সুবচনী পূজা
সুবচনী পূজা (ইংৰাজী: Subachani Puja) অসম, পশ্চিমবংগ আদি ভালেমান ঠাইত পালন কৰা হয়৷ বিঘিনিনাশক এই পূজা হিন্দু সমাজৰ মহিলাকেন্দ্ৰিক অনুষ্ঠান যদিও অসমৰ কোনো কোনো ঠাইত বুঢ়া মহাদেউৰ বাবেও পূজা-অৰ্চনা কৰা হয়৷ বাঙালী হিন্দু মহিলাসকলে ঘৰত নৱবিবাহিত দম্পতীৰ মঙ্গলকামনাত এই পূজা পাতে৷ বছৰৰ সকলো সময়তে এই পূজা কৰা যায়৷[1] অসমৰ নামনি অঞ্চলৰ কোনো কোনো ঠাইত সু-পতি পাবৰ বাবে ঘৰৰ চোতালত সুবচনী পূজা পাতে৷ কেতিয়াবা এই পূজা আই থানতো পতা দেখা যায়৷ এই পূজাত প্ৰসাদ হিচাপে পৰমান্ন আৰু তামোল-পাণ দিয়া হয়৷[2] অসমত আহোমসকলে দুৰ্গাদেৱীৰ পূজা সুবচনী নামেৰে কৰিছিল আৰু আহোম আৰু অসমীয়া স্তুতি মন্ত্ৰেৰে এই পূজা লৌকিক ৰূপত কৰিছিল৷ ৰজাঘৰতো সুবচনী পূজা অনুষ্ঠিত হৈছিল৷[3] অসমৰ ৰাজবংশী সম্প্ৰদায়ৰ মাজত সুবচনী পূজা কৰাটো স্ত্ৰী আচাৰৰ ভিতৰত পৰে৷ এই পূজা কৰিলে কোনো ধৰণৰ বিপদ-আপদ নহয় বুলি বিশ্বাস কৰা হয়৷ ৰাজবংশীসকলে সুবচনী পূজা মনোকামনা অনুসৰি দুই ধৰণে পালন কৰে৷ “সুৰাপূজা’’ বা “খাৰাপূজা’’ আৰু “পূৰ্ণপূজা’’৷ সুৰাপূজাত কেৱল “গুৱা-পাণ’’ নৈবেদ্য হিচাপে আগবঢ়োৱা হয়৷ ইয়াত আন প্ৰসাদ বা নৈবেদ্য বস্তু একো নালাগে৷ পূৰ্ণপূজাত মাটিৰ দেৱীমূৰ্তি সাজি পৰম্পৰাগত নিয়মেৰে পূজা কৰা হয়৷[4]
উজনি অসমত আহোমসকলে পূজা দুইধৰণে পালন কৰে, এটা হ’ল, সৃষ্টি শক্তি সত্তা আৰু আনটো বৌদ্ধিক সত্তা৷ সৃষ্টি শক্তি সত্তাত কল্পিত দেৱ-দেৱীৰ সন্তুষ্টিৰ বাবে জীৱ বলি দিয়া হয়৷ আনহাতে বৌদ্ধিক সত্তাৰ পূজাত কেৱল ফলাহাৰ দিয়ে৷ সুবচনী পূজাত বলি দিয়া হয় এই পূজাৰ বাবে চোতাল বা ঘৰৰ ভিতৰ কোঠালিত কাপোৰেৰে বেঢ়ি বেদী স্থাপন কৰে৷ চোঁৱৰ আবৃত চন্দ্ৰতাপ, চাৰিটা খুঁটিত চাৰিটা কলপুলি, চাৰিজোপা কুঁহিয়াৰ পুলি, চাৰিজোপা বাঁহপুলি পুতি চাৰিওকাষে আমপাত ওলোমাই দিয়া হয়৷ মূল বেদীৰ চৌপাশে চাৰিটা বাঁহৰ ঘট, এঁৱা টেকেলিৰ ঘট আৰু চৰু স্থাপন কৰে৷ দেৱীৰ সাজ এখন শৰাইত সজাই থোৱা হয়৷ পূজাৰ সামগ্ৰী হিচাপে গৃহস্থই টংলতি, তুলসী, কল দহ আষি, কুকুৰাচৰাই, বুঢ়া মহাদেউৰ বাবে হাঁহ, জীয়া মাছ, কেঁচা পিঠাগুড়ি তামোল-পাণ, সোণ-ৰূপৰ অলংকাৰ, পইচা, পানী, চাকি-ধূপ-ধূনা, কলপাত আদি সকলো বস্তু পুৰোহিতক গতাই দিয়ে৷ পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰি বলি দিয়ে৷ সুবচনী পূজাত বলি একেঘাপে কাটিব লাগে৷ বলিৰ অন্তত প্ৰসাদসমূহ চাৰিটা ভাগত থোৱা হয়৷ এভাগ গৃহস্থৰ, এভাগ পুৰোহিতৰ আৰু বাকী দুভাগ ৰাইজৰ বাবে৷ ইয়াৰ পিছত আন এটা অনুষ্ঠান “কনাই বৰশী বোৱা’’ কাৰ্য কৰে৷ কনাই বৰশী বাই মাছ উঠিল বুলি উচ্চাৰণ কৰাৰ লগে লগে গৃহস্থই ধন, সোণ, ফুল ছটিয়াই বেদী ওপচাই দিয়ে৷ ইয়াৰ পিছত দেৱীক নিজস্থানলৈ যাবলৈ দি পুৰোহিতে স্তুতি কৰি পুনৰ পুনৰ সেৱা কৰে৷[5]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ চৌধুৰী, দুলাল (২০০৪). বাংলাৰ লোকসংস্কৃতিৰ বিশ্বকোষ. একাডেমী অফ ফকলোৰ, কলিকতা. পৃষ্ঠা. ২৩৫.
- ↑ বৰদলৈ, নিৰ্মলপ্ৰভা (২০০৪). অসমৰ লোকসংস্কৃতি. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৮৩.
- ↑ গগৈ, ড° লীলা (২০২১). অসমৰ সংস্কৃতি. বনলতা. পৃষ্ঠা. ১৪৩. ISBN 978-91-7339-078-9.
- ↑ ভকত, ড° লাবণ্য (২০২১). কোচ-ৰাজবংশী লোকসংস্কৃতি কোশ. বনমালী প্ৰকাশন. পৃষ্ঠা. ৭৫. ISBN 978-93-81678-81-7.
- ↑ গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল.