ৰঙিলী আইদেউ

অসমৰ এক ঐতিহাসিক চৰিত্ৰ

ৰঙিলী আইদেউ (ইংৰাজী: Rongili Aidew) ৰঙাচিলা দুৱৰা বংশৰ বৰম বৰুৱাৰ পেহীয়েক আছিল৷ তেওঁ কোনো ৰাজবংশৰ ৰাজকুঁৱৰী নাছিল৷ ৰঙিলী বৰ ৰূপৱতী আৰু বুদ্ধিমতী আছিল৷ এইগৰাকী গাভৰুৱে তেওঁৰ জন্মগত ৰূপৰ বলত ব্ৰহ্মদেশৰ ৰজা বডোফায়াৰো মন জয় কৰিছিল আৰু অসমলৈ মান সেনা অহাত এক বিশেষ ভূমিকা লৈছিল৷

ৰঙিলীৰ ৰূপৰ বিৱৰণ সম্পাদনা কৰক

ৰঙিলী সুন্দৰী গাভৰু আছিল৷ পাঁজিসেৰীয়া আঙুলি, কেতেকী ফুলৰ দৰে গাৰ ৰং, পূৰ্ণিমাৰ জোনৰ দৰে মুখমণ্ডলৰ অধিকাৰী আছিল ৰঙিলী৷ বুৰঞ্জীবিদ ৺বেণুধৰ শৰ্মাই ৰঙিলীৰ ৰূপৰ বৰ্ণনা দিছে এনেদৰে;- “লোদোৰ পোদোৰ হাতভৰি, পূৰঠ গাল, সাপৰ নেগুৰ যেন চুলিটাৰীৰে ৰঙিলীক তুলি ধৰিছিল’’৷[1]

ৰাজনৈতিক পৰিস্থিতি সম্পাদনা কৰক

মোৱামৰীয়া বিপ্লৱৰ অন্তত দুৰ্বল ৰজা গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যোৱাৰ পিছত ৰাজপাট শূন্য হৈ পৰিল৷ এই সময়তে চিংফৌ ৰজাই টেঙাপানী দখল কৰে৷ পিছত বিচানঙ্গে মৰাণৰ সৈতে মিলি মান সেনা আনি কেইখনমান অসমীয়া গাঁও লুটপাত কৰে৷ বুঢ়াগোহাঁইয়ে গৰীয়া বৰাক চিংফৌ দমন কৰিবলৈ প্ৰেৰণ কৰে৷ কিন্তু আহোমক পৰাস্ত কৰিবলৈ মৰাণ আৰু চিংফৌ মিলি ব্ৰহ্মদেশৰ পৰা মান সেনাক আহি অসম আক্ৰমণ কৰিবলৈ প্ৰৰোচিত কৰে৷ আসন্ন বিপদৰ সম্ভাৱনা দেখি বুঢ়াগোঁহাইয়ে বুদ্ধিৰে আক্ৰমণ প্ৰতিহত কৰাৰ চেষ্টা কৰে আৰু মৰাণৰ নেতা সৰ্বানন্দ সিংহক বৰ সেনাপতি পাতি উজনি অসমৰ ৰজা পাতে আৰু চিংফৌৰ বিচানঙ্গলৈ এগৰাকী সুন্দৰী গাভৰু সালংকৃতাকৈ নানা উপঢৌকনেৰে সৈতে বিয়া দি মিত্ৰতা কৰে৷ [2]ষোল্লজন দুলীয়াই কঢ়িয়াই অনা দোলাত উঠি আন কেতবোৰ লিগিৰা-লিগিৰী লৈ ৰঙিলী আভা নগৰত প্ৰৱেশ কৰে৷ এৱেঁই অসমলৈ মান অহাত সহায় কৰিছিল৷ এই গাভৰুগৰাকীয়ে আছিল ৰঙিলী আইদেউ৷

ব্ৰহ্মদেশত ৰঙিলী সম্পাদনা কৰক

মান ৰজাক সন্তুষ্ট কৰি ৰাখিবলৈ বিচানঙ্গে পত্নী ৰঙিলীক আহোম ৰজাৰ কুঁৱৰী বুলি বডোফায়ালৈ আগবঢ়াই ১৭৯৭ চনত আভা নগৰলৈ প্ৰেৰণ কৰে৷ ৰূপৰ বলত ৰঙিলীয়ে আভাৰ ৰাজকাৰেঙৰ সকলোৰে মন মুহিবলৈ সক্ষম হৈছিল৷ পিছত এই ৰঙিলীয়ে অসমৰ পৰা মান ৰজা বডোফায়াৰ সহায় ভিক্ষা কৰিবলৈ যোৱা বদন বৰফুকনৰ হৈ খাটনি ধৰি ৰজাক অসম আক্ৰমণ কৰিবলৈ উচটনি দিছিল৷ বদন বৰফুকন আৰু ৰঙিলী আইদেউ আছিল একে খেলৰ৷ সেই সম্পৰ্কত পেহীয়েক ৰঙিলীয়ে বদনক সহায় কৰিছিল৷[3] কোনো বুৰঞ্জীবিদে ক’ব খোজে, চিংফৌৰ উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে ৰঙিলীক বিচানঙ্গলৈ উপঢৌকন হিচাপে দিয়া কথাত অপমানিত বোধ কৰা ৰঙিলীয়ে বুঢ়াগোহাঞিৰ ওপৰত প্ৰতিশোধ ল’বলৈ মান সেনা পঠিয়াবলৈ খাটনি ধৰিছিল৷[4]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. গগৈ, দময়ন্তী (২০১৬). সাধনীৰ পৰা চন্দ্ৰপ্ৰভালৈ. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৯৪. 
  2. "ইতিহাসৰ পাটীগণিতৰ ৰি-মিক". https://mahabahu.com/%e0%a6%87%e0%a6%a4%e0%a6%bf%e0%a6%b9%e0%a6%be%e0%a6%b8%e0%a7%b0-%e0%a6%aa%e0%a6%be%e0%a6%9f%e0%a7%80%e0%a6%97%e0%a6%a3%e0%a6%bf%e0%a6%a4%e0%a7%b0-%e0%a7%b0%e0%a6%bf-%e0%a6%ae%e0%a6%bf%e0%a6%95/। আহৰণ কৰা হৈছে: 9 February 2023. 
  3. ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ৫৭৭. ISBN 81-7339-308-7. 
  4. "আইদেউ". https://www.ankuranpublication.com/2021/12/blog-post_17.html। আহৰণ কৰা হৈছে: 9 February 2023.