Sandiponi Tasha প্ৰবন্ধ সম্পাদনা কৰক

নমস্কাৰ SP Tasha! ৱিকিপিডিয়াত আপোনাৰ আগ্ৰহ দেখি ভাল লাগিল। আশা কৰো আগলৈও যেন লিখি যায়। পিচে ৱিকিপিডিয়াৰ কিছু নিয়ম-নীতিৰ বিষয়ে জনি ল'লে, বৰঙণি আগবঢ়োৱাত সহায় হ'ব যেন অনুভৱ কৰিছো। ওপৰৰ লিংককেইটা চাই লই যেন।

আপোনাৰ Sandiponi Tasha প্ৰবন্ধটো সদস্য:S.P. Tasha/Sandiponi Tashaলৈ স্থানান্তৰ কৰা হ'ল। ইয়াৰ কাৰণ হ'ল যে এয়া ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ, ইয়াত কেৱল অসমীয়া ভাষাতহে প্ৰবন্ধ লিখা উচিত। তদুপৰি, যাতে ভুল তথ্য সন্নিৱিষ্ট নহয়, তাৰ বাবে বিশ্বাসযোগ্য তথ্য সূত্ৰ (যেনে কোনটো ৱেবছাইট, বা কোনখন কিতাপৰ পৰা তথ্যটো লোৱা হৈছে আদি) উল্লেখ কৰা বাধ্যতামূলক। লগতে, প্ৰবন্ধৰ বিষয় উল্লেখযোগ্য বা দৰকাৰী হোৱা উচিত। যিহেতু ৱিকিপিডিয়া এখন বিশ্বকোষ, ইয়াত গুৰুত্বপূৰ্ণ তথ্য থকাটোহে উচিত। আন এক কথা হ'ল, প্ৰবন্ধটো আপুনি নিজৰ বিষয়ে লিখা যেন লাগিছে। নিজৰ বিষয়ে লিখিবলৈ আপোনাক সদস্য:S.P. Tasha পাতখন দিয়া হৈছে। আপুনি (ৰঙা) লিংকটোত ক্লিক কৰি তাত নিজৰ বিষয়ে লিখিব পাৰে।

অসমীয়া লিপিত লিখাত সহায়, নিয়ম-নীতি আদিৰ বিষয়ে সহায়ৰ বাবে কোনো এজন অভিজ্ঞ ৱিকিপিডিয়ানৰ সহায় ল'ব পাৰে। ময়ো ৱিকিপিডিয়াত বেছি পুৰণা নহয়। মই ক্লাছ ১১ত পঢ়ি আছোহে! আশা কৰো মোৰ দৰে আপুনিয়ো ৱিকিপিডিয়াত আগ্ৰহী হৈ থাকিব । মোলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ পিছত দিয়া লিংককেইটা চালেই হ'ল। (বাৰ্তা আদি ইংৰাজী, জাপানি, আৰবী আদিতো দিব পৰা যায়!!) IKHazarika (talk) 05:50, 25 July 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক