সুমতী আই
সুমতী আই(ইংৰাজী: Sumati Aai) অসমৰ বৈষ্ণৱ যুগৰ এগৰাকী ধৰ্মপ্ৰাণা মহিলা৷ তেওঁৰ পিতৃ বৰপেটা জিলাৰ সৰুপেটাৰ ওচৰৰ কুৰোবাহা গাঁৱৰ বংশী ঠাকুৰীয়া৷ সুমতী আইৰ আন এটা নাম যশোমতী৷[1] তেওঁৰ পুত্ৰৰ নাম বলাই আছিল বাবে জনসমাজত পিছলৈ তেওঁ ’বলাই মাতৃ’ নামেও জনাজাত হৈছিল৷[2][3]
সুমতী আই | |
---|---|
অন্য নাম | যশোমতী, বলাই মাতৃ |
জনা যায় | মথুৰাদাস বুঢ়া আতাৰ পত্নী |
ধৰ্ম | হিন্দু ধৰ্ম |
দাম্পত্যসঙ্গী | মথুৰাদাস বুঢ়া আতা |
পিতৃ-মাতৃ | বংশী ঠাকুৰীয়া |
বিবাহ
সম্পাদনা কৰকসুমতী আইৰ বিবাহ হৈছিল বৃন্দাবনী বস্ত্ৰ নিৰ্মাণৰ “মুখ্যতাঁতী’’, বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ, শিৱসাগৰ জিলাৰ খনাখোকৰা গাঁৱৰ বীৰসাদ আৰু ধৈৰ্যাৰ পুত্ৰ মথুৰাদাস বুঢ়া আতাৰ সৈতে৷ তেওঁলোকৰ এটি পুত্ৰ সন্তান আছিল৷ সন্তানটিৰ অতি কম বয়সতে মৃত্যু হয়৷ এই সন্তানটিৰ নাম ৰখা হৈছিল, বলাই৷ তেওঁৰ নামেৰে সুমতী আইক সকলোৱে ’বলাই মাতৃ’ বুলিছিল৷[1]
সত্ৰৰ দায়িত্ব
সম্পাদনা কৰকবৰপেটা সত্ৰৰ সত্ৰীয়া মথুৰাদাস বুঢ়া আতা সত্ৰৰ বাহিৰত থকা সময়ত আয়ে সত্ৰ পৰিচালনাৰ বাবে দিহা-পৰামৰ্শ দিয়াৰ লগতে সকলো দায়িত্ব পালন কৰিছিল৷ এবাৰ বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ বনপোৰা জুইত জাহ যোৱাৰ পৰত সুমতী আয়ে কীৰ্তন ঘৰৰ অক্ষয় বন্তিগছি ততাতৈয়াকৈ বাহিৰলৈ আনি নুমাব নোৱাৰাকৈ গছাৰ অভাৱত খাগৰিৰে সজা ’তিনি ঠেঙনা’ৰ ওপৰত প্ৰজ্জ্বলিত কৰি ৰাখিছিল৷[3]পিছত নতুনকৈ নিৰ্মাণ কৰা কীৰ্তনঘৰত সেই বন্তিকে স্থাপন কৰা হৈছিল৷
ধৰ্ম প্ৰচাৰত অংশ গ্ৰহণ
সম্পাদনা কৰকসুমতী আই স্বামীৰ পথ অনুসৰণ কৰি মহাপুৰুষীয়া ধৰ্মৰ একান্ত সেৱিকা হৈ পৰিছিল৷ গৃহকাৰ্যৰ পৰা আজৰি পালেই তেওঁ অন্যান্য আইসকলৰ লগত হৰিকথা শ্ৰৱণ-কীৰ্তন কৰাৰ উপৰি ধৰ্মৰ সদাচাৰ নীতি প্ৰচাৰ কৰিছিল৷ সুমতী আয়ে বৰপেটা সত্ৰৰ নিত্য প্ৰসংগত “মহিলাৰ প্ৰসংগ’’ৰ কাৰ্যসূচী আৰম্ভ কৰিছিল৷[2] সেই পৰম্পৰা আজিও বৰপেটা সত্ৰত বৰ্তি আছে৷
গুৰু ভক্তিৰ নিদৰ্শন
সম্পাদনা কৰকসুমতী আয়ে এবাৰ সদায় গুৰুজনাৰ পদধূলি শিৰত ল’ব পৰাকৈ পুত্ৰ বলাইক মাধবদেৱৰ পদধূলা আনিবলৈ পাচিছিল৷ মাধবদেৱে শয়ন কৰাৰ সময়ত বলাইক গা-পা ধুৱাই কচুপাত এটি হাতত দি বেৰৰ মাটি অলপ এৰুৱাই সেইখিনি মাধবদেৱ গুৰুজনাৰ ভৰিত ঘঁহাই আনিবলৈ দিলে যাতে গুৰুৰ পদধূলা হিচাপে তাকেই সদায় ল’ব পাৰে৷ বলায়ে বেৰৰ মাটি এৰুৱাই গুৰুজনাৰ ভৰিত ঘঁহিবলৈ লওঁতেই তেওঁ সাৰ পাই গ’ল আৰু বলাইৰ হাতত ধৰি ক’লে “ আৰে সুন গোৱালেৰ জায়া, বোলএ গোপাল৷ হামাৰ গাএ ধুলা দিল তোমাৰ ছৱাল’’৷ তেতিয়া আঁতৰত ৰৈ থকা সুমতী আয়ে সকলো কথা স্বীকাৰ কৰি মাধবদেৱৰ ওচৰত ক্ষমা বিচাৰিছিল৷ মাধবদেৱে “আৰে শুন গোৱালেৰ জায়া.....’’ শীৰ্ষক বৰগীতটি বৰগীতটি ৰচনা কৰাৰ আঁৰৰ ঘটনাও এইটিয়েই আছিল৷[2][4][1]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 দাস, শ্ৰীঅৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ২.
- ↑ 2.0 2.1 2.2 মহন্ত, প্ৰেমকান্ত (১৯৯৭). গুৰু চৰিতৰ ৰসাল কথা আৰু আইসকল. ষ্টুডেণ্টচ্ ষ্টোৰচ্. পৃষ্ঠা. ১০১. ISBN 81-86494-47-2.
- ↑ 3.0 3.1 ৰায়চৌধুৰী, ড° ভূপেন্দ্ৰ (২০০৭). শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ জীৱন সুৰভি. ৰেখা প্ৰকাশন. পৃষ্ঠা. ৭৫.
- ↑ নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২৯০.