ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।

ৰঙিয়া
ভাৰতীয় ৰেলৰ জংচন ষ্টেচন

ৰঙিয়া জংচন
ষ্টেচনৰ তথ্য
ঠিকনা ৰঙিয়া, অসম
অসম
স্থানাংক 26°26′50″N 91°36′20″E / 26.4472°N 91.6056°E / 26.4472; 91.6056
উচ্চতা ৫৩ মিটাৰ (174 ফুট)
লাইন নিউ বঙাইগাঁও-গুৱাহাটী শাখা
বাৰাউনী-গুৱাহাটী পথ
ৰঙিয়া-ডেকাৰগাঁও/মুৰ্কংচেলেক পথ
গঠনৰ প্ৰকাৰ ভূমিৰ ওপৰত, মানক
প্লে'টফৰ্ম
আন তথ্য
মুকলি ১৯০৯
ষ্টেচন ক'ড RNY
মণ্ডল উত্তৰ-পূব সীমান্ত ৰেলৱে
ডিভিজন ৰঙিয়া
অধিকাৰিত্ব ভাৰতীয় ৰেল
ষ্টেচন স্থিতি কাৰ্যক্ষম
অৱস্থান
ৰঙিয়া জংচন ৰেল ষ্টেচন is located in Assam
অসমৰ মানচিত্ৰত ৰঙিয়া ৰেল ষ্টেচনৰ অৱস্থান

ইতিহাস সম্পাদনা কৰক

মূলতঃ ভাৰতীয় চাহ সংস্থাৰ হেঁচাত ১৯০২ চনত ইষ্টাৰ্ণ বেংগল ৰেলৱেৰ মিটাৰগ'জ কওনিয়া-ধাৰলা ৰেলপথ (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) অসমধুবুৰীলৈ সম্প্ৰসাৰণ কৰা হয়, যাতে অসমৰ চাহ সহজে কলকাতালৈ পৰিবহণ কৰিব পৰা যায়। ইষ্টাৰ্ণ বেংগল ৰেলৱে ভাৰতীয় উপ-মহাদেশৰ অন্যান্য ৰেল আৰু পথ জালিকাৰে সু-সংযোজিত হৈ আছিল।[1] ১৯০৮ চনত এই ৰেলপথচোৱা গোলোকগঞ্জৰ পৰা গুৱাহাটীৰ উত্তৰে অৱস্থিত আমিনগাঁওলৈ পুনঃ সম্প্ৰসাৰণ কৰা হয়। ইয়াৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ পাণ্ডু ষ্টেচনত উজনী অসমলৈ যোৱা ট্ৰেইন ধৰিব লাগিছিল।[2][3] ১৯৬২ চনত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ পিছত ৰেলেৰে পোনে পোনে গুৱাহাটীলৈ যাব পৰা হ'ল।[4]

১৯১২ চনত ইষ্টাৰ্ণ বেংগল ৰেলৱেই ৰঙিয়াৰ পৰা টংলালৈ এটা শাখা ৰেলপথ নিৰ্মাণ কৰি উলিয়ায় আৰু ১৯৩২ চনত ইয়াক ৰঙাপাৰালৈ সম্প্ৰসাৰণ কৰা হয়।[5]

১৯৮৪ চনত নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ ব্ৰডগ'জ ৰেলপথ নিৰ্মাণ কৰা হয় আৰু পিছলৈ পৰ্যায়ক্ৰমে মিটাৰগ'জ ৰেলপথচোৱা ৰেল-কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে।[6]

২০১১ চনৰ ১ চেপ্তেম্বৰৰ পৰা গজ পৰিবৰ্তনৰ কাম চলাৰ বাবে এই ৰঙিয়া-ৰঙাপাৰা-তেজপুৰ/মুৰ্কংচেলেক পথত যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰি দিয়া হয়। ২০১৩ চনৰ ৪ জানুৱাৰীৰ পৰা ব্ৰডগজলৈ পৰিবৰ্তন হোৱা ৰঙিয়া-ৰঙাপৰা-ডেকাৰগাঁও ৰেলপথত যাত্ৰীবাহী ৰেল চলাচলৰ আৰম্ভণি হয়।[7]

ৰেলপথ দ্বৈতকৰণ সম্পাদনা কৰক

ৰঙিয়াহৈ যোৱা নিউ বঙাইগাঁও-কামাখ্যা অংশৰ ৰেলপথৰ দ্বৈতকৰণ প্ৰকল্পটো ২০১৩-১৪ চনৰ ৰেল বাজেটত অনুমোদন জনোৱা হয়।[8]

সা-সুবিধা সম্পাদনা কৰক

ৰঙিয়া ৰেল ষ্টেচনত এটা দুখন বিছনাযুক্ত ৰিটায়াৰিং ৰূম আছে।[9]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Eastern Bengal Railway". National Encyclopedia of Bangladesh. http://www.banglapedia.org/HT/E_0013.htm। আহৰণ কৰা হৈছে: ৫ মে' ২০১৪. 
  2. "IRFCA Timeline". IFRCA. http://www.irfca.org/faq/faq-history3.html। আহৰণ কৰা হৈছে: ৫ মে' ২০১৪. 
  3. John Hurd and Ian J.Kerr. "India’s Railway History: A Research Handbook". page 175, table 6-3. Koninklijke Brill NV, Leien, The Netherlands. ISBN 978-90-04-23003-3. http://books.google.co.in/books?id=TPB5RTODBJAC&pg=PA175&lpg=PA175&dq=Amingaon+railway+opened&source=bl&ots=6e9-7fUKvA&sig=dmGjMZQg2rY4HMAOSQeU-DqpW_Y&hl=en&sa=X&ei=xHmPUeP_O4T9rAeEioDoAw&ved=0CDIQ6AEwATgU#v=onepage&q=Amingaon%20railway%20opened&f=false। আহৰণ কৰা হৈছে: ১২ মে' ২০১৩. 
  4. "50 yers of Saraighat bridge". The Times of India, 7 November 2012. Archived from the original on 2013-01-03. https://archive.today/20130103140000/http://articles.timesofindia.indiatimes.com/2012-11-07/guwahati/34971728_1_bridge-stretches-assam-governor-brahmaputra। আহৰণ কৰা হৈছে: ১২ মে' ২০১৩. 
  5. "The Tezpur Balipara Light Railway". Indian Railway Fun Club. http://irfca.org/articles/tezpur-balipara.html। আহৰণ কৰা হৈছে: ৯ ফেব্ৰুৱাৰী ২০১৪. 
  6. "IR History: Part V (1970-19950". IRFCA. http://www.irfca.org/faq/faq-history5.html। আহৰণ কৰা হৈছে: ১২ মে' ২০১৩. 
  7. "কামাখ্যা ষ্টেচনৰ পৰা তেজপুৰলৈ নীৰৱে আৰম্ভ হ'ল ঐতিহাসিক ৰেল যাত্ৰা, অসমীয়া প্ৰতিদিন". ৫ জানুৱাৰী ২০১৪. পৃষ্ঠা ১, ১০. 
  8. "Rail budget 2013: Wait for electric trains in India’s North-East gets longer". First post economy. http://www.firstpost.com/economy/rail-budget-2013-wait-for-electric-trains-in-indias-north-east-gets-longer-640672.html। আহৰণ কৰা হৈছে: 12 May 2013. 
  9. "Retiring rooms in Northeast Frontier Railway". Indian Railways. http://www.indianrailways.gov.in/railwayboard/uploads/retiring/retnefr1.jsp। আহৰণ কৰা হৈছে: 12 May 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক