হাৰুৱা কপৌ
হাৰুৱা কপৌ (ইংৰাজী: Red Turtle Dove or Red Collared Dove , বৈজ্ঞানিক নাম: Streptopelia tranquebarica), কপৌ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ থলুৱা চৰাইৰ প্ৰজাতি।
হাৰুৱা কপৌ (Red Turtle Dove) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Streptopelia |
প্ৰজাতি: | S. tranquebarica |
বৈজ্ঞানিক নাম | |
Streptopelia tranquebarica (Hermann, 1804) |
বিৱৰণ
সম্পাদনা কৰকহাৰুৱা কপৌৰ দেহটো শকত, নেজ চুটি। মতা কপৌৰ ঠোঁট ক'লা, মূৰ মুগা বৰণৰ আৰু ডিঙিৰ পিছফালে কলাৰৰ দৰে এটা গাঢ় আঁচ থাকে। মাইকী হাৰুৱা কপৌৰ ৰঙ পাতল মটীয়া (dull brown) ধৰণৰ হয়।[2]
বিতৰণ
সম্পাদনা কৰকহাৰুৱা কপৌ ঘাইকৈ ভাৰত উপমহাদেশ, টাইৱান আৰু ফিলিপাইনছ আদিত বিস্তৃত হৈ আছে।[2]
টেক্স'নমি
সম্পাদনা কৰকবৰ্তমানলৈকে হাৰুৱা কপৌৰ দুবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-[3]
বসতিস্থান
সম্পাদনা কৰকহাৰুৱা কপৌ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাৰ বনাঞ্চল, খেতি-পথাৰ আৰু মানুহৰ বসতিস্থানৰ ওচৰে পাজৰে দেখা যায়[2]।
খাদ্য
সম্পাদনা কৰকহাৰুৱা কপৌৱে ঘাইকৈ বিভিন্ন গুটি খাই জীয়াই থাকে।[2]
প্ৰজনন
সম্পাদনা কৰকএপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত হাৰুৱা কপৌৰ প্ৰজনন হয়। ইহঁতে গছৰ ডালত বাহ সাজে। এবাৰত সাধাৰণতে দুটাকৈ পোৱালি হয়।[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Streptopelia tranquebarica". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002507। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ 2.0 2.1 2.2 2.3 2.4 "Red Turtle Doves or Red Collared Doves". Avianweb.com. http://www.avianweb.com/redturtledoves.html। আহৰণ কৰা হৈছে: 2012-12-21.
- ↑ "Red Turtle-Dove (Streptopelia tranquebarica) | the Internet Bird Collection". Ibc.lynxeds.com. http://ibc.lynxeds.com/species/red-turtle-dove-streptopelia-tranquebarica। আহৰণ কৰা হৈছে: 2012-12-21.