সাধাৰণ ব্লুবটল (ইংৰাজী: Common Bluebottle or blue triangle, বৈজ্ঞানিক নাম-Graphium sarpedon) এবিধ চাতকনেজীয়া (Swallowtail Butterfly) পখিলাৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কিছু কিছু অংশত দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বতে ইয়াৰ কমেও ১৬ বিধমান উপ-প্ৰজাতি পোৱা যায়৷

সাধাৰণ ব্লুবটল (Common bluebottle)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Graphium
প্ৰজাতি: G. sarpedon
বৈজ্ঞানিক নাম
Graphium sarpedon
(Linnaeus, 1758)

বিৱৰণ সম্পাদনা কৰক

সাধাৰণ ব্লুবটল ৰ ওপৰৰ অংশ গাঢ় ক’লা বৰণৰ (opaque black)৷ তলৰ অংশ গাঢ় মটিয়া হয়৷ [1]ইয়াৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ৫৫-৭৫ মিমি৷ ইয়াৰ আগ আৰু পাছফালৰ অংশ (fore and hind wings)ত এটা নীলা বা নীল-সেউজীয়া বৰণৰ ত্ৰিভুজাকাৰ কেন্দ্ৰীয় ফোঁট (central spot) থাকে ৷ এই ত্ৰিভুজাকাৰ অংশটোৰ জোঙা ফালটো পখিলাটোৰ মূল দেহটোৰ ফালে মুখ কৰি থাকে৷

বিস্তৃতি সম্পাদনা কৰক

 
দক্ষিণ ভাৰতীয় সাধাৰণ ব্লুবটলৰ প্ৰকাৰ(race)

এই পখিলাবিধ সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে৷ ইয়াৰ বিভিন্ন উপ-প্ৰজাতি ভাৰত আৰু শ্ৰীলংকা (G. s. sarpedon আৰু teredon), চীন আৰু টাইৱান (G. s. semifasciatus আৰু connectens), জাপান (G. s. nipponum), ইণ্ডোনেছিয়া তথা নিউ গিনি (G. s. messogis), আৰু অষ্ট্ৰেলিয়া (G. s. choredon) ত দেখা পোৱা যায়৷

ভাৰতবৰ্ষত ই দক্ষিণৰ দাক্ষিণাত্য (Western Ghats)ৰ পৰা কাশ্মীৰৰ হিমালয় পৰ্যন্ত বিস্তৃত হৈ আছে৷

বাসস্থান সম্পাদনা কৰক

এই পখিলাবিধ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ১৬০০ মিটাৰৰ তলৰ সেমেকা বৰ্ষাৰণ্যত দেখা পোৱা যায়৷ এনে ঠাইসমূহত ইয়াক গছৰ উচ্চতাতকৈ কিছু ওপৰত (above tree canopy) উৰা দেখা পোৱা যায়৷

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

সাধাৰণ ব্লুবটল পখিলাৰ পলুৱে সাধাৰণতে ল’ৰেচি (Lauraceae), মিৰটেচি (Myrtaceae), চেপ’টেচি (Sapotaceae) আৰু ৰুটেচি (Rutaceae) আদি গোত্ৰ বিভিন্ন উদ্ভিদৰ পাত খাই জীয়াই থাকে৷ বিশেষকৈ G.s. sarpedon আৰু G.s. teredonনামৰ উপ-প্ৰজাতি দুটাই দালচেনি (cinnamon), Cinnamomum zeylanicum, Litsea sebifera আদি গছৰ পাত খাই বুলি জনা যায়৷

মতা পখিলাবোৰে বাটৰ কাষত বা পানীৰ ডোঙাৰ চাৰিওকাষে জুম পাতি পৰি খাদ্য খোৱা দেখিবলৈ পোৱা যায়৷ পূৰ্ণবয়স্ক পখিলাই ফুলৰ মৌ আদি খায়৷ [2]

 
তামিলনাডুত বোকাৰ চাৰিওকাষে জুমপাতি খাদ্য গ্ৰহণ কৰি থকা (Mud puddling ) অৱস্থাত

প্ৰব্ৰজন সম্পাদনা কৰক

সাধাৰণ ব্লুবটল পখিলাই দক্ষিণ ভাৰতলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়৷ নিলিগিৰি পাহাৰত কৰা এটা অধ্যয়নত এই পখিলাবিধে মুঠ প্ৰব্ৰজনকাৰী পখিলাৰ প্ৰায় ৫% অধিকাৰ কৰি আছে বুলি জনা গৈছে৷ [3]

 

তথ্যসূত্ৰ সম্পাদনা কৰক

 
Subspecies G. s. bingham Woodcut from The Fauna of British India, Including Ceylon and Burma
  1. Bingham, C. T. (1907) The Fauna of British India, Including Ceylon and Burma. Butterflies. Volume 2.
  2. Kunte, K. 2006. Additions to known larval host plants of Indian butterflies. J. Bombay Nat. Hist. Soc. 103(1):119-120
  3. Mathew, G.; Binoy, C.F. (2002). "Migration of butterflies (Lepidoptera: Rhopalocera) in the New Amarambalam Reserve Forest of the Nilgiri Biosphere Reserve". Zoos' Print Journal খণ্ড 17 (8): 844–847. Archived from the original on 2018-06-01. https://web.archive.org/web/20180601233051/http://www.zoosprint.org/ZooPrintJournal/2002/August/844-847.pdf। আহৰণ কৰা হৈছে: 2013-10-07. 

লগতে চাওক সম্পাদনা কৰক

  • Krushnamegh Kunte (2005) Butterflies of Peninsular India. Universities Press.
  • Meena Haribal (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • W.H. Evans (1932) The Identification of Indian Butterflies, 2nd Ed. Bombay Natural History Society, Madras

বাহ্যিক সংযোগ সম্পাদনা কৰক

.