হিন্দু আৰু শিখ ধৰ্মত সেৱা হৈছে নিস্বাৰ্থভাৱে কৰা কামৰ এক ধাৰণা যিটো সম্পন্ন কৰাৰ বাবে কোনো ফলাফল বা বঁটাৰ আশা নহয়। এনে সেৱা আন মানুহ বা সমাজৰ উপকাৰৰ বাবে সম্পাদন কৰিব পাৰি। শব্দটোৰ আন এক ব্যাখ্যা হৈছে- "অন্যৰ প্ৰতি সমৰ্পিততা।" [1] হিন্দু ধৰ্মত ইয়াক কৰ্মযোগ বুলিও কোৱা হয়, যিটো ভাগৱত গীতাত বৰ্ণনা কৰা হৈছে।[2]

অমৃতসৰৰ স্বৰ্ণমন্দিৰত কৰ সেৱা

ব্যুৎপত্তি আৰু ধৰ্মীয় তাৎপৰ্য্য

সম্পাদনা কৰক

সেৱা সংস্কৃত মূল সেৱ-, "সেৱা কৰা"ৰ পৰা আহিছে আৰু ই সমসাময়িক হিন্দু আৰু শিখ ধৰ্ম উভয়তে এক কেন্দ্ৰীয় ধাৰণা।

হিন্দু ধৰ্মত সেৱা মানে নিস্বাৰ্থ সেৱা আৰু প্ৰায়ে কৰ্মযোগ, অনুশাসিত কৰ্ম আৰু ভক্তি যোগ, অনুশাসিত ভক্তিৰ সৈতে জড়িত। সেৱা অন্যান্য সংস্কৃত ধাৰণা যেনে দান, কৰুণা, আৰু দয়াৰ সৈতেও জড়িত।[3] সেৱাক সাধনা বুলি জনাজাত অহংকাৰ অতিক্ৰম কৰা আধ্যাত্মিক অনুশীলনৰ এক প্ৰকাৰ হিচাপেও পৰিবেশন কৰা হয় আৰু আধুনিক হিন্দু ধৰ্মত ই এক বৃহৎ ভূমিকা পালন কৰে।[4] কাৰণ হিন্দু ধৰ্মৰ এটা মূল ধাৰণা হৈছে জন্ম-মৃত্যুৰ চক্ৰ (সংসাৰ)-ৰ পৰা মুক্তি (মোক্ষ) লাভ, আৰু সাধনা হৈছে মুক্তিৰ বাবে কৰা প্ৰচেষ্টা, যিয়ে আনৰ সেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।[5]

শিখ ধৰ্মত সেৱা শব্দৰ অৰ্থ হৈছে "প্ৰেমৰ কাৰ্য্যৰ জৰিয়তে পূজা কৰা, শ্ৰদ্ধা জনোৱা।" শিখ গুৰুসকলৰ লিখনিত সেৱাৰ এই দুটা অৰ্থ (সেৱা আৰু পূজা) একত্ৰিত কৰা হৈছে। সেৱাক ইচ্ছা আৰু উদ্দেশ্য অবিহনে, আৰু নম্ৰতাৰে কৰা প্ৰেমৰ শ্ৰম বুলি আশা কৰা হয়।[6]

শিখ ধৰ্মৰ ধাৰণাত কৰ সেৱাক প্ৰায়ে "স্বেচ্ছামূলক শ্ৰম" বুলি জনা গৈছে। কৰ সেৱাৰ স্বেচ্ছাসেৱকক কৰ সেৱক (স্বেচ্ছাসেৱী শ্ৰমিক) বোলে। কৰ সেৱক হ'ল এনে ব্যক্তি যিয়ে কোনো ধৰ্মীয় কামত নিজৰ সেৱা মুক্তভাৱে আগবঢ়ায়।[7] শিখসকলে ধৰ্ম আৰু সমাজৰ সেৱাত, পৰম্পৰা দানশীলতা আৰু মানৱীয় প্ৰচেষ্টাত লিপ্ত হোৱা লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ কৰ সেৱক শব্দটো ব্যৱহাৰ কৰে। সেৱাদাৰ (পঞ্জাবী: ਸੇਵਾਦਾਰ; বুলিও লিপিবদ্ধ কৰা হয়), আক্ষৰিক অৰ্থত "সেৱা-সমৰ্থক", সেৱা কৰা স্বেচ্ছাসেৱকৰ বাবে আন এটা পাঞ্জাবী শব্দ।[8][9]

নিস্বাৰ্থ সেৱাৰ ধাৰণাটো কেইবাটাও ধৰ্মৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা কাৰণ ঈশ্বৰক নিজৰ লগতে আনৰ মংগলৰ প্ৰতিও আগ্ৰহ থকা বুলি ধৰা হয়; আন মানুহৰ সেৱা কৰাটো পৰোক্ষভাৱে ঈশ্বৰৰ সেৱা কৰা আৰু আনৰ বাবে উপকাৰী ধৰ্মীয় জীৱন যাপন কৰাৰ এক অপৰিহাৰ্য ভক্তিমূলক অভ্যাস বুলি গণ্য কৰা হয়। প্ৰতিটো ধৰ্মৰ লোককে এই সেৱাত অন্তৰ্ভুক্ত কৰা হৈছে।[10]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Schlecker Markus, Fleischer Friederike (14 June 2013). Ethnographies of Social Support. পৃষ্ঠা. 180. ISBN 978-1137330963. 
  2. Phillips, Stephen (26 June 2009). Yoga, Karma, and Rebirth: A Brief History and Philosophy. Columbia University Press. পৃষ্ঠা. 100. ISBN 9780231144841. https://books.google.com/books?id=hlOrAgAAQBAJ&pg=PA100. "Thus outlined, yoga can be done in the world, in all kinds of action done for the sake of sacrifice. Yoga becomes seva, service." 
  3. Jacobsen, Knut A. (2018-05-29) (en ভাষাত), Sevā, Brill, https://referenceworks.brillonline.com/entries/brill-s-encyclopedia-of-hinduism/seva-COM_2050280?lang=fr, আহৰণ কৰা হৈছে: 2022-04-16 
  4. Jacobs, Stephen (2010) (English ভাষাত). Hinduism Today: An Introduction. প্ৰকাশক London: London : Continuum International Publishing. পৃষ্ঠা. 42. ISBN 9786612874345. 
  5. Jacobs, Stephen (2010) (English ভাষাত). Hinduism Today: An Introduction. London : Continuum International Publishing. পৃষ্ঠা. 43. ISBN 9786612874345. 
  6. Virdee, Gurmit Singh (2005). "Labour of love: Kar seva at Darbar Sahib's Amrit Sarover". Sikh Formations: Religion, Culture, Theory খণ্ড 1 (1): 13–28. doi:10.1080/17448720500231409. 
  7. Alter, Stephen (2001). Amritsar to Lahore: A Journey Across the India-Pakistan Border. University of Pennsylvania Press,Incorporated. পৃষ্ঠা. 198. ISBN 9780812217438. https://books.google.com/books?id=snp1LwlbiPsC&pg=PA198. 
  8. "Sewa". Khalsa VA Primary School. 13 December 2018. https://www.khalsaschool.co.uk/sewedars. 
  9. McLeod, W. H. (2009). The A to Z of Sikhism. Scarecrow Press. পৃষ্ঠা. 184. ISBN 9780810863446. https://books.google.com/books?id=vgixwfeCyDAC&pg=PA184. 
  10. Sewa, Selfless Service sikhphilosophy.net.