সেউতী (ইংৰাজী: Xeuti) আছিল অসমীয়া ভাষাত যুগুত কৰা এখনি হাতেলিখা আলোচনী৷ 'সেউতী' অসমৰ প্ৰথমখন হাতেলিখা আলোচনী৷[1] অসমৰ কটন কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ উমৈহতীয়া প্ৰচেষ্টাত ১৯০৭ চনত এই হাতেলিখা আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল৷ 'সেউতী'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সৰ্বেশ্বৰ বৰুৱা৷ আলোচনীখন প্ৰায় আঠবছৰ ধৰি প্ৰকাশ পাইছিল৷

সেউতী
সম্পাদক সৰ্বেশ্বৰ বৰুৱা (প্ৰতিষ্ঠাপক সম্পাদক),
সূৰ্যকুমাৰ ভূঞা,
দণ্ডিনাথ কলিতা,
তাৰক চন্দ্ৰ গোস্বামী
দেশ ভাৰত
ভাষা অসমীয়া

ইতিহাস সম্পাদনা কৰক

১৯০১ চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল৷ সেইসময়ৰ অসমত ছপাশালৰ সংখ্যা মুঠেই কম আছিল৷ সেইকাৰণে শিক্ষানুষ্ঠানসমূহে হাতেলিখা আলোচনী উলিওৱাৰ এটা নবপৰম্পৰাৰ গঢ় দিছিল৷ ১৯০৭ চনত কটন মহাবিদ্যালয়ত সৰ্বেশ্বৰ বৰুৱাই আন সতীৰ্থ শিক্ষাৰ্থীৰ লগ লাগি 'সেউতী' প্ৰস্তুত কৰি উলিয়ায়৷[1] উল্লেখ্য যে, সৰ্বেশ্বৰ বৰুৱাই ১৯০৭ চনৰ প্ৰৱেশিকা পৰীক্ষাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি কটন মহাবিদ্যালয়ত যোগদান কৰে৷ সৰ্বেশ্বৰ বৰুৱাৰ জন্ম হৈছিল ১৮৯১ চনত আৰু দেহাৱসান ঘটিছিল ১৯৭৫ চনত৷ তেখেতে পাছলৈ লখিমপুৰক প্ৰতিনিধিত্ব কৰি অসম বিধান পৰিষদ আৰু অসম বিধানসভাৰ সদস্য হৈছিল৷

আলোচনীখনৰ বিষয় সম্পাদনা কৰক

'সেউতী' আলোচনীতেই সৰ্বেশ্বৰ বৰুৱাই লাচিত বৰফুকনৰ বিষয়ে এটা নিবন্ধ লিখিছিল৷ স্মৰণযোগ্য যে, এইটোৱেই লাচিত বৰফুকনৰ বিষয়ে যুগুত কৰা প্ৰথমটো নিবন্ধ৷ সেইহেতুকে অসমত লাচিত বৰফুকনৰ বিষয়ে চৰ্চা কৰা সৰ্বেশ্বৰ বৰুৱাই বোধহয় প্ৰথমজন ব্যক্তি৷ পৰৱৰ্তী সময়ত আলোচনীখনৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা তাৰক চন্দ্ৰ গোস্বামীয়ে আলোচনীৰ বাবে একাধিক বেটুপাত অংকন কৰিছিল৷ [1]

সম্পাদকসকল সম্পাদনা কৰক

সেউতীৰ কেইগৰাকীমান সম্পাদক হৈছে-

  1. সৰ্বেশ্বৰ বৰুৱা (প্ৰতিষ্ঠাপক)
  2. সূৰ্যকুমাৰ ভূঞা
  3. দণ্ডিনাথ কলিতা
  4. তাৰক চন্দ্ৰ গোস্বামী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 বৈশ্য, পৰেশ (২০ ডিচেম্বৰ, ২০২১). "অসমৰ হাতেলিখা আলোচনীৰ এক দীঘলীয়া ইতিহাস". দৈনিক অসম. প্ৰকাশক গুৱাহাটী. পৃষ্ঠা ৪. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/12/20/dainik-asam/3263/epaper-page-4?infinitescroll=1। আহৰণ কৰা হৈছে: 21 December 2021.