হেৰী হোডিনি নামেৰে পৰিচিত এৰিক ৱেইজ আছিল এজন হাংগেৰীয়-আমেৰিকান পলায়ন শিল্পী, ভ্ৰমবাদী আৰু ষ্টাণ্ট পৰিবেশক৷ তেওঁৰ পলায়ন কাৰ্যসমূহৰ বাবে বিখ্যাত।[3]

হেৰী হোডিনি
Harry Houdini

১৯০৭ চনত হেৰী হোডিনি
জন্ম এৰিক ৱেইজ
২৪ মাৰ্চ, ১৮৭৪
বুডাপেষ্ট, হাংগাৰী সাম্ৰাজ্য, অষ্ট্ৰিয়া-হাংগাৰী
মৃত্যু ৩১ অক্টোবৰ, ১৯২৬ (৫২ বছৰ)
ডিট্ৰয়ট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যুৰ কাৰণ Peritonitis[1]
সমাধিস্থল মেকপেলা শ্মশান(কুইনছ)
পেচা
  • মায়াবিদ
  • পলায়ন শিল্পী
  • ষ্টাণ্ট পৰিৱেশনকাৰী
সক্ৰিয় হৈ থকা সময় ১৮৯১–১৯২৬
উচ্চতা ৫'৬
দাম্পত্যসঙ্গী বেছ হোডিনি (বি. ভুল: অযোগ্য সময়)[2]
আত্মীয়-স্বজন থিয়ড'ৰ হাৰডেন (ভ্ৰাতৃ)
স্বাক্ষৰ

হোডিনিয়ে প্ৰথমে আমেৰিকাৰ ভ’ডভিলত আৰু তাৰ পিছত ইউৰোপ ভ্ৰমণৰ সময়ত হেৰী ‘হেণ্ডকাফ’ হোডিনি হিচাপে দৃষ্টি আকৰ্ষণ কৰিছিল, য’ত তেওঁ আৰক্ষী বাহিনীক তেওঁক আবদ্ধ কৰি ৰাখিবলৈ প্ৰত্যাহ্বান জনাইছিল। কিছু বছৰৰ পিছত তেওঁ নিজৰ সক্ষমতাৰ বিকাশ সাধন কৰি শিকলি, আকাশচুম্বী ঘৰৰ পৰা ওলমি থকা ৰছী, পানীৰ তলত ষ্ট্ৰেইটজেকেট আৰু পানী থকা বন্ধ গাখীৰৰ পাত্ৰৰ পৰা পলায়ন কৰাৰ দৰে কাৰ্যসমূহ অন্তৰ্ভুক্ত কৰিছিল।

১৯০৪ চনত লণ্ডনৰ ডেইলী মিৰৰৰ দ্বাৰা আয়োজিত এক প্ৰদৰ্শনত হোডিনিয়ে বিশেষভাৱে তৈয়াৰ কৰা হেণ্ডকাফৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, যিটো অনুষ্ঠান হাজাৰ হাজাৰ লোকে চাই আছিল। আন এটা ষ্টাণ্টত তেওঁক জীৱিত অৱস্থাত পুতি থোৱা হৈছিল আৰু হোডিনিয়ে ইয়াৰ পৰাও পলায়ন কৰিব পাৰিছিল। ছ’চাইটি অৱ আমেৰিকান মেজিচিয়ানছৰ সভাপতি হিচাপে তেওঁ পেছাদাৰী মানদণ্ড ৰক্ষা কৰিবলৈ আৰু প্ৰৱঞ্চক শিল্পীসকলক উদঙাই দিবলৈ প্ৰয়াস কৰিছিল। তেওঁৰ পলায়নৰ ষ্টাণ্ট অনুকৰণ কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধেও তেওঁ সোনকালে মোকৰ্দমা তৰিছিল।

হোডিনিয়ে কেইবাখনো চিনেমা নিৰ্মাণ কৰিছিল যদিও ছবিৰ জৰিয়তে ধন ঘটিব নোৱাৰাৰ ফলত অভিনয় বাদ দিছিল। তেওঁ এজন আগ্ৰহী বিমান পৰিচালক আছিল আৰু ১৯১০ চনৰ ১৮ মাৰ্চত মেলবৰ্ণৰ পৰা প্ৰায় ২০ মাইল দূৰৈৰ ডিগাৰ্ছ ৰেষ্টত অষ্ট্ৰেলিয়াত শক্তিচালিত বিমান চলোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল।[4]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Schiller, Gerald. (2010). It Happened in Hollywood: Remarkable Events That Shaped History. Globe Pequot Press. p. 34. আই.এচ.বি.এন. 978-0762754496
  2. "Harry Houdini". Encyclopædia Britannica. Retrieved March 24, 2014. 
  3. (en ভাষাত) Houdini!, http://americanarchive.org/catalog/cpb-aacip-526-9882j69777, আহৰণ কৰা হৈছে: 2021-03-11 
  4. Maksel, Rebecca. "The Hunt for Houdini's Airplane" (en ভাষাত). Air & Space Magazine. https://www.airspacemag.com/history-of-flight/the-hunt-for-houdinis-airplane-8082655/। আহৰণ কৰা হৈছে: 2021-08-04.