হুমা কুৰেছি
হুমা ছালিম কুৰেছি (ইংৰাজী: Huma Saleem Qureshi) (উচ্চাৰণ: [ˈɦʊmaː səˈliːm qʊˈɾɛːʃiː]; জন্ম ২৮ জুলাই ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ হুমাই সাধাৰণতে হিন্দী ভাষাৰ কথাছবিত অভিনয় কৰে৷ এতিয়ালৈকে অভিনেত্ৰী হুমাই তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লাভ কৰিছে৷ সমান্তৰালভাৱে হুমাই থিয়েটাৰ অভিনেত্ৰী আৰু মডেল হিচাপে কাম কৰি আছিল৷ বহুকেইটা থিয়েটাৰ প্ৰযোজনা গোষ্ঠীৰ সৈতে কাম কৰি হুমা মুম্বাইলৈ আহে আৰু হিন্দুস্তান লিভাৰছৰ লগত দুবছৰীয়া চুক্তি স্বাক্ষৰ কৰি টেলিভিছনৰ বিজ্ঞাপনৰ জগতত পদাৰ্পণ কৰে৷ ছেমছাং ম'বাইলৰ এটি বিজ্ঞাপনৰ সময়ত হুমা কুৰেছিৰ অভিনয়ৰ সমৰ্থতা দেখি হিন্দী কথাছবিৰ পৰিচিত পৰিচালক অনুৰাগ কাশ্যপে অভিনেত্ৰীগৰাকীক নিজৰ কোম্পানীৰ লগত তিনিখন ছবিৰ এক চুক্তিত স্বাক্ষৰ কৰোৱায়৷
হুমা কুৰেছি Huma Qureshi | |
---|---|
২০১৮ চনৰ এটি HT-Indiaৰ এটি বঁটা-প্ৰদান অনুষ্ঠানত কুৰেছি | |
জন্ম | হুমা ছালিম কুৰেছি ২৮ জুলাই, ১৯৮৬ (৩৮ বছৰ) নতুন দিল্লী, ভাৰত |
শিক্ষানুষ্ঠান | দিল্লী বিশ্ববিদ্যালয় |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০১২–বৰ্তমানলৈকে |
আত্মীয়-স্বজন | ছাকিব ছালাম (ভ্ৰাতৃ) |
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সম্পাদনা কৰক১৯৮৬ চনৰ ২৮ জুলাইত হুমা কুৰেছিয়ে জন্মলাভ কৰিছিল৷[1][2] জন্মস্থান আছিল ভাৰতৰ নতুন দিল্লীস্থ এটি মুছলমান পৰিয়াল৷[3] হুমাৰ পিতৃ ছালিম কুৰেছি আছিল দহখন ৰেষ্টুৰাঁৰ(Saleem's নামেৰে) স্বত্বাধিকাৰী৷ [4] মাতৃ আমিনা কুৰেছি আছিল এগৰাকী কাশ্মিৰী মহিলা৷ তেখেত গৃহিণী৷[5][6] হুমা কুৰেছিৰ তিনিজন ভ্ৰাতৃ৷ তাৰে মাজত অভিনেতা ছাকিব ছালিমো আছে৷ [6][7] কুৰেছিৰ শিশু হৈ থাকোঁতেই তেওঁলোকৰ পৰিয়ালটো দক্ষিণ দিল্লীত থকা কল্কাজীলৈ স্থানান্তৰিত হয়৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ গাৰ্গী মহাবিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ [8][9] পৰৱৰ্তী সময়ত, হুমাই Act 1 নামৰ নাট্যগোষ্ঠী এটাত যোগদান কৰে আৰু কেইখনমান নাট্য-প্ৰযোজনাত অভিনয় কৰে৷ তেখেতৰ মেণ্টৰ আৰু অভিনয়-শিক্ষক আছিল এন. কে. শৰ্মা৷[10] হুমাই বহুকেইটা বেচৰকাৰী সংগঠনৰ লগত কাম কৰিছে আৰু তথ্যচিত্ৰ-পৰিচালকৰ লগত সহকাৰী হিচাপে কাম কৰিছে৷ [5]
সংক্ষিপ্ত কৰ্মজীৱন
সম্পাদনা কৰক২০১২ চনত হুমা কুৰেছিয়ে বলিউডত অভিষেক ঘটায়৷ ছবিখনৰ নাম আছিল-গেংগছ অৱ ৱাছেপুৰ-১৷ ছবিখন বাণিজ্যিকভাৱে সফল বিবেচিত হয়৷ ছবিখনত তেখেতক এটি সহ-অভিনেত্ৰীৰ চৰিত্ৰ দিয়া হৈছিল আৰু নিজৰ অভিনয়ৰ বাবে হুমাই দৰ্শক তথা সমালোচকৰ পৰা ভৰপূৰ প্ৰশংসা লাভ কৰে৷ ইয়াৰ পিছত গেংগছ্ অৱ ৱাছেপুৰৰ দ্বিতীয় খণ্ডতো হুমাই সফলতাৰে অভিনয় কৰে৷ এইখন ছবিও প্ৰথমটো খণ্ডৰ দৰেই 'হিট' হয়৷ অভিনেত্ৰীগৰাকীয়ে গেংগছ অৱ ৱাছেপুৰক জীৱন সলনি কৰি পেলোৱা চলচ্চিত্ৰ হিচাপে আখ্যা দিছে৷[11] হুমাৰ তৃতীয়খন ছবি আছিল লাভ শ্বাভ টেই ছিকেন খুড়ানা৷ এইখন আছিল ৰোমাণ্টিক কমেডি৷ ২০১৩ চনত হুমাই অতি-প্ৰাকৃতিক থ্ৰিলাৰধৰ্মী ছবি এক থি দায়নত অভিনয় কৰে৷ ছবিখনে মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল৷ হুমাৰ কেইখনমান ছবি হৈছে-ডেড় ইস্কিয়া, বদলাপুৰ, হাইৱে, জলি এল এল বি ২, ঘূমকেতু৷ হুমাই মাৰাঠী আৰু ইংৰাজী ভাষাৰ ছবিতো অভিনয় কৰিছে৷ তদুপৰি লেইলা, মহাৰাণীৰ দৰে বহুচৰ্চিত অটিটি ৱেব ছিৰিজতো হুমাক দেখা গৈছে৷[12]
ব্য়ক্তিগত জীৱন
সম্পাদনা কৰকভাৰতীয় পৰিচালক আৰু লেখক মুদাচ্ছাৰ আজিজৰ লগত হুমা কুৰেছিৰ প্ৰেমজনিত সম্পৰ্ক আছে৷[13]
বঁটা আৰু মনোনয়ন
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | বঁটা | শিতান | ফলাফল | তথ্যসূত্ৰ |
---|---|---|---|---|---|
২০১২ | গেংগছ অৱ ৱাছেপুৰ-১ and গেংগছ্ অৱ ৱাছেপুৰ-২ |
বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা | শ্ৰেষ্ঠ মনোৰঞ্জনপ্ৰদানকাৰী অভিনেত্ৰী | বিজয়ী | [14] |
ফিল্মফেয়াৰ | শ্ৰেষ্ঠ নৱাগতা( লাভ শ্বাভ টেই ছিকেন খুড়ানাৰ বাবেও) | মনোনীত | [15] | ||
শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ | মনোনীত | [16] | |||
আইফা | শ্ৰেষ্ঠ অভিনেত্ৰী | মনোনীত | [17] | ||
স্ক্ৰীন বঁটা | প্ৰতিশ্ৰুতিসম্পন্ন নৱাগতা | মনোনীত | [18] | ||
শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা | মনোনীত | [18] | |||
দক্ষিণ ভাৰতীয় ছবি আৰু টেলিভিছন বঁটা | বৰ্ষটোৰ শ্ৰেষ্ঠ নৱাগতা | বিজয়ী | [19] | ||
অপ্সৰা ছবি আৰু দূৰদৰ্শন প্ৰযোজক গিল্ড বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী-নৱাগত | মনোনীত | [20] | ||
ষ্টাৰডাষ্ট | শ্ৰেষ্ঠ অভিনেত্ৰী(also for লাভ শ্বাচ টেয় ছিকেন খুড়ানাৰ বাবেও) | মনোনীত | [21] | ||
টাইমছ্ অৱ ইণ্ডিয়া বঁটা | শ্ৰেষ্ঠ নৱাগতা | মনোনীত | [22] | ||
শ্বৰ্টছ | লছ এঞ্জেলছৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ | বিশেষ উল্লেখ | বিজয়ী | [23] | |
২০১৩ | ডি-ডেই | বিগ ষ্টাৰ এণ্টাৰটেইনমেইণ্ট বঁটা | থ্ৰিলাৰ ছবিত সৰ্বাধিক মনোৰঞ্জন-প্ৰদানকাৰী অভিনেত্ৰী | মনোনীত | [24] |
২০১৪ | জি চিনে বঁটা | সস-অভিনেত্ৰী | মনোনীত | [25] | |
এক থী দায়ন | স্ক্ৰীন বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | মনোনীত | [26] | |
দেড় ইস্কিয়া | ষ্টাৰডাষ্ট বঁটা | অসামান্য প্ৰদৰ্শন-অভিনেত্ৰী | বিজয়ী | [27] | |
২০১৫ | আইফা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | মনোনীত | [27] | |
২০১৬ | বদলাপুৰ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | মনোনীত | [28] |
2021 | মহাৰাণী | ২০২১ ফিল্মফেয়াৰ অটিটি বঁটা | শীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী | [29] |
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Huma Qureshi সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- হুমা কুৰেছি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- হুমা কুৰেছি সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Huma Qureshi at 29: 8 times the diva made fans go ooh-la-la". http://indiatoday.intoday.in/gallery/huma-qureshi-at-29--8-times-the-diva-made-heads-turn-looks-style-badlapur-gangs-of-wasseypur-photos/1/15363.html.
- ↑ "Rishi Kapoor's 'joke' on Huma Qureshi earns him flak". 29 July 2015. http://indianexpress.com/article/entertainment/bollywood/rishi-kapoors-joke-on-huma-qureshi-earns-him-flak/.
- ↑ "Huma Qureshi Biography". Koimoi. http://www.koimoi.com/actress/huma-qureshi/। আহৰণ কৰা হৈছে: 25 March 2013.
- ↑ "Huma Qureshi on life, parents and being one of a kind". http://indiatoday.intoday.in/story/huma-qureshi-greedy-actor-bollywood-saqib-saleem-dedh-ishqiya-ek-thi-daayan-alia-bhatt/1/714768.html.
- ↑ 5.0 5.1 Upadhyay, Karishma (7 August 2012). "Huma's home run". The Telegraph. http://www.telegraphindia.com/1120807/jsp/entertainment/story_15821277.jsp। আহৰণ কৰা হৈছে: 25 March 2013.
- ↑ 6.0 6.1 Singh, Raghuvendra (19 April 2013). "Saqib Saleem & Huma Qureshi on Acting & Sibling Rivalry". iDiva. http://www.idiva.com/news-entertainment/saqib-saleem-huma-qureshi-on-acting-sibling-rivalry/20848। আহৰণ কৰা হৈছে: 1 May 2013.
- ↑ "I would love to start a chocolate factory: Huma Qureshi". The Times of India. 11 June 2013. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203034325/http://articles.timesofindia.indiatimes.com/2013-06-11/news-interviews/39897575_1_chocolate-factory-huma-qureshi-khan-market। আহৰণ কৰা হৈছে: 6 July 2013.
- ↑ "Bollywood tips: DU allows you to explore yourself, says Huma". July 2015. Archived from the original on 2 July 2015. https://web.archive.org/web/20150702083632/http://www.hindustantimes.com/bollywood/bollywood-tips-du-allows-you-to-explore-yourself-as-a-person-says-huma-qureshi/article1-1364756.aspx। আহৰণ কৰা হৈছে: 9 March 2022.
- ↑ Gupta, Priya (19 April 2013). "I am not dating Anurag Kashyap: Huma Qureshi". The Times of India. Archived from the original on 21 April 2013. https://web.archive.org/web/20130421004908/http://articles.timesofindia.indiatimes.com/2013-04-19/news-interviews/38673442_1_saqib-old-delhi-act-1। আহৰণ কৰা হৈছে: 1 May 2013.
- ↑ "NK Sharma was the first person to tell me I could act: Huma Qureshi". Hindustan Times. 2016-06-28. http://www.hindustantimes.com/bollywood/nk-sharma-was-the-first-person-to-tell-me-i-could-act-huma-qureshi/story-or2wGxDSVn0zh0fYwXoERJ.html.
- ↑ Bhattacharya, Roshmila (17 February 2013). "Gangs to Ganges". The Telegraph. http://www.telegraphindia.com/1130217/jsp/7days/story_16569947.jsp। আহৰণ কৰা হৈছে: 27 March 2013.
- ↑ https://www.pinkvilla.com/celebrity/Huma-Qureshi
- ↑ DelhiSeptember 9, India Today Web Desk New; February 4, 2019UPDATED; Ist, 2022 11:44. "Huma Qureshi confirms dating Mudassar Aziz. His reply is all heart" (en ভাষাত). India Today. https://www.indiatoday.in/movies/gossip/story/huma-qureshi-confirms-dating-mudassar-aziz-his-reply-is-all-heart-1597200-2019-09-09। আহৰণ কৰা হৈছে: 2022-02-15.
- ↑ Parande, Shweta (18 December 2012). "Big Star Entertainment Awards 2012 winners' list". Bollywoodlife.com. http://www.bollywoodlife.com/news-gossip/big-star-entertainment-awards-2012-winners-list-shahrukh-khan-and-katrina-kaif-win-best-couple/.
- ↑ "Huma Qureshi—Awards". Bollywood Hungama. http://www.bollywoodhungama.com/celebritymicro/awards/id/91375। আহৰণ কৰা হৈছে: 14 October 2013.
- ↑ "58th Idea Filmfare Awards nominations are here!". Filmfare. 13 January 2013. http://www.filmfare.com/news/58th-idea-filmfare-awards-nominations-are-here-2123.html.
- ↑ "Nominations for IIFA Awards 2013". Bollywood Hungama. 22 April 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/4899। আহৰণ কৰা হৈছে: 11 May 2013.
- ↑ 18.0 18.1 "Nominations of 19th Screen Awards". The Indian Express. http://screen.indianexpress.com/screenawards2013/nominations.php। আহৰণ কৰা হৈছে: 18 February 2013.
- ↑ "Winners of SAIFTA Awards 2013". Bollywood Hungama. 7 September 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/5471। আহৰণ কৰা হৈছে: 14 October 2013.
- ↑ "Star Guild Awards—Nominees". Star Guild Awards. http://starguildawards.org/8th_apsara_awards_nominees.html। আহৰণ কৰা হৈছে: 14 October 2013.
- ↑ "Nominations for Stardust Awards 2013". Bollywood Hungama. 21 January 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/4437। আহৰণ কৰা হৈছে: 25 March 2013.
- ↑ "TOIFA 2013 nominations". The Times of India. 7 February 2013. Archived from the original on 29 April 2013. https://web.archive.org/web/20130429174448/http://articles.timesofindia.indiatimes.com/2013-02-07/news-interviews/36971358_1_wasseypur-barfi-vicky-donor। আহৰণ কৰা হৈছে: 27 March 2013.
- ↑ "2012 Indian Film Festival of Los Angeles Announces Award Winners". Indian Film Festival. Archived from the original on 18 October 2012. https://web.archive.org/web/20121018110648/http://indianfilmfestival.org/newsdesc.php?pid=48। আহৰণ কৰা হৈছে: 25 March 2013.
- ↑ "Nominations for 4th Big Star Entertainment Awards". Bollywood Hungama. 12 December 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/5890। আহৰণ কৰা হৈছে: 23 February 2014.
- ↑ Mudi, Aparna (6 February 2014). "Zee Cine Awards 2014: Complete list of nominations". Zee News. http://zeenews.india.com/entertainment/zee-cine-awards-2014/zee-cine-awards-2014-complete-list-of-nominations_150384.html। আহৰণ কৰা হৈছে: 23 February 2014.
- ↑ "20th Annual Screen Awards 2014: The complete list of nominees". CNN-IBN. 8 January 2014. Archived from the original on 8 January 2014. https://web.archive.org/web/20140108104623/http://ibnlive.in.com/news/20th-annual-screen-awards-2014-the-complete-list-of-nominees/444093-8-66.html। আহৰণ কৰা হৈছে: 23 February 2014.
- ↑ 27.0 27.1 "Winners of Stardust Awards 2014". Bollywood Hungama. 15 December 2014. http://www.bollywoodhungama.com/movies/features/type/view/id/7635। আহৰণ কৰা হৈছে: 15 December 2014.
- ↑ "Nominations for the 61st Britannia Filmfare Awards". Filmfare. 11 January 2016. http://www.filmfare.com/news/nominations-for-the-61st-britannia-filmfare-awards-11809.html.
- ↑ "2021 Nominees" (en-US ভাষাত). Asian Television Awards. https://www.asiantvawards.com/nominees/2021-nominees/। আহৰণ কৰা হৈছে: 2021-11-12.