সৰ্বানন্দ সিংহ সৰ্বানন্দ সিংহই মোৱামৰীয়া বিদ্ৰোহৰ অচিলাত স্বাধীন মটক ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মেজেৰা। তেওঁ বুৰুক চুতীয়া বংশৰ লোক আছিল। ১৭৯১ চনত বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়। তেওঁ ৰংপুৰৰ সাময়িক বিদ্ৰোহী ৰজা ভৰত সিংহৰ ফলীয়া আছিল। ভৰতক সহায় কৰিবলৈ নিজৰ বিষয়া গোধা বৰবৰুৱাক ৰংপুৰলৈ পঠিয়াইছিল। বুধিয়ক আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে বিদ্ৰোহ শামকটাবৰ বাবে সৰ্বানন্দক 'বৰ সেনাপতি' উপাধি দি আহোম ৰাজ্যৰ বহতীয়া ৰজা পাতে। তেওঁৰ ৰাজ্য আছিল বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ অঞ্চল। মাটিবৰ ওৰফে সৰ্বানন্দ‌ই নিজৰ ৰাজধানী ডিব্ৰু নৈৰ পাৰৰ ৰঙাগড়াত নিজৰ ৰাজ্যৰ ৰাজধানী পাতে। ৰঙাগড়াত নিজৰ ৰাজ্য খনৰ ৰাজধানী অস্থায়ী ভাৱে পাতিছিল । পিছলৈ ৰাজধানী বেংমৰা বা বৰ্তমানৰ তিনিচুকীয়ালৈ স্থানান্তৰিত কৰে । সৰ্বানন্দ সিংহই ৰাজকাৰেং, চৰাঘৰৰ,মেলাঘৰ আদি নিৰ্মাণ কৰাৰ উপৰিও ৰাজধানী খনক বচাবলৈ গড় বন্ধাইছিল আৰু জনসাধাৰণৰ সুবিধাৰ বাবে অসংখ্য পুখুৰী খান্দিছিল। তিনিচুকীয়াৰ তিনিকোণীয়া পুখুৰী,ন পুখুৰী, দেৱী পুখুৰী আদি। সৰ্বানন্দ সিংহৰ পিতৃৰ নাম হ'ল মৰুৎনন্দন। তিনিচুকীয়াত থকা মৰুৎনন্দন কানন খন সৰ্বানন্দ সিংহৰ পিতৃ নামত থোৱা হৈছে। সৰ্বানন্দ সিংহই গোৱা গোপীনাথক প্ৰধান মন্ত্ৰী নিযুক্ত কৰি ৰাজ্য শাসন কৰিছিল। ৰজাই নিজ নামত "শ্ৰীশ্ৰীস্বৰ্গদেৱ সৰ্বানন্দ সিংহ নৰেন্দ্ৰস্য" বুলি আঠচুকীয়া মুদ্ৰা প্ৰচলন কৰিছিল।[1]১৮২৬ চনত ইয়াণ্ডাবুৰ সন্ধি মতে অসম কোম্পানীৰ হাতলৈ যায় যদিও সৰ্বানন্দই চুক্তি কৰি নিজৰ স্বতন্ত্ৰতা বাহাল ৰাখিছিল। অৱশ্যে নিজৰ পাইকৰ দুই তৃতীয়াংশ কোম্পানীৰ হাতলৈ যায়। [2]

সৰ্বানন্দ সিংহ ওৰফে মাটিবৰ
জন্ম বেংমৰা অঞ্চল
মৃত্যু ২ জানুৱাৰী, ১৮৩৯
  1. শ্ৰী কুমাৰ দহোটীয়া , মৰাণ মটক মায়ামৰা,পৃষ্ঠা:৯৫
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৮