সৰোজা বৈদ্যনাথন
সৰোজা বৈদ্যনাথন (ইংৰাজী: Saroja Vaidyanathan; ১৯ ছেপ্টেম্বৰ ১৯৩৭ - ২১ ছেপ্টেম্বৰ ২০২৩) এগৰাকী নৃত্য পৰিচালক, গুৰু আৰু ভাৰতনাট্যমৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী আছিল।[1] ভাৰত চৰকাৰে তেওঁক ২০০২ চনত পদ্মশ্ৰী আৰু ২০১৩ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে। [2]
সৰোজা বৈদ্যনাথন | |
---|---|
২০১৩ চনত বৈদ্যনাথন | |
জন্ম | ১৯ ছেপ্টেম্বৰ, ১৯৩৭ (৮৭ বছৰ) |
মৃত্যু | ২১ ছেপ্টেম্বৰ, ২০২৩ (৮৬ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | নৃত্যশিল্পী, কোৰিঅ’গ্ৰাফাৰ, লেখক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ (২০১৩) পদ্মশ্ৰী (২০০২) |
জীৱনী
সম্পাদনা কৰক১৯৩৭ চনত সৰোজাই কৰ্ণাটকৰ বেলাৰীত জন্মগ্ৰহণ কৰে। চেন্নাইৰ সৰস্বতী গণ নিলয়মত ভাৰতনাট্যমৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ গ্ৰহণ কৰি টতেওঁ পিছলৈ থাঞ্জাৱুৰৰ গুৰু কট্টুমন্নাৰ মুথুকুমাৰন পিল্লাইৰ অধীনত অধ্যয়ন কৰে। তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অধ্যাপক পি. ছম্বমুৰ্তিৰ অধীনতো কৰ্ণাটকী সংগীত শিকে আৰু খৈৰাগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা নৃত্যত ডি.লিট উপাধি লয়। [3]
সৰোজাৰ মাক-দেউতাক উভয়ে লেখক আছিল। মাক কনকম ধৰ্মৰাজনেচ তামিল ভাষাত ডিটেক্টিভ গল্প লিখিছিল।[4] সৰোজাৰ স্বামী বৈদ্যনাথন ভাৰতীয় অসামৰিক সেৱাৰ বিহাৰ কেডাৰৰ এজন বিষয়া।[5] দম্পতিহালৰ কমলেশ নামৰ এজন পুত্ৰ সন্তান আছে। তেওঁলোকৰ বোৱাৰীয়েক ৰমা বৈদ্যনাথন এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি থকা ভাৰতনাট্যম শিল্পী।[6]
পৰিয়াল
সম্পাদনা কৰকসৰোজাৰ পিতৃ-মাতৃ দুয়োজনেই লেখক। মাতৃ কনাকাম ধৰ্মৰাজন তামিল ভাষাৰ ডিটেক্টিভ গল্পৰ লেখিকা আছিল। বিহাৰ কেডাৰৰ ভাৰতীয় অসামাৰিক সেৱাৰ বিষয়া বৈদ্যনাথনৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয় ।[5] দম্পতীহালৰ এজন পুত্ৰ কামেশ আৰু তেওঁলোকৰ বোৱাৰীয়েক ৰামা বৈদ্যনাথন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী সুপৰিচিত ভাৰতনাট্যম শিল্পী। সৰোজাৰ নাতিনী, দক্ষিণা বৈদ্যনাথন বাঘেলো এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। [7]
নৃত্যজীৱন
সম্পাদনা কৰকৰাজহুৱা স্থানত অনুষ্ঠান পৰিৱেশন কৰাত সামাজিক ৰক্ষণশীলতা আৰু বিৰূপ প্ৰতিক্ৰিয়াৰ ফলত বিয়াৰ পিছত সৰোজাই নৃত্য এৰি দিয়ে আৰু তাৰ পৰিৱৰ্তে ঘৰতে শিশুসকলক নৃত্য শিকোৱাৰ কামত লাগি যায়। ১৯৭২ চনত স্বামী দিল্লীলৈ বদলি হোৱাৰ পিছত ১৯৭৪ চনত তাত গণেশ নাট্যালয় স্থাপন কৰে। তেওঁক শুভাকাংক্ষী আৰু পৃষ্ঠপোষকসকলে আৰ্থিকভাৱে সহায় কৰিছিল আৰু ১৯৮৮ চনত কুতুব ইন্সটিটিউচনেল এলেকাত নাট্যালয়খন স্থানান্তৰ কৰে। নৃত্যৰ উপৰিও নাট্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰতনাট্যমৰ বিষয়ে সামগ্ৰিক ধাৰণা দিবলৈ তামিল, হিন্দী আৰু কৰ্ণাটকী কণ্ঠ সংগীতো শিকোৱা হৈছিল।[5]
সৰোজা এগৰাকী উৰ্বৰ কৰিঅ’গ্ৰাফাৰ আৰু তেওঁ দহটা পূৰ্ণদৈৰ্ঘ্যৰ বেলে আৰু প্ৰায় দুহাজাৰ ভাৰতনাট্যম ভংগীমা ৰচনাৰ কৃতিত্বৰ অধিকাৰী। [5] ২০০২ চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আছিয়ান শীৰ্ষ সন্মিলনৰ ভ্ৰমণসংগী হিচাপে তেওঁ দক্ষিণ-পূব এছিয়াৰ এক সাংস্কৃতিক ভ্ৰমণ কৰিছিল। সুব্ৰমণীয়া ভাৰতীৰ ৰচনাৰ আধাৰত তেওঁ কেইবাটাও নৃত্য ৰচনা কৰিছিল। [1][8]
বঁটা
সম্পাদনা কৰক২০০২: পদ্মশ্ৰী, কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে।
২০০৮: সংগীত নাটক একাডেমী বঁটা, ভাৰতনাট্যমত।
২০১৩: পদ্মভূষণ।
২০১৯-২১: সংগীত নাটক একাডেমী ফেলোশ্বিপ।
তথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "ARTISTE'S PROFILE : Saroja Vaidyanathan". Centre for Cultural Resources and Training. http://www.ccrtindia.gov.in/SarojaVaidyanathan.htm। আহৰণ কৰা হৈছে: 28 January 2013.
- ↑ "Padma for Roddam, Dravid". Deccan Herald. 25 January 2013. http://www.deccanherald.com/content/307679/dravid-mary-kom-get-padma.html.
- ↑ "SAROJA VAIDYANATHAN Akademi Award: Bharatanatyam". Sangeet Natak Akademi. http://sangeetnatak.gov.in/sna/sna-awards2008/saroja-vaidyanathan.htm। আহৰণ কৰা হৈছে: 28 January 2013.
- ↑ "The write mudra". The Hindu. 19 February 2007. http://www.hindu.com/mp/2007/02/19/stories/2007021900080100.htm.
- ↑ 5.0 5.1 5.2 5.3 "ONE HUNDRED TAMILS OF THE 20TH CENTURY : Saroja Vaidyanathan". Archived from the original on 17 August 2013. https://web.archive.org/web/20130817045117/http://tamilnation.co/hundredtamils/saroja.htm। আহৰণ কৰা হৈছে: 28 January 2013.
- ↑ "Char Minar in the City of Qutb!". The Hindu. 26 December 2002. http://www.hindu.com/thehindu/mp/2002/12/26/stories/2002122600920300.htm.
- ↑ "Char Minar in the City of Qutb!". The Hindu. 26 December 2002. http://www.hindu.com/thehindu/mp/2002/12/26/stories/2002122600920300.htm.
- ↑ "Adding poetry to dance". The Hindu. 6 July 2007. Archived from the original on 27 November 2007. https://web.archive.org/web/20071127142915/http://www.hindu.com/fr/2007/07/06/stories/2007070650630200.htm.