ৰঙা ঢেকীয়া
ৰঙা ঢেকীয়া (বৈজ্ঞানিক নাম: Stenochlaena palustris)[1][2] বা তাৰঙ হৈছে এবিশ খোৱাৰ উপযোগী ঢেকীয়াজাতীয় উদ্ভিদ। ইয়াক ভাৰত আৰু মালয়েছিয়াৰ লোকচিকিৎসাত ঔষধি উদ্ভিদ হিচাপে গণ্য কৰা হয়। ইয়াৰ পাতসমূহ জ্বৰ, চৰ্মৰোগ, আলচাৰ আৰু পেটৰ বিষৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।[3][4]
ৰঙা ঢেকীয়া | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Stenochlaena |
প্ৰজাতি: | S. palustris |
দ্বৈৰাশিক নামকৰণ | |
Stenochlaena palustris (Burm. f.) Bedd. |
ৰঙা ঢেকীয়া এবিধ দীঘলীয়াকৈ বগাই যোৱা লতাজাতীয় উদ্ভিদ। ইয়াৰ পাতলীয়া বাকলি আৰু গা-গছ বা কাণ্ড ক'লা বৰণৰ। গা-গছ ২০ মিটাৰ পৰ্যন্ত ওখ হ'ব পাৰে। পাখিসদৃশ গঠনযুক্ত ইয়াৰ মূল পত্ৰ অংশ ৩০-ৰ পৰা ১০০ ছেণ্টিমিটাৰ পৰ্যন্ত দীঘল, উপপত্ৰ অংশ ৭-ৰ পৰা ২০ ছেণ্টিমিটাৰ দীঘল আৰু ১.৫-৪.৫ ছেণ্টিমিটাৰ বহল হ'ব পাৰে। এই ঢেকীয়াবিধৰ পৰাগ আধাৰ (ইংৰাজী: sporophylls) ঠেক তথা দীঘলীয়া আৰু ইয়াৰ তলত মুগা বৰণীয়া পৰাগ পুঞ্জ থাকে।[5]
ঢেকীয়াবিধৰ পৰা আহৰণ কৰা এচিলেটেড ফ্লেভানল গ্লাইক'চাইডত বেক্টেৰিয়া প্ৰতিৰোধকৰণৰ ক্ষমতা পোৱা গৈছে।[6] ইয়াৰ উপৰিও, ৰঙা ঢেকীয়াৰ পৰা আহৰণ কৰা শোধনকৃত দ্ৰব্যত ভেঁকুৰনাশক (ইংৰাজী: antifungal),[7] এণ্টিঅক্সিডেণ্ট,[8] আৰু এণ্টিগ্লুক'চাইডেছ (ইংৰাজী: antiglucosidase) [9] গুণ পোৱা গৈছে।
ৰন্ধনশৈলী
সম্পাদনা কৰকমালয়েছিয়াৰ ছাৰাৱাক ৰাজ্যত ৰঙা ঢেকীয়াক মিডিন নামেৰে জনা যায়। এই ঠাইত ই এক জনপ্ৰিয় খাদ্য হিচাপে ব্যৱহাৰ হয়। ইয়াৰ কুমলীয়া পাত বা আগসমূহ নহৰু, শুকান সৰু মিছামাছ বা পিহা সৰু মিছামাছৰ (বেলাকান) সৈতে ভাজি খোৱা হয়।[10][11] ছাবাহ ৰাজ্যত ৰঙা ঢেকীয়াৰ নাম লেম্বিডিং। ইয়াক প্ৰায়েই ছাৰ্ডিন মাছ আৰু বেলাকানৰ সৈতে ৰান্ধি খোৱা হয়।
ভিয়েটনামত ৰঙা ঢেকীয়াৰ কুমলীয়া পাতবোৰক ডট চই বুলি কোৱা হয়। চুপ, চালাড আদিৰ লগতে নহৰুৰ সৈতে ইয়াক ভাজি খোৱা হয়।
অসমৰ লগতে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলতো ৰঙা ঢেকীয়া খাদ্য হিচাপে গ্ৰহণ কৰা হয়। পাহাৰীয়া অঞ্চলসমূহত ইয়াক এক সততে ব্যৱহৃত শাক হিচাপে দেখিবলৈ পোৱা যায়।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ (en ভাষাত) Bulletin. Bureau of Public Printing. 1916. পৃষ্ঠা. 16. https://books.google.com/books?id=geovBG4lQbgC.
- ↑ Aya, Rose Anne M.; Abeleda, Meliza F. (2018-05-07). "Pag-aaral ng 'supply chain' ng pang-komersyal na baging mula sa gubat, isasagawa". Department of Science and Technology (Philippines) - Philippine Council for Agriculture, Aquatic and Natural Resources Research and Developmentwww.pcaarrd.dost.gov.ph. Archived from the original on 2022-07-11. https://web.archive.org/web/20220711025147/http://www.pcaarrd.dost.gov.ph/home/portal/index.php/quick-information-dispatch/3191-pag-aaral-ng-supply-chain-ng-pang-komersyal-na-baging-mula-sa-gubat-isasagawa। আহৰণ কৰা হৈছে: 2022-07-11.
- ↑ Compendium of medicinal plants used in Malaysia. 2002, vol 2. Herbal Medicine Research Centre, Institute for Medical Research, Kuala Lumpur, Malaysia.
- ↑ Benjamin, A. and V.S. Manickam. 2007. Medicinal pteridophytes from the Western Ghats. Indian Journal of Traditional Knowledge. 6: 611-618.
- ↑ Tanaka, Yoshitaka; Van Ke, Nguyen (2007). Edible Wild Plants of Vietnam: The Bountiful Garden. Thailand: Orchid Press. পৃষ্ঠা. 58. ISBN 978-9745240896.
- ↑ Liu, H., J. Orjala, O. Sticher, and T. Rali. 1999. Acylated flavonol glycosides from leaves of Stenochlaena palustris. Journal of Natural Products. 62: 70-75.
- ↑ Sumathy, V., S. Jothy Lachumy, Z. Zuraini, and S. Sasidharan. 2010. Effects of Stenochlaena palustris leaf extract on growth and morphogenesis of food borne pathogen, Aspergillus niger. Malaysian Journal of Nutrition. 16: 439-446.
- ↑ Chai TT, Panirchellvum E, Ong HC, Wong FC (2012) Phenolic contents and antioxidant properties of Stenochlaena palustris, an edible medicinal fern. Botanical Studies 53: 439-446.
- ↑ Chai TT, Kwek MT, Ong HC, Wong FC (2015) Water fraction of edible medicinal fern Stenochlaena palustris is a potent α-glucosidase inhibitor with concurrent antioxidant activity. Food Chemistry 186: 26-31.
- ↑ Churchill, Edward (6 April 2018). "Enjoy your midin without fear — Professor". The Borneo Post. Archived from the original on 6 April 2018. https://web.archive.org/web/20180406043655/http://www.theborneopost.com/2018/04/06/enjoy-your-midin-without-fear-professor/। আহৰণ কৰা হৈছে: 29 May 2018.
- ↑ Paul P.K., Chai (April 2016). "Midin (Stenochlaena palustris), the popular wild vegetable of Sarawak". Agriculture Science Journal (Universiti Tunku Abdul Rahman) খণ্ড 2 (2): 18–20. http://eprints.utar.edu.my/2006/1/Midin_(Stenochlaena_palustris),_the_popular_wild_vegetable_of_Sarawak.pdf। আহৰণ কৰা হৈছে: 29 May 2018.