হৰেন্দ্ৰ নাথ কলিতা (ইংৰাজী: Harendra Nath Kalita) এগৰাকী অসমীয়া লেখক আৰু সমাজ সংগঠক। তেওঁ ১৯৩০ চনত কলিকতাত "মাতৃপূজা অৰ্ঘ"‌ নামেৰে গ্ৰন্থ প্ৰকাশন অনুষ্ঠান এটাৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ কলিকতাৰ এ.এচ.এল ক্লাবৰ লগত ঘনিষ্ঠ ভাৱে জড়িত হৈ আছিল। অসমত সুকীয়া বিশ্ববিদ্যালয়ৰ বাবে জনমত গঢ়ি তোলা সকলৰ ভিতৰত হৰেন্দ্ৰ নাথ কলিতা অন্যতম। [1]

হৰেন্দ্ৰ নাথ কলিতা
জন্ম ১৯৮৭
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

হৰেন্দ্ৰ নাথ কলিতাৰ জন্ম হয় ১৯০৮ চনত আৰংগমৌ নামৰ ঠাইত।[2]

শিক্ষা সম্পাদনা কৰক

তেওঁ কটন কলেজিয়েট স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতাৰ পৰা চাৰি বছৰীয়া ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰে। [3]

চাকৰি জীৱন সম্পাদনা কৰক

কলিতাই কলিকতাৰ হাওৰাত কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পিছত ১৯৪৭ চনত অসমলৈ আহি ব্যৱসায়ত হাত দিয়ে। ১৯৫৬ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ অধীক্ষক হিচাপে নিযুক্তি লাভ কৰে।[4]

সাহিত্যৰাজি সম্পাদনা কৰক

হৰেন্দ্ৰ নাথ কলিতাৰ সাহিত্যৰাজি:[5]

  1. আকাশৰ কথা
  2. পৃথিৱীৰ সাধু
  3. চন্দ্ৰ অভিযান
  4. বৈজ্ঞানিক আৱিষ্কাৰৰ কাহিনী
  5. অকণিৰ বেজবৰুৱা
  6. গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদিকথা
  7. অতীতৰ স্মৃতি

বঁটা আৰু সন্মান সম্পাদনা কৰক

কলিতাই আকাশৰ কথা আৰু পৃথিৱীৰ কথা নামৰ গ্ৰন্থ দুখনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰ লাভ কৰিছিল।[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭
  2. অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৬
  3. অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭
  4. অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭
  5. অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭
  6. অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২৬৭