সন্ধিপদী প্ৰাণী হৈছে বহিঃকংকাল যুক্ত অমেৰুদণ্ডী প্ৰাণী, খণ্ডিত দেহ আৰু উপাংগবোৰ সন্ধিযুক্ত বা জোৰালগা। পতংগ আদিকে ধৰি সন্ধিপদীবোৰ, আৰ্থপ'ডা (Arthropoda) পৰ্বৰ অন্তৰ্গত। সন্ধিপদীৰ প্ৰধান লক্ষণ হৈছে, সিহঁতৰ পদবোৰ (ভৰি) জোৰালগা আৰু α-কাইটিন আৰু/নাইবা কেলচিয়াম কাৰ্বনেটৰ দ্বাৰা গঠিত কিউটিকল্ থাকে। সন্ধিপদীৰ দেহটো কেইবাটাও খণ্ডেৰে গঠিত আৰু প্ৰতিটো খণ্ডতে এজোৰা উপাংগ থাকে। সন্ধিপদীবোৰে পৰ্যায়ক্ৰমে মোট সলাই সিহঁতৰ কঠিন খোলাটো পৰিবৰ্তন কৰি থাকে। পৰিৱেশৰ লগত খাপ খাব পৰা বিশেষ যোগ্যতাৰ ফলত ইহঁত আটাইতকৈ বেছি প্ৰজাতিযুক্ত জীৱ বিচাপে পৰিগণিত হৈছে। বৰ্তমানলৈকে প্ৰায় এক নিযুততকৈও অধিক সন্ধিপদী প্ৰাণীৰ বিষয়ে জনা যায়, যিটো জ্ঞাত জীৱিত প্ৰাণীৰ প্ৰায় ৮০% ত কৈও অধিক, ইয়াৰে কিছুমান, অন্য প্ৰাণী জীয়াই থাকিব নোৱাৰা শুকান পৰিৱেশতো বসবাস কৰে। ইহঁতৰ আকাৰ আনুবীক্ষণিক শৈৱালৰ পৰা কেইবা মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। সন্ধিপদীৰ প্ৰাথমিক আভ্যন্তৰিক গহ্বৰটোকহিম'চেল বোলে, তাতে ইহঁতৰ আভ্যন্তৰিণ অংগবোৰ থাকে, আৰু ইয়াৰ মাজেৰেই হিম'লিম্ফ - তেজৰ সমধৰ্মী - চলাচল কৰে; ইহঁত মুক্ত পৰিবহণ তন্ত্ৰী। বাহ্যক অংগবোৰৰ দৰই, সন্ধিপদীৰ আভ্যন্তৰিণ অংগবোৰো খণ্ডযুক্ত। সিহঁতৰ স্নায়ু তন্ত্ৰ "চামৰা-সদৃশ", যুৰীয়া পৃষ্ঠীয় স্নায়ু ৰজ্জু প্ৰতিটো খণ্ডৰ মাজেৰে গৈ প্ৰতিটো খণ্ডতে যুৰীয়া গেংলিয়া গঠন কৰে। সিহঁতৰ মুণ্ড বহুতো খণ্ডেৰে গঠিত, আৰু মগজুটো এই খণ্ডবোৰত থকা গেংলিয়াবোৰ লগ লাগি গঠন হয় আৰু খাদ্যনলীৰ চাৰিওফালে আগুৰি থাকে। সন্ধিপদীবোৰ বসবাস কৰা পৰিৱেশ আৰু উপপৰ্বৰ ওপৰত ভিত্তি কৰি সিহঁতৰ শ্বাসতন্ত্ৰ আৰু ৰেচন তন্ত্ৰৰ ভিন্নতা পৰিলক্ষিত হয়।

সন্ধিপদী
জীৱাশ্ম কাল: ৫৪০–০ নিযুত বছৰ কেম্ব্ৰিয়ান – শেহতীয়া
বিলুপ্ত আৰু আধুনিক সন্ধিপদী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
উপৰাজ্য: Eumetazoa
মহাপৰ্ব: Ecdysozoa
পৰ্ব: Arthropoda
von Siebold, 1848[1]
Subphyla and Classes

বৈশিষ্ট্য

সম্পাদনা কৰক

দেহৰ প্ৰতিটো খণ্ডত এযোৰকৈ উপাঙ্গ থাকে। ইহঁতৰ দেহ ত্ৰিস্তৰীয় আৰু দেহত প্ৰকৃত চিলম বা গহ্বৰ আছে। ইহঁতৰ পাচন তন্ত্ৰ সম্পূৰ্ণ আৰু ই মুখছিদ্ৰৰ পৰা পায়ুছিদ্ৰ পৰ্যন্ত বিস্তৃত। দেহৰ পৃষ্ঠদেশত হৃৎপিণ্ড আৰু ধমনীৰ দ্বাৰা মুক্ত সংবহনতন্ত্ৰ গঠিত। ইহঁতৰ দেহত বুক গিল (book gill), বুক লাঙ (book lung) বা শ্বাসনলী (trachea) ইত্যাদিয়ে শ্বসন অঙ্গৰ কাম কৰে। মালপিজিয়ান নলিকা (malpighian tubule), সেউজীয়া গ্ৰন্থি (green gland), কক্সাল গ্ৰন্থি (coxal gland) ইত্যাদিয়ে ৰেচন অঙ্গৰ কাম কৰে। স্নায়ুতন্ত্ৰ উন্নত ধৰণৰ, অৰ্থাৎ মস্তিষ্ক আৰু এযোৰ নিৰেট স্নায়ুৰজ্জু, বক্ষ আৰু উদৰ গেংগ্লিয়াৰ দ্বাৰা গঠিত হয়। ইহঁত সাধাৰণত্ একলিঙ্গ প্ৰাণী। যৌন দ্বিৰূপতা দেখা যায়। পূঞ্জাক্ষি বা সৰলাক্ষী থাকে।

মানুহৰ সৈতে সম্পৰ্ক

সম্পাদনা কৰক
 
কেংককৰ এখন খাদ্য বিপনীত বিক্ৰীৰ বাবে ৰখা পতংগ আৰু বৃশ্চিক।


কেঁকোৰা, মিছামাছ, ক্ৰেফিছ আদি ক্ৰাষ্টাচিয়ান বহু যুগৰে পৰা মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ হৈ আহিছে আৰু বৰ্তমান ব্যৱসায়িক ভাৱে ইহঁতৰ যথেষ্ট চাহিদা আছে।[3] পতংগ আৰু ইহঁতৰ পলুবোৰ বিশ্বজুৰি কেঁচাকৈ বা সিজাই মাংস হিচাপে গ্ৰহণ কৰা হয়। কিন্তু কিছুমান ইউৰোপীয়ান, হিন্দু আৰু ইছলাম ধৰ্মী সমাজত কমকৈ ব্যৱহাৰ কৰা হয়।[4][5] কম্বডিয়াত সিদ্ধ টেৰেণ্টুলাক অতি সুস্বাদু আহাৰ হিচাপে গণ্য কৰা হয়।[6][7][8] আৰু দক্ষিণ ভেনেজুৱেলাৰ পায়াৰোৱা (Piaroa) জনগোষ্ঠীয়ে ইহঁতৰ মুখ্য প্ৰতিৰক্ষা তন্ত্ৰ অৰ্থাৎ শুং বোৰ গুচাই ভক্ষণ কৰে।[9]

কৃষি ক্ষেত্ৰতো সন্ধিপদী প্ৰাণীৰ অৱদান উল্লেখযোগ্য। পৰাগ সংযোগৰ মূল বাহক হিচাপে ইহঁতে খাদ্য উৎপাদন তথা উদ্ভিদৰ প্ৰজননত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[10] পৰাগ সংযোগৰ উপৰিও, মৌ মাখিয়ে মৌ উৎপাদন কৰে, এই মৌ ৰস হৈছে বহুতো উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ মূল উপাদান।[11]

মধ্য আমেৰিকাত মায়া সভ্যতাত এটা পতংগ প্ৰজাতিৰ পৰা ৰঙা ডাই উৎপাদন কৰা হৈছিল।[12]

সন্ধিপদী প্ৰাণীয়ে মানুহৰ বহু উপকাৰ কৰে যদিও যথেষ্ট অপকাৰো সাধন কৰে। পতংগৰ পৰাই বহুতো সংক্ৰামক ৰোগ বিয়পে।

পতংগৰ পৰা সোঁচৰা বেমাৰ
ৰোগ[13] পতংগ বছৰি প্ৰভাৱিত লোক বছৰি মৃত্যু হোৱা লোক
মেলেৰিয়া এনোফিলিছ মহ ২৬৭ নিযুত ১ − ২ নিযুত
সালধীয়া জ্বৰ এডিছ মহ ৪,৪৩২ ১,১১৭
ফাইলেৰিয়াছিছ কিউলেক্স মহ ২৫০ নিযুত অজ্ঞাত

বহুতো সন্ধিপদী বিষাক্ত, ইহঁতৰ দংশন আৰু কামোৰত মানুহৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰে। বহুতো পতংগই দংশন কৰাৰ ফলৰ বিভিন্ন ৰোগৰ সৃষ্টি হয়। কিছুমান পতংগই মানুহৰ তেজ শোষণ কৰে।[13] টিক (Tick)ৰ পৰা মানুহৰ টিক পেৰালাইছিছ আৰু বহুতো পৰজীৱি−জনিত ৰোগ হয়।[14] কিছুমান পতংগ তথা চাঁহীয়ে কামুহিলে খজুৱতী হয়,[15] আৰু অন্য কিছুমানে এলাৰ্জি ৰোগ, যেনে হেই ফিভাৰ, এজমা, আৰু এস্থমা আদি সৃষ্টি কৰে।[16]

আনহাতে বহুতো সন্ধিপদী বিশেষকৈ পতংগ আৰু চাঁহী (মাইট) কৃষি তথা অৰণ্যত অপকাৰী কীট হিচাপে যথেষ্ট ক্ষতিসাধনো কৰে।[17][18] ভাৰোৱা ডেষ্ট্ৰাক্টৰ (Varroa destructor) নামৰ চাঁহী বিধ বিশ্বজুৰি মৌ পালক সকলৰ বাবে এটা আটাইতকৈ ডাঙৰ সমস্যাত পৰিণত হৈছে।[19] এই কীট সমূহ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা কীতনাশক দৰৱে মানুহৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি সাধন কৰাৰ লগতে জীৱ বৈচিত্ৰৰ ওপৰতো প্ৰভাৱ পেলাই।[20] বৰ্তমান বিজ্ঞানীসকলে কিছুমান চিকাৰী চাঁহী ব্যৱহাৰ কৰি অপকাৰী চাঁহী নিয়ন্ত্ৰণৰ কৌশল আৱিষ্কাৰ কৰিছে।[21][22]


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Hegna, Thomas A.; Legg, David A.; Møller, Ole Sten; Van Roy, Peter & Lerosey-Aubril, Rudy (2013), "The correct authorship of the taxon name 'Arthropoda'", Arthropod Systematics & Phylogeny খণ্ড 71 (2): 71–74, http://www.senckenberg.de/files/content/forschung/publikationen/arthropodsystematics/asp_71_2/01_asp_71_2_hegna_71-74.pdf 
  2. Garwood, R & Sutton, M; Almond (18 February 2012), "The enigmatic arthropod Camptophyllia", Palaeontologia Electronica খণ্ড 15 (2): 12, doi:10.1111/1475-4983.00174, http://palaeo-electronica.org/content/pdfs/268.pdf/ 
  3. Wickins, J. F. & Lee, D. O'C. (2002), Crustacean Farming: Ranching and Culture (2nd সম্পাদনা), Blackwell, ISBN 978-0-632-05464-0, http://www.blackwellpublishing.com/book.asp?ref=9780632054640, আহৰণ কৰা হৈছে: 2008-10-03 
  4. Bailey, S., Bugfood II: Insects as Food!?!, University of Kentucky Department of Entomology, http://www.uky.edu/Ag/Entomology/ythfacts/bugfood/bugfood2.htm, আহৰণ কৰা হৈছে: 2008-10-03 
  5. Unger, L., Bugfood III: Insect Snacks from Around the World, University of Kentucky Department of Entomology, archived from the original on 10 October 2008, https://web.archive.org/web/20081010124417/http://www.uky.edu/Ag/Entomology/ythfacts/bugfood/yf813.htm, আহৰণ কৰা হৈছে: 2008-10-03 
  6. Rigby, R. (September 21, 2002), "Tuck into a Tarantula", Sunday Telegraph, http://www.rhymer.net/cutsE.htm, আহৰণ কৰা হৈছে: 2009-08-24 
  7. Spiderwomen serve up Cambodia's creepy caviar, ABC News Online, September 2, 2002, archived from the original on June 3, 2008, https://web.archive.org/web/20080603171942/http://www.abc.net.au/news/indepth/featureitems/s664704.htm, আহৰণ কৰা হৈছে: 2009-08-24 
  8. Ray, N. (2002), Lonely Planet Cambodia, Lonely Planet Publications, p. 308, ISBN 978-1-74059-111-9 
  9. Weil, C. (2006), Fierce Food, Plume, ISBN 978-0-452-28700-6, https://archive.org/details/fiercefoodintrep0000weil, আহৰণ কৰা হৈছে: 2008-10-03 
  10. Gallai, N.; Salles, J.-M.; Settele, J.; Vaissière, B. E. (August 2008), "Economic valuation of the vulnerability of world agriculture confronted with pollinator decline", Ecological Economics খণ্ড 68 (3): 810–821, doi:10.1016/j.ecolecon.2008.06.014, https://halshs.archives-ouvertes.fr/halshs-01293686/file/Gallai%20et%20al.%202009%20Ecological%20Economics%20Economic%20Valiuation%20of%20Poll.pdf, আহৰণ কৰা হৈছে: 2018-11-24  Free summary at Gallai, N.; Salles, J.; Settele, J.; Vaissiere, B. (2009), "Economic value of insect pollination worldwide estimated at 153 billion euros", Ecological Economics খণ্ড 68 (3): 810–821, doi:10.1016/j.ecolecon.2008.06.014, http://www.eurekalert.org/pub_releases/2008-09/haog-evo091508.php, আহৰণ কৰা হৈছে: 2008-10-03 
  11. Apiservices — International honey market — World honey production, imports & exports, http://www.beekeeping.com/databases/honey-market/world_honey.htm, আহৰণ কৰা হৈছে: 2008-10-03 
  12. Threads In Tyme, LTD, Time line of fabrics, archived from the original on October 28, 2005, https://web.archive.org/web/20051028155009/http://threadsintyme.tripod.com/id63.htm, আহৰণ কৰা হৈছে: 2005-07-14 
  13. 13.0 13.1 Hill, D. (1997), The Economic Importance of Insects, Springer, pp. 77–92, ISBN 978-0-412-49800-8 
  14. Goodman, Jesse L.; Dennis, David Tappen; Sonenshine, Daniel E. (2005), Tick-borne diseases of humans, ASM Press, p. 114, ISBN 978-1-55581-238-6, https://books.google.com/?id=dKlUARLKT9IC, আহৰণ কৰা হৈছে: 2010-03-29 
  15. Potter, M. F., Parasitic Mites of Humans, University of Kentucky College of Agriculture, http://www.ca.uky.edu/entomology/entfacts/ef637.asp, আহৰণ কৰা হৈছে: 2008-10-25 
  16. Klenerman, Paul; Lipworth, Brian; authors, House dust mite allergy, NetDoctor, archived from the original on 11 February 2008, https://web.archive.org/web/20080211110450/http://www.netdoctor.co.uk/health_advice/facts/allergyhousedustmite.htm, আহৰণ কৰা হৈছে: 2008-02-20 
  17. Kogan, M.; Croft, B. A.; Sutherst, R. F. (1999), "Applications of ecology for integrated pest management", in Huffaker, Carl B.; Gutierrez, A. P., Ecological Entomology, John Wiley & Sons, pp. 681–736, ISBN 978-0-471-24483-7, https://books.google.com/?id=aw5Iycas70cC&pg=PA681 
  18. Gorham, J. Richard (1991), "Insect and Mite Pests in Food : An Illustrated Key", Agriculture Handbook Number 655 (United States Department of Agriculture): pp. 1–767, archived from the original on October 25, 2007, https://web.archive.org/web/20071025222603/http://www.afpmb.org/pubs/tims/tg27/docs/Insect%20and%20Mite%20Pests%20in%20Food%20Gorham.pdf, আহৰণ কৰা হৈছে: 2010-05-06 
  19. Jong, D. D.; Morse, R. A.; Eickwort, G. C. (January 1982), "Mite Pests of Honey Bees", Annual Review of Entomology খণ্ড 27: 229–252, doi:10.1146/annurev.en.27.010182.001305 
  20. Metcalf, Robert Lee; Luckmann, William Henry (1994), Introduction to insect pest management, Wiley-IEEE, p. 4, ISBN 978-0-471-58957-0, https://books.google.com/?id=pW1dXL2EgnMC 
  21. Shultz, J. W. (2001), "Chelicerata (Arachnids, Including Spiders, Mites and Scorpions)", Encyclopedia of Life Sciences, John Wiley & Sons, Ltd., doi:10.1038/npg.els.0001605, ISBN 978-0470016176 
  22. Osakabe, M. (March 2002), "Which predatory mite can control both a dominant mite pest, Tetranychus urticae, and a latent mite pest, Eotetranychus asiaticus, on strawberry?", Experimental and Applied Acarology খণ্ড 26 (3–4): 219–230, doi:10.1023/A:1021116121604