চাণক্য কুমাৰ দাস (বাৰ্তা) 09:42, 30 april 2018 (ইউ.টি.চি.)

হাফিজ বায়েজীদ বোস্তামী, ইংৰাজী Hafiz Baijit Bustamin, জন্মঃ ১৯৮৯ চনৰ ৩১ ডিচেম্বৰ। মৰিগাঁও জিলাৰ লাগৰীঘাট থানাৰ অন্তৰ্গত ঔতলাবৰী গাঁৱত। ইছলামিক স্কলাৰ, কবি, সাহিত্যিক আৰু প্ৰৱন্ধকাৰ। সম্পাদনা কৰক

হাফিজ বায়েজীদ বোস্তামী। জন্মঃ ১৯৮৯ চনৰ ৩১ ডিচেম্বৰ। ঔতলাবৰী, টেঙাগুৰি, মৰিগাঁও (অসম)

পিতাঃ মৌলানা মফিজ উদ্দিন আহমেদ। মাতৃঃ ৰেজীয়া খাতুন। জাতীয়তাঃ ভাৰতীয়। ধৰ্মঃ ইছলাম। আক্বিদাঃ ছুন্নি মুছলিম। ভাষাঃ অসমীয়া। নাগৰিকত্বঃ ভাৰতীয়। দাম্পত্যসংগীঃ ছাবিকুন নাহাৰ (বুলু) সন্তানঃ ১ মেহনুৰ ৰিশাদ।


উল্লেখযোগ্য বটাঃ ২০১২ চনত সদৌ অসম মুচাবাকাতুল কোৰ-আনত ক্বেৰাতত অসমৰ ভিতৰত প্ৰথম স্থান, ২০১৪ তৰুন গগৈ চৰকাৰৰ দ্ধাৰা মুখ্যমন্ত্ৰী স্পেচিয়াল এৱাৰ্ড।

শিক্ষাঃ মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অধীনত তিনিচুকীয়া প্ৰাথমিক বিদ্যালয়ত ৪ৰ্থ শ্ৰেণী সাং কৰি, তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ত ৬ষ্ঠম শ্ৰেণীত উত্তীৰ্ণ হৈ ধৰ্মীয় শিক্ষাৰ পাতনি মেলে। টেঙাগুৰি ইছলামীয়া ও হাফিজীয়া মাদ্ৰাছাত হিফজ বিভাগত নাম লগায়। শিক্ষা সমাপ্ত নকৰি অসম বিখ্যাত মাদ্ৰাছা জামিয়া ইছলামীয়া জালালীয়া হোজাই মাদ্ৰাছা, জামিয়া অসম দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছাত নাম লগাই, অৱশেষত জামিয়া ইছলামীয়া ইশ্বাআতুল উলুম মাদ্ৰাছাত সুখ্যাতিৰে হিফজ বিভাগত উত্তীৰ্ণ হৈ উত্তৰ প্ৰদেশৰ জামিয়া ইছলামীয়া অচনিয়াতুল খাইৰা বিজনৌৰ ঝাণ্ডাপুৰ মাদ্ৰাছাত নাম ভৰ্তি কৰায় ভাৰতৰ বিখ্যাত ক্বাৰী, ক্বাৰী তৈয়ব জামাল চাহাবৰ ঔৰষত থাকি তাজৱীদ শিক্ষা সমাপ্ত কৰে। পিছলৈ নিজ দেশলৈ উভতি আহি দাৰুল হাদীছ পৰমাইভেটি মাদ্ৰাছাৰ পৰা মৌলানা খাৰিজীয়া মাদ্ৰাছাত নাম লগায়। ২০১৪ চনত নগাঁৱৰ ৰাঙলুগাঁও জ্ঞানদীপ হাইস্কুলত মেট্ৰিক দিয়ে, ২০১৬ চনত হায়াৰ ছেকেণ্ডাৰী, ২০১৯ চনত লাহৰীঘাট মহাবিদ্যালয়ৰ পৰা অনাৰ্চসহ স্নাতক ডিগ্ৰী অৰ্জন কৰে। দৰং জিলাৰ দলগাঁৱৰ কোনাকাটা ছিনিয়ৰ মাদ্ৰাছাৰ পৰা ইণ্টাৰমিডিয়েট, ৰজাগাধোৱা ছিনিয়ৰ মাদ্ৰাছাৰ পৰা ফাজিল আৰু কদমনী টাইটেল মাদ্ৰাছাৰ পৰা মুমতাজুল মোহাদ্দীছিনৰ শিক্ষা সাং কৰে। আনহাতে লাহৰীঘাট এডভাঞ্চ টেকনলজিৰ পৰা PGDCA, লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা D.El.Ed, লালবাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ পৰা হিন্দীত (Probin) আৰু জাৰ্নেলিজমৰ ডিপ্লোমাও অৰ্জন কৰে।

কৰ্মজীৱনঃ তিনিচুকীয়া জাতীয় বিদ্যালয়ত শিক্ষকতা, নৱজ্যোতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্ৰৱক্তা হিচাপে নিজকে আত্মনিয়োগ কৰে। লাহৰীঘাটৰ বিভিন্ন অঞ্চলৰ সমস্যাবোৰৰ বিষয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাবলৈ সংবাদ মাধ্যমত জড়িত হৈ অঞ্চলৰ বিভিন্ন সমস্যাবোৰৰ বিষয়ে একাধাৰে মাত মাতি যায়। হিৰো ফিন ক্ৰপত গ্ৰুপ লিডাৰশ্বীপতো কিছুদিন থাকি আত্মনিৰ্বাহ কৰে। বৰ্তমান জুৰীয়াস্থিত আল-কোৰান একাডেমিত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে যোগদান কৰিছিল। বৰ্তমান তেওঁ গুৱাহাটীৰ আঠগাঁৱস্থিত জামে মছজিদৰ ইমাম হিচাপে নিযুক্তি লাভ কৰে।

সংবাদ জগতঃ সাপ্তাহিক মুজাহিদ, গণ অধিকাৰ, সাদিনীয়া জমিয়ত কাকত, দৈনিক অগ্ৰদূত, দৈনিক খবৰ, অম্বেষণ, নিউজ ১৯ প্লাচ, জনতাৰ কণ্ঠ, জ্ঞান-সম্ভাৰ, অসমীয়া সাহিত্যৰ চানেকী তথা বিভিন্নি পেপাৰ-পত্ৰিকাত নিয়মীয়া লেখক হিচাপে প্ৰসিদ্ধ।

দল সংগঠনঃ সদৌ অসম ক্বৌমী মাদ্ৰাছা ছাত্ৰ ইউনিয়ণ (AAQMSU) কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক, সম্পাদকঃ সাংবাদিক পৰিষদ অসম মৰিগাঁও জিলা সমিতি। লুইতপুৰীয়া কাব্য সন্মীলনৰ সাধাৰণ সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি কাৰ্য নিৰ্বাহ কৰি আছে।

বটাঃ ২০১৪ চনত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বাবে অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী স্পেচিয়াল এৱাৰ্ড, ২০১২ চনত সদৌ অসম মুচাবাক্কাতুল কোৰ-আনত কেৰাত প্ৰতিযোগিতাত প্ৰথম স্থান। মৰিগাঁও শংকৰদেৱ অধিবেশত কবিতা আবৃত্তি কৰি মান পত্ৰ লাভ কৰে।

উল্লেখিত গ্ৰন্থঃ হে মানুহ নিজৰ সত্বাক চিনক আৰু বহুকেইটা গ্ৰন্থ প্ৰকাশৰ পথত।

2409:4065:E95:54A2:0:0:594A:7411 01:29, 30 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক
@2409:4065:E95:54A2:0:0:594A:7411 2409:4065:E95:54A2:0:0:594A:7411 01:32, 30 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক