অশোক মৌৰ্য্য(৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব) এজন প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ এজন শাসক আছিল। তেওঁক অশোক বা মহামতি অশোক হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল। তেওঁ সামৰিক শক্তিৰ দ্বাৰা সাম্ৰাজ্য বিস্তাৰৰ জৰিয়তে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই নিজৰ অধীনলৈ আনিছিল। তেওঁৰ সাম্ৰাজ্য প্ৰাচীন খোৰাচান, চিস্তান, বেলুচিস্তান ৰ পৰা আফগানিস্তানৰ হিন্দুকুশ পৰ্বতমালা হৈ পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত আছিল, দক্ষিণে উত্তৰ কেৰালা আৰু অন্ধ্ৰ প্ৰদেশলৈ আছিল। তক্ষশীলা, উজ্জয়িনী আৰু পাটলিপুত্ৰ নামৰ তেওঁৰ সাম্ৰাজ্যৰ তিনিখন ৰাজধানী আছিল। বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হিচাপে তেওঁক প্ৰাচীন এছিয়াত বৌদ্ধ ধৰ্মৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কৃতিত্ব দিয়া হয়।

অশোক মৌৰ্য্য
মৌৰ্য্য সম্ৰাট

খ্ৰীষ্টপূৰ্ব এক শতিকাৰ এজন চক্ৰৱৰ্তী শাসক
শাসন কাল ২৬৮-২৩২ খ্ৰীষ্টপূৰ্ব
Coronation ২৬৮ খ্ৰীষ্টপূৰ্ব
জন্ম ৩০৪ খ্ৰীষ্টপূৰ্ব
জন্ম ঠাই পাটলিপুত্ৰ, পাটনা
মৃত্যু ২৩২ খ্ৰীষ্টপুৰ্ব (৭২ বছৰ বয়সত)
মৃত্যু ঠাই পাটলিপুত্ৰ, পাটনা
Buried অস্থিসমূহ গংগা নদীত (সম্ভৱতঃ বাৰাণসীত) উটুৱাই দিয়া হয়
পূৰ্বসুৰী বিন্দুসাৰ
উত্তৰসূৰী দশৰথ মৌৰ্য্য
Wives কৌৰাৱকী
মহাৰাণী দেৱী
ৰাণী পদ্মাৱতী
তিশ্যাৰক্ষ
সাম্ৰাজ্য মৌৰ্য সাম্ৰাজ্য
পিতৃ বিন্দুসাৰ
মাতৃ মহাৰাণী ধৰ্মা বা শুভদ্ৰাংগী
সন্তান মাহিন্দা, সংঘমিত্ৰা, তিৱালাল, কুনালাল, জালুকা
ধৰ্ম বিশ্বাস বৌদ্ধ ধৰ্ম
অশোক সাম্ৰাজ্য

তথ্য সংগ্ৰহ সম্পাদনা কৰক