আহক, নিজক আগুৱাই লৈ যাওঁ : সম্পাদনা কৰক

(এটি ইতিবাচক চিন্তাৰে এই পৃষ্ঠাটি আৰম্ভ কৰোঁ৷)

সংসাৰৰ প্ৰত্যেক জীৱৰে কোনো এক প্ৰকাৰৰ দুৰ্বলতা বা অক্ষমতা অৱশ্যেই থাকে ৷ যেনে, কোনোজনে যদি ক্ষিপ্ৰতাৰে দৌৰিব নোৱাৰে, কোনোজনে ভালকৈ খোজেই কাঢ়িব নোৱাৰে ৷ কোনোজনে ৰোগত ভুগি আৰোগ্য লাভেই কৰিব নোৱাৰে, আকৌ কোনোজনে এইমাত্ৰ পঢ়ি শেষ কৰা পাঠটোৰ মূল কথাখিনিও স্মৰণ কৰিব নোৱাৰে ৷ এনেকুৱা অনেক উদাহৰণ আছে ৷

আপুনি বাৰু এনে কোনো ব্যক্তিক জানে নেকি, যিজনে সকলো প্ৰকাৰৰ সামৰ্থতা অৰ্জন কৰিছে ?

নিশ্চয় তেনে ব্যক্তি পাবলৈ নাই ৷ অৰ্থাৎ আমি প্ৰত্যেকেই কোনো এটা নহয় এটা দুৰ্বলতা লৈয়েই জীয়াই আছোঁ ৷ আৰু সেই একমাত্ৰ দুৰ্বলতাটোকে বহুতে জীৱনৰ মূল সমস্যা বুলি মানি লয় ৷ সেই কাৰণে মনটো দুখ, খং, হতাশা আৰু অসন্তোষেৰে ভৰি থাকে ৷

দুৰ্বলতা বা নিৰ্বলতা কোনো জীৱৰ জীৱনলৈ জন্ম অথবা নিয়তিৰ প্ৰভাৱৰদ্বাৰা আহে ৷ আমাৰ জড়তাই এই নিৰ্বলতাক জীৱনৰ অশান্তিৰ মূল কেন্দ্ৰ বুলি মানি লৈ সেই সমস্যাৰ সন্মুখত বশ্যতা স্বীকাৰ কৰি লয় ৷ সেই একমাত্ৰ সমস্যাটোতেই নিজকে সমৰ্পণ কৰি জীৱনলৈ আহিব পৰা বিৰাট সম্ভাৱনাময় সুখ-শান্তিখিনি বাধাৰ প্ৰাচীৰে কেতিয়াও আহিব নোৱাৰা কৰি দিয়ে ৷ ফলত, জীৱনৰ প্ৰতিটো পল দুখৰ হৈ পৰে৷

কিন্তু বহুতো এনে ব্যক্তিও আছে, যিসকলে নিজৰ অহোপুৰুষাৰ্থ আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সেই দুৰ্বলতাকো পৰাজিত কৰি তোলে ৷ এনে ব্যক্তিৰ সৈতে আন ব্যক্তিসকলৰ পাৰ্থক্যনো কি, সেয়া আপুনি কেতিয়াবা বিবেচনা কৰি চাইছেনে ???

যিজন ব্যক্তি দুৰ্বলতাৰ বা অক্ষমতাৰদ্বাৰা পৰাজয় স্বীকাৰ নকৰে, যিজনে অহোপুৰুষাৰ্থ কৰাৰ দুৰ্বাৰ সাহস মনত পুহি ৰাখে, তেওঁ সকলো দুৰ্বলতা নেওচি যায় ৷ অৰ্থাৎ, দুৰ্বলতা বা অক্ষমতা ভগৱান বা নিয়তি বা পূৰ্বজন্মৰ ফলৰ বাবে আহিব পাৰে ৷ কিন্তু, সীমাৱদ্ধতা ??? সীমাৱদ্ধতা জানো ভগৱান বা নিয়তিয়ে দিয়ে ?? মানুহৰ মনেহে সীমাৱদ্ধতা নিৰূপণ কৰি লয় ৷ বিচাৰ কৰি চাবচোন ৷

ধন্যবাদ ৷ Bhupen Gogoi (talk) 07:25, 23 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক