱেহে সেই আইনৰ আওঁতাৰ পৰা উত্তৰপূৰ্বাঞ্চলক ৰেহাই দিয়া তথা স্বৰূপাৰ্থত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ বুমেৰাংত পৰিণত হোৱাৰ পিছত নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুন গঠনৰ সিদ্ধান্তত শাসক পক্ষৰ কোনো ৰাজনৈতিক অভিসন্ধি জড়িত হৈ থকা নাই বুলি একেষাৰে উল্লেখ কৰাত জটিলতা নথকা নহয়। অৱশ্যে ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত উক্ত প্ৰক্ৰিয়াটোক গুৰুত্বহীন বুলি উলাই কৰাটোও অবান্তৰ। সমষ্টি পুন গঠনৰ ফলত বিধানসভাৰ সৰ্বমুঠ সমষ্টি ১২৬ টাৰ পৰা ১৭০-১৮০ লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, একোটা সমষ্টিৰ সীমা সংকোচনৰ লগতে নতুন সমষ্টি গঠনৰ ফলত উক্ত সমষ্টিবোৰৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধিসমূহে মুষ্টিমেয় মানুহখিনিৰ সৈতে অধিক সম্পৰ্ক ৰক্ষাৰ সুযোগ লাভ কৰিব।
                          ৰাজ্যৰ তথা দেশৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে একঘেয়ামি হিন্দুত্ববাদী চিন্তাধাৰা তথা কৰ্ম-কাণ্ডৰে সমালোচিত হোৱাৰ বিপৰীতে কংগ্ৰেছক ধোৱা তুলসীৰ পাত আখ্যা দিয়াটোও ভুল হ'ব। অতদিনে চৰাঞ্চলৰ নিমাখিত, বঞ্চিত সংখ্যালঘুৰ মন-মগজুত কৌশলেৰে কৃত্ৰিম ধৰ্মীয় চেতনা জাগ্ৰত কৰি ভোটবেংক সজাই কংগ্ৰেছৰ একাংশ জনপ্ৰতিনিধিয়ে গণতান্ত্ৰীক নিৰ্বাচনৰ স্বচ্ছতাক কলুষিত কৰাৰ নজিৰ আছে। সংখ্যালঘুৰ অবিবেচিত একমূখী ভোটদানৰ ফলত কংগ্ৰেছী দূৰ্গ হিচাপে পৰিগণিত হোৱা একাংশ সমষ্টিত খিলঞ্জীয়া-জনগোষ্ঠীয় জনমতৰ মূল্য অভাৱনীয়ভাৱে নিম্নগামী হৈ পৰিছে। উদাহৰণস্বৰূপে, বিগত বছৰকেইটাত সামাজিক সচেতনতাৰ অভাৱত ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলসমূহৰ জনগাঁথনি অভাৱনীয়ভাৱে সম্প্ৰসাৰিত হৈছে, যাৰ অনৈতিক সুযোগ গ্ৰহণ কৰি সন্মানীয় জনপ্ৰতিনিধিগৰাকীয়ে উক্ত অঞ্চলসমূহতে ব্যস্ত থাকি সমষ্টিৰ অইন অঞ্চলসমূহক পিঠি দিছে। যি গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ চৰম পৰিপন্থী। কেৱল বকো সমষ্টি বুলিয়েই নহয় ৰাজ্যৰ সিংহসংখ্যক সমষ্টিত কংগ্ৰেছীকৰণৰ নেপঠ্যত সংখ্যালঘু পমুৱা মুছলমানৰ সক্ৰিয় অংশগ্ৰহণ আছে। অভিযোগ প্ৰত্যাভিযোগ আজিৰ নহয়। খোদ প্ৰাক্তন কংগ্ৰেছী দেৱকান্ত বৰুৱাই কংগ্ৰেছক ‘আলী আৰু কুলীৰ দল’ হিচাপে আখ্যা দিছিল। চাহ বাগানীয়া লোকসকলক তেতিয়া ‘কুলী’ আখ্যা দিয়া হৈছিল আৰু পমুৱা মুছলমান ফৈদক ‘আলী’। স্পষ্ট কৰি লোৱা উচিত যে, বৰুৱাৰ ‘আলী’ প্ৰসংগৰ যোগেদি অসমৰ খিলঞ্জীয়া অভিবাসী মুছলমান ভাতৃ-ভগ্নীসকলক বিপৰীতে মুছলমানসকলৰ কথাহে বুজাব বিচৰা হৈছে।  দ্বিতীয়তে, ৰাজ্যৰ চাহ বাগানীয়া জনজাতিসমূহক পূৰ্বৰ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰে পৰ্য্যাপ্ত গুৰুত্ব প্ৰদান কৰাৰ ফলত নিজৰ অধিপত্য স্থাপন কৰিবলৈ কিয়দাংশ সক্ষম হৈছে।
                          দীৰ্ঘকাল ধৰি শাসনত অধিস্থিত হৈ ও অসমৰ বিদেশী সমস্যাৰ সৈতে মোকাবিলা কৰিব পৰা নাম মাত্ৰও দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ উপৰিও অবৈধ্য বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ IMDT আইন প্ৰণয়ন কৰা কংগ্ৰেছৰ CAA-ৰ সময়ৰ খিলঞ্জীয়া প্ৰীতি ভেকোভাওনাৰ বাদে যে আন একো নহয় সেয়া ধূৰুপ। তাৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু অধ্যূষিত সমষ্টিসমূহক বিশেষভাৱে লক্ষ্য কৰি লৈ বিধানসভাৰ সমষ্টি সমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ তৎপৰতাৰ আঁৰত বিজেপিৰ ৰাজনৈতিক এজেণ্ডা লুকাই থাকিলেও উক্ত প্ৰক্ৰিয়াই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ জনমতৰ ক্ষেত্ৰত হিতকৰ প্ৰতিপন্ন হ'ব।


ছানকুমাৰ কলিতা স্নাতকোত্তৰ শাখা, উদ্ভিদ বিজ্ঞান বিভাগ, নগাঁও কলেজ (স্বতন্ত্ৰ) 2409:4065:D01:4D6A:0:0:614A:A501 06:45, 31 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক