AdoroniBot (বাৰ্তা) 04:45, 5 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৰস সম্পাদনা কৰক

বিৰুদ্ধ ভাৱ আৰু অবিৰুদ্ধ ভাৱসমূহে যি ভাৱ তিৰোহিত কৰি ৰাখিব নোৱাৰে, আস্বাদৰূপ অঙ্কুৰৰ সেই মূলেই স্হায়ীভাৱ নামে অভিহিত হয়। ডিম্পল গগৈ ১ (বাৰ্তা) 06:49, 6 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

সৃষ্টিশীল সাহিত্যত কল্পনাৰ গুৰুত্ব সম্পাদনা কৰক

সাহিত্য এক সৃষ্টিশীল কলা।সাহিত্য সৃষ্টিৰ বাবে এটি মনৰ প্ৰয়োজন। সৃষ্টিশীল মনে কল্পনাৰ জৰিয়তে সাহিত্য ৰচনা কৰিব পাৰে। সৃষ্টিশীল সাহিত্যত কল্পনাই বিশেষভাৱে প্ৰাধান্য লাভ কৰা দেখা যায়।বাস্তৱত ঘটি থকা অসুন্দৰ বিকৃত ৰূপটোও কল্পনাৰ মাজেদি উপভোগ্য ৰূপত প্ৰকাশ কৰিব পাৰি।আমাৰ চাৰিওফালে থকা বা দেখা পৰিবেশক নিজস্ব কল্পনাই সুন্দৰকৈ সজাই তুলিলে সেয়া হৈ পৰিব সৃষ্টিশীল সাহিত্য।কল্পনাৰ সহায়তে ভয়ংকৰ অভিজ্ঞতা এটাকো শব্দৰ মাধ্যমেৰে সকলোৰে মনঃপোত হোৱাকৈ প্ৰকাশ কৰিব পাৰি।

    কল্পনাৰ জৰিয়তে এটি সাধাৰণ নিয়ৰ টোপোলো মুকুতা মণি ৰূপে সাহিত্যিকে প্ৰকাশ কৰিব পাৰে ।ঐতিহাসিক পটভূমিত এটাত ৰসাল কাহিনী এটি সুন্দৰকৈ গঢ় লৈ উঠিব পাৰে।এই  ঐতিহাসিক পটভূমিত কাহিনী সৃষ্টি হোৱাৰ লগতে একোটা একোটা কবিতা ,গল্প, আদি সৃষ্টি হৈ পাঠকৰ মনত আনন্দ প্ৰদান কৰিব পাৰে কল্পনাৰ জৰিয়তে।

দৰাচলতে,এই কল্পনাৰ মূল এক চানেকি,আৰ্হি বা মৰ্টিফে কাম কৰে। একোটা চানেকি বা আৰ্হিয়ে লেখকৰ মনত কিছুমান কল্পনাৰ সৃষ্টি কৰে আৰু সিয়ে প্ৰকাশৰ উপযুক্ত মাধ্যমেৰে আমাৰ হাতত পৰেহি সৃষ্টিশীল সাহিত্য ৰূপে। সেয়েহে প্ৰাচীন পুৰা কথা, মহাকাব্য,ঐতিহাসিক পটভূমি,ৰাজনৈতিক পটভূমিত অজস্ৰ কল্পনাৰ ফলস্বৰূপে উপন্যাস,কবিতা গঢ় লৈ উঠে বুলি ক'ব পাৰি।

      কল্পনা শক্তিৰ মাধ্যমেৰে একোখন নীলা আকাশ,সেউজীয়া ধৰণী, বৰষুণ তথা সুখ দুখ, হাঁহি কান্দোন আদি বোৰ বিভিন্ন প্ৰকাৰে প্ৰকাশ কৰিব পাৰি।

      সৃষ্টিশীল লেখাৰ উপাদান বোৰ অলৌকিক নহয়।বাস্তৱৰ জগতখনৰ চৰিত্ৰ তথা বস্তু বোৰে সৌন্দৰ্যৰ আকৰ হৈ উঠে কল্পনাৰ জৰিয়তে।

      আমাৰ দৈনন্দিন দেখি থকা তথা সাধাৰণ দৃষ্টিত চকুত নপৰা কাৰ্য কলাপ ,বস্তুৱে অন্যান্য ৰূপ লাভ কৰে।

      কল্পনা শক্তিৰ ফলতে দুবৰিৰ সৰি থকা শেৱালি কোনোৱা প্ৰমিকাৰ অশ্ৰুকণা হব পাৰে।

      সেয়েহে কল্পনা বিলাসিতা ,মননশীলতা সৃষ্টিশীল সাহিত্যৰ অন্যতম আকৰ। কল্পনাৰ প্ৰয়োগেৰে বাস্তৱক যিমান আকৰ্ষণীয় কৰি তুলিব পাৰি ,সিমানেই সৃষ্টিশীল সাহিত্য বা লেখাৰ সৌন্দৰ্য বৃদ্ধি হয়।

    ডিম্পল গগৈ ১ (বাৰ্তা) 06:58, 6 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

মুখাশিল্প সম্পাদনা কৰক

মুখা হৈছে মুখমণ্ডলক ঢাকি পৰিধান কৰিব পৰা আন জীৱৰ মুখমণ্ডলৰ দৰে সজুঁলি। বিভিন্ন প্ৰাণী,দেৱতা,অসুৰ ভূত ,কাল্পনিক জীৱ আদিৰ মুখা নিৰ্মাণ কৰা হয়।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়।শ্ৰীমন্ত শংকৰদেৱে মাজুলীৰ চামগুৰি সত্ৰত প্ৰথমে ভাওনা পৰিৱেশনৰ বাবে মুখাশিল্পৰ প্ৰৱৰ্তন কৰিছিল।পৰৱৰ্তী সময়ত চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত কোশকান্ত দেৱ গোস্বামীয়ে মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস চলাইছিল।তেওঁ প্ৰথমতে অসমৰ মুখাক প্ৰদৰ্শন কৰিব বাবে ইণ্ডোনেছিয়ালৈ লৈ গৈছিল আৰু তাত তেওঁ যথেষ্ঠ সমাদৰ লাভ কৰিছিল।ইয়াৰ পিছত সত্ৰাধিকাৰজনে পৃথিৱীৰ আন আন দেশত মুখা শিল্প প্ৰদৰ্শন কৰি বিশ্বদৰবাৰত এই শিল্পক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে সন্মান পাবলৈও সক্ষম হৈছিল।ইয়াৰ পৰৱৰ্তী সময়ত তেওঁৰ বংশৰ সকলে মাজুলীত মুখাশিল্পক জীয়াই ৰাখিছে।বৰ্তমান সময়ত চামগুৰি সত্ৰত এই শিল্পবিধক জীয়াই ৰখা ব্যক্তি গৰাকী হ'ল প্ৰসন্ন গোস্বামী ।প্ৰসন্ন গোস্বামীৰ লগতে তেওঁৰ তিনিজন ভাই ককাই আৰু ভতিজাক কেইজনে মুখা শিল্পৰ লগত জড়িত হৈ আছে।এই মুখা সমূহৰ প্ৰতি আকৃষ্ট হৈ দেশ- বিদেশৰ বহু পৰ্যটকে মুখা প্ৰদৰ্শন বাবে মাজুলীলৈ আহে।দেশ বিদেশৰ যাদুঘৰ সমূহত ইয়াৰ মুখা প্ৰদৰ্শিত হোৱাৰ লগতে নতুন দিল্লীত ভাৰতৰ গণতন্ত্ৰ দিৱসৰ পেৰেডটো প্ৰদৰ্শিত হৈছে।বৰ্তমান সময়ত বিদেশী পৰ্যটক সকলে মুখা শিল্প প্ৰদৰ্শন কৰাৰ লগতে নিজৰ ঘৰত সজাই ৰখাৰ বাবে তথা সংগ্ৰহালয়ত সংৰক্ষণৰ বাবে ক্ৰয় কৰি লৈ যায়।যাৰ ফলত মুখা শিল্প ই বহিঃৰাজ্যত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

মখাসমূহ নিমাৰ্ণত সম্পূৰ্ণ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা হয়।সেই সামগ্ৰী সমূহৰ ভিতৰত গোৱৰ মাটি,বাঁহৰ ফেম ,কুমাৰ মাটি,কটন কাপোৰ ,ৰং আদিবোৰ অন্যতম। মুখাসমূহ পাচঁটা পৰ্যায়ত নিমাৰ্ণ কৰা হয়। প্ৰথম পৰ্যায়ত কোমল জাতি বাঁহেৰে মুখাৰ ফ্ৰেমটো বনোৱা হয়,দ্বিতীয় পৰ্যায়ত কটন কাপোৰত কুমাৰ মাটি (ৰঙচুৱা মাটি) মিলাই বাঁহৰ ফ্ৰেমটোৰ ওপৰত লগাই দিয়া হয়,তৃতীয় পৰ্যায়ত যি চৰিত্ৰৰ মুখা নিৰ্মাণ কৰা হয় গোৱৰ মাটিৰে সেই চৰিত্ৰৰ আকৃতি দি ৰ'দত শুকোৱা হয়, চতুৰ্থ পৰ্যায়ত পুনৰ কুমাৰ মাটিৰে প্ৰলেপ লগাই মিহি কৰা হয়,শেষত বিভিন্ন ৰঙৰে ৰঙদি মুখাখন সম্পূৰ্ণকৈ প্ৰস্তুত কৰি উলিওৱা হয়।মুখাখন নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰা ৰঙবোৰ হেঙুল ,হাইতাল আৰু নীল ব্যৱহাৰ কৰি ৰঙৰ প্ৰস্তুত কৰা হয়।বৰ্তমান এই প্ৰকৃতিক ৰঙবোৰৰ মূল্য বৃদ্ধি হোৱাত বজাৰত পোৱা ৰঙসমূহ ব্যৱহাৰ কৰা দেখা যায়।

      মুখা সমূহক চাৰিটা ভাগত ভাগ কৰা হয়।সেই সমূহ হ'ল বৰমুখা বা চৌমুখা,লতকৰী মুখা বা লোটোকাই মুখা ,মুখমুখা আৰু অংকৃত মুখা । বৰমুখা সমূহ কোনো এটা চৰিত্ৰৰ সমগ্র দেহাৱায়ৱ দেখুৱাই প্ৰস্তুত কৰা হয়।নৰসিংহ আদি এই মুখাৰ উদাহৰণ।লতকৰী মুখা বিভিন্ন জীৱ জন্তুক কেন্দ্ৰ কৰি বনোৱা হয় আৰু মুখমুখা সমূহ অসুৰৰ চৰিত্ৰ ৰূপায়ণৰ বাবে বনোৱা হয়।অংকৃত  মুখা সমূহ হ'ল মানুহৰ মুখত মেক আপৰ জৰিয়তে মানুহজনৰ মুখখন যেনে বান্দৰৰ দৰে বনোৱা হয়। এইবিধ মুখা নতুনকৈ মুখা প্ৰকাৰ সমূহৰ লগত সংযোগ কৰা হৈছে।মুখা নিৰ্মাণ এক জটিল কাম। ইয়াৰ বাবে বিশেষ দক্ষতা আৰু ধৈৰ্য্যৰ প্ৰয়োজন হোৱাৰ উপৰিও যথেষ্ট একাগ্ৰতা আৰু মনোযোগৰ দৰকাৰ।

       বৰ্তমান সময়ত বিভিন্ন বাণিজ্য মেলাত মুখাবোৰ বিক্ৰী কৰিবৰ বাবে বিক্ৰেতা সকলক বিভিন্ন স্থানলৈ লৈ যোৱাৰ ফলত মুখা শিল্পৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে লগতে মুখাশিল্পী সকলৰ পৰিয়াল সমূহ সুন্দৰ ভাৱে চলি আছে। আনহাতে অসমৰ বিভিন্ন ঠাইত কৰ্মশালাৰ আয়োজন কৰি ইচ্ছুক যুৱক যুৱতী সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা হাতত লৈছে। চৰকাৰে মুখা শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিখিনি ব্যৱস্থা হাতত লৈছে সেয়া পৰ্যপ্ত নহয়।চৰকাৰ মুখা শিল্পৰ লগতে শিল্পী সকলক বিভিন্ন ধৰণৰ সাহাৰ্য্য প্ৰদান কৰি অসমৰ এই আপুৰুগীয়া শিল্প বিধ জীয়াই ৰখাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচিত।

                                    নাম : শ্ৰীমতী ডিম্পল গগৈ। ডিম্পল গগৈ ১ (বাৰ্তা) 07:01, 6 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক