সন্তোষ যাদৱ

ভাৰতীয় পৰ্বতাৰোহী

সন্তোষ যাদৱ (ইংৰাজী: Santosh Yadav) (জন্ম-১০ অক্টোবৰ ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় পৰ্বতাৰোহী৷ মাউণ্ট এভাৰেষ্ট দুবাৰকৈ আৰোহণ কৰা তেখেত পৃথিৱীৰ প্ৰথমগৰাকী মহিলা৷ [1] ইয়াৰ উপৰি কাংছুক ফেচৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা মহিলাৰ ভিতৰতো তেখেতেই প্ৰথম৷ সন্তোষ যাদৱে ১৯৯২ চনৰ মে' মাহত প্ৰথমবাৰ আৰু ১৯৯৩ চনত এটা ইণ্ডো-নেপালী দলৰ লগত দ্বিতীয়বাৰৰ বাবে এভাৰেষ্ট আৰোহণ কৰে৷

সন্তোষ যাদৱ
Santosh Yadav

২০০৮ চনত পৰ্বতাৰোহণ কা ৰোমাঞ্চ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত সন্তোষ যাদৱ
জন্ম ১০ অক্টোবৰ, ১৯৬৭ (৫৬ বছৰ)
জনিয়াৱাছ, ৰেৱাৰি, হাৰিয়ানা, ভাৰত
পেচা পৰ্বতাৰোহী
দাম্পত্যসঙ্গী উত্তম কুমাৰ লাল (১৯৯২)
বঁটা, সন্মান, পুৰস্কাৰ আদি
ৱেবছাইট
santoshyadavmountaineer

সন্তোষ যাদৱে ১৯৯২ চনৰ প্ৰথমটো এভাৰেষ্ট অভিযানৰ সময়ত মোহন সিং নামৰ পৰ্বতাৰোহীজনক অক্সিজেন যোগান ধৰি তেওঁৰ প্ৰাণৰক্ষা কৰে৷ ছাউথ কোলত শয্যাশায়ী হৈ থকা আন এগৰাকী পৰ্বতাৰোহীক তেখেতে বচোৱাৰ প্ৰয়াস কৰে যদিও অসমৰ্থ হয়৷ [2]

জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

হাৰিয়ানা ৰাজ্যৰ ৰেৱাৰী জিলাৰ জনিয়াৱাছ গাঁৱত সন্তোষ যাদৱৰ জন্ম হয়৷ তেখেত আছিল পৰিয়ালৰ ষষ্ঠটো সন্তান৷ পৰিয়ালৰ বাকীকেইজন আছিল ল'ৰা সন্তান৷ স্থানীয় এখন গ্ৰামীন বিদ্যালয়ৰ পৰা তেখেতে প্ৰাৰম্ভিক শিক্ষা অৰ্জন কৰে আৰু পৰৱৰ্তী সময়ত দিল্লীলৈ ৰাওনা হয়৷ দিল্লীৰ এখন বিদ্যালয়ত তেখেতৰ নামভৰ্তি হয়৷ জয়পুৰত থকা মহাৰাণী কলেজত তেখেতে নাম লগায়৷ ইয়াৰে এটা কোঠাৰ পৰা তেখেতে আৰাৱালী পৰ্বতমালা বগাই থকা পৰ্বতাৰোহীসকলক দেখা পাইছিল৷ এই দৃশ্যসমূহে তেখেতক অনুপ্ৰাণিত কৰিছিল আৰু তাৰেই ফলশ্ৰুতিত যাদৱে উত্তৰকাশীত থকা নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানত যোগদান কৰিছিল৷ সমান্তৰালভাৱে ভাৰতীয় পৰ্বতাৰোহণ সংস্থাৰ সহযোগিতাত তেখেতে নতুন দিল্লীৰ ক'নাট প্লেচৰ এখন হোষ্টেলত থাকি ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবেও অনুশীলন চলাই গৈছিল৷ [3]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৯২ চনত সন্তোষ যাদৱে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে আৰু এই কাৰ্য সম্পন্ন কৰা পৃথিৱীৰ সৰ্বকনিষ্ঠ মহিলা হিচাপে স্বীকৃতি পায়৷ অৱশ্যে এইটো অভিলেখ পাছলৈ ভংগ হয়৷ বাৰ মাহৰ ভিতৰত, যাদৱ এটা মহিলা ভাৰতীয়-নেপালী পৰ্বতাৰোহণকাৰী দলৰ সদস্য হৈ পৰে আৰু দ্বিতীয়বাৰৰ বাবে শৃংগটো আৰোহণ কৰে৷ এইদৰে তেখেতে মাউণ্ট এভাৰেষ্ট দুবাৰকৈ বগোৱা পৃথিৱীৰ একমাত্ৰ মহিলা হিচাপে স্বীকৃতি পায়৷ বৰ্তমান তেখেত ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষীত (ITBP) কৰ্মৰত এগৰাকী বিষয়া৷

 
মাউণ্ট এভাৰেষ্টৰ দক্ষিণ দিশ

অভিযানসমূহ সম্পাদনা কৰক

  • ১৯৯৯ চনত সন্তোষ যাদৱে এভাৰেষ্ট, কাংছুক ফেচলৈ এটা ভাৰতীয় পৰ্বতাৰোহী দলক নেতৃত্ব দিয়ে৷[4]
  • ২০০১ চনত তেখেতে ইষ্ট ফেচ, মাউণ্ট এভাৰেষ্টলৈ অইন এটা পৰ্বতাৰোহীৰ দলক নেতৃত্ব দিয়ে৷ [4]

বঁটা-বাহন সম্পাদনা কৰক

  • ১৯৯৪ চনত যাদৱক টেনজিং নৰ্গে ৰাষ্ট্ৰীয় অভিযান বঁটা প্ৰদান কৰা হয়৷
  • ২০০০ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে৷[5][1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Santosh Yadav feels motivated to climb Everest again". News.webindia123.com. 2007-05-11. http://news.webindia123.com/news/ar_showdetails.asp?id=705110686&cat=&n_date=20070511। আহৰণ কৰা হৈছে: 2010-06-20. 
  2. -, Beehive (2006). Textbook in English for class IX. প্ৰকাশক Publication Division, National Council of Educational Research and Training, Sri Aurobindo Marg, New Delhi 110016: Central Board of Secondary Education. পৃষ্ঠা. 102. ISBN 81-7450-502-4. 
  3. "On top of the world at Baluchi!". The Hindu. 29 May 2003. Archived from the original on 2003-06-08. https://web.archive.org/web/20030608070719/http://www.hinduonnet.com/thehindu/mp/2003/05/29/stories/2003052901110400.htm. 
  4. 4.0 4.1 Menon, Shaym G. (25 May 2013). "No work on any expedition was below my dignity". The Hindus. http://www.thehindu.com/features/magazine/no-work-on-any-expedition-was-below-my-dignity/article4746016.ece. 
  5. "National Adventure Awards Announced" (Press release). Press Information Bureau, India. 20 July 1995. http://pibarchive.nic.in/archive/ArchiveSecondPhase/EDUCATION/1995-JAN-DEC-MO-YOUTH-AFFAIRS-&-SPORTS-NO-9/PDF/YTH-1995-07-20_034.pdf। আহৰণ কৰা হৈছে: 18 September 2020.