সীতানাথ ব্ৰহ্মচৌধুৰী (ইংৰাজী: Sitanath Brahmachoudhury) অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল[1]। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল[2]

সীতানাথ ব্ৰহ্মচৌধুৰী
জন্ম ৮ অক্টোবৰ, ১৯০৮
ভালুকমাৰী গাঁও, কোকোৰাঝাৰ, অসম
মৃত্যু ২৩ নৱেম্বৰ, ১৯৮২
পেচা কবি, লেখক, সমাজকৰ্মী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰত
সাহিত্যিক বিপ্লৱ ভাৰতৰ স্বাধীনতা আন্দোলন

চমু জীৱনীসম্পাদনা কৰক

৮ অক্টোবৰ, ১৯০৮ চনত কোকোৰাঝাৰ জিলাৰ ভালুকমাৰী গাঁৱত তেখেতৰ জন্ম হয়[2]। ১৯৩০ চনত শিৱসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয়[2]। পাছত কটন কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৯ চনত বঙাইগাঁৱৰ বীৰবনৰা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰি তাতেই শিক্ষকতা আৰম্ভ কৰিছিল[1]। ১৯৪৬ চনত ধুবুৰী লোকেল ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাম কৰাৰ পিছত ১৯৫২ চনত লোকসভালৈ নিৰ্বাচিত হয়। ১৯৮১ (তিনিচুকীয়া অধিবেশন) আৰু ১৯৮২ (ডিফু অধিবেশন) চনত তেখেতে দুবাৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰে[3]। ১৯৮২ চনৰ ২৩ নৱেম্বৰত তেখেতৰ মৃত্যু হয়[2]


ৰাজনৈতিক জীৱনসম্পাদনা কৰক

সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ৰূপে জড়িত আছিল। ১৯৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনত তেখেত গোৱালপাৰা গাৰো পাহাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল[1]

প্ৰকাশিত গ্ৰন্থসম্পাদনা কৰক

প্ৰকাশিত গ্ৰন্থৰ ভিতৰত কদম কলি, আবেগৰ চকুলো, ফুলেশ্বৰী দৈমাৰী আদি অন্যতম।


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 অসমীয়া প্ৰতিদিন, প্ৰবন্ধ: সীতানাথ ব্ৰহ্মচৌধুৰী সামাজিক সহিষ্ণুতাৰ প্ৰতীক, লিখক: জনকলাল বসুমতাৰী, পৃষ্ঠা- ৯, দিনাংক: ১৮ নৱেম্বৰ, ২০১২
  2. 2.0 2.1 2.2 2.3 সীতানাথ ব্ৰহ্মচৌধুৰী, লিখক অভিজিত বৰা বিপুলজ্যোতি ডট ইন ৱেবছাইটত, আহৰণ: ১৮ নৱেম্বৰ, ২০১২
  3. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২