হয়কলি
হয়কলি (ইংৰাজী: Swamp Partridge বা Swamp Francolin, বৈজ্ঞানিক নাম:Francolinus gularis) লাজকুৰীয়া আৰু স্থলচৰ (terrestrial) কুকুৰা (pheasant family, Phasiandae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাই। ইয়াক সাধাৰণতে ভাৰতৰ কিছু অংশত, নেপাল আৰু বাংলাদেশ ত পোৱা যায়। ইয়াৰ যথেষ্ট দীঘল ঠেং দুখনৰ সহায়ত সহজে চিনাক্ত কৰিব পাৰি।
হয়কলি | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Galliformes |
পৰিয়াল: | Phasianidae |
উপপৰিয়াল: | Perdicinae |
গণ: | Francolinus |
প্ৰজাতি: | F. gularis |
বৈজ্ঞানিক নাম | |
Francolinus gularis (Temminck, 1815) |
বিৱৰণ
সম্পাদনা কৰকহয়কলি দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৭ ছে: মি। আৰু ওজন ৫১ গ্ৰাম হয়। ইয়াৰ ঠোঁট ৰঙা-মটীয়া (rufous) বৰণৰ আৰু দেহৰ তলৰ ভাগত ডাঠ বগা আঁচ আছে। ইয়াৰ দেহৰ পৃষ্ঠ ভাগ আৰু ডেউকা ক’লা আৰু মটিয়া (brown) বৰণৰ পাখিৰে আৱৰা। মতা আৰু মাইকী হয়কলি সাধাৰণতে দেখাত একে হয়। অৱশ্যে ঠেঙৰ গাঢ় বৰণৰ পৰা মতা হয়কলিক সহজে চিনাক্ত কৰিব পৰা যায়।
হয়কলিৰ মাত ডাঙৰ আৰু তীক্ষ্ণ (harsh) ‘chuill’ ধৰণৰ হয়।
বিতৰণ
সম্পাদনা কৰকহয়কলি গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ থলুৱা চৰাই৷[1] ইয়াক পশ্চিম নেপালৰ তৰাই অঞ্চলৰ পৰা উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম আৰু অৰুণাচল প্ৰদেশত বহুলভাৱে বিস্তৃত। পূৰ্বতে ই চিত্তাগং (Chittagong) আৰু বাংলাদেশৰ সুন্দৰবনত বিস্তৃত আছিল বুলি জনা যায় যদিও বৰ্তমানে ইয়াৰ কোনো প্ৰামাণ্য শেহতীয়া তথ্য পোৱা হোৱা নাই।[2]
বসতিস্থল
সম্পাদনা কৰকহয়কলিয়ে ঋতু অনুযায়ী বিভিন্ন বসতিস্থলত বাস কৰে। সাধাৰণতে ইয়াক ওখ আৰু সেমেকা (wet) ঘাহঁনি অঞ্চলত দেখা পোৱা যায়। অৱশ্যে বাৰিষা ই শুকান ঘাঁহনি বা কাঠনি অধিক পছন্দ কৰে৷[3] প্ৰজনন কালত ই কাঠনি আৰু সেমেকা ঘাঁহনিত বেছিকৈ থাকে।
হয়কলি সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাত বসবাস কৰে বুলি জনা যায় যদিও বানপানী আদিৰ সময়ত ওপৰলৈ কিছূ প্ৰব্ৰজন হয় বুলি জনা যায়।[4],[5]
আচৰণ
সম্পাদনা কৰকহয়কলিয়েযোৰ পাতি বা সৰু দলত বিভক্ত হৈ চৰে।[6] [7] ই সৰ্বভক্ষী, গছৰ গুটিৰ পৰা আৰম্ভ কৰি সৰু পোক-পতংগ, শামুক, সৰু কেকোঁৰা আদি সকলো খাদ্য হিচাপে গ্ৰহণ কৰে।[8]
হয়কলিয়ে ফেব্ৰুৱাৰীৰ পৰা মে পৰ্যন্ত প্ৰজনন কৰে। ই অগভীৰ পানীত জলচৰ উদ্ভিদত বাহ সাজে। এবাৰত ৪-৫ টাকৈ কণী পাৰে। কণীবোৰ ক্ৰীম ৰঙৰ হোৱা সদেখা যায়। জন্ম হোৱাৰ কেইদিনমান পিছতেই পোৱালিবোৰ সক্ৰিয় ঐ উঠে আৰু খাদ্যৰ সন্ধানত পূৰ্ণবয়স্ক হয়কলিক অনুসৰণ কৰিবলৈ লয়।[9], [10] [11]
স্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰকজলাশয় ধ্বংস আৰু ক্ৰমবৰ্দ্বমান কৃষিকাৰ্য্যৰ প্ৰাবল্য (intensification of agricultural practice) হয়কলিৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আহিছে। বিশেষকৈ নব্বৈৰ দশকত অসমৰ বিভিন্ন জলাশয় সমূহৰ পৰা হয়কলিৰ বিপদজনকভাৱে জনসংখ্যা হ্ৰাস পালে।[12][13]
এই সংকটসমূহৰ বাবে বৰ্তমান হয়কলিক বিপথগামী (Vulnerable) প্ৰজাতি ৰূপে চিনাক্ত কৰা হৈছে।[14]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (September, 2011) http://www.birdlife.org/datazone/speciesfactsheet.php?id=150
- ↑ Siddiqui, K. U.; Islam, M. A. 2008. Encyclopedia of flora and fauna of Bangladesh, vol. 26: birds. Asiatic Society of Bangladesh, Dhaka.
- ↑ Dahal, B.R., McGowan, P.J.K., Browne, S.J. (2009) An assessment of census techniques, habitat use and threats to Swamp Francolin Francolinus gularis in Koshi Tappu Wildlife Reserve, Nepal. Bird Conservation International, 19: 137-147
- ↑ Iqubal, P.; McGowan, P. J. K.; Carroll, J. P.; Rahmani, A. 2003. Home range size, habitat use and nesting success of Swamp Francolin Francolinus gularis on agricultural land in northern India. Bird Conservation International 13: 127-138
- ↑ Dahal, B.R., McGowan, P.J.K., Browne, S.J. (2009) An assessment of census techniques, habitat use and threats to Swamp Francolin Francolinus gularis in Koshi Tappu Wildlife Reserve, Nepal. Bird Conservation International, 19: 137-147
- ↑ BirdLife International (September, 2011) http://www.birdlife.org/datazone/speciesfactsheet.php?id=150,
- ↑ Sathyakumar, S. and Sivakumar, K. (2007) Galliformes of India. ENVIS Bulletin: Wildlife and Protected Areas,10:14.
- ↑ Coller, N.J., Andreev, A.V., Chan, S., Crosby, M.J., Subramanya, S., Tobias, J.A. (2001) Threatened Birds of Asia: the BirdLife International Red Data Book. BirdLife International, Cambridge, U.K.
- ↑ Coller, N.J., Andreev, A.V., Chan, S., Crosby, M.J., Subramanya, S., Tobias, J.A. (2001) Threatened Birds of Asia: the BirdLife International Red Data Book. BirdLife International, Cambridge, U.K.
- ↑ Iqubal, P., McGowen, P.J.K., Carroll J.P., Rahmani A.R., (2003) Home range size, habitat use and nesting success of Swamp Francolin Francolinus gularis on agricultural land in northern India.
- ↑ Bird Conservation International, 13: 127-138.Fuller, R.A., Carroll, J.P., and McGowan, P.J.K. (Eds.) (2000) Partridges, Quails, Francolins, Snowcocks, Guineafowl, and Turkeys. Status Survey and Conservation Action Plan 2000–2004. WPA/BirdLife/SSC Partridge, Quail, and FrancolinSpecialist Group. IUCN, Gland, Switzerland and Cambridge, UK, and the World Pheasant Association, Reading, UK.
- ↑ Choudhury, A. 2000. The birds of Assam. Gibbon Books and WWF-India, Guwahati, India
- ↑ Dahal, B. 2009. Swamp Francolin faces new threat from flooding. World Pheasant Association News: 6.
- ↑ BirdLife International (September, 2011) http://www.birdlife.org/datazone/speciesfactsheet.php?id=150