অতনু ভট্টাচাৰ্য (জন্ম: ১৯৬৭- ) (ইংৰাজী: Atanu Bhattacharyya) একাধাৰে কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। শিক্ষকতা বৃত্তিৰ পৰা স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰৰ সৈতে জড়িত হোৱা ভট্টাচাৰ্যই বৰ্তমান সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। ভট্টাচাৰ্য একবিংশ শতিকাৰ এজন উল্লেখযোগ্য কবি আৰু গল্পকাৰ। বৰ্তমানলৈকে তেখেতৰ ৪খন কবিতাৰ পুথি, ৪খন গল্পপুথিৰ উপৰিও অন্যান্য সৃষ্টিশীলমূলক প্ৰবন্ধ সংকলন, সাক্ষাৎকাৰমূলক গ্ৰন্থ প্ৰকাশ হৈছে।[1] ‘বাৰ্তালাপ’ শীৰ্ষক সাক্ষাৎকাৰসমূহ (সাতসৰী আলোচনীত প্ৰকাশিত)ৰ তিনিটা সংকলন তেওঁ যুগুতাই উলিয়াইছে ২০১৯ চনত।[2] তেখেতে ২০০৭ চনত আৰম্ভ কৰে গল্পকথা নামৰ এটি গল্প পাঠৰ অনুষ্ঠান। গল্পকথন আৰু গল্পপঠনৰ এই অনুষ্ঠানটোৰ সংগীত আৰু কথনত (২০১৪ চনৰপৰা) সহযোগ কৰে বিশিষ্ট কণ্ঠশিল্পী মিতালী দেই।

অতনু ভট্টাচাৰ্য
পেচা সম্পাদক, সাংবাদিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'Journalism and Mass Communication' বিভাগৰপৰা মাষ্টাৰ ডিগ্ৰী
বিষয় কবি, গল্পকাৰ, সম্পাদক, গল্পকথক

জন্ম সম্পাদনা কৰক

তেখেতৰ জন্ম হৈছিল ১৪ জুন, ১৯৬৭ চনত। জন্ম স্থান- শ্বিলং। পিতৃৰ নাম- শ্যামাবল্লভ ভট্টাচাৰ্য আৰু মাতৃৰ নাম গীতা দেৱী।

শিক্ষা সম্পাদনা কৰক

তেওঁ গোৱালপাৰাৰ পৃথ্বিৰাম চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। হায়াৰছেকেণ্ডৰী পৰীক্ষাত উত্তীৰ্ণ হয় কটন কলেজৰ পৰা আৰু গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে গোৱালপাৰা কলেজৰপৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল যদিও চৰকাৰী চাকৰি লাভ কৰাত সেই শিক্ষা আধৰুৱা হৈ ৰয়। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'Journalism and Mass Communication' বিভাগৰপৰা মাষ্টাৰ ডিগ্ৰী গ্ৰহণ কৰে।

সামাজিক জীৱন সম্পাদনা কৰক

গোৱালপাৰাত প্ৰায় বিশ বছৰকাল চৰকাৰী হাইস্কুলৰ চাকৰি কৰি পৰৱৰ্তী সময়ত স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ সৈতে জড়িত হয়। পৰৱৰ্তী সময়ত তেওঁ আছাম স্কুল অৱ জাৰ্ণেলিজিমত Academic Consultant হিচাপে কাম কৰে। এবছৰ আছাম স্কুল অৱ জাৰ্ণেলিজিমত কাম কৰাৰ পাছত বৰ্তমান তেওঁ প্ৰতিদিন গোষ্ঠীৰপৰা প্ৰকাশিত ‘সাতসৰী’ আলোচনীৰ কাৰ্যকৰী সম্পাদক হিচাপে কৰ্মৰত।

সাহিত্যৰাজি সম্পাদনা কৰক

কবিতাৰ পুথি সম্পাদনা কৰক

  • সহযোদ্ধা, ১৯৯১
  • অশ্লীল ৰাতিৰ কবিতা, ১৯৯৫
  • জীৱনৰ ভগ্নাংশ, ২০০১
  • প্ৰাপ্তি-অপ্ৰাপ্তি, ২০০৮

গল্প সংকলন সম্পাদনা কৰক

  • ওভতনি যাত্ৰা আৰু অন্যান্য গল্প, ২০০৪
  • নীলাৰ কাৰণে অলপ ভালপোৱা, ২০০৬
  • বৰষুণৰ চেতাৰ, ২০০৮
  • চেঁকুৰ, ২০১৩
  • ৰধুনাথ,কাপোৰ পিন্ধা,২০২১

ব্যক্তিগত ৰচনা সম্পাদনা কৰক

  • জীৱন আজীৱন, ২০১০

প্ৰবন্ধ সংকলন সম্পাদনা কৰক

  • সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি, প্ৰকাশ-২০১৫

সাক্ষাৎকাৰমূলক গ্ৰন্থ সম্পাদনা কৰক

  • বাৰ্তালাপ-১, প্ৰকাশ- নৱেম্বৰ, ২০১৯
  • বাৰ্তালাপ-২, প্ৰকাশ- নৱেম্বৰ, ২০১৯
  • বাৰ্তালাপ-৩, (সহযোগী- মিতালী দে), প্ৰকাশ- নৱেম্বৰ, ২০১৯

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • অন্তৰ্লিপি সাহিত্য সন্মান, ২০১৩

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অতনু ভট্টাচাৰ্য (২০১৫). সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি. প্ৰকাশক গুৱাহাটী: আঁক-বাক. পৃষ্ঠা. বেটুপাত. 
  2. সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি, বেটুপাত, ২০১৫, প্ৰথম প্ৰকাশ