প্ৰাঞ্জল264
নমস্কাৰ, প্ৰাঞ্জল264
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
লাচিমা বিদ্ৰোহ সম্পাদনা কৰক
১৮৯৪ চনৰ ২১ জানুৱাৰীত সৰুক্ষেত্ৰী মৌজাৰ লাচিমা নামৰ গাঁও এখনত এক কৃষক বিদ্রোহে গা কৰি উঠিছিল। বৰ্ধিত খাজনাৰ বিৰুদ্ধে এই বিদ্রোহ সংঘটিত হৈছিল। লাচিমা গাঁৱত খাজনা সংক্রান্তত মণ্ডল আৰু মৌজাদাৰৰ লগত ৰাইজৰ হতাহতি হৈছিল। বহু ৰাইজে সমবেত হৈ মাৰপিট কৰাত থিতাতে মণ্ডলজনৰ মৃত্যু হৈছিল। বৰপেটাৰ মহকুমাধিপতিৰ নিৰ্দেশত উক্ত ঘটনা সংক্রান্তত ৭৫ জন লোকক বন্দী কৰা হৈছিল। এনে কাৰ্যত ৰাইজ উত্তেজিত হৈ উঠিছিল। ওচৰে-পাঁজৰে থকা গাঁওবাসী সমবেত হৈ কেইবাহেজাৰ লোকৰ সমদল এটাই উক্ত লোককেইজনক মোকলাই দিবলৈ দাবী কৰিছিল। মহকুমাধিপতিয়ে বন্দী লোকসকলক মোকলাই দি বিতং তথ্য বৰপেটা জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছিল। উপায়ুক্তই এনে ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ব্যক্তিগতভাৱে লাচিমা গাঁৱত উপস্থিত হৈ ৫৯ জন লোকক আটক কৰিছিল। উপায়ুক্তৰ এনে ঘটনাৰ প্ৰতিবাদত প্রায় ৬,০০০ লোকৰ চহীসম্বলিত ৰাইজৰ আবেদন এখন দাখিল কৰা হৈছিল। উপায়ুক্তই আবেদনখন একো বিবেচনা নকৰি উপস্থিত জনতাক প্ৰহাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল।
ইংৰাজ চৰকাৰৰ দ্বাৰা এইদৰে সহজ-সৰল ৰাইজৰ ন্যায্য দাবী মুঠেই বিবেচনা কৰা হোৱা নাছিল। অথচ সাধাৰণ ৰাইজ পুলিচৰ আতিশয্যাৰহে বলি হ’ব লগা হৈছিল।