সুশীল চন্দ্ৰা (ইংৰাজী: Sushil Chandra; জন্ম: ১৫ মে' ১৯৫৭) ১৯৮০ চনৰ বেট্চৰ আই আৰ এছ (আই টি) বিষয়া।[2] তেওঁ ভাৰতৰ ২৪ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ইয়াৰ পূৰ্বে তেওঁ প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3][4]

সুশীল চন্দ্ৰা
২৪ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
কাৰ্যকাল
১৩ এপ্ৰিল ২০২১ – ১৪ মে’ ২০২২
ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ
পূৰ্বসূৰী সুনীল আৰোৰা
উত্তৰসূৰী ৰাজীৱ কুমাৰ
ভাৰতৰ নিৰ্বাচন আয়ুক্ত
কাৰ্যকাল
১৫ ফেব্ৰুৱাৰী ২০১৯ – ১২ এপ্ৰিল ২০২১
পূৰ্বসূৰী সুনীল আৰোৰা
উত্তৰসূৰী অনুপ চন্দ্ৰ পাণ্ডে
প্ৰত্যক্ষ কৰ কেন্দ্ৰীয় ব’ৰ্ডৰ অধ্যক্ষ[1]
কাৰ্যকাল
১ নৱেম্বৰ ২০১৬ – ১৪ ফেব্ৰুৱাৰী ২০১৯
পূৰ্বসূৰী ৰাণী সিং নাইৰ
উত্তৰসূৰী প্ৰমোদ চন্দ্ৰ মোদী
ব্যক্তিগত তথ্য
জন্ম ১৫ মে', ১৯৫৭ (৬৭ বছৰ)
Chandausi, Uttar Pradesh, India
শিক্ষানুষ্ঠান IIT Roorkee (B-Tech),
DAV College, Dehradun (LLB)
পেচা Retd. IRS (IT) officer

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

সুশীল চন্দ্ৰৰ জন্ম হৈছিল ১৯৫৭ চনৰ ১৫ মে'ত চন্দাউছি ইউ পি ত। তেওঁ ৰুৰকি বিশ্ববিদ্যালয়ৰ পৰা বি-টেক আৰু ডেৰাডুনৰ ডি এ ভি কলেজৰ পৰা এল এল বি সম্পূৰ্ণ কৰে।[2] তেওঁ আই এম এফ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট বেংগালুৰু আৰু ৱাৰ্টন স্কুলত পৰিচালনাৰ বিভিন্ন প্ৰশিক্ষণতো অংশ লৈছে।[5]

কৰ্মজীৱন

সম্পাদনা কৰক
 
সুশীল চন্দ্ৰ আৰু ভাৰতত থকা কাজাখস্তান গণৰাজ্যৰ ৰাষ্ট্ৰদূত বুলাট ছাৰচেনবায়েভ ডাঙৰীয়াই ভাৰত আৰু কাজাখস্তানৰ মাজত বৰ্তমানৰ ডাবল টেক্সেচন এভয়ডেন্স কনভেনচন (ডিটিএচি) সংশোধনৰ বাবে প্ৰট’কলত স্বাক্ষৰ কৰি থকা অৱস্থাত, নতুন দিল্লীত

সুশীল চন্দ্ৰ আৰু ভাৰতত থকা কাজাখস্তান গণৰাজ্যৰ ৰাষ্ট্ৰদূত বুলাট ছাৰচেনবায়েভ ডাঙৰীয়াই ভাৰত আৰু কাজাখস্তানৰ মাজত বৰ্তমানৰ ডাবল টেক্সেচন এভয়ডেন্স কনভেনচন (ডিটিএচি) সংশোধনৰ বাবে প্ৰট’কলত স্বাক্ষৰ কৰি, নতুন দিল্লীত ভাৰতীয় অভিযান্ত্ৰিক সেৱাত কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছলৈ ভাৰতীয় ৰাজহ সেৱাৰ ১৯৮০ চনৰ বেচত যোগদান কৰে। চেণ্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্সৰ অধ্যক্ষতাত তেওঁ অপাৰেচন ক্লিন মানিত যথেষ্ট অৰিহণা যোগাইছিল।


তেওঁ দিল্লীৰ আয়কৰ (আপিল) আন্তঃৰাষ্ট্ৰীয় কৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ মুম্বাইৰ তদন্ত সঞ্চালক আৰু গুজৰাটৰ তদন্ত সঞ্চালক প্ৰধানো আছিল।[6][7][8] ২০১৯ চনৰ ১৫ ফেব্ৰুৱাৰীত তেওঁ ভাৰতৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে আৰু ২০২১ চনৰ ১৩ এপ্ৰিলত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।[9]


মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে ৫টা নিৰ্বাচনকে ধৰি ১৬টা নিৰ্বাচনত জড়িত হৈ আছে। ২০২২ চনৰ ১৪ মে’ত তেওঁ অৱসৰ গ্ৰহণ কৰে, তেওঁৰ উত্তৰাধিকাৰী ৰাজীৱ কুমাৰ। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক লোকপালৰ অ-ন্যায়িক সদস্য হিচাপে নিযুক্তি দিয়া হয় আৰু ২০২৭ চনৰ ১৪ মে'লৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰে।[10]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. Pandey, Devesh K. (14 February 2019). "CBDT chief Sushil Chandra appointed as Election Commissioner". The Hindu. https://www.thehindu.com/news/national/cbdt-chief-sushil-chandra-appointed-as-election-commissioner/article26269650.ece. 
  2. 2.0 2.1 "Sushil Chandra Appointed Chief Election Commissioner After Sunil Arora Demits Office". The Wire. https://thewire.in/politics/sushil-chandra-appointed-chief-election-commissioner-after-sunil-arora-demits-office। আহৰণ কৰা হৈছে: 2021-04-14. 
  3. Nath, Damini (12 April 2021). "Sushil Chandra appointed Chief Election Commissioner". The Hindu. https://www.thehindu.com/news/national/sushil-chandra-appointed-chief-election-commissioner/article34303884.ece. 
  4. "Who is Sushil Chandra? Know your new chief election commissioner". Hindustan Times. 12 April 2021. https://www.hindustantimes.com/india-news/who-is-sushil-chandra-know-your-new-chief-election-commissioner-101618247049192.html. 
  5. "Shri Sushil Chandra". Election Commission of India. https://eci.gov.in/honble-commission/shri-sushil-chandra-r10/. 
  6. "Sushil Chandra takes charge as new CEC". 14 April 2021. https://indianexpress.com/article/india/sushil-chandra-takes-charge-as-new-cec-7272566/. 
  7. "Shri Sushil Chandra takes over as new Election Commissioner". Press Information Bureau, Government of India. 2019-02-15. http://pib.nic.in/newsite/PrintRelease.aspx?relid=188634. 
  8. "Shri Sushil Chandra takes over as the Chairman, Central Board of Direct Taxes (CBDT).". Press Information Bureau, Government of India. 2016-11-01. http://pib.nic.in/newsite/PrintRelease.aspx?relid=153169. 
  9. "Sushil Chandra succeeds Sunil Arora as CEC, to take charge from tomorrow | India News - Times of India" (en ভাষাত). The Times of India. Apr 12, 2021. https://timesofindia.indiatimes.com/india/sushil-chandra-to-succeed-sunil-arora-as-cec-to-take-charge-on-april-13/articleshow/82034726.cms। আহৰণ কৰা হৈছে: 2021-05-13. 
  10. "Ex-SC judge Justice A M Khanwilkar appointed Lokpal chairperson" (en ভাষাত). Hindustan Times. 2024-02-27. https://www.hindustantimes.com/india-news/exsc-judge-justice-a-m-khanwilkar-is-now-lokpal-chairperson-101709043679491.html। আহৰণ কৰা হৈছে: 2024-03-11.