হংসা যোগেন্দ্ৰ

ভাৰতীয় যোগ গুৰু

হংসা যোগেন্দ্ৰ (ইংৰাজী: Hansa Yogendra, হিন্দী: हंसा योगेन्द्र; জন্ম: ৮ অক্টোবৰ ১৯৪৭) এগৰাকী ভাৰতীয় যোগ গুৰু, লেখিকা, গৱেষক আৰু টেলিভিছন ব্যক্তিত্ব।[1][2][3][4] শহুৰেক শ্ৰী যোগেন্দ্ৰই প্ৰতিষ্ঠা কৰা মুম্বাইৰ দ্য যোগ ইনষ্টিটিউটৰ পৰিচালক। ১৯১৮ চনত স্থাপিত ই চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অলাভজনক সংস্থা আৰু বিশ্বৰ আটাইতকৈ পুৰণি সংগঠিত যোগ কেন্দ্ৰ।[2]

হংসা যোগেন্দ্ৰ
জন্ম হংসা পাটনী
০৮ অক্টোবৰ, ১৯৪৭ (৭৬ বছৰ)
ইন্দোৰ, মধ্য প্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা বিএছচি, এলএলবি
পেচা যোগ গুৰু, লেখক, গৱেষক
জনা যায় যোগাসন
পদবী সভাপতি, দ্য যোগ ইনষ্টিটিউটৰ
সংজ্ঞা ফেব্ৰুৱাৰী ২০১৮-সোঁত
পূৰ্বসূৰী জয়দেৱ যোগেন্দ্ৰ
দাম্পত্যসঙ্গী জয়দেৱ যোগেন্দ্ৰ

১৯৮০ চনত ডি ডি নেচনেলত প্ৰচাৰিত টেলিভিছন ধাৰাবাহিক যোগ ফৰ বেটাৰ লিভিঙৰ উপস্থাপিকা আছিল। ভাৰতীয় মান পৰিষদৰ যোগ প্ৰমাণীকৰণ সমিতিৰ অধ্যক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় যোগ ব’ৰ্ডৰ সভানেত্ৰী। ভাৰতীয় যোগ সন্থাৰ উপ-সভানেত্ৰী।[3]

প্ৰাথমিক জীৱন সম্পাদনা কৰক

১৯৪৭ চনৰ ৮ অক্টোবৰত জৈন পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম জিতেন্দ্ৰ ফুলচান্দ পাটনী আৰু মাতৃৰ নাম তাৰা পাটনী। হংসাই মিথিবাই কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছলৈ তেওঁ দ্য যোগ ইনষ্টিটিউটত যোগ শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তেওঁ মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ দ্য অ’পেন ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি ফৰ কম্প্লিমেণ্টৰী মেডিচিনৰ পৰা পিএইচডি লাভ কৰে।[4]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৭৩ চনত জয়দেৱ যোগেন্দ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[5] হংসা শ্ৰী যোগেন্দ্ৰৰ বোৱাৰী।[6]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

অতিৰিক্ত পঠন সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক