সপোনৰ দিকচৌ বনত হীৰেন গোহাঁইৰ এখন আত্মজীৱনী।[1] হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ তৃতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৯ চনত। গ্ৰন্থখনৰ পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। প্ৰকাশক জ্যোতি প্ৰকাশন। পৰিৱৰ্ধিত সংস্কৰণটোত মুঠ ২০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২০০। গ্ৰন্থখনত তেওঁলৈ বিশ্ববিশ্ৰুত কেইজনমান ব্যক্তিয়ে দিয়া চিঠিও প্ৰকাশ কৰিছে। লগতে বহুকেইখন আলোকচিত্ৰও প্ৰকাশ কৰিছে। আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, আৰু ইমান তিতা সাগৰৰ পানী

সপোনৰ দিকচৌ বনত  
লেখক হীৰেন গোহাঁই
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশ ২০০৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ

তথ্য সংগ্ৰহ সম্পাদনা কৰক