লক্ষীমণি গগৈ
নমস্কাৰ, লক্ষীমণি গগৈ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 13:06, 6 April 2023 (ইউ.টি.চি.)
কৃষ্ণকান্ত সন্দিকৈ==
কৃষ্ণকান্ত সন্দিকৈ( ২০ জুলাই, ১৮৯৮- ৭ জুন ১৯৮২) অসমৰ এজন ভাষাতত্ত্ববিদ, শিক্ষাবিদ, সংস্কৃত পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য, অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি, অসম ছাত্ৰ সন্মিলনৰ সভাপতি, জগ্নন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ। তেওঁ পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰেও সন্মানিত।
জন্ম: ২০ জুলাই, ১৮৯৮, যোৰহাট, অসম।
মৃত্যু: ৭জুন, ১৯৮২ (৮৩ বছৰ), ডিব্ৰুগড়, অসম।
বৃত্তি: অধ্যাপক, উপাচাৰ্য।
ভাষা: অসমীয়া।
জাতীয়তা: ভাৰতীয়
উল্লেখযোগ্য পুৰস্কাৰ: পদ্মশ্ৰী (১৯৫৫)
পদ্মভূষণ (১৯৬৭)
সাহিত্য অকাডেমী বঁটা (১৯৮৫)
সন্তান: বিজয় কৃষ্ণ সন্দিকৈ
প্ৰমীলা গগৈ
অহল্যা গগৈ।
জীৱন পৰিচয়ঃ
জন্ম আৰু শিক্ষা =কৃষ্ণকান্ত সন্দিকৈ ইং ১৮৯৮ চনৰ ২০জুলাই তাৰিখে অসমৰ যোৰহাট জিলাৰ সাতঘৰীয়া আহোম পৰিয়ালত জন্ম হয়। তেখেতৰ পিতৃৰ নাম চাহ খেতিয়ক ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ।আৰু মাতৃৰ নাম নাৰায়ণী সন্দিকৈ।
তেখেতে ইং ১৯১৩ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ইং ১৯১৫ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা আই .এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইং ১৯১৭ চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত সন্মানসহ বি.এ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে । ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয় পৰা সংস্কৃত বৈদিক শাখাৰ এম.এ পৰীক্ষাত প্ৰথম শ্ৰেণী লৈ বিলাতলৈ যাত্ৰা কৰে ।অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ইং ১৯২৩ চনত মডাৰ্ণ হিষ্ট্ৰী'ত এম.এ ডিগ্ৰী লৈ পেৰিছত দুবছৰ কাল বিভিন্ন ভাষা অধ্যয়ন কৰাৰ অন্তত ইং ১৯২৭ চনত স্বদেশলৈ ঘূৰি আহি পৰৱৰ্তী বছৰত হেমলতা পাণি গ্ৰহণ কৰে। তেওঁ মুঠ ১৩ টা ভাষা আয়ত্ত্ব কৰিছিল তাৰে ৮টা ইউৰোপীয়ান ভাষা আৰু ৫ টা ভাৰতীয় ভাষা। ১৯২৩ চনৰ পৰা ১৯২৭ চনলৈকে তেখেতে ইউৰোপৰ নানা ভাষা -সাহিত্য অধ্যয়ন কৰে ।
বিবাহ আৰু পৰিয়াল = ১৯২৮ চনত নগাৱৰ উমাচৰণ গোহাঁইৰ কন্যা হেমলতা আইদেউৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু দুগৰাকী কন্যা শ্ৰীমতী প্ৰমীলা আইদেউ (বৰ্তমান গগৈ)আৰু শ্ৰীমতী অহল্যা আইদেউ (বৰ্তমান গগৈ)আৰু তেখেতৰ একমাত্ৰ পুত্ৰ শ্ৰী বিজয়কৃষ্ণ সন্দিকৈ(এম.পি)।১৯৬১ চনত কৃষ্ণকান্ত সন্দিকৈ পত্নীৰ বিয়োগ ঘটে।
কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮-১৯৮২)=কৃষ্ণকান্ত সন্দিকৈ আছিল অসমৰ এজন লেখক ,সংস্কৃত ভাষা পণ্ডিতআৰু শিক্ষাবিদ আছিল। সংস্কৃত আৰু ভাষাতত্ত্বৰ ক্ষেত্ৰত তেখেতে বিৰল পাণ্ডিত্যৰ পৰিচয় দিছিল।
সাহিত্যকৃতিঃ
জ্ঞানৰ নীৰৱ সাধক সন্দিকৈয়ে তেওঁ অৰ্জন কৰা অসীম জ্ঞানৰ জোখাৰে গ্ৰন্থ ৰচনা কৰা নাছিল। কিন্তু তেওঁৰ কম ৰচনাৰ মাজতে জ্ঞানৰ ৰূপ উপলব্ধি হয়। তেওঁৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান বোৰ হৈছে।
গ্ৰন্থ সংকলনঃ-
১.শ্ৰীহৰ্ষৰ নৈষধ চৰিত'ৰ ইংৰাজী অনুবাদ(১৯৩৪)
২.যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ(১৯৪৯)
৩.সেতু বন্ধ(১৯৭৬)
৪.কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ
প্ৰবন্ধ সংকলনঃ-
১.প্ৰাচীন বেবিলদৰ বেদ
২.ভাৰতীয় চিন্তা
৩.সাংখ্য দৰ্শন
৪.গ্ৰীক ভাষা
৫.গ্ৰীক নাটকৰ গান
৬.অনুবাদৰ কথা
৭.ৰুছ অভিনয়
৮.সৰস্বতীৰ বৰ
৯.মোগল ৰাজকন্যাৰ কবিত্ব প্ৰতিভা
১০.ইউৰোপৰ ভাষা আৰু সাহিত্য
১১.জাপানীৰ বীৰ নোগি
১২.স্পেনীয় সাহিত্যত ৰোমিঅ জুলিয়েট
১৩.জাৰ্মান সাহিত্যৰ সপোন নাটক
১৫.অমৰ প্ৰকাশ
১৬.জাৰ্মানীৰ জ্ঞান সাধনা
১৭.সাগৰৰ মাজৰ দুৰ্গ
১৮.প্ৰাচীন মিচৰৰ উপাখ্যান
১৯.চক্ৰেটিছৰ মতে কবিৰ প্ৰকৃতি
কবিতা =১/"আবেগ অন্তৰ" (বাঁহী ৫ বছৰ ২য়
সংখ্যা)
2/"দেৱী আসাম" (বাঁহী ৫ম বছৰ ২ য়
সংখ্যা)
৩/"আনন্দৰাম বৰুৱা" (বাঁহী ৬ষ্ঠ বছৰ ৮ম
সংখ্যা)
৪/"গৌৰী শংকৰ"(৬ষ্ঠ বছৰ ১২শ সংখ্যা)।
গান = ১/"প্ৰতিমা "(আলোচনী ৫ বছৰ ৫ম সংখ্যা)
২/"বন্দনা" (আলোচনী ৫ বছৰ ৭ম সংখ্যা)
৩/"আজি সুখ ৰজণী বনফুল ৰাণী" (বাঁহী
৫বছৰ ৭ম সংখ্যা)
৪/"বাজে ক'ত বীণা নৱ জীৱনে"
(আলোচনী ৫ম বছৰ ২য় সংখ্যা)
মৃত্যু:
১৯৮২ চনৰ ৭ জুন তাৰিখে ১০.১০ বজাত ৮৪ বছৰ বয়সত ডিব্ৰুগড়ৰ জি.এম চিকিৎসালয়ত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয়।
সদস্য:
১.লক্ষীমণি গগৈ
২. লিনা বৰুৱা
৩. জুমি ঠাকুৰীয়া লক্ষীমণি গগৈ (বাৰ্তা) 14:27, 24 April 2023 (ইউ.টি.চি.)
কৃষ্ণকান্ত সন্দিকৈৰ 'চক্ৰেটিচৰ মতে কবিৰ প্ৰকৃতি' নামৰ প্ৰবন্ধৰ আলোচনা
সম্পাদনা কৰককৃষ্ণকান্ত সন্দিকৈৰ 'চক্ৰেটিচৰ মতে কবিৰ প্ৰকৃতি' নামৰ প্ৰবন্ধটো প্ৰথম প্ৰকাশ পাইছিল 'অসম সাহিত্য সভা প্ৰত্ৰিকা'ৰ প্ৰথম বছৰ চতুৰ্থ সংখ্যা, শাওণ-ভাদ, ১৯৪৮-৪৯ত। এইটো মূলতঃ অনুবাদ মূলক লেখা। চক্ৰেটিচে গ্ৰীক ভাষাত ইয়নক কোৱা কথাখিনিকে প্ৰবন্ধটোত অনুবাদ কৰি দিয়া হৈছে। 'ইয়ন' হৈছে প্লেটোৰ এখন সৰু কিতাপৰ নাম। তাত প্লেটোৰ গুৰু চক্ৰেটিচে ইয়ন নামৰ এজন মানুহৰে সৈতে কথা পাতিছে। পুৰণি গ্ৰীচত হমাৰৰ কবিতাবিলাক মানুহৰ আগত গাই ফুৰা কিছুমান মানুহ আছিল, এওঁবিলাকক 'ৰাপচদচ্' (Rhapsode) বোলা হৈছিল। ইয়ন এই নিচিনা এজন গায়ক। তেওঁৰ লগত চক্ৰেটিচে এই গানবিদ্যাৰ বিষয়ে আলোচনা কৰিছে আৰু কথা প্ৰসংগত কবিৰ স্বৰূপ সম্পৰ্কেও কিছুমান কথা কৈছে। কৃষ্ণকান্ত সন্দিকৈৰ এই প্ৰবন্ধটোত এই কথাখিনিকে অনুবাদ কৰি দিয়া হৈছে।
প্ৰবন্ধটোত চক্ৰেটিচে চমুকৈ কবি আৰু কবিতাৰ প্ৰকৃতি নিৰ্ণয় কৰিছে। তেওঁ বুজাব খুজিছে যে প্ৰকৃত কবিয়ে স্বাভাৱিক প্ৰেৰণাৰ বলত কবিতা ৰচনা কৰে, ভাবি-চিন্তি এটা নিৰ্দিষ্ট কাব্যকলা অনুসৰণ কৰি ভাল কবি হ'ব নোৱাৰি। এই প্ৰেৰণা এটা স্বাভাৱিক স্বৰ্গীয় বস্তু, তাক নিজ ইচ্ছামতে পোৱা নাযায়। এই কাৰণে দৈৱাৎ এই প্ৰেৰণা পালে কবিয়ে কেতিয়াবা অমৰ সৌন্দয্যৰে পৰিপূৰ্ণ কবিতা ৰচনা কৰে, কিন্তু প্ৰেৰণাৰ অন্তৰ্দ্ধান হ'লে অশেষ চেষ্টা কৰিলেও আকৌ তেনে কবিতা ৰচিব নোৱাৰে। কবি তুন্নিকচ অতি সাধাৰণ কবি আছিল, কিন্তু এবাৰ এই দৈৱী শক্তি পোৱা বাবেই তেওঁ এটা বিশ্বমোহন গীত ৰচিছিল। নিজে চেষ্টা কৰি আৰু এটা বিশেষ ৰীতি অনুসৰণ কৰি ভাল কবিতা লিখিব পৰা হ'লে তুন্নিকচে যি উপায়ৰে এই গীতটো ৰচনা কৰিছিল সেই উপায়েৰেই তেনে গীত আৰু আৰু অনেক ৰচনা কৰিব পাৰিলেহেতেন।
চক্ৰেটিচে প্ৰেৰণা সম্পৰ্কে যি কৈছে সি সম্পূৰ্ণ সচাঁ, কিন্তু তেওঁ ইয়াকো কয় যে, প্ৰকৃত চিন্তাশক্তি, বিচাৰক্ষমতা আৰু অনুসন্ধানমূলক তত্ত্বজ্ঞান- এইবিলাক গুণ কবিৰ নাই। প্লেট'ই তেওঁৰ 'এপলজিয়া' নামে আন এখন কিতাপত চক্ৰেটিচৰ হতুৱাই কোৱাইছে যে কবিবিলাকে নিজে যি ৰচনা কৰে তাকে ভালকৈ বুজাই দিব নোৱাৰে, তেওঁবিলাকে কবিতা ৰচনা কৰোঁতে জ্ঞানেৰে নকৰে, কিবা এটা স্বাভাৱিক প্ৰবৃত্তিৰ বশ হৈ, এটা দৈৱী উদ্দীপনাত উন্মত্ত হৈ ৰচনা কৰি যায়। অনেক সুন্দৰ কথা কয়, কিন্তু যি কয় তাৰ বিষয়ে বাস্তৱতে একোকে নাজানে। চক্ৰেটিচৰ এই কথা অৱশ্যে অলপ অতিৰঞ্জিত হৈছে, বিশেষকৈ যিসকল কবিয়ে গভীৰ চিন্তা আৰু নানা অনুসন্ধান কৰি কাব্য ৰচনা কৰে তেওঁবিলাকৰ পক্ষে এই কথা ভালকৈ নাখাটে। দান্তেৰ অমৰ কাব্য divinia commedia আৰু গ্যথেৰ 'ফাউষ্ট' গভীৰ চিন্তাপ্ৰসূত, অনুসন্ধানমূলক কাব্য, তাত প্ৰেৰণা আছে, কিন্তু ক্ষণিক উদ্দীপনাৰ উন্মাদ নাই। চক্ৰেটিচে যি আপোন পাহৰা উন্মাদ- উত্তেজনাৰ কথা কৈছে তাক অৱশ্যে কম বেছি পৰিমাণে সকলো কবিতাতে পোৱা যায়। গীতিকাব্য লিখা কবিসকলৰ এই গুণটো বিশেষভাৱে বৰ্তমান।
প্ৰকৃতিৰ ৰূপ ধ্যান কৰোঁতে কবিয়ে তেওঁৰ কবিতাবিলাক নিজেই ৰচিছে নে নাই প্ৰকৃতি দেৱীয়ে তেওঁৰ হিয়াত থিতি লৈ সেইবিলাক তেওঁৰ মুখেদি কোৱাইছে তাক ভালকৈ নিৰ্ণয় কৰিব পৰা নাই। এয়ে চক্ৰেটিচে উল্লেখ কৰা দৈৱী উদ্দীপনা।
স্বাভাৱিক প্ৰেৰণা বা দৈৱী শক্তি আৰু উন্মাদব্যাকুলতা যে কবি প্ৰকৃতিৰ লক্ষণ সেই বিষয়ে সন্দেহ নাই, কিন্তু জ্ঞান বা বোধশক্তি আৰু তত্ত্ববিদ্যা কবিৰ স্বভাৱৰ পৰা একেবাৰেই আঁতৰ বুলি ক'ব নোৱাৰি । মধ্যযুগৰ সকলো জ্ঞান-বিজ্ঞান মথি দান্তেই তেওঁৰ 'অমৰ কাব্য' লিখিছিল; গ্যাথেই ফাউষ্ট' কাব্যত দৰ্শন আৰু কবিতাৰ কিবা এটা সংশ্লেষণ কৰিব খুজিছিল । তথাপি সকলো বাদ দিলে চক্রেটিচে যি কৈছে সেয়ে কবি প্ৰকৃতিৰ শেষ লক্ষণৰূপে বাকী থাকে । সাহিত্য হিচাপে গ্যথেৰ গম্ভীৰ 'ফাউষ্টৰে' মূল্য বেছি নে তেওঁৰ কোমল গীতিকবিতাবিলাকৰে মূল্য বেছি তাক সতকাই কোৱা টান। বতাহত হালি-জালি থকা কুঞ্জলতাৰ যি সৌন্দৰ্য শক্তিশালী বৰগছৰ সেই সৌন্দর্য নাই । চিন্তাৰ বলতকৈ কল্পনাৰ বল বেছি কোবাল আৰু বেছি ব্যাপক। দৈৱী শক্তিৰে মানৱী কল্পনাৰ অতীত ধামৰ পৰা মৌমাখিৰ দৰে মৌ আহৰণ কৰাতে কবিৰ বিশেষত্ত্ব। চক্ৰেটিচে ক'বৰ দৰে কবি এটা 'পাতল, পাখিলগা, স্বৰ্গীয় বস্তু'। এনেদৰে কৃষ্ণকান্ত সন্দিকৈয়ে 'চক্ৰেটিচৰ মতে কবিৰ প্ৰকৃতি' নামৰ প্ৰবন্ধটোত গ্ৰীক ভাষাৰ পৰা চক্ৰেটিচে কবিৰ প্ৰকৃতি সম্পৰ্কে কোৱা কথাখিনি অসমীয়ালৈ অনুবাদ কৰিছে। লক্ষীমণি গগৈ (বাৰ্তা) 14:33, 24 April 2023 (ইউ.টি.চি.)