-𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 16:01, 23 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

মিচিং’সকলৰ সাজপাৰ সম্পাদনা কৰক

মিচিং’সকলৰ ভৌতিক সাংস্কৃতিৰ অন্যতম ‘সাজপাৰ’ মিচিং জনগোষ্ঠী হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। মিচিংসকল মূলত: মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত। প্ৰত‍্যেক জনজাতিৰ দৰেই মিচিং জনজাতি সকলো নিজস্ব লোক-সংস্কৃতিৰ বাৰেৰহণীয়া সমন্বয়ত আজিও প্ৰাণৱন্ত হৈ আছে।

মিচিংসকলৰ লোক-সংস্কৃতিৰ এটি দিশ ‘সাজ-পাৰ’ৰ সম্পৰ্কে ক’বলৈ গ’লে প্ৰথমেই ক’ব লাগিব, মিচিংসকলৰ সাজপাৰত জাতিটোৰ বৰ্ণাঢ‍্য সংস্কৃতি আৰু সুনিপুণ কাৰিকৰী কৌশল জীৱন্ত ৰূপত প্ৰতিফলিত হৈছে। মিচিং পৰম্পৰাগত সাজপাৰৰ ‘গামিগ’ (ফুল)ৰ জ‍্যামিতিক আৰু ৰঙৰ মনোমোহা সংমিশ্ৰণ বিশ্বৰ ভিতৰতেই লেখত ল’বলগীয়া। মিচিং শিপিনীয়ে ঘৰতে বোৱা জাতীয় সাজ-পাৰে বিশ্বত মিচিং জাতিটোক এক অনন‍্য শিল্পজাত জাতি হিচাপে প্ৰতিষ্ঠা লাভত সহায় কৰাৰ উপৰি নিজকে মিচিং বুলি ক’বলৈ মনোবল যোগাইছে। ৰঙৰ বোলেৰে সৰগ ৰচা মিচিং শিপিনীয়ে বোৱা মিচিঙৰ জাতীয় সাজপাৰবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

১) পুৰুষে ব‍্যৱহাৰ কৰা সাজ-পাৰ: মিচিংসকলৰ পুৰুষসকলে ব‍্যৱহাৰ কৰা সাজপাৰসমূহৰ ভিতৰত উগন, গন্‌বৰ, গন্‌ৰ:, গালুগ, লুগ্‌ৰ:, গন্‌কগ, গন্‌য়াব, দুমৌৰ, মৌৰ্‌পুং, মিবুগালুগ, এ:তোপ, তাপুম গাচৰ, য়াম্ব গাচৰ ইত্যাদি উল্লেখযোগ্য। ক) উগন: সাধাৰণ ধুতি বা চুৰিয়াক মিচিঙত ‘উগন’ বুলি কোৱা হয়। মিচিং পুৰুষসকলে দৈনন্দিন ঘৰুৱা পৰিৱেশত এনে উগন ব‍্যৱহাৰ কৰে। এই উগন সাধাৰণভাৱে বোৱা আৰু কিছুমানত গামিগ থকাও দেখা যায়। খ) গন্‌বৰ : ‘গন্‌বৰ’ সাধাৰণ উগনতকৈ বহল উন্নত ধৰণৰ আৰু নিৰ্দিষ্টকৈ গামিগ বেছি থকা উগন। সাধাৰণ অৰ্থত বৰচুৰিয়া। গন্‌বৰ পৰম্পৰাগত গামিগ আৰু বগা সূতাৰে বোৱা হয়। পুৰুষসকলে পূজা-উৎসৱ, ৰাজহুৱা অনুষ্ঠান, সভা, মিব:গৃক:(আলহী খাব যোৱা) আদিত এই গন্‌বৰ পৰিধান কৰাৰ নিয়ম মিচিং সমাজত প্ৰচলিত। গ) গন্‌ৰ: : ‘গন্‌ৰ:’ সাধাৰণভাৱে দৈনন্দিন ব‍্যৱহাৰ কৰা উগনতকৈ বেলেগ। উগন(চুৰিয়া) + আৰ:(খাঁটি) = গন্‌ৰ: অৰ্থাৎ খাঁটি চুৰিয়া। এই গন্‌ৰ: নিসিজোৱা কেঁচা বগা সূতাৰে নিৰ্দিষ্ট পাৰি আৰু গামিগেৰে বোৱা হয়। গন্‌ৰ:ক কেৱল মিবু(দেওধাই), মিৰৃ(পুৰোহিত), তাবৌ(বিধান দিব পৰা ভকত) আদিয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত। ঘ) গন্‌কগ : মিচিং পুৰুষসকলে লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ পৰিধান কৰিবলৈ শিকি প্ৰথমে ‘গন্‌কগ’ ব‍্যৱহাৰ কৰিছিল বুলি জনা যায়। এই গন্‌কগ অসমীয়াৰ ‘পোন্ধ’ৰ সমপৰ্যায়ৰ। ঙ) গন্‌য়াব : মিচিং পুৰুষসকলৰ অন‍্যতম সাজপাৰ ‘গন্‌য়াব’। এই গন্‌য়াব অসমীয়াৰ লেংটি, লেঙুটি, কৌপিনৰ সমপৰ্যায়ৰ। বৰ্তমান অৰুণাচলৰ মিচিংসকলৰ সমগোষ্ঠীৰ জনগোষ্ঠীসমূহৰ মাজত অলপ-অচৰপ গন্‌য়াব পৰিধানৰ অভ‍্যাস পৰিলক্ষিত হয়। চ) গালুগ : সাধাৰণভাৱে বোৱা মিচিং চোলাক ‘গালুগ’ বুলি কোৱা হয়। সম্প্ৰতি বজাৰত পোৱা যিকোনো চোলাকো মিচিং ভাষাত গালুগ বুলি কয়। ছ) লুগ্‌ৰ: : লুগ্‌ৰ: অৰ্থাৎ খাঁটি চোলা। ই সৰ্বসাধাৰণভাৱে দৈনন্দিন ব‍্যৱহাৰ কৰা গালুগতকৈ বেলেগ। এই লুগ্‌ৰ: কেঁচা বগা সূতাৰে পৰম্পৰাগত নক্সা আৰু গামিগেৰে বোৱা হয়। পুৰুষসকলে ৰাজহুৱা অনুষ্ঠানত এই লুগ্‌ৰ: পৰিধান কৰাৰ নিয়ম প্ৰচলিত। জ) মিবু গালুগ : ‘মিবু গালুগ’ সৰ্বসাধাৰণ লোকে ব‍্যৱহাৰ কৰা গালুগতকৈ সম্পূৰ্ণ বেলেগ। নিসিজোৱা কেঁচা বগা সূতাৰে ‘ঙচিগ গামিগ’ (মাছৰ বাকলিৰ আৰ্হি থকা ফুল) থকা নিৰ্দিষ্ট ঘাই গামিগ লগাই শুদ্ধি হাতেৰে বোৱা হয়। এই সাজ কেৱল মিবু, তাবৌ আদিয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত। ঝ) দুমৌৰ : মিচিঙৰ ‘দুমৌৰ’ আৰু অসমীয়াৰ ‘গামোচা’ প্ৰায় সমাৰ্থক। দুমৌৰ কাৰোবাক সন্মান জনোৱাৰ্থে বা প্ৰীতি উপহাৰ হিচাপে যচাৰ কামতো ব‍্যৱহাৰ হয়। ঞ) মৌৰপুং : মৌৰপুং হৈছে মূৰত পাগুৰি হিচাপে পিন্ধা একধৰণৰ দীঘল গামোচা জাতীয় পোছাক। ট) তাপুম গাচৰ : এৰী পলু পুহি সূতা কাটিব জনাৰেপৰা মিচিং সমাজত ‘তাপুম গাচৰ’ অৰ্থাৎ এৰী চাদৰৰ ব‍্যৱহাৰ প্ৰচলিত হৈ আহিছে। এই সাজৰ সূতা টান, মসৃণ, ডাঠ আৰু দুই মূৰে দহি বটা থাকে। আগৰ দিনত ঘৰৰ প্ৰতিগৰাকী পুৰুষৰ বাবে তাপুম গাচৰ এখন বৈ দিয়াটো মিচিং মহিলাৰ কৰ্তব‍্য আছিল। ঠ) য়াম্ব গাচৰ : দৰাঘৰৰ বিয়াত দৰা-ক‌ইনাৰ যুগ্ম জীৱনৰ বাবে আদৰি আনিবলৈ মূৰৰ ওপৰত ওৰণি হিচাপে ব‍্যৱহাৰ কৰা ‘গাচৰ’ক (চাদৰ) য়াম্ব গাচৰ নামেৰে জনা যায়। এই ‘য়াম্ব গাচৰ’ ‘উৰম উই’ অৰ্থাৎ উপৰিপুৰুষক পিণ্ডদান পূজা, বংশভিত্তিক পূজা আদি মাংগলিক কাৰ্যত পুৰুষ-মহিলাই একেলগে ব‍্যৱহাৰ কৰা দেখা যায়।

২) মহিলাই ব‍্যৱহাৰ কৰা সাজ-পাৰ : মিচিং সকলৰ মহিলাসকলৰ সাজ-পাৰৰ ভিতৰত এগে, মচা:নাম, য়াকান এগে, গাচৰ, গাজগ এগে, গাৰে, গাপা, ৰি:বি, গাচৌং, ৰুম্বং, য়েত্‌চাং, গেৰ:, প: তোপ, পায়েগ ইত্যাদি উল্লেখযোগ্য। (ক) এগে : মিচিং মহিলাই পিন্ধা মেখেলাক সাধাৰণতে ‘এগে’ বুলি কোৱা হয়। এইসমূহ যিকোনো ৰঙৰ হ’ব পাৰে। ভিন্নৰঙী আৰু গামিগেৰে ভৰা এই এগেসমূহ বৰ মোহনীয়। (খ) গাচৌং : গাচৌং হৈছে মিচিং মহিলাই চাদৰ বা শীতত শ্ব’ল হিচাপে ব‍্যৱহাৰ কৰা ৰি:বিৰ দৰেই এবিধ ডাঠ বস্ত্ৰ। গাচৌং ৰঙা বা মদাৰ ৰঙৰ কপাহী সূতাৰে বয় আৰু দুইমূৰে চাৰি-পাঁচটা প্ৰায় এক ইঞ্চি বহল বগা-ক’লা ৰেখা টনা থাকে। পূজা-উৎসৱ, ৰাজহুৱা অনুষ্ঠান, মিব:গৃক: আদিত গাচৌং পিন্ধা প্ৰচলিত আছিল। বৰ্তমান এই নিয়ম কমিব ধৰা পৰিলক্ষিত হৈছে। (গ) গাপা আৰু গাৰে : গাপা আৰু গাৰে হৈছে পকোৱা সূতাৰে ডাঠকৈ বোৱা মেখেলাজাতীয় বস্ত্ৰ। গাপা কেৱল গাভৰু ছোৱালীয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত আছিল। আনহাতে, ‘গাৰে’ সকলো বয়সৰ মহিলাই পৰিধান কৰা দেখা যায়। (ঘ) গেৰঃ : গেৰঃ মিচিং মহিলাই পৰিধান কৰা এবিধ আকৰ্ষণীয় বস্ত্ৰ। মেখেলাৰ ওপৰত পৰিধান কৰা গেৰঃ এবিধ মেঠনিজাতীয় সাজ। গাভৰুৱে কঁকালৰ পৰা আৰু বোৱাৰীয়ে বুকুৰ পৰা মেৰিয়াই গেৰঃ পৰিধান কৰে। দুৰ্ঘটনাগ্ৰস্ত হৈ ৰক্তক্ষৰণ হ’লে গেৰঃ এখন দুৰ্ঘটনাগ্ৰস্তজনৰ গাত ঢাকি দিলে ৰক্তক্ষৰণ বন্ধ হৈ বিষ কাটি সুস্থ হয় বুলি মিচিং পৰম্পৰাগত লোকবিশ্বাসত আছে। (ঙ) পঃতোপ : ‘পঃ তোপ’ মিচিং মহিলাই মূৰত পৰিধান কৰা গামোচাজাতীয় এবিধ বস্ত্ৰ। মিচিং মহিলাই দৈনন্দিন জীৱনত, পথাৰত আদিত কাম কৰোঁতে পঃতোপ মূৰত মেৰিয়াই লয়। (চ) কোঃপব : ‘কোঃপব’ হৈছে মিচিং চেমনীয়া ছোৱালীয়ে গাত পৰিধান কৰা এবিধ চেলেং চাদৰজাতীয় বস্ত্ৰ। ইয়াক চাদৰৰ দৰে দীঘলকৈ বোৱা হয়। (ছ) পায়েগ : ‘পায়েগ’ হৈছে মিচিং বিবাহিতা মহিলাই তামোলৰ টোপোলা নিবলৈ ব‍্যৱহাৰ কৰা এবিধ সৰু আকৃতিৰ গামোচা। বৃদ্ধাৱস্থাত মহিলাই পায়েগ লৈ ফুৰাটো একপ্ৰকাৰৰ নিয়ম আছিল।

(৩) পুৰুষ আৰু মহিলা উভয়ে ব‍্যৱহাৰ কৰা বস্ত্ৰ বা সাজ : মিচিং পুৰুষ-মহিলা উভয়ে ব‍্যৱহাৰ কৰা আপুৰুগীয়া বস্ত্ৰবিধ হৈছে – গাদুক। ই অসমীয়াত ‘মিৰিজিম’ নামে খ‍্যাত। গাদুক কপাহৰ সূতাৰে প্ৰতি সূতাৰ মাজত আঁহ লগাই বোৱা হয়। গাদুক জাৰকালি কম্বলৰ দৰে ব‍্যৱহাৰ কৰিব পাৰে। তাৰোপৰি ৰি:বি, গাচৌং, তাপুম গাচৰ, য়াম্ব আদি মিচিং পুৰুষ-মহিলা উভয়ৰেই কম-বেছি পৰিমাণে ব‍্যৱহাৰ কৰা দেখা যায়।

সঁচাকৈয়ে মিচিং জনগোষ্ঠীৰ সাজপাৰ সমূহে লোক-সংস্কৃতিৰ পথাৰখনত সেউজীয়া সিঁচি প্ৰাণৱন্ত হৈ আছে। এইসমূহে লোক-সংস্কৃতিৰ গৌৰৱ অক্ষুণ্ণ ৰখাত ইন্ধন যোগাইছে। সাম্প্ৰতিক বজাৰত পোৱা আধুনিক সাজপাৰৰ ব‍্যৱহাৰ অন্যান্য সমাজৰ দৰে মিচিং সমাজলৈও দ্ৰুতগতিত আগবাঢ়িছে। তথাপিও মিচিং সমাজৰ ৰাজহুৱা অনুষ্ঠান, পূজা-উৎসৱ, বিয়া আদিত পৰম্পৰাগত সাজ-পাৰ স্বকীয়তাৰে সুন্দৰ ৰূপত পৰিধান কৰা পৰিলক্ষিত হৈ আহিছে আৰু নিশ্চয়কৈ আগলৈও নিজস্বতাৰে বৰ্ণাঢ‍্য ৰূপত লোক-সংস্কৃতিসমূহ ধৰি ৰাখিবলৈ সক্ষম হ‌ওঁক। সমুজ্জ্বল শইকীয়া (বাৰ্তা) 15:22, 29 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক