ৰত্নাকৰ কন্দলী
ৰত্নাকৰ কন্দলী শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। দৈত্যাৰি ঠাকুৰৰ শঙ্কৰ-মাধৱৰ চৰিতত পোৱা যায় যে মহাপুৰুষ ধুৱাহাট-বেলগুৰিত থাকোঁতে ৰত্নাকৰ কন্দলী নামে এজনে নিতৌ গীতা পাঠ কৰিছিল। সম্ভৱতঃ এই ৰত্নাকৰ কন্দলীয়েই কীৰ্তনৰ অন্তৰ্ভুক্ত হোৱা সহস্ৰনাম বৃত্তান্তৰ ৰচক। ৰত্নাকৰ কন্দলীয়েই সম্ভৱতঃ স্কন্দপুৰণৰ অনুবাদ ব্ৰহ্মগীতা আৰু গীতাকীৰ্তনৰো ৰচক। [1]
ৰত্নাকৰ কন্দলী | |
---|---|
জন্ম | শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক |
পেচা | বৈষ্ণৱী কবি |
উল্লেখনীয় কৰ্মৰাজি | সহস্ৰনাম বৃত্তান্ত, স্কন্দপুৰণৰ অনুবাদ 'ব্ৰহ্মগীতা' আৰু 'গীতাকীৰ্তন' |
ৰচনাৱলী
সম্পাদনা কৰকৰত্নাকৰ কন্দলীৰ ৰচনাৱলী তিনিখন বুলি অনুমান কৰা হয়। সেই কেইখন হ'ল-
- সহস্ৰনাম বৃত্তান্ত
- স্কন্দপুৰণৰ অনুবাদ ব্ৰহ্মগীতা
- গীতাকীৰ্তন [2]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক - সৌমাৰ প্ৰকাশ। ২০১৮, গুৱাহাটী, পৃষ্ঠা ১৫৫
- ↑ "শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক অনান্য কবিসকল". https://taruraag.blogspot.com/2024/05/other-poets-contemporaries-of-sankaradeva.html.
ৱিকিউৎসত অনন্ত কন্দলীৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |