হেলিৰ ধুমকেতু
হেলিৰ ধুমকেতু (ইংৰাজী: Halley's Comet), আনুষ্ঠানিকভাৱে 1P/Halley, হৈছে প্ৰতি ৭৫–৭৬ বছৰৰ মূৰে মূৰে পৃথিৱীৰ পৰা দেখা পোৱা এটা কম সময়ৰ ধুমকেতু।[1][2] হেলিৰ ধুমকেতু হৈছে একমাত্ৰ জ্ঞাত হ্ৰস্বকালীন ধুমকেতু, যিটো পৃথিৱীৰ পৰা খালী চকুৰে দেখা পোৱা একমাত্ৰ ধুমকেতু যিটো মানুহৰ জীৱনত দুবাৰকৈ দেখা যায়।[3] সৌৰজগতৰ অভ্যন্তৰীণ অংশত হেলিৰ ধুমকেতুটো শেষবাৰৰ বাবে দেখা গৈছিল ১৯৮৬ চনত আৰু ইয়াৰ পিছত আকৌ দেখিবলৈ পোৱা যাব ২০৬১ চনৰ মাজভাগত।
হেলিৰ ধুমকেতুৰ অন্তৰ্নিহিত সৌৰজগতলৈ সময়ে সময়ে ঘূৰি অহাটো খ্ৰীষ্টপূৰ্ব কমেও ২৪০ চনৰ পৰাই বিশ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে পৰ্যবেক্ষণ আৰু নথিভুক্ত কৰি আহিছে। কিন্তু ১৭০৫ চনত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী এডমাণ্ড হেলীৰ আগলৈকে কোনেও উপলব্ধি কৰা নাছিল যে এই আবিৰ্ভাৱবোৰ আচলতে একেটা ধুমকেতুৰ পুনৰ আবিৰ্ভাৱ মাত্ৰ। এই আৱিষ্কাৰৰ বাবেই এই ধুমকেতুটো হেলিৰ ধুমকেতু নামেৰে নামকৰণ কৰা হৈছে। [4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "১পি/হেলি". কমেটোগ্ৰাফি.কম. Archived from the original on ২৩ নৱেম্বৰ ২০১৭. https://web.archive.org/web/20171123064132/http://cometography.com/pcomets/001p.html। আহৰণ কৰা হৈছে: ১৩ অক্টোবৰ ২০০৮.
- ↑ ইয়োম্যানস, ডোনাল্ড কেইথ; কিয়াং, তাও (১ ডিচেম্বৰ ১৯৮১). "The Long-Term Motion of Comet Halley" (en ভাষাত). Monthly Notices of the Royal Astronomical Society খণ্ড ১৯৭ (৩): ৬৩৩–৬৪৬. doi:10.1093/mnras/197.3.633. ISSN 0035-8711.
- ↑ Delehunty, Mark. "Comets, Awesome Celestial Objects". Astronomy Today. Archived from the original on ২০ আগষ্ট ২০১১. https://www.webcitation.org/615R9FXAP?url=http://www.astronomytoday.com/astronomy/comets.html। আহৰণ কৰা হৈছে: ১৫ মাৰ্চ ২০০৭.
- ↑ A Synopsis of the Astronomy of Comets by Edmund Halley, Savilian Professor of Geometry, at Oxford; and Fellow of the Royal Society. Translated from the Original, Printed at Oxford. প্ৰকাশক অক্সফোৰ্ড: জন ছেনেক্স. ১৭০৫. https://archive.org/details/synopsisofastron00hall/page/n3/mode/2up। আহৰণ কৰা হৈছে: ১৬ জুন ২০২০.