সহায়:অৰ্থকোষ
মুখ্য সহায় পৃষ্ঠা ·
প্ৰশ্ন থাকিলে ·
ৱিকি ক'ডসমূহ জানিবলৈ ·
সততে উদিত প্ৰশ্নসমূহ (FAQ) ·
অৰ্থকোষ · |
![]() |
পাঠকৰ বাবে সহায় |
---|
সমল পৰ্টেল |
ৱিকিপিডিয়াৰ পাঠকসকলক সহায় কৰিবলৈ এইখন এখন অৰ্থকোষ পৃষ্ঠা; সম্পাদকসকলৰ বাবে ৱিকিপিডিয়া:অৰ্থকোষ নামেৰে আন এখন পৃষ্ঠা আছে।
আসম্পাদনা কৰক
- আলোচনা - পৃষ্ঠা এখনৰ বিষয়ে আলোচনা কৰিবলৈ সেইখনৰ ওপৰফালে থকা এটা সংযোগ (কথা-বতৰা পৃষ্ঠা বুলিও কোৱা হয়)। ইয়াত পৃষ্ঠাখনৰ তথ্যগত ভুল বা উন্নয়ন সম্পৰ্কে যিকোনো আলোচনা কৰিব পাৰি।
- আন্তঃৱিকি - ভগ্নী প্ৰকল্পলৈ থকা এটা সংযোগ; এইটো আন ভাষাত থকা একে প্ৰবন্ধলৈ হ'ব পাৰে নাইবা আন প্ৰকল্পলৈও হ'ব পাৰে।
- আভ্যন্তৰীণ সংযোগ/অন্তৰ্সংযোগ - ৱিকিপিডিয়া বা ইয়াৰ ভগ্নী প্ৰকল্পৰ এখন পৃষ্ঠালৈ পোনোৱা সংযোগ। ইয়াক 'ৱিকিলিংক' বুলিও কোৱা হয়। সদস্যৰ monobook.cssত সালসলনি নকৰিলে কাম কৰি থকা সংযোগবোৰ নীলা দেখা যায়, অস্তিত্ব নথকা বা ভঙা সংযোগবোৰ ৰঙা দেখা যায়, আৰু আগতে পৰিদৰ্শন কৰা সংযোগবোৰ বেঙুনীয়া দেখা যায়।
- আৱৰণ - বিশেষ:পচন্দত নিৰ্ধাৰিত থীমৰ ৰং। পূৰ্বনিৰ্ধাৰিত আৱৰণখনক Vector বুলি কোৱা হয় আৰু লগ্-ইন্ কৰা সদস্যৰ বাবে আন আঠখন আৱৰণ উপলব্ধ: Chick, Classic, Cologne Blue, Modern, Monobook, MySkin, Nostalgia, আৰু Simple ।
- আই.এছ.বি.এন. (আন্তঃৰাষ্ট্ৰীয় মান্য গ্ৰন্থ সংখ্যা) - এইবোৰ সাধাৰণতে ৱিকিসংযোগ হিছাপে দেখুওৱা হয়। সংযোগটোত ক্লিক কৰিলে সেই নিৰ্দিষ্ট কিতাপখনৰ বাবে পুথিভঁৰালৰ কেটেলগ্ বিচাৰিব পাৰি।
- আই.পি.এ. (International Phonetic Alphabet) - উচ্চাৰণৰ বাবে ৱিকিপিডিয়াত প্ৰায়েই ব্যৱহাৰ কৰা এটা মান।
ইসম্পাদনা কৰক
- ইতিহাস - সৃষ্টি কৰাৰ পৰা বৰ্তমানলৈকে প্ৰবন্ধ এটাৰ পূৰ্বৰ সকলো সংস্কৰণ। ইয়াক 'পৃষ্ঠা ইতিহাস' বুলিও কোৱা হয়। অধিক তথ্যৰ বাবে চাওক: সহায়:পৃষ্ঠা ইতিহাস।
- IP (ইণ্টাৰনেট প্ৰ'ট'ক'ল) - ইণ্টাৰনেটত ডেটা সৰবৰাহৰ বাবে ব্যৱহৃত এক প্ৰ'ট'ক'ল। বেনামী সদস্যই (লগ্-ইন্ নকৰা সদস্য) কৰা সম্পাদনাসমূহ জানিবলৈ সাংখ্যিক আই.পি. ঠিকনা ব্যৱহাৰ কৰা হয়।
কসম্পাদনা কৰক
- কথা-বতৰা পৃষ্ঠা - "আলোচনা" চাওক।
জসম্পাদনা কৰক
- জি.এন.ইউ. ফ্ৰী ডকুমেণ্টেছন লাইচেঞ্চ - ৱিকিপিডিয়াৰ বহু প্ৰবন্ধ এই অনুজ্ঞাপত্ৰৰ আধাৰত মুকলি কৰা হয়। অধিক তথ্যৰ বাবে চাওক: ৱিকিপিডিয়া:স্বত্বাধিকাৰ।
দসম্পাদনা কৰক
- দ্ব্যৰ্থতা দূৰীকৰণ - দুটা বা ততোধিক প্ৰবন্ধৰ একে নাম হ'লে খেলিমেলি আঁতৰাবলৈ অৱলম্বন কৰা প্ৰক্ৰিয়া।
- দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা - এটা নামৰ বিভিন্ন অৰ্থ বুজোৱা আৰু সেইবোৰৰা সুকীয়া সুকীয়া পৃষ্ঠালৈ নিৰ্দেশ কৰা পৃষ্ঠা। যদি নামটোৰ অকলেই এটা বিশেষ অৰ্থ থাকে তেন্তে দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাখনৰ শিৰোনামা "বিষয় (দ্ব্যৰ্থতা দূৰীকৰণ) দিয়া হয়।
নসম্পাদনা কৰক
- নামস্থান - পৃষ্ঠাবোৰৰ শ্ৰেণীবিভাজন কৰা এটা প্ৰক্ৰিয়া। ৱিকিপিডিয়াত বিশ্বকোষীয় প্ৰবন্ধৰ, ৱিকিপিডিয়া পৃষ্ঠাৰ (প্ৰকল্প পৃষ্ঠা), সদস্য পৃষ্ঠা (User:), বিশেষ পৃষ্ঠা (Special:), সাঁচ পৃষ্ঠা (Template:), আৰু কথা-বতৰা পৃষ্ঠা (Talk:, Wikipedia talk:, and User talk:) আদি নামস্থান আছে। অধিক তথ্যৰ বাবে চাওক: ৱিকিপিডিয়া:নামস্থান.
- নিৰ্বাচিত প্ৰবন্ধ (Featured article)- ৱিকিপিডিয়াৰ শ্ৰেষ্ঠ লিখনিসমূহক প্ৰতিনিধিত্ব কৰিব পৰাকৈ নিৰ্বাচিত কোনো প্ৰবন্ধ।
- নীলা সংযোগ - অস্তিত্ব থকা পৃষ্ঠালৈ পোনোৱা ৱিকিসংযোগক নীলা দেখা যায়, বা অলপ আগতে ইয়াক পৰিদৰ্শন কৰিলে বেঙেনাবুলীয়া দেখা যায়।
পসম্পাদনা কৰক
- প্ৰশাসক - ৱিকিপিডিয়াত কিছুমান বিশেষ সুবিধা উপভোগ কৰা কাৰিকৰী জ্ঞানবিশিষ্ট এজন সদস্য। তেওঁৰ প্ৰধান কাম হৈছে ৱিকিপিডিয়া সংগঠিত কৰি ৰখা আৰু কাৰিকৰী খুঁতি-নাটি যেনে - পৃষ্ঠাৰ সুৰক্ষা আৰু বিলোপন, অসভ্যালি কৰা সদস্যৰ অৱৰোধ আদিৰ ওপৰত চকু ৰখা।
- প্ৰবন্ধ - ৱিকিপিডিয়াৰ বৰ্ণনামূলক ৰচনা। সকলো প্ৰবন্ধই একো একোখন পৃষ্ঠা, কিন্তু সকলো পৃষ্ঠা প্ৰবন্ধ নহয়, যেনে এইখন।
- পৃষ্ঠা - ৱিকিপিডিয়াত থকা যিকোনো বিষয়ৰ লেখা; টপ্, ব'ট'ম্ আৰু চাইড বাৰ নথকা ৱেব পেইজ। প্ৰবন্ধ, পোখালি, পুনঃনিৰ্দেশ, দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা, সদস্য পৃষ্ঠা, আলোচনা পৃষ্ঠা, ড'কুমেণ্টেচন আৰু বিশেষ পৃষ্ঠাসমূহ সকলোবোৰ একো একোখন পৃষ্ঠা।
- প'ৰ্টেল -নিৰ্দিষ্ট বিষয়ৰ বাবে "মূল পৃষ্ঠা"ৰূপে কাম কৰা পৃষ্ঠাসমূহ।
- প্ৰথম পৃষ্ঠা - নিৰ্দিষ্ট প্ৰবন্ধ নিবিচাৰিলে খোল খোৱা মূল ড'মেইন পৃষ্ঠাখন। প্ৰথম পৃষ্ঠাত সাম্প্ৰতিক গতিবিধি, ৰাইজৰ চ'ৰা, শেহতীয়া সালসলনিৰ সংযোগ আৰু বিষয়সূচী থাকে। ইয়াৰ পৰাই প্ৰবন্ধসমূহ বিষয় হিছাপে বা অন্য শ্ৰেণীৰে বিচাৰিব পাৰি। ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহ আৰু আন ভাষাৰ ৱিকিপিডিয়ালৈ সংযোগ থকাটোও প্ৰথম পৃষ্ঠাৰ বিশেষত্ব। অধিক প্ৰদৰ্শিত পৃষ্ঠা হোৱা বাবে প্ৰথম পৃষ্ঠাৰ সমলসমূহ সুৰক্ষিত কৰি ৰখা হয়।
- পোখালি/ষ্টাব্ - কোনো বিষয়ৰ সম্যক পৰিচয় দাঙি ধৰিব নোৱাৰা প্ৰবন্ধ (প্ৰায়েই এটা পৰিচ্ছেদ বা তাতকৈ চুটি)। পোখালিবোৰ নিৰ্দিষ্ট ষ্টাব্ সাঁচ আৰু সংশোধনী সাঁচেৰে চিহ্নিত কৰা হয় যিয়ে প্ৰবন্ধটোক বিষয় অনুযায়ী উপ-শ্ৰেণীত অন্তৰ্ভুক্ত কৰে।
- পুনৰ্নিৰ্দেশ/পুনঃনিৰ্দেশ - অনুসন্ধান কৰিলে আন পৃষ্ঠাকৈহে পোনাই দিয়া পৃষ্ঠাৰ এক শিৰোনামা। সমাৰ্থক শব্দৰ ক্ষেত্ৰত আৰু সংযোগৰ সুবিধাৰ বাবে এনে কৰা হয়। খোল খোৱা গন্তব্য পৃষ্ঠাখনৰ শিৰোনামাৰ তলত পুনঃনিৰ্দেশিত শিৰোনামাটো দেখুওৱা হয়। যেনে- শ্ৰীমন্ত শঙ্কৰদেৱ বিচাৰিলে শ্ৰীমন্ত শংকৰদেৱ পৃষ্ঠাখন খোল খায়। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:পুনঃনিৰ্দেশ চাওক।
বসম্পাদনা কৰক
- বহিঃ সংযোগ/বাহ্যিক সংযোগ - ৱিকিমিডিয়াৰ মালিকীস্বত্ব নথকা ৱেবচাইট বা লিংক। ইয়াৰ বিকল্প হৈছে আভ্যন্তৰীণ সংযোগ/অন্তৰ্সংযোগ, ৱিকিসংযোগ বা ৱিকিপিডিয়াৰ ভিতৰৰ মুক্ত সংযোগ, আৰু ভগ্নী প্ৰকল্পলৈ আন্তঃসংযোগ।
- বেটুপাত - "প্ৰথম পৃষ্ঠা" চাওক।
ভসম্পাদনা কৰক
- ভঙা সংযোগ - অস্তিত্বহীন পৃষ্ঠালৈ থকা সংযোগ বা লিংক; সাধাৰণতে ৰঙা ৰঙেৰে বুজোৱা হয়।
- ভগ্নী প্ৰকল্প- ৱিকিপিডিয়াৰ লগত সম্পৰ্ক থকা আন ৱিকি প্ৰকল্প। বেটুপাতত এইসমূহৰ তালিকা দিয়া আছে।
- স্থানাংক - কোনো ঠাইৰ বিষয়ে লিখা প্ৰবন্ধত স্থানাংক (coordinates) দিয়া থাকিব পাৰে। তাত ক্লিক কৰিলে সেই স্থানৰ মানচিত্ৰৰ তালিকা খোল খায়।
মসম্পাদনা কৰক
- মিডিয়াৱিকি - ৱিকিপিডিয়া, ইয়াৰ ভগ্নী প্ৰকল্পসমূহ আৰু ৱিকিমিডিয়াৰ লগত সম্পৰ্ক নথকা আন বহু প্ৰকল্পৰ গুৰিবঠাস্বৰূপ ছফ্ট্ৱেৰ।
যসম্পাদনা কৰক
- যিকোনো পৃষ্ঠা - প্ৰায়বোৰ আৱৰণতে প্ৰতিখন পৃষ্ঠাৰ বাঁওফালে থকা এটা সংযোগ। ইয়াত ক্লিক কৰিলে অপূৰ্বনিৰ্ধাৰিতভাৱে বা যাদৃচ্ছিকভাৱে এটা প্ৰবন্ধ খোল খায়।
ৰসম্পাদনা কৰক
- ৰঙা সংযোগ - অস্ত্বিত্ব নথকা পৃষ্ঠাৰ ৱিকিসংযোগবোৰ ৰঙা দেখা যায়। "নীলা সংযোগ" চাওক।
ৱসম্পাদনা কৰক
- ৱিকি - এক ধৰণৰ ৱেবচাইট য'ত সৰল মাৰ্ক্আপ ভাষাৰে ব্ৰাউজাৰৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এখন নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এখন সম্পাদনা কৰিব পাৰি। ৱিকিপিডিয়াই হৈছে ৱিকিৰ অন্যতম উদাহৰণ।
- 'ৱিকিফাই' - ৱিকি চিহ্নসমূহেৰে প্ৰবন্ধ এটা সজাই তোলা। মাজ-সময়ে ইয়াক আভ্যন্তৰীণ সংযোগ (ৱিকিলিংক) দিয়া বুজাবলৈও ব্যৱহাৰ কৰা হয় কিন্তু ইয়াৰ অৰ্থ তাতে সীমাবদ্ধ নহয়। ৱিকিফাই কৰাটোৱে ৱিকিপিডিয়াৰ শিৰোনাম শৈলী ব্যৱহাৰ, তথ্যপেৰা যোগ, আখৰ গাঢ় বা হেলনীয়া কৰা, সাঁচ যোগ আদিও বুজায়।
- ৱিকিগ্ৰন্থ - ৱিকিপিডিয়াৰ এক ভগ্নী প্ৰকল্প যিয়ে বিনামূলীয়া পাঠ্যপুথি, হাতপুথি, বা আন লেখাৰ অনলাইন বিকাশৰ ওপৰত গুৰুত্ব দিয়ে।
- ৱিকি উৎস - স্বত্বাধিকাৰৰ আওতাৰ পৰা মুক্ত লিখনিৰ অনলাইন সংকলন তৈয়াৰ কৰা ৱিকিপিডিয়াৰ এক ভগ্নী প্ৰকল্প।
- ৱিকিসংযোগ - ৱিকিপিডিয়াৰ ভিতৰৰে আন পৃষ্ঠালৈ থকা আভ্যন্তৰীণ সংযোগ।
- বাটচ'ৰা - ৱিকিপিডিয়াৰ এক মুখ্য প্ৰকল্প পৃষ্ঠা। বেটুপাতৰ তলফালে ইয়াক "অসমীয়া ৱিকিপিডিয়াৰ বাটচ'ৰা" বুলি দেখা পাব। ইয়াত শেহতীয়া সহযোগিতামূলক কামৰ খতিয়ান, কৰিব লগা কাম, বা আন তথ্য আৰু সমল লিপিবদ্ধ কৰা থাকে। কাম কৰিবলৈ বা পঢ়িবলৈ প্ৰবন্ধ এটা নিৰ্বাচন কৰাৰ বাবে ই এক উপযুক্ত স্থান।
শসম্পাদনা কৰক
- শ্ৰেণী - একে ধৰণৰ বিষয়ৰ পৃষ্ঠাসমূহৰ সংগ্ৰহ। শ্ৰেণী টেগ্সমূহ শ্ৰেণী:অসমীয়া চলচ্চিত্ৰৰ দৰে দেখা যায় আৰু ইয়াক পৃষ্ঠা এখনৰ তলফালে লিখা হয়। ":"ৰ পিছত থকা অংশটো শ্ৰেণীটোৰ নাম। প্ৰাথমিক শ্ৰেণীসমূহৰ নাম শ্ৰেণী:প্ৰধান শ্ৰেণীত পাব।
- শেহতীয়া সালসলনি - ৱিকিপিডিয়াৰ সম্পাদকসকলে সালসলনি কৰা প্ৰবন্ধসমূহৰ সাম্প্ৰতিক তালিকা।
সসম্পাদনা কৰক
- সম্পাদক - ৱিকিপিডিয়াত প্ৰবন্ধ লিখা বা আন সানসলনি কৰা যিকোনো ব্যক্তি।
- সদস্য/ব্যৱহাৰকাৰী - ৱিকিপিডিয়াত একাউণ্ট খোলা এজন সম্পাদক।
- সংযোগ - আন পৃষ্ঠা খুল খোৱা ৰঙীন আখৰৰ এক হাইপাৰলিংক। ৱিকিপিডিয়াত ৱিকিসংযোগ, বহিঃসংযোগ, আন্তঃভাষিক সংযোগ বা ভগ্নী প্ৰকল্পলৈ সংযোগ আছে।
- সুৰক্ষিত পৃষ্ঠা - কেৱল প্ৰশাসক বা কোনো ক্ষেত্ৰত নিৰ্ধাৰিত সদস্যইহে সম্পাদনা কৰিব পৰা এখন পৃষ্ঠা। সাধাৰণতে সম্পাদনা যুঁজ ক্ষান্ত কৰিবলৈ এনে কৰা হয়।
সূচী |
---|