হোমি জাহাঙ্গীৰ ভাবা
হোমি জেহাঙ্গীৰ ভাবা (ইংৰাজী: Homi Jehangir Bhabha) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ নিউক্লীয় পদাৰ্থবিজ্ঞানী। তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল।[2][3] [4] তদুপৰি ভাবা ভাৰতৰ প্ৰসিদ্ধ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (TIFR) আৰু Atomic Energy Establishment, Trombay (AEET)ৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।[2][4] ভাবাৰ মৃত্যুৰ পাছত Atomic Energy Establishment, Trombay (AEET)ক ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC) বুলি নামকৰণ কৰা হয়।[5]
হোমি ভাবা | |
---|---|
![]() হোমি ভাবা (১৯০৯-১৯৬৬) | |
জন্ম | হোমি জেহাঙ্গীৰ ভাবা ৩০ অক্টোবৰ, ১৯০৯ ব'ম্বে, ব্ৰিটিছ ভাৰত (এতিয়াৰ ভাৰত) |
মৃত্যু | ২৪ জানুৱাৰী, ১৯৬৬ (৫৬ বছৰ) মণ্ট ব্লাঙ্ক, ফ্ৰান্স |
বাসস্থান | নতুন দিল্লী, ভাৰত |
নাগৰিকত্ব | ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | আণৱিক পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় আণৱিক শক্তি আয়োগ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান কেভেণ্ডিছ পৰীক্ষাগাৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ |
শিক্ষানুষ্ঠান | Elphinstone College Royal Institute of Science Gonville and Caius College, Cambridge |
ডক্তৰেল পৰামৰ্শদাতা | ৰাল্ফ ফাউলাৰ |
আন শৈক্ষিক পৰামৰ্শদাতা | পল ডিৰাক |
জনা যায় | ভাৰতীয় নিউক্লীয় কাৰ্যসূচী মহাজাগতিক ৰশ্মি বিন্দু কণা |
উল্লেখনীয় বঁটা | পদ্মভূষণ (১৯৫৪) ৰয়েল ছ'ছাইটিৰ সদস্য[1] |
স্বাক্ষৰ![]() |
প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক
১৯০৯ চনত ভাবাৰ জন্ম হৈছিল বোম্বাই (এতিয়া মুম্বাই) ৰ এটা পাৰ্চি পৰিয়ালত। তেওঁৰ দেউতাক এজন উকীল আছিল আৰু মাক বিখ্যাত টাটা পৰিয়ালৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল।[6]
কৰ্মজীৱনসম্পাদনা কৰক
তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল বোম্বাইৰ কেথেদ্ৰাছ স্কুলত। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ ১২ বছৰ কটাইছিল আৰু তাত তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং,অঙ্কশাস্ত্ৰ,থিয়ৰিটিকেল ফিজিক্স অধ্যয়ন কৰাৰ উপৰিও, পিছৰফালে বিস্তৃতভাৱে "কছমিক ৰে" আৰু "পাৰ্টিকেল ফিজিক্স" সম্পৰ্কে গৱেষণা চলাইছিল। ১৯৩৯ চন পযৰ্ন্ত তেওঁ এই গৱেষণাৰ কামত ব্যস্ত আছিল। ১৯৩৪ চনৰ কালছোৱাত ভাবাই কিছুদিনৰ বাবে কোপেনহেগেনৰ বহৰাত, জুৰিকৰ পাওলিত আৰু ৰোমৰ ফাৰ্মিত কাম কৰিছিল। ভাৰতলৈ ঘূৰি আহি তেওঁ বাংগালোৰৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত বেলুন ব্যৱহাৰ কৰি 'কছমিক ৰে' সম্পৰ্কে পুনৰ ৫ বছৰ ধৰি অধ্যয়ন কৰে। ১৯৫৫ চনত জেনেভাত অনুষ্ঠিত শান্তিৰ কাৰণে আণৱিক শক্তি শীৰ্ষক এক সভাত ভাবা সৰ্বসন্মতিক্ৰমে ইউ এন (UN)ৰ অধ্যক্ষ নিৰ্বাচিত হয়। তেওঁ ডিয়েনাৰ আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সিৰ গৱৰ্নৰো নিৰ্বাচিত হয়।[6]
মৃত্যুসম্পাদনা কৰক
১৯৬৬ চনৰ ২৪ জানুৱাৰীত ভাবাই এইএ (Atomic Energy Agency) ৰ এখন সভাত যোগদান কৰিবলৈ যাওঁতে মণ্টব্লেনত তেওঁ উৰাজাহাজ দুৰ্ঘটনাত পতিত হয় আৰু এই বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ শোকাবহভাৱে মৃত্যু হয়। এই বিশ্ববৰেণ্য বিজ্ঞানীজনৰ সোঁৱৰণত ট্ৰম্বেত স্থাপিত এটমিক এনাৰ্জি এষ্টাব্লিছমেণ্ট (Atomic Energy Establishment) নামৰ "ভাবা এটমিক ৰিচাৰ্ছ চেণ্টাৰ" (Bhabha Atomic Research Center) মুকলি কৰা হয়।[6]
বঁটা আৰু সন্মানসম্পাদনা কৰক
- লণ্ডনৰ ৰয়েল ছ'ছাইটিৰ সদস্য (FRS) সন্মান।
- আডাম-প্ৰাইজ (Award of Adam prize)।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ doi:10.1098/rsbm.1967.0002
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand - ↑ doi:10.1063/1.3048089
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand - ↑ 4.0 4.1 Richelson, Jeffrey Richelson. "U.S. Intelligence and the Indian Bomb". The National Security Archive, The George Washington University. Published through National Security Archive Electronic Briefing Book No. 187. http://www.gwu.edu/~nsarchiv/NSAEBB/NSAEBB187/index.htm। আহৰণ কৰা হৈছে: 24 January 2012.
- ↑ "Founder/ Heritage". Bhabha Atomic Research Centre. http://barc.gov.in/about/index.html। আহৰণ কৰা হৈছে: 19 জানুৱাৰী 2015.
- ↑ 6.0 6.1 6.2 সুৰেশ চন্দ্ৰ বৰঠাকুৰ (জুন-জুলাই ২০০৬). "আণৱিক শক্তিৰ উদ্ভাৱক (হোমি জেহাঙ্গীৰ ভাবা)". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ৪০-৪১.
বাহ্যিক সংযোগসম্পাদনা কৰক
- Annotated Bibliography for Homi J. Bhabha from the Alsos Digital Library for Nuclear Issues.
- The Woodrow Wilson Center's Nuclear Proliferation International History Project. NPIHP has a series of primary source documents about and by Homi Bhabha.