হিৰো আলম

ফ্ৰীলেঞ্চাৰ মিউজিক ভিডিঅ’ মডেল আৰু অভিনেতা

আশ্ৰাফুল হুছেইন আলম (ইংৰাজী: Hero Alom) এজন বাংলাদেশী ফ্ৰীলেঞ্চাৰ মিউজিক ভিডিঅ’ মডেল আৰু ছ’চিয়েল মিডিয়াত সক্ৰিয় অভিনেতা, যাক হিৰ’ আলম বুলিও জনা যায়। তেওঁ বাংলাদেশী চলচ্চিত্ৰ উদ্যোগৰ সদস্য নহয়; এজন স্বতন্ত্ৰ শিল্পী হিচাপে তেওঁ কাম কৰে আৰু ছ’চিয়েল মিডিয়াত সেয়া শ্বেয়াৰ কৰে।[1][2][3][4][5][6][7]

হিৰ’ আলম
হিৰ’ আলম
গীতৰ শ্বুটিঙত হিৰ’ আলম, ২০২২
জন্ম আশ্ৰাফুল হুছেইন আলম
বাংলাদেশ, বগুৰা
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা অভিনেতা, গায়ক
সক্ৰিয় হৈ থকা সময় ২০১৫–বৰ্তমান
উচ্চতা ১.৫০মি:

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন সম্পাদনা কৰক

চিডি বিক্ৰীৰে কৰ্মজীৱন আৰম্ভ কৰা আলমে পাছলৈ ছেটেলাইট টিভি সংযোগৰ ব্যৱসায় এটাত জড়িত হয়। তেওঁ এটা চখ হিচাপে সংগীত ভিডিঅ’ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।[5] ২০১৫ চনত তেওঁৰ কিছুমান সংগীত ভিডিঅ’ ভাইৰেল হয় আৰু তেওঁ বাংলাদেশত অনলাইন ট্ৰ’লিং আৰু মীমৰ জনপ্ৰিয় বিষয়-বস্তু হৈ পৰে।[2][8][9] ডিচেম্বৰ ২০১৮ লৈকে আলমে এখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰত অভিনয় কৰিছে।[10]

এনএছডি-স্নাতক মহেশ ৰূপৰাও ঘোডেশ্বৰৰ দ্বাৰা পৰিচালিত আলমৰ ওপৰত আধাৰিত এখন হিন্দী নাটক ২০১৯ চনত আহমেদাবাদ আৰু মুম্বাইত মঞ্চস্থ হয়।[11] ই এখন কাল্পনিক জীৱন-ভিত্তিক নাটক আছিল।

বাংলাদেশৰ ২০১৮ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰাৰ্থিত্ব সম্পাদনা কৰক

২০১৮ চনত আলমে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় আৰু তেওঁ ১১তম ৰাষ্ট্ৰীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মানসেৰে বগুৰা-৪ সমষ্টিৰ বাবে জাতীয় পাৰ্টি (ইৰশাদ)ৰ প্ৰাৰ্থিত্ব প্ৰপত্ৰ ক্ৰয় কৰে।[12] কিন্তু জাতীয় পাৰ্টিয়ে তেওঁৰ প্ৰাৰ্থিত্ব অস্বীকাৰ কৰে। পাছত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয়।[13] বাংলাদেশ নিৰ্বাচন আয়োগে প্ৰথমে তেওঁৰ মনোনয়ন গ্ৰহণ কৰা নাছিল। কিন্তু ১০ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক তেওঁৰ প্ৰাৰ্থিত্ব প্ৰপত্ৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াত আলমে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে।[14][15] তেওঁৰ প্ৰাৰ্থিত্বই প্ৰচাৰ মাধ্যমৰ ইমানে মনোযোগ আকৰ্ষণ কৰিছিল যে ২০১৮ চনত তেওঁ বাংলাদেশত গুগল ছাৰ্চ ট্ৰেণ্ডত শীৰ্ষৰ ১০জন লোকৰ ভিতৰত স্থান লাভ কৰে আৰু খালেদা জিয়াৰ পিছতে তেওঁ দ্বিতীয় স্থানত থাকে।[16][17] নিৰ্বাচনত অৱশ্যে তেওঁ মাত্ৰ ৬৩৮টা ভোট লাভ কৰি পৰাজিত হয় আৰু বি.এন.পি.ৰ প্ৰাৰ্থী মোছাৰফ হুছেইনে সেই সমষ্টিৰ আসনত জয় লাভ কৰে।[18][19]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

আলম বৰ্তমান বগুৰাৰ ওচৰৰ এৰুলিয়াত পত্নী চুমি, সন্তান আলো আৰু কবীৰৰ সৈতে বাস কৰে। যৌতুকৰ বাবে তেওঁৰ পত্নীক আক্ৰমণ কৰাৰ অভিযোগত তেওঁক ২০১৯ চনৰ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল।[20][21]

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

প্ৰসংগসমূহ সম্পাদনা কৰক

  1. (bn ভাষাত)Jugantor. 19 September 2016. http://www.jugantor.com/online/entertainment/2016/09/19/25355/'হিৰো-আলম-দ্য-গ্যাংষ্টাৰ'-[ভিডিও. 
  2. 2.0 2.1 "Ashraful Alom Saeed - Bangladesh’s social media sensation". Zee News. 15 December 2016. http://zeenews.india.com/people/ashraful-alom-saeed-bangladesh-s-social-media-sensation_1958702.html. 
  3. "Meet Bangladeshi Superstar Hero Alom Who Can Give You Severe Burns With His Looks". Dainik Bhaskar. 14 December 2016. http://daily.bhaskar.com/news/LIF-LOV-superstar-hero-amol-5480443-PHO.html?PageSpeed=noscript. 
  4. "A 'Hero' in Tigers' den". The Daily Star. 2016-07-27. http://www.thedailystar.net/sports/cricket/hero-tigers-den-1259878. 
  5. 5.0 5.1 (bn ভাষাত)Kaler Kantho. 17 June 2016. http://www.kalerkantho.com/online/entertainment/2016/06/27/375066. 
  6. Huq (1 July 2016). (bn ভাষাত)Prothom Alo. http://www.prothom-alo.com/opinion/article/904540/বাংলাদেশি-স্বপ্ন-ও-হিৰো-আলম. [সংযোগবিহীন উৎস]
  7. (bn ভাষাত)Bangla Tribune. 30 June 2016. http://www.banglatribune.com/columns/opinion/118587/একজন-হিৰো-আলম. 
  8. . Prothom Alo. 21 December 2016. http://www.prothom-alo.com/entertainment/article/1043451/হিৰো-আলম-কি-সুপাৰষ্টাৰ. [সংযোগবিহীন উৎস]
  9. "7 Things You Need To Keep In Mind Before Trolling Internet Sensation ‘Hero Alom’" (en-US ভাষাত). All India Roundup. 2016-12-29. http://allindiaroundup.com/entertainment/7-things-you-need-to-keep-in-mind-before-trolling-internet-sensation-hero-alom/. 
  10. 10.0 10.1 (bn ভাষাত)banglanews24.com. 12 August 2017. http://www.banglanews24.com/entertainment/news/bd/594583.details. 
  11. Vikram Phukan (10 May 2019). "Shattering Frameworks of Beauty". ‘’The Hindu’’ (Mumbai, India). https://www.thehindu.com/entertainment/theatre/shattering-frameworks-of-beauty/article27096546.ece. 
  12. Rafikul Islam. "Hero Alom buys Jatiya Party nomination paper". Dhaka Tribune. https://www.dhakatribune.com/bangladesh/election/2018/11/12/hero-alom-buys-jatiya-party-nomination-paper. 
  13. "HC clears way for Hero Alam to contest polls" (en ভাষাত). The Daily Star. 2018-12-10. https://www.thedailystar.net/bangladesh-national-election-2018/news/hc-clears-way-hero-alam-contest-polls-1671718. 
  14. "HC asks EC to accept Hero Alam’s nomination". Prothom Alo. https://en.prothomalo.com/bangladesh/news/187834/HC-asks-EC-to-accept-Hero-Alam%E2%80%99s-nomination. 
  15. "Election-craze in Bangladesh and the curious case of Hero Alom". Daily Sun. Archived from the original on 30 June 2019. https://web.archive.org/web/20190630101119/https://www.daily-sun.com/post/351666/2018/11/20/Electioncraze-in-Bangladesh-and-the-curious-case-of-Hero-Alom. 
  16. "Most googled in Bangladesh: Croatian president, Hero Alam, royal wedding and more". Dhaka Tribune. 2018-12-16. https://www.dhakatribune.com/showtime/2018/12/16/most-googled-in-2018-hero-alam-royal-wedding-world-cup-and-more. 
  17. (en-GB ভাষাত)BBC News বাংলা. 2018-12-13. https://www.bbc.com/bengali/news-46552064. 
  18. 24 Ghanta. http://zeenews.india.com/bengali/world/hero-alom-lost-in-bangladesh-election_239242.html. 
  19. "Bangladesh Election: Meme God Hero Alom gets only 638 votes, refuses to return deposit". DNA India. https://www.dnaindia.com/world/photo-gallery-bangladesh-election-meme-god-hero-alom-gets-only-638-votes-refuses-to-return-deposit-2702699/638-votes-2702701. 
  20. Hero alom lands jail for domestic violence, Dhaka Tribune, https://www.dhakatribune.com/bangladesh/court/2019/03/07/hero-alom-s-lands-in-jail-in-domestic-violence-case-after-court-rejects-bail-plea, আহৰণ কৰা হৈছে: 7 March 2019 
  21. "Hero Alam held over domestic violence". The Daily Star. Com. https://www.thedailystar.net/backpage/hero-alam-arrested-over-domestic-violence-1711696.