সূৰ্য গ্ৰহণ

(সূৰ্যগ্ৰহণৰ পৰা পুনঃনিৰ্দেশিত)

সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ নিজ কক্ষপথত আবৰ্তন কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰ যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিবীৰ কোনো দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে (কিছু সময়ৰ বাবে)। এই ঘটনাকে সূৰ্যগ্ৰহণ বোলা হয়। অমাবশ্যাৰ পাছত ন-জোন ওলোৱাৰ সময়তে এই ঘটনা ঘটে। পৃথিৱীত প্ৰতি বছৰে অন্তত দুটাৰ পৰা পাচঁটা সূৰ্যগ্ৰহণ হোৱা দেখা যায়। অৱশ্যে দুটাতকৈ অধিক পূৰ্ণগ্ৰাস দেখা নাযায়।[1] সাধাৰণতে এবছৰত এই ঘটনা দুইৰ পৰা সৰ্বোচ্চ পাঁচ বাৰ পৰ্যন্ত হ’ব পাৰে। ইয়াৰে পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ শূন্যৰ পৰা দুবাৰ হ’ব পাৰে। পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ সাধাৰণতে অতি বিৰল।

পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণৰ জ্যামিতি (স্কেলত নাই)
১১ আগষ্ট ১৯৯৯ চনৰ পূৰ্ণাগৰহ সৰ্য গ্ৰহণ

প্ৰকাৰসম্পাদনা কৰক

'পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ এই গ্ৰহণত সূৰ্যটো চন্দ্ৰৰ দ্বাৰা সম্পূৰ্ণ ৰূপে ঢাক খায়।

সমকোণীয় পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণঃ এই গ্ৰহণ পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণৰ দৰে সূৰ্য, পৃথিৱী আৰু সূৰ্য একে ৰেখাত থাকে যদিও চন্দ্ৰই সূৰ্যক সম্পূৰ্ণ ঢাকিব নোৱাৰে। চন্দ্ৰৰ আপেক্ষিক আকাৰ সূৰ্যতকৈ সৰু হয়, ফলত এই গ্ৰহণ উজ্জ্বল আঙঠি এটাৰ দৰে দেখা যায়।

হাইব্ৰিড সূৰ্য গ্ৰহণঃ এই গ্ৰহণ পূৰ্ণাগ্ৰহ গ্ৰহণ আৰু সমকোণীয় পূৰ্ণাগ্ৰহ গ্ৰহণৰ মিশ্ৰণ। পৃথিৱীৰ কিছু অংশৰ পৰা এই গ্ৰহণ পূৰ্ণাগ্ৰহ হিচাপে দেখা যায় আৰু আন কিছু অংশৰ পৰা সমকোণীয় পূৰ্ণাগ্ৰহ গ্ৰহণ হিচাপে দেখা যায়। এনে সূৰ্য গ্ৰহণ অতি বিৰল।

আংশিক সূৰ্য গ্ৰহণঃ এই গ্ৰহণত সূৰ্যটো চন্দ্ৰৰ দ্বাৰা আংশিক ভাবে ঢাক খায়।

ইতিহাসসম্পাদনা কৰক

পুনৰাবৃতিৰ চক্ৰসম্পাদনা কৰক

বেবীলনীয় সভাতাৰ সময়ৰ পৰা মানুহে সূৰ্যগ্ৰহণৰ পৰ্যায়কাল নিৰ্ণয় কৰাৰ প্ৰমাণ পোৱা যায়। খ্ৰীঃ পূৰ্ব ১০০০তে সূৰ্যগ্ৰহণৰ পূৰ্বাভাস মানুহে দিব পাৰিছিল। এই সময়ৰ কেলেণ্ডাৰপ্ৰস্তুত কৰা জ্যোতিষী সকলে গ্ৰহণ সম্বন্ধে এটা আশ্চৰ্যকৰ মিল লক্ষ্য কৰে। তেওঁলোকে দেখে যে ১৮ বছৰ ১০ দিন মূৰে মূৰে একেধৰণৰ গ্ৰহণৰ পুনৰাবৃতি হয়। এনেদৰে পুনৰাবৃবিৰ চক্ৰৰ পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণক চিহ্নিত কৰাৰ প্ৰথা আৰম্ভ হয়। [2] পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণত হঠাৎ দিনতেই ৰাতিৰ আন্ধাৰ নামি আহে আৰু চাৰিওফালৰ প্ৰাকৃকিত পৰিবেষত অনুৰূপ পৰিৱৰ্তন আহে। বতাহৰ গতি স্থিৰ হোৱা দেখা যায় আৰু হঠাৎ তাপমাত্ৰাও কমা দেখা যায়, চৰাই বাহঁলৈ উভটাৰ দৃশ্য এই সময়ত দেখা যায়।


বৈজ্ঞানিক ব্যাখ্যাসম্পাদনা কৰক

সূৰ্য গ্ৰহণ প্ৰকৃততে চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীআবৰ্তনৰ বাবে ঘটা এটা আকস্মিক ঘটনা। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব চন্দ্ৰৰ দূৰত্বতকৈ প্ৰায় ৪০০ গুণ অধিক আৰু সূৰ্যৰ ব্যাস চন্দ্ৰৰ ব্যাসতকৈ প্ৰায় ৪০০ গুণ বেছি। সেয়ে চন্দ্ৰ আৰু সূৰ্যৰ আপেক্ষিক আকাৰ পৃথিৱীৰ পৰা প্ৰায় সমান দেখি, প্ৰায় পাৰ্থক্য ০.৫ ডিগ্ৰীৰ। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ কক্ষপথ আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথ উপবৃত্তাকাৰ। সেয়ে বেলেগ বেলেগ সময়ত চন্দৰ আৰু সূৰ্যৰ আপেক্ষিক আকাৰ বেলেগ বেলেগ দেখা যায়। চন্দ্ৰ যেতিয়া পৃথিৱীৰ দূৰৈত অৱস্থান কৰি থাকে অথবা যেতিয়া পৃথিৱী সূৰ্যৰ তুলনামূলক ভাবে ওচৰত অৱস্থান কিৰ থাকে, তেতিয়া সূৰ্য গ্ৰহণ ঘটিলে চন্দ্ৰৰ আপেক্ষিক আকাৰ সূৰ্যতকৈ সৰু হয় আৰু ফলত সমকোণীয় পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ ঘটে। হাইব্ৰিড পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ যেতিয়া এই উপবৃত্তাকাৰ কক্ষপথৰ এটা অংশৰ পৰা আন এটা অংশলৈ চন্দ্ৰ বা পৃথিৱীৰ স্থান সলনি হয় তেতিয়া ঘটিব পাৰে।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Littmann, Mark; Fred Espenak, Ken Willcox (2008). Totality: Eclipses of the Sun. Oxford University Press. পৃষ্ঠা. 18-19. ISBN 0199532095. 
  2. পুনৰাবৃবিৰ চক্ৰৰ ইতিহাস পৃ:৯

অধিক সংযোগসম্পাদনা কৰক

  • Harrington, Philip S. (1997). Eclipse! The What, Where, When, Why and How Guide to Watching Solar and Lunar Eclipses. প্ৰকাশক New York: John Wiley and Sons. ISBN 0-471-12795-7. 
  • Mobberley, Martin (2007). Total Solar Eclipses and How to Observe Them. Astronomers' Observing Guides. প্ৰকাশক New York: Springer. ISBN 978-0-387-69827-4. 
  • Steel, Duncan (1999). Eclipse: The celestial phenomenon which has changed the course of history. প্ৰকাশক London: Headline. ISBN 0-7472-7385-5. 

বাহ্যিক সংযোগসম্পাদনা কৰক

প্ৰৱন্ধটো শুনক (দুটা খণ্ড) · (তথ্য)
 
এই শ্ৰব্য ফাইল 2006-05-03 "সূৰ্য গ্ৰহণ" তাৰিখৰ প্ৰবন্ধৰ 2006-05-03 সংস্কৰণটোৰ, আৰু সেয়ে প্ৰবন্ধৰ সাম্প্ৰতিক পৰিৱৰ্তনসমূহ প্ৰতিফলিত নকৰিবও পাৰে, অধিক তথ্যৰ বাবে (শ্ৰৱণ সাহায্য চাওক)